ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ছেপ্টেম্বৰ-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা

২০২৪ বৰ্ষৰ জুলাই মাহৰ পহিলা সপ্তাহত গুৱাহাটীৰ হোটেল গ্ৰেণ্ডিউৰত দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডিক ৱিকিমিডিয়া কমিউনিটিৰ এখন মিনি-হেকাথন হৈ যায়। অসমীয়া ৱিকিসমাজৰ পৰা দিব্য দা (দিব্য দত্ত), নয়ন দা (নয়ন জ্যোতি নাথ) আৰু ম‌ই হেকাথনখনত অংশগ্ৰহণৰ বাবে জলপানি লাভ কৰোঁ। ইয়াৰ আগলৈকে ম‌ই ৱিকিৰ কোনো ৱিকিমীট, হেকাথন আদিত অংশগ্ৰহণ কৰা নাছিলোঁ। মোৰ বাবে এই অভিজ্ঞতা প্ৰথম। ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা কেইবাজনো ৱিকিমিডিয়ানে এই হেকাথনত অংশগ্ৰহণ কৰে। ইয়াৰে অধিকাংশই আছিল কম্পিউটাৰ বিজ্ঞান বেকগ্ৰাউণ্ডৰ। হেকাথনত অংশগ্ৰহণ কৰাসকলে নিজৰ নিজৰ পছন্দৰ ৱিকিমিডিয়া সম্পৰ্কীয় টেকনিকেল কাম একোটা বাচি লৈ সেইসমূহৰ ওপৰত কাম কৰে। কোনোৱে যদি ৱিকিত ব্যৱহাৰৰ বাবে সঁজুলি সাজিছে, আন কোনোৱে আকৌ ৱিকিত সচৰাচৰ পৰিলক্ষিত হোৱা টেকনিকেল সমস্যা কিছুমান সমাধান কৰিছে। কামৰ ভিতৰত ম‌ই তিনিটাকৈ সৰু কাম কৰোঁ। অসমীয়া ৱিকি প্ৰকল্পত ব্যৱহাৰ কৰিব পৰাকৈ দুখনকৈ জাভাস্ক্ৰীপ্ট লিখোঁ আৰু অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতত সামাজিক মাধ্যমৰ লিংক সংযোগ কৰোঁ। মোৰ অৱদান ইমানেই। দুদিনীয়া হেকাথনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোক লগ পাই ম‌ই বাৰুকৈয়ে উৎফুল্ল হৈছোঁ। নিজৰ একাকিত্ব স্বভাৱৰ বাবে ৱিকিৰ কৰ্মশালা, সন্মিলন আদি ম‌ই পৰাপক্ষত পৰিহাৰ কৰা চলি আহিছোঁ। কিন্তু হেকাথনৰ সেই দুটা দিনে মোৰ পলায়নবাদী স্বভাৱক ভাঙি-চিঙি চূড়মাৰ কৰিলে। মনত আত্মবিশ্বাস যোগাই তুলিলে। হেকাথনত প্ৰথম বাৰৰ বাবে অসমীয়া ৱিকিমিডিয়াৰ অন্যতম সক্ৰিয় তথা দক্ষ ৱিকিমিডিয়ান দিব্য দা আৰু নয়ন দাৰ সান্নিধ্য‌‌ইও মোক বাৰুকৈয়ে উৎফুল্ল কৰি তুলিলে। তদুপৰি আয়োজকসকলৰ অন্যতম গোপা বসন্ত‌ৰ লগতে জ্ঞানৰঞ্জন চাহু, সাৰ্থক পৰাশৰ, জয়প্ৰকাশ, আৰ্য্যা জোশীয়ে বিশেষভাৱে সময়ে সময়ে আমাক উৎসাহ যোগালে। ৰং-ধেমালিৰ মাজেৰে পাৰ হোৱা সেই দুটা দিনে মোৰ মনত এক গভীৰ সাঁচ বহাই থৈ গ’ল। অসমৰ বাহিৰৰ ৱিকিমিডিয়ানসকলৰ লগত কথা-বাৰ্তা পাতি এনেকুৱা লাগিছিল যেন আমি সকলোবোৰ একেখন ঘৰৰেই সদস্য, ৱিকিয়ে বন্ধা ঘৰখনৰ সদস্য। অসমৰ সাহিত্য-সংস্কৃতিৰ লগতে সমগ্ৰ অসমৰ প্ৰতি তেওঁলোকৰ যি ভালপোৱা আমি পৰিলক্ষিত কৰিলোঁ সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। আশা কৰোঁ আগলৈও ৱিকিৰ হেকাথন/সন্মিলন আদি অনুষ্ঠিত হৈ থাকক। নিজৰ নিজৰ মাতৃভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কুচকাৱাজ চলি থাকক। তাৰেই কামনা কৰোঁ। — চাণক্য (বাৰ্তা) 09:12, 30 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


যোৱা যোৱা ৬ আৰু ৭ জুলাই, ২০২৪ তাৰিখে গুৱাহাটীত দুদিনীয়াকৈ ৱিকিমিডিয়াৰ এখনি মিনি-হেকাথন অনুষ্ঠিত কৰা হয়। এই হেকাথনত অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ মই, নয়ন আৰু চাণক্যই জলপানি লাভ কৰি যোগদান কৰাৰ সুযোগ লাভ কৰোঁ। অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে আগদিনা সন্ধিয়া মই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ আৰু পাছদিনা ৮ মান বজাত হোটেলত উপস্থিত হওঁ। গুগল আউট ৰিচত কাম কৰা কানাহিয়া কৌশল নামৰ বিহাৰৰ এজন চফ্টৱেৰ বিকাশকৰ সৈতে মোক একেটা কোঠাতে থকাৰ ব্যৱস্থা কৰা হৈছিল। এই হেকাথনতে কানাহিয়াই ৱিকি কমন্স এপটোৰ এটা সমস্যা সমাধান কৰিছিল, যিটো এপটোৰ নতুন আপডেটত দেখা পোৱা যাব। এপটোত সংযোগ হ’বলগীয়া এই নতুন বৈশিষ্ট্যটো হৈছে, এপটোৰ জৰিয়তে ছবি আপলোড কৰোঁতে হোৱা অসম্পূৰ্ণ আপলোডবোৰ পুনৰ আৰম্ভ কৰিব পাৰিব আৰু একেলগে একাধিক ছবি আপলোড কৰিব পাৰিব।

ইয়াৰ পিছত হোটেলৰ কোঠাত যাত্ৰাৰ ভাগৰ মাৰি সতেজ হৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহোঁ। ইতিমধ্যে নয়ন আৰু চাণক্যকো লগ পাওঁ। ইমানদিনে চাণক্যক অনলাইনতহে পাই আহিছিলোঁ, সেই দিনা প্ৰথম দেখাদেখি হওঁ। ৱিকিত চাণক্যই কৰা কাৰিকৰী কামবোৰ দেখি মোৰ মনে যিজন চাণক্যৰ ছবি আঁকিছিল, বাস্তৱত কিন্তু তুলনামূলকভাবে এটা সৰু ল’ৰাকহে দেখা পালোঁগৈ। ইমান সৰুতেই ইমান পৈণত কাম কিছুমানৰ জৰিয়তে অসমীয়া ৱিকিক চাণক্যই সমৃদ্ধ কৰিছে, এই চেগতে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

হেকাথনত অংশগ্ৰহণ কৰা প্ৰায়ভাগ সদস্যই চফ্টৱেৰ বিকাশক, চফ্টৱেৰ অভিযন্তা আছিল যদিও আমাৰ দৰে কম কাৰিকৰী জ্ঞানৰ সদস্যও কেইবাজনো আছিল। প্ৰথমতে সকলোকে ৱিকিত সন্মুখীন হোৱা কাৰিকৰী সমস্যাবোৰ লিপিবদ্ধ কৰিবলৈ অনুৰোধ জনায় আৰু তাৰ পাছত সেই সমস্যাবোৰ যিসকলে সমাধান কৰিবলৈ সক্ষম তেওঁলোকক সমাধান কৰিবলৈ কয়। অন্য সদস্যসকলৰ সৈতে আমিও আমাৰ অসমীয়া ৱিকিত সন্মুখীন হোৱা কেইবাটাও সমস্যাৰ কথা লিখোঁ। ইয়াৰ পিছত সকলোৱে নিজৰ নিজৰ বিষয় নিৰ্বাচন কৰে আৰু সমস্যাসমূহ সমাধান কৰিবলৈ হেকিং আৰম্ভ কৰে।

পাছদিনাখনো আগবেলালৈকে হেকিং চলি থাকে আৰু পাছবেলা সমস্যাৰ সমাধানসমূহ প্ৰদৰ্শন কৰা হয়। আমি আনৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলোঁ যদিও আমি নিজাকৈ নিৰ্মাণ কৰা আমাৰ ৱিকিৰ এটা পুৰণা সঁজুলিকে অলপ সজাই পৰাই ন-ৰূপ দি প্ৰদৰ্শন কৰোঁ।

এই মিনি-হেকাথনত অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে অতি সৌভাগ্যৰ কথা আছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰায় দেৰকুৰি চফ্টৱেৰ বিকাশকৰ সৈতে একেলগে বহি, জনাই নজনাই ইংৰাজীত কথা পাতি দুটা দিন পাৰ কৰাটো মোৰ বাবে আছিল এক অনন্য অভিজ্ঞতা। ভাৰতৰ বিভিন্ন ৱিকিৰ সৈতে জড়িত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ এইসকল ৱিকিমিডিয়ানক লগ পাই প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল আমাৰ অসমীয়া ৱিকিমিডিয়াৰ প্ৰকৃত স্থিতি। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা কাৰিকৰী ডিগ্ৰী লাভ কৰা সেইসকল ৱিকিমিডিয়ানে টকা, আত্মপ্ৰতিষ্ঠাৰ পিছত নদৌৰি, নিজ নিজ ভাষাৰ প্ৰতি দায়বদ্ধ হৈ নীৰবে কৰ্ম কৰি গৈছে। নিজৰ লগতে আন আন ৱিকি পৰিয়ালকো সহায় কৰিছে। আমাৰ অসমীয়া ৱিকিত তেওঁলোকৰ দৰে ৱিকিমিডিয়ানৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ। আশাকৰোঁ অনাগত দিনবোৰত অসমীয়া চফ্টৱেৰ অভিযন্তা, বিকাশককো ৱিকিমিডিয়ান হিচাপে দেখা পোৱাৰ সৌভাগ্য হয়। — দিব্য দত্ত (বাৰ্তা) 12:42, 30 August 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]