ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/জুন-২০১৫/শ্ৰদ্ধাঞ্জলি
- অমলেন্দু গুহ: ২০১৫ চনৰ ৭ মে' তাৰিখে অসমৰ বাওঁপন্থী মতাদৰ্শৰ এগৰাকী সমাজবিদ, ইতিহাসবিদ তথা কবি অমলেন্দু গুহৰ মৃত্যু হয়। মাৰ্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা বৃটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বাংলা ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতে অসম সাহিত্য সভাৰপৰা সাহিত্যাচাৰ্য উপাধি আৰু অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।
(বিতংকৈ পঢ়ক...)
- প্ৰসেন বৰা: ২০১৫ চনৰ ২১ মে' তাৰিখে অসমৰ এগৰাকী প্ৰসিদ্ধ ঢুলীয়া প্ৰসেন বৰাৰ মৃত্যু হয়। তেখেতে অসমৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ আৰু বিদেশৰো বিভিন্ন অনুষ্ঠানত ঢোলবাদন কৰি খ্যাতি লাভ কৰিছিল। বহুকেইখন অসমীয়া শ্ৰব্য এলবামত তেওঁ ঢোলবাদন কৰাৰ লগতে দুখন ভিডিঅ' ছবিতো তেওঁ অভিনয় কৰিছিল। ঢোলৰ উপৰিও তেওঁ খোল, তাল, নাগাৰা আদি থলুৱা বাদ্যযন্ত্ৰ বজোৱাতো তেওঁ পাকৈত আছিল।
(বিতংকৈ পঢ়ক...)