ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
জুলাই ২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
“স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা”

এটা জাতিৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আদিৰ প্ৰতিফলন ঘটে মাতৃভাষাৰ মাধ্যমত। এখন দেশ তথা এটা জাতিৰ উত্তৰণ তথা সমৃদ্ধি বহু পৰিমানে নিৰ্ভৰ কৰে মাতৃভাষাৰ ওপৰত। মাতৃভাষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। মাতৃভাষাই জাতিটোক একতাৰ ডোলেৰে বান্ধি, সমন্বয়ৰ সাঁকো গঠন কৰে। ভৌগোলিক ভাৱে ভাৰতৰ উত্তৰ পূৱত অৱস্থিত অসমৰ মাতৃভাষা হৈছে অসমীয়া। বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ ভাষা আৰু ইয়াৰ থলুৱা লোকৰ ভাযাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা ভাষা। অতিকৈ চেনেহৰ, অতিকৈ মৰমৰ, অতিকৈ আপোন ভাষা। আমাৰ অসমীয়া ভাষা। যাৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ আঁৰত আছে এক দীঘলীয়া ইতিহাস। নানান ঘাত-প্ৰতিঘাত, উত্থান-পতন, সংগ্ৰাম-আন্দোলনৰ কণ্টকময় পথ অতিক্ৰমি অসমীয়া আজি এটা সুপ্ৰতিস্থিত ভাষা। আজি অসমীয়া ভাষা ভাৰতৰ এটা অন্যতম ৰাজ্যিক ভাষা। আজিৰ ইণ্টাৰনেট জগততো ই এটা বহু প্ৰচলিত ভাষা।

বৰ্তমান ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰা অন্য এক নীৰৱ আন্দোলনৰ নাম হৈছে অসমীয়া ৱিকিপিডিয়া। কিন্তু এয়া যথেষ্ট নহয়। অমানিশাৰ ঘোৰ এন্ধাৰে যেন ক্ৰমশঃ গ্ৰাস কৰিছে অসমীয়া ভাষা্ক। বিতৰ্কৰ শীৰ্ষত আজি অসমীয়া ভাষা। সৰলীকৰণ, মাধ্যমৰ সমস্যা, ভাষাৰ সংকট আদি বিষয় আহিছে। কিছুলোক শংকিত হৈ পৰিছ ভাষাটোৰ স্থায়িত্বক লৈ। সন্তানক ভাষাটো শিকোৱাৰ ক্ষেত্ৰত অভিভাৱকসকল যেন আগ্ৰহী নহয়। নতুন প্ৰজন্মও যেন আগ্ৰহী নহয় ভাষাটোৰ বিশুদ্ধতাৰ প্ৰতি। তেন্তে উপায় কি?

উপায় নিশ্চয় আছে। আমাৰ ভাষাটোক এই সংকটৰ পৰা আমিয়েই উদ্ধাৰ কৰিব লাগিব। আমি ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কেৱল চৰকাৰৰ কাম, সাহিত্যিক, বুদ্ধিজীৱীৰ কাম বুলি হাত সাবতি বহি থাকিলে নহ’ব। আমি আমাৰ ভাষাটোক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকিব লাগিব।

আহক আমি অসমীয়া ৱিকিপিডিয়াৰ পৰাই এই নতুন যাত্ৰা আৰম্ভ কৰোঁ। সকলোৱে সগৌৰৱেৰে সমস্বৰে কওঁ,

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
-দিব্য দত্ত


“....কিবা এটা কৰোঁ বুলি "সৌৰভ কুমাৰ চলিহা" বিষয়ে কোনোবা এখন গল্পৰ কিতাপৰ গল্পকাৰ পৰিচিতিৰ পৰা চাই চাই অকণমান লিখিলোঁ। ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ।

বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা।”

-গীতাৰ্থ বৰদলৈ


“এটা মন কৰিবলগীয়া কথা হ'ল- অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈ পঞ্জীয়নভুক্ত হোৱা মুঠ সদস্য সংখ্যা ২২ হাজাৰৰো অধিক। কিন্তু প্ৰৱন্ধসংখ্যা এতিয়াও পাঁচ হাজাৰৰ ঘৰতে আছে। অৰ্থাৎ যিসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছু পৰিমাণে হ'লেও জানিব পাৰিছে আৰু ইতিমধ্যে সদস্যভুক্ত হৈছেও, তেওঁলোকৰো অধিকাংশই কোনো অৱদান যোগোৱা নাই। কিবা শংকা-সংকোচৰ বাবেই এখেতসকলে সদস্যভুক্ত হৈয়ো লিখিবলৈ আগ নাবাঢ়িলে নে কি, সেইটো নিশ্চিত হ'ব নোৱাৰিলোঁ। যদি তেনে কোনো সদস্যই এইখিনি কথা পঢ়ি আছে, তেওঁলোকক মাত্ৰ এটা কথাই ক'ম যে ৱিকিপিডিয়াত লিখাটো একো টান কাম নহয়। লিখাৰ নীতি-নিৰ্দেশনাসমূহ ৱিকিপিডিয়াত ইতিমধ্যে উল্লেখ থকাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ টুইটাৰ আৰু ফেচবুকৰ পৃষ্ঠাৰেও নিজৰ সংকোচ, অসুবিধাখিনিৰ কথা জনাব পাৰে। যদি প্ৰতিজন সদস্যই মাত্ৰ পাঁচটাকৈয়ো নতুন প্ৰৱন্ধ আৰম্ভ কৰিলেহেঁতেন, অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধই আজি লাখৰ ঘৰ চুলেহেঁতেন! অথচ ছ'চিয়েল মিডিয়াত যোৱা দিনকেইটাতে ভাৰত-পাকিস্তানৰ উত্তেজনা বা যুদ্ধৰ আশংকাক লৈ ৰায়দান দিয়া মানুহৰ অভাৱ নাই। এনেধৰণৰ সাময়িক উত্তেজনাকেন্দ্ৰিক অনৰ্থক বাদানুবাদ কৰি থকাতকৈ ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাটোহে নিজৰ আৰু ভাষাটোৰ বাবে অধিক মংগলজনক।”

-প্ৰিয়াংকুশ ডেকা


“বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়।”

-অজয় দাস

“ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননী পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। তাৰ উপৰি ভাল লাগিছিল এইটো ভাবি যে মই মোৰ জীৱনত যিবোৰ পৃষ্ঠা ৱিকিপিডিয়াত বা ৱিকিউৎসত সৃষ্টি কৰি থৈ যাম সেইবোৰৰ ইতিহাস যুগযুগান্তৰলৈ মোৰ নামতেই ৱিকিপিডিয়াত খোদিত হৈ থাকিব। আমি এনেকৈ সৃষ্টি কৰা পৃষ্ঠাবোৰে আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ পৰিব। আজি এই কথা বহুতেই উপলদ্ধি কৰিব পৰা নাই যদিও, অনাগত দিনত এই কথা নিশ্চয় স্বীকাৰ কৰিবই লাগিব। এই কথাটোৱেই মোক বহুত প্ৰেৰণা দি আহিছে। এনেকৈয়ে মই ৱিকিপিডিয়াৰ পৰিয়ালৰ এজন হৈ গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ৰাইজৰ সহায় সহযোগ, মৰম চেনেহৰ মাজেৰে পাৰোঁ মানে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই যাবলৈ মন ডাঠ কৰি ৰাখিছোঁ।”

-নিতুল বৰা
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
গিৰীশ কৰ্ণাড

গিৰীশ ৰঘুনাথ কৰ্ণাড (১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। ১৯৬০ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ লগতো সক্ৰিয় ভাবে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেওঁৰ হিন্দী আৰু কন্নড় বোলছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিব সক্ষম হৈছে। তেওঁ বিভিন্ন শাখাৰ সৰ্বমুঠ ১০ টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৭ টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৭৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।

২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিন অসুস্থতাৰ ফলত ৮১ বছৰ বয়সত বেংগালুৰুত গিৰীশ কৰ্ণাডে শেষ নিশ্বাস ত্যাগ কৰে।

আৰু পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. ডাৱৰ
  2. বিশ্বনাৰায়ণ শাস্ত্ৰী
  3. ১ জুন
  4. ভোলানাথ দাস
  5. শিল
  6. টেক্‌ট'নিক প্লেট
  7. জাতি লাউ
  8. কিৰেণ ৰিজিজু
  9. যাদুৰাম ডেকা বৰুৱা
  10. বিশ্ব চাইকেল দিৱস
  11. যখাৰ
  12. ৰহা
  13. ভাস্কৰাচাৰ্য
  14. চাল কোমোৰা
  15. দীপিকা বৰগোহাঁই
  16. সোণাৰু
  17. যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ
  18. এলেন ক'ৰনাৰ' পিচ্‌ক'পিয়া
  19. চন্দ্ৰমল্লিকা ফুল
  20. কোৱাভাতুৰি
  21. ৰক্তমল্লিকা
  22. অমিত শ্বাহ
  23. ঝুনঝুনি গছ
  24. ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
  25. ভাৰতৰ সংসদ ভৱন
  26. ‎সুব্ৰমনিয়ম জয়শংকৰ
  27. ৬ জুন
  28. নীল কলমৌ
  29. ‎আহমদ ছফা
  30. ২ জুন
  31. ‎ৰাজনাথ সিং
  32. ‎বিশ্ব মহাসাগৰ দিৱস
  33. ‎ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
  34. ময়ূৰ বৰা
  35. মেৰমেৰী লতা
  36. ‎জেটুলি পকা
  37. ‎ভোমোৰা (বৃক্ষ)
  38. ‎কাকৈ-চেৰা
  39. ‎কেতকুৰা
  40. ‎চেংগিজ খান
  41. ‎নীতিন গাডকাৰী
  42. গিৰীশ কৰ্ণাড
  43. ‎চেপেটা লতা
  44. ‎ৰামকিঙ্কৰ বেইজ
  45. ‎নল টেঙা
  46. ‎‎টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম
  47. ‎সৌম্যদ্বীপ দত্ত
  48. ভেদাই লতা
  49. ৰুদ্ৰৰাম বড়দলৈ
  50. ‎ৰমাকান্ত চৌধুৰী
  51. ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
  52. ‎যুৱৰাজ সিং
  53. ‎ভেদেলি লতা
  54. ‎হাবুং
  55. ‎‎বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস
  56. চোৰাত
  57. ‎অৰিন্দম বৰকটকী
  58. ‎মাটি কাঞ্চন
  59. টেঙা কঁটৰা
  60. ববচা বন
  61. ‎বগা কাঞ্চন
  62. ‎বিশ্ব ৰক্তদাতা দিৱস
  63. হাড় জোৰা লতা
  64. মণিছাল
  65. আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ সম্বন্ধ
  66. ‎সঞ্জীৱ পল ডেকা
  67. ‎চাৰ্ন'বিল বিপৰ্যয়
  68. ‎ৰত্নাকৰ (চলচ্চিত্ৰ)
  69. দক্ষিণ চীন সাগৰ
  70. ‎নীলকণ্ঠ ফুল
  71. ‎নগা টেঙা
  72. ‎বক ফুল
  73. ‎গ'জু-ৰিও কাৰাটে
  74. ‎বিয়নী সাবটা
  75. ‎ঔম বিৰলা
  76. ‎ৰত্না দত্ত
  77. ‎কোটাহি জামু
  78. ‎বিষ্ণু ৰাভা স্মৃতি উদ্যান
  79. ‎প্ৰদান বৰুৱা
  80. শৰাইঘাট ৰণ স্মৃতি উদ্যান
  81. যম লাখুটি
  82. বৰপুণি
  83. ‎পুৰুষোত্তম দাস
  84. ‎দূৰৱৰ্তী সংবেদন‎
  85. অমৰীশ পুৰী‎
  86. বন অনুসন্ধান সংস্থান‎
  87. ‎পয়ছনৰ অনুপাত
  88. টেঙ-ঙাই ম'হুং
  89. ‎কেঞাবন
  90. সৌকা বেত
  91. পানী লতা
  92. পপীয়া তৰাৰ সাধু
  93. শ্বিলং
  94. কলাজ
  95. কুকুৰা-ঠেঙীয়া গছ
  96. আহিনা
  97. থৰ
  98. পহু শিঙীয়া ঢেঁকীয়া
  99. দাঁত বিজলা
  100. যখিনী লতা
  101. বীজগণিত
  102. ডাব্বাৱালা
  103. নিবাৰণ বৰা
  104. বনগুটি
  105. খাগৰি
  106. বিৰিণা
  107. উপেন ৰাভা হাকাচাম
  108. খগেশ সেন ডেকা
  109. হাইছিছ
  110. কাক বাঁহ
  111. বগা ভালুক
  112. লাষ্ট ফ'ৰ লাইফ
  113. কোটোহা বাঁহ
  114. ভলুকা বাঁহ
  115. ‎ইভেন্ট হ'ৰাইজ'ন টেলিস্ক'প
  116. প্ৰাণী বিদ্যা
  117. ৩০ জুন
  118. ভৱকান্ত নাথ
  119. প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য
  120. বাপচন্দ্ৰ মহন্ত
  121. উপেন্দ্ৰনাথ শৰ্মা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমকামৰূপ জিলাৰ বকোত সত্ৰীয়া নৃত্য দলে পৰিবেশন কৰা ভোৰতাল নৃত্যৰ এক দৃশ্য।
আলোকচিত্ৰশিল্পী: বিপুল ৰাভা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
অজয় দাস
উদ্ভিদজগতৰ ভোটাতৰা
জলি বৰা
ৱিকিউৎসৰ ভোটাতৰা পদক
প্ৰাণজ্যোতি নাথ
অনামিকা(চুমু) বড়া
ঈশান জ্যোতি বৰা
জীৱনীকাৰ পদক
ভাস্কৰজ্যোতি ভূঞা
সহযোগিতা পদক
মধুস্মিতা বৰগোঁহাই
ফুলকোঁৱৰ পদক
দিব্য দত্ত





উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫,৬২২ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ২০৫ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত জুন, ২০১৯ মাহটোক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাহ হিচাপে পালন কৰা হয়। এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

জ্যোতিপ্ৰসাদ আগৰৱালা

অন্য গ্ৰন্থ:

জ্ঞানদাভিৰাম বৰুৱা

বলদেৱ মহন্ত


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
বিষ্ণু শইকীয়া ১৬২ ১,৬২৬ ১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ২০৩ ৫৮১ ২৩৬ ২২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত ৭০৮ ৫০ ৮৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৬৮ ৫৫৯ ৩৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা ২৭৪ ৩৪৯ ৪১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ১০৬ ৪৭৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ৪৯১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মধুস্মিতা বৰগোহাঁই ৩৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৪ ২৬৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ অম্লান বসুমতাৰী ২৭ ১৭৫ ৬৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ভাস্কৰজ্যোতি ভূঞা ১৫৫ ১৬ ১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ অনিমেষ বৰা ১১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ অজয় দাস ৯৪ ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ নয়ন জ্যোতি নাথ ৭৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ সম্পাদক খিলঞ্জীয়া ৭০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।