ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

মই বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ। ডিজিটেল মাধ্যমত অসমীয়া ভাষা লিখাৰ প্ৰয়াস, কৈশোৰ কালৰ পৰাই আছিল। ২০১২ চনত ফে’চবুকৰ একাউণ্ট খোলাৰ পাছৰে পৰা এই বিষয়টোকলৈ সচেতন হৈছিলোঁ। কিছু বছৰৰ পাছত মোবাইল ফোনত অসমীয়া লিপি লিখিব পৰাৰ অৱস্থা এটা হ’ল। এইদৰেই ব্যক্তিগত পৰ্যায়ত অসমীয়া লিপি লিখাৰ প্ৰয়াস কৰি আহিছিলোঁ। স্নাতক পৰ্যায়ত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বৌদ্ধিক পৰিৱেশটোৱে এই গতিক ত্বৰান্বিত কৰিলে। অসমীয়া বিষয়ক প্ৰধান হিচাপে লৈ পঢ়োঁতে স্নাতক চতুৰ্থ ষাণ্মাসিকত ‘কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ’ শীৰ্ষক এখন বাধ্যতামূলক কাকত পঢ়িবলগীয়া হৈছিল। এই কাকতখনৰ বাধ্য-বাধকতাৰ উপৰিও মহাবিদ্যালয় পৰ্যায়ত আলোচনী সম্পাদনাৰ লগত জড়িত হ’বলগীয়া হোৱাৰ বাবে ডিজিটেল মাধ্যমত অসমীয়া ভাষা লিখাটো অপৰিহাৰ্য হৈ উঠিছিল। ড॰ অৰবিন্দ ৰাজখোৱা ছাৰে এই ক্ষেত্ৰত বাট দেখুৱাইছিল।

পাঠ্যক্ৰমৰ বিষয়ৰ সন্ধান কৰোঁতে, অথবা কৌতূহল নিবাৰণৰ বাবে ভূমুকি মাৰোঁতে ইংৰাজী আৰু অসমীয়া ৱিকিপিডিয়াৰ সৈতে পৰিচিতি হৈছিল। কিন্তু সেইয়া আছিল পৰ্যটকসুলভ সাক্ষাৎ। অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে মনত খাঁজ কটাকৈ শুনিছিলোঁ নৰ্থ লখিমপুৰ কলেজৰ অগ্ৰজ, বৰ্তমানৰ সক্ৰিয় ৱিকিমিডিয়ান ভাস্কৰ ভূঞা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰাণকৃষ্ণ বৰগোহাঞি দাদাৰ পৰা অগা-পিছাকৈ। তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থী হোৱাৰ পাছত ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখাৰ পৰিৱেশটোৰে জড়িত হোৱাৰ পৰিস্থিতি আহি পৰিল। দ্বিতীয় ষাণ্মাসিকৰ কাকত, ‘‘সৃষ্টিশীল লেখা, সম্পাদনা আৰু অসমীয়া ডি টি পি’’ শীৰ্ষক কাকতখনৰ পাঠ্য নিৰ্দেশক জ্যোতিষ্মান দাস ছাৰে দিয়া গৃহকৰ্মৰ অংশ হিচাপে ৱিকিপিডিয়াত ‘সংস্কৃতি’ বিষয়ক প্ৰবন্ধ লিখিবলগীয়া হ’ল। ইতিমধ্যে এই বিষয়ত এটা অতিথি বক্তৃতা অসমীয়া ৱিকিমিডিয়াৰ পুৰণি সদস্য গীতাৰ্থ বৰদলৈয়ে আমাক ২৩ মাৰ্চ, ২০২১ তাৰিখে প্ৰদান কৰিছিল। মই প্ৰবন্ধ লিখাৰ বিধা হিচাপে বাচি লৈছিলোঁ, মোৰ গৃহ ঠাই লখিমপুৰৰ ঘিলামৰাৰ ওচৰৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন প্ৰাচীন ধৰ্মীয় স্থলসমূহ। সেই অনুসৰি অনন্ত থান (আশ্ৰম), ঘুগুহা দৌল, শ্ৰী শ্ৰী কেশৱচৰণ আতা থান সত্ৰ, মণিপুৰী আই গোসাঁনী থান ইত্যাদি প্ৰবন্ধসমূহ যোগ কৰিলোঁ। ইনফ’ বক্স দিয়া, ৱিকিমিডিয়াত ফটো আপলোড কৰি ৱিকিপিডিয়াৰ প্ৰবন্ধৰ লগত যোগ দিয়া আদিবোৰ কৰি ভালেখিনি নতুন অভিজ্ঞতা লাভ কৰিলোঁ, যিটোৱে মনত বহুখিনি আনন্দ দিলে।

মোক কিছু আশ্চৰ্য-চকিত কৰি ২০২১ বৰ্ষৰ জুন মাহৰ অসমীয়া ৱিকিপত্ৰিকাত মোক ‘প্ৰতিভাবান ন-সম্পাদকৰ পদক’ প্ৰদান কৰিলে। এই ঘোষণাই একেসময়তে ৱিকিপিডিয়াত লিখিবলৈ আগ্ৰহৰ সৃষ্টি কৰিলে আৰু কিছু সংকোচবোধৰো সৃষ্টি কৰিলে। ইমান কম সময়তে মোৰ নামটোৱে পদকৰ তালিকাত আসন লাভ কৰিব বুলি ভবা নাছিলোঁ। তাৰ উপৰিও জুলাই মাহৰ ৱিকিপত্ৰিকাত ‘ৱিকিপিডিয়ানৰ মনৰ কথা’ৰ শিতান মোক লিখিবলৈ সুবিধা দিয়া হ’ল। অকপটে স্বীকাৰ কৰিছোঁ, ইমানখিনি স্বীকৃতিৰে অসমীয়া ৱিকিপিডিয়া সমাজে মোক ঋণীহে কৰিলে। এই ঋণ ৱিকিপিডিয়াত ভালেখিনি বৰঙণি আগ নবঢ়োৱালৈকে পূৰণ নহয়!

অসমীয়া ৱিকিপিডিয়াৰ জগতখনত প্ৰৱেশ কৰিহে অনুভৱ হৈছে, কিদৰে নিৰলে এচাম কী-বৰ্ডৰ সেনানীয়ে অলপো উচ্চ-বাচ্য নকৰাকৈ প্ৰকৃত জাতীয়তাবাদত ব্ৰতী হৈ আছে। এই প্ৰতিগৰাকী সেনানীলৈ মোৰ অপৰিসীম শ্ৰদ্ধা।

-Debasish Buragohain Ghilamara (বাৰ্তা) 17:06, 1 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]