তথ্য উৎসৰ উল্লেখ সম্পাদনা কৰক

নমস্কাৰ AnonymousAssamese। অসমীয়া ৱিকিপিডিয়াত আপুনি শেহতীয়াকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আন্তৰিক অভিনন্দন যাচিলোঁ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহত সন্নিৱিষ্ট তথ্যসমূহৰ উৎস সঠিকভাৱে উল্লেখ কৰাটো অতিশয় জৰুৰী। ই প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাৰ লগতে ইয়াৰ মান বৃদ্ধি কৰে। কোনো গ্ৰন্থৰ পৰা উদ্ধৃত তথ্য হ'লে গ্ৰন্থখনৰ নাম আৰু লেখকৰ নামৰ লগতে গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল, প্ৰকাশক কোন এই কথাখিনিও সন্নিৱিষ্ট কৰিব লাগে। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধসমূহ পঢ়ি চালেও বিভিন্ন বিষয়ত সহায় পাব। অসমৰ মাছ ধৰা সঁজুলি প্ৰবন্ধটো পঢ়ি চাবচোন। দ্বিতীয়তে আপুনি লিখা নৰমুণ্ড চিকাৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীৰ মতে হোৱা নাই। ৱিকিপিডিয়াৰ প্ৰবন্ধ সদায় নিৰপেক্ষ দৃষ্টিভংগীৰে পোনপটীয়া ভাষাত লিখিব লাগে। নিজা মতামত, প্ৰশংসা বা নিন্দা, সাহিত্যৰ অলংকাৰ আদি যোগ কৰা উচিত নহয়। এই কথাখিনি মন কৰি আশাকৰোঁ‌ আগলৈয়ো এনেদৰে ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব। শুভেচ্ছাৰে।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 04:59, 12 মে' 2021 (ইউ.টি.চি.)

হয়। মই যিমান পাৰি চেষ্টা কৰিছোঁ। আপুনি মোৰ শেহতীয়া প্ৰবন্ধ কেইটা চাওকচোন। Debasish Buragohain Ghilamara (বাৰ্তা) 03:31, 14 মে' 2021 (ইউ.টি.চি.)

@Debasish Buragohain Ghilamara: আপুনি বহুখিনি শিকিব পাৰিছে। ইয়াৰ বাবে অভিনন্দন জনাইছোঁ। আগলৈ শুভেচ্ছা থাকিল। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 04:59, 14 মে' 2021 (ইউ.টি.চি.)

ধন্যবাদ। কিবা ভুল হ'লে দেখুৱাই দিব। মোৰ এডিটবোৰত দুই এটা সৰু সুৰা খু‍ঁত এতিয়াও ৰৈ গৈছে। শুধৰাই দিব। তেতিয়া বুজি পাম। Debasish Buragohain Ghilamara (বাৰ্তা) 05:02, 14 মে' 2021 (ইউ.টি.চি.)

@Debasish Buragohain Ghilamara: আদৰিছোঁ‌। আমাৰ অভিজ্ঞ সদস্যসকলে নিশ্চয় সহায় কৰিব। আপুনি ইচ্ছা কৰিলে ওপৰত আদৰণি বাৰ্তাত উল্লিখিত আমাৰ চ'ছিয়েল মিডিয়াৰ পেজ আৰু গোটত অন্তৰ্ভুক্ত হ'ব পাৰে। ইয়াৰদ্বাৰাও যথেষ্ট সহায় হ'ব পাৰে। আশাকৰোঁ‌ আগলৈকো নিত্য-নতুন প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰি যাব। ধন্যবাদেৰে।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 05:11, 14 মে' 2021 (ইউ.টি.চি.)

নিশ্চয় চেষ্টা কৰি থাকিম। ধন্যবাদ। ম‌ই অন্তৰ্ভুক্ত হ‌ওঁ তেন্তে। Debasish Buragohain Ghilamara (বাৰ্তা) 05:16, 14 মে' 2021 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আপুনি আগ্ৰহ আৰু চেষ্টাৰ বলত আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। মৌলিক বিষয় কিছুমান নিৰ্বাচন কৰি পৰীক্ষামূলক ভাৱে ৱিকিসুলভ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবে আপুনি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিব। -Nayan j Nath (বাৰ্তা) 16:42, 14 মে' 2021 (ইউ.টি.চি.)

ধন্যবাদ জনাইছোঁ আপোনাক। অশেষ ধন্যবাদ Debasish Buragohain Ghilamara (বাৰ্তা) 22:01, 14 মে' 2021 (ইউ.টি.চি.)Debasish Buragohain Ghilamara

ছবি আপলোড সম্পৰ্কে সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰা আৰু ছবি আপলোড কৰা বাবে ধন্যবাদ। কিন্তু আপুনি কিছুদিনৰ আগতে কোনো অনুজ্ঞাপত্ৰ ব্যৱহাৰ নকৰাকে অসমীয়া ৱিকিপিডিয়াত আপলোড কৰা ফটো কেইখন নিয়মৰ খাতিৰত ৱিকিৰ পৰা বিলোপ কৰা হ’ল। উক্ত ছবি কেইখন যদি আপুনি নিজে তোলা আৰু ৱিকিত ব্যৱহাৰ কৰাত যদি আপোনাৰ কোনো আপত্তি নাই, তেন্তে ছবি কেইখন আপুনি cc-by-sa-4.0 অনুজ্ঞাপত্ৰৰ অধীনত কমন্সত আপলোড কৰিব পাৰে। আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 17:39, 29 মে' 2021 (ইউ.টি.চি.)

ডিলিট কৰা ফটোকেইখনত মোৰ কপিৰাইট নাছিল। সোনকালেই মই নিজে তোলা ফটো দিম। ধন্যবাদ জনোৱাৰ বাবে Debasish Buragohain Ghilamara (বাৰ্তা) 07:13, 30 মে' 2021 (ইউ.টি.চি.)Debasish Buragohain Ghilamara

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় AnonymousAssamese,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

গ্ৰন্থৰ বেটুপাত সম্পাদনা কৰক

গ্ৰন্থৰ বেটুপাতসমূহৰ কপিৰাইট থাকে বাবে ৱিকিত অন্য সাধাৰণ ফটোৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰি। আপুনি কমন্সত বেটুপাত কেইখন নিজা ফটো বুলি আপলোড কৰিছে যদিও সেয়া নিয়মমতে হোৱা নাই। অনুগ্ৰহ কৰি যিকোনো গ্ৰন্থৰ বেটুপাত আদি কমন্সৰ সলনি স্থানীয়ভাবে আপলোড কৰিব আৰু এনে ফটোসমূহ কেৱল প্ৰবন্ধৰ পৰিচয়সূচক তথ্য বাকচতহে (Infobox) ব্যৱহাৰ কৰিব। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 02:59, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

কথাটো আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। সাৱধান হ'ম। AnonymousAssamese (বাৰ্তা) AnonymousAssamese (বাৰ্তা) 03:19, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক