ৰেণুকা দেৱী বৰকটকী
ৰেণুকা দেৱী বৰকটকী (ইংৰাজী: Renuka Devi Barkataki) (২৯ নৱেম্বৰ ১৯৩২ - ১৪ আগষ্ট ২০১৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ১৯৬২ চনৰ তৃতীয় লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭২ চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ (নিৰ্দলীয়) নিৰ্বাচিত হৈছিল।[1] ১৯৭৭ চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল।[2] পিছলৈ তেওঁ অসম ৰাজ্যিক ৰেডক্ৰছ সমাজৰ সন্মানীয় সচিবৰ পদ লাভ কৰিছিল। তেওঁৰ স্বামী বিখ্যাত অসমীয়া সাহিত্যিক মুনীন বৰকটকী। তেওঁ মুনীন বৰকটকী ন্যাসৰ এগৰাকী ন্যাসৰক্ষীয়ো আছিল।
ৰেণুকা দেৱী বৰকটকী | |
---|---|
![]() | |
শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ১৯৭৭ – ১৯৭৯ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ | |
কাৰ্যকাল ১৯৭৭ – ১৯৮৫ | |
পূৰ্বসূৰী | দীনেশ গোস্বামী |
উত্তৰসূৰী | দীনেশ গোস্বামী |
হাজো বিধানসভা সমষ্টিৰ বিধায়ক | |
কাৰ্যকাল ১৯৭২ – ১৯৭৮ | |
পূৰ্বসূৰী | বিষ্ণুৰাম মেধি |
উত্তৰসূৰী | ৰবীন্দ্ৰ নাথ মালাকাৰ |
বৰপেটা লোকসভা সমষ্টিৰ সাংসদ | |
কাৰ্যকাল ১৯৬২ – ১৯৬৭ | |
পূৰ্বসূৰী | বেলি ৰাম দাস |
উত্তৰসূৰী | ফখৰুদ্দিন আলি আহমেদ |
ব্যক্তিগত তথ্য | |
জন্ম | ২৯ নৱেম্বৰ ১৯৩২ উজান বজাৰ, গুৱাহাটী |
মৃত্যু | ১৪ আগষ্ট ২০১৭ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | মুনীন বৰকটকী |
সন্তান | মিনাক্ষী বৰকটকী (দুহিতা) |
পিতৃ-মাতৃ | ৰুদ্ৰ কান্ত শৰ্মা (পিতৃ) ধৰ্মেশ্বৰী দেৱী |
বাসস্থান | গুৱাহাটী ক্লাৱ, গুৱাহাটী |
শিক্ষানুষ্ঠান | কটন কলেজ |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
১৯৩২ চনৰ ২৯ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ উজান বজাৰত ৰেণুকা দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা আৰু মাতৃ ধৰ্মেশ্বৰী দেৱী। তেওঁৰ পিতৃ ৰুদ্ৰ শৰ্মা গুৱাহাটীৰ নামজ্বলা ডাক্তৰ আছিল।[3] ১৯৪৬ চনত মহাত্মা গান্ধী গুৱাহাটীলৈ আহি কিছুদিন শৰণীয়া আশ্ৰমত কটাবৰ সময়ত তেওঁ হাইস্কুলৰ তলৰ শ্ৰেণীৰ ছাত্ৰী আছিল। তেতিয়া তেওঁ আগবাঢ়ি আহি স্বেচ্ছাসেৱিকা দলত অন্তৰ্ভুক্ত হৈ নেতৃত্ব বহন কৰিবলৈ লৈছিল।
তেওঁ উচ্চশিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। ইয়াৰ লগতে তেওঁ যুৱ কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ এগৰাকী কবি আৰু সাংবাদিক নেত্ৰী হিচাপে পৰিগণিত হৈছিল।[4]
ৰাজনৈতিক জীৱনসম্পাদনা কৰক
সৰুৰে পৰা ৰেণুকা দেৱী বৰকটকী ৰাজনীতিৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ কটন কলেজত পঢ়ি থাকোঁতেই যুৱ কংগ্ৰেছৰ সদস্য হৈছিল। ১৯৬২ চনৰ তৃতীয় লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৭২ চনত তেওঁ হাজো বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।[5] ১৯৭৭ চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত তেওঁ জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল।[6] তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কেবিনেটত স্থান লাভ কৰিছিল। ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা।
সামাজিক জীৱনসম্পাদনা কৰক
ৰেণুকা দেৱীয়ে ৰাজনীতিৰ সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। তেওঁ ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ অসম শাখাৰ সম্পাদক আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী আছিল।[7]
তেওঁৰ স্বামী মুনীন বৰকটকীৰ পৰলোকৰ পাছত ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস প্ৰতিষ্ঠা কৰি মুনীন বৰকটকীৰ অপ্ৰকাশিত সাহিত্যৰাজি প্ৰকাশৰ কাৰ্যত আত্মনিয়োগ কৰিছিল। পিছলৈ ৰেণুকা দেৱীয়ে তৰুণ লেখক-লেখিকাসকলক উৎসাহ যোগাবলৈ মুনীন বৰকটকী বঁটা প্ৰৱৰ্তন কৰিছিল।[8]
ব্যক্তিগত জীৱনসম্পাদনা কৰক
১৯৫৯ চনত সাহিত্যিক মুনীন বৰকটকীৰ সৈতে ৰেণুকা দেৱী বৰকটকীৰ বিবাহ অনুষ্ঠিত হয়। তেওঁলোকৰ একমাত্ৰ কন্যা ড॰ মিনাক্ষী বৰকটকী জাৰ্মানীত বাস কৰে।
মৃত্যুসম্পাদনা কৰক
অসুস্থজনিত কাৰণত ২০১৭ চনৰ ১২ আগষ্ট তাৰিখে বৰকটকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰি শৰীৰত আঘাত পোৱা বৰকটকীৰ ১৩ আগষ্ট তাৰিখে এটা অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল। ২০১৭ চনৰ ১৪ আগষ্ট তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ৮৪ বছৰ বয়ত তেওঁৰ মৃত্যু হয়।[9]
তথ্য উৎসসম্পাদনা কৰক
- ↑ Assam Legislative Assembly - MLA 1972-78
- ↑ Members of Sixth Lok Sabha
- ↑ "Renuka Devi Barkataki passes away". assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=aug1517/at051। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ শৰ্মা, উপেন্দ্ৰ নাথ (2017-08-24). "ৰেণুকা দেৱী বৰকটকী এটি শ্ৰদ্ধাৰ্ঘয". janambhumi.in. https://janambhumi.in/VFZSTmVFNUVTVDA9/ৰেণুকা-দেৱী-বৰকটকী-এটি-শ্ৰদ্ধাৰ্ঘয.html। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ "Assam Legislative Assembly - MLA 1972-78". assamassembly.gov.in. http://assamassembly.gov.in/mla-1972-78.html। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ "Members of Sixth Lok Sabha". parliamentofindia.nic.in. http://parliamentofindia.nic.in/ls/lok06/state/06lsas.htm। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ "প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকীৰ মৃত্যু". janambhumi.in. 2017-08-16. https://janambhumi.in/VFZSSk5VMUVWVDA9/প্ৰাক্তন-কেন্দ্ৰীয়-মন্ত্ৰী-ৰেণুকা-দেৱী-বৰকটকীৰ-মৃত্যু.html। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ "ন্যাসৰ বিষয়ে". muninbarkotoki.org. http://www.muninbarkotoki.org/assamese/trust/abouttrust.html। আহৰণ কৰা হৈছে: 2020-03-27.
- ↑ "Renuka Devi Borkataki, Northeast’s first woman union minister dies at 85". indianexpress.com. https://indianexpress.com/article/india/renuka-devi-borkataki-northeasts-first-woman-union-minister-dies-at-85/। আহৰণ কৰা হৈছে: 2020-03-27.