ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা
ক’ভিদকালত দৈনন্দিন ব্যস্ততা কমি গৈছিল। কিতাপ পঢ়া আৰু গল্প কবিতা লিখাৰ কচৰতেও আমুৱাইছিল। মনঃপুত কাম বিচাৰি মন অশান্ত হৈ উঠিছিল। তেতিয়াই সন্ধান পাইছিলোঁ ৱিকিপিডিয়াৰ আৰু ২০২০ চনৰ ২০ আগষ্ট একাউণ্ট এটা খুলি সংযুক্ত হৈছিলোঁ, ৱিকিপিডিয়াৰ সৈতে। তেতিয়াৰে পৰা আজিলৈ এই অবিৰত ৱিকি-যাত্ৰা।
ৱিকিপিডিয়াৰ “অ-ফলা, ক-ফলা’’ শিকোঁতেই এটা বছৰ গ’ল। মৃদুল কুমাৰ শৰ্মাৰ লগতে আন প্ৰবীন ৱিকি-সম্পাদকসকলে হাতত ধৰি ধৰি আগুৱাই দিলে, সাহস দিলে, বিভিন্ন ধৰণে প্ৰেৰণা দিলে। তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ, এখন মনেবিচৰা ক্ষেত্ৰলৈ আৱৰি-সামৰি আগবঢ়াই দিয়াৰ বাবে।
প্ৰথমে ৱিকিউৎস, আৰু তাৰপাছত অসমীয়া ৱিকিমিডিয়াৰ কেউটা প্ৰকল্পতে যি পাৰোঁ অৰিহণা আগবঢ়াই আহিছোঁ। হায়দৰাবাদ ৱিকি কনফাৰেন্স-২৩ আৰু দিল্লীত হোৱা ৱিকি ৱ’মেন কেম্প-২৪লৈ নিৰ্বাচিত হোৱাৰ পিছত এইবছৰ ছেপ্তেম্বৰ মাহত কলিকতাত ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ অনুষ্ঠিত হোৱা “চাওঁতালি ৱিকি কনফাৰেন্স’’লৈ সমল ব্যক্তিৰূপে নয়নজ্যোতি নাথৰ লগতে আমন্ত্ৰিত হৈছিলোঁ॥ তাত আমি যুটীয়াভাৱে অসমীয়া ৱিকিমিডিয়াৰ ২০০২ৰ পৰা বৰ্তমানলৈ যাত্ৰাৰ এক থূলমূল বিৱৰণ উপস্থাপন কৰিছিলোঁ।
কলিকতাতৰ হায়াত চেণ্ট্ৰিক হোটেলৰ সভাকক্ষত অনুষ্ঠিত হোৱা তিনিদিনীয়া এই সন্মিলনত যদিও সমল ব্যক্তিৰূপে গৈছিলোঁ, তাত আমি প্ৰত্যক্ষ কৰিছিলোঁ ভাৰত আৰু দাঁতিকাষৰীয়া কেইবাখনো দেশত বাস কৰা চাওঁতালি ভাষা-সম্প্ৰদায়ৰ ৱিকি-সম্পাদকসকলে নিজ ভাষাৰ প্ৰতি দেখুওৱা আন্তৰিকতা আৰু উদ্যম। লগতে বিভিন্ন ৱিকি-সম্প্ৰদায়ে বিভিন্নধৰণে নিজ নিজ ভাষা-সাহিত্য-সংস্কৃতিৰ সমল সংৰক্ষণ কৰিবলৈ ৱিকিমিডিয়াক মাধ্যম হিচাপে লোৱা বিভিন্ন প্ৰকল্প আৰু পৰিকল্পনাৰ কথা জানিব পাই, শিকিবলৈ পাই অনুপ্ৰাণিত হৈছিলোঁ।
ভাৰতৰ সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত চাওঁতালি ভাষাৰ ইতিহাস কেইবাহাজাৰ বছৰ পুৰণি যদিও ই কেইটামান দশক আগলৈকে কথিত ভাষা হিচাপেই প্ৰচলিত আছিল। ঊনৈশ শতিকাৰ আদিলৈকে ই পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছিল। অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ত্ৰিপুৰা আনকি বাংলাদেশ, ভুটান, নেপাল আদিতো এই ভাষা বিয়পি আছে। লক্ষণীয়ভাৱে ঊনৈশ শতিকালৈ এই ভাষাত কোনো লিখিত তথ্য নাছিল। ইউৰোপীয় মিছনেৰীসকলৰ প্ৰচেষ্টাত ৰোমান, বাংলা আৰু ওড়িয়া লিপিত চাওঁতালি ভাষাৰ প্ৰথম লিখিত ৰূপ প্ৰকাশ পাবলৈ ধৰে। নিজা লিপি নথকাৰ দুখ অনুভৱ কৰি কবি সাহিত্যিক ৰঘুনাথ মুৰ্মুয়ে ১৯২৫ চনত অল চিকি লিপি (Ol Chiki) নাম দি চাওঁতালি ভাষাৰ বাবে লিপি প্ৰস্তুত কৰে আৰু ১৯৩৯ চনত প্ৰকাশ কৰে। তাৰপিছত আৰু থমকি ৰোৱাৰ প্ৰয়োজন ক’ত। বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা চাওঁতালি সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হ’ল। জগতসভাত নিজৰ সবল স্থিতি প্ৰমাণ কৰিবলৈ ইণ্টাৰনেটৰ সহায় ল’লে, ৱিকিমিডিয়াৰ মাধ্যমেৰে চাওঁতালি ভাষাত সমল গোটোৱাৰ কামত নিঃস্বাৰ্থ ভাষাপ্ৰেমীসকল উবুৰি খাই পৰিল। এতিয়া এই ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় ৮ মিলিয়ন। তেওঁলোকক মুৰ্মুৱে সৃষ্টি কৰা লিপিয়ে বান্ধি পেলাইছে। ইণ্টাৰনেটত তুলনামূলকভাৱে কম পৰিসৰত থকা ভাষাপ্ৰেমীসকলে ইণ্টাৰনেটৰ যোগেৰেই সম্পৰ্ক ৰক্ষা কৰি বিভিন্ন ঠাইৰ পৰা আহি সন্মিলন পতাৰ উদ্দেশ্য আছিল- অসমীয়া, বাংলা, ওড়িয়া আদি ভাষা সম্প্ৰদায়ৰ পৰা আমন্ত্ৰিত ৱিকি-সম্পাদকসকলৰ পৰা নতুন নতুন কৌশল আয়ত্ত কৰা।
শিকাবলৈ গৈ শিকি আহিলোঁ। শক্তিশালী ভাষাৰ প্ৰভাৱত যি সময়ত পৃথিৱীৰ বুকুৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাবোৰ হেৰাই যাব ধৰিছে, সেই সময়ত নিজা লিপি সৃষ্টি কৰি হ’লেও এটা ভাষাক ঠন ধৰাই সেই ভাষা কোৱা লোকসকলক একতাৰে বান্ধি পেলোৱাৰ যি উদ্যম তাৰ ওচৰত নতশিৰ হ’লোঁ। পুনৰবাৰ অনুভৱ হ’ল, ভাষাই জাতিৰ আয়ুস ৰেখা। ভাষা থাকিলে জাতি থাকে, ভাষা থাকিলে সাহিত্য-সংস্কৃতি বৰ্তি থাকে।
এই সুবিধাতে অসমৰ বড়ো, ৰাভা, মিছিং, ডিমাছা, কোচ আদি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কোৱা লোকসকলকো মাৰ-বান্ধি ওলাই আহিবলৈ অনুৰোধ কৰিলোঁ। শক্তিশালী ভাষাৰ আগ্ৰাসনত নিজৰ মাতৃভাষা হেৰাই যাবলৈ নিদিব। ইবোৰ পৃথিৱীৰ সম্পদ, আমাৰ সম্পদ। ৱিকিমিডিয়াৰ মাধ্যমেৰেই নিজৰ নিজৰ ভাষাৰ সবল পৰিচয় গঢ়ি তোলক।
“জয়তু ভাষা জননী’’
-Pranamikaadhikary (বাৰ্তা) 06:55, 31 October 2024 (ইউ.টি.চি.)