ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০১৯/ভাল প্ৰবন্ধ

গিৰীশ কৰ্ণাড

গিৰীশ ৰঘুনাথ কৰ্ণাড (১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। ১৯৬০ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ লগতো সক্ৰিয় ভাবে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেওঁৰ হিন্দী আৰু কন্নড় বোলছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিব সক্ষম হৈছে। তেওঁ বিভিন্ন শাখাৰ সৰ্বমুঠ ১০ টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৭ টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৭৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।

২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিন অসুস্থতাৰ ফলত ৮১ বছৰ বয়সত বেংগালুৰুত গিৰীশ কৰ্ণাডে শেষ নিশ্বাস ত্যাগ কৰে।

আৰু পঢ়ক...