ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | নৱেম্বৰ | ২০২৪ | একাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
চাঁওতালি ৱিকি-সন্মিলনত নয়নজ্যোতি নাথৰ সৈতে প্ৰণামিকা অধিকাৰী

ক’ভিডকালত দৈনন্দিন ব্যস্ততা কমি গৈছিল। কিতাপ পঢ়া আৰু গল্প কবিতা লিখাৰ কচৰতেও আমুৱাইছিল। মনঃপুত কাম বিচাৰি মন অশান্ত হৈ উঠিছিল। তেতিয়াই সন্ধান পাইছিলোঁ ৱিকিপিডিয়াৰ আৰু ২০২০ চনৰ ২০ আগষ্টত একাউণ্ট এটা খুলি সংযুক্ত হৈছিলোঁ, ৱিকিপিডিয়াৰ সৈতে। তেতিয়াৰে পৰা আজিলৈ এই অবিৰত ৱিকি-যাত্ৰা।

ৱিকিপিডিয়াৰ “অ-ফলা, ক-ফলা’’ শিকোঁতেই এটা বছৰ গ’ল। মৃদুল কুমাৰ শৰ্মাৰ লগতে আন প্ৰবীণ ৱিকি-সম্পাদকসকলে হাতত ধৰি ধৰি আগুৱাই দিলে, সাহস দিলে, বিভিন্ন ধৰণে প্ৰেৰণা দিলে। তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ, এখন মনে বিচৰা ক্ষেত্ৰলৈ আৱৰি-সামৰি আগবঢ়াই দিয়াৰ বাবে।

প্ৰথমে ৱিকিউৎস, আৰু তাৰপাছত অসমীয়া ৱিকিমিডিয়াৰ কেওটা প্ৰকল্পতে যি পাৰোঁ অৰিহণা আগবঢ়াই আহিছোঁ। হায়দৰাবাদ ৱিকি কনফাৰেন্স-২৩ আৰু দিল্লীত হোৱা ৱিকি ৱ’মেন কেম্প-২৪লৈ নিৰ্বাচিত হোৱাৰ পাছত এইবছৰ ছেপ্তেম্বৰ মাহত কলিকতাত ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ অনুষ্ঠিত হোৱা “চাওঁতালি ৱিকি কনফাৰেন্স’’লৈ সমল ব্যক্তিৰূপে নয়নজ্যোতি নাথৰ লগতে আমন্ত্ৰিত হৈছিলোঁ॥ তাত আমি যুটীয়াভাৱে অসমীয়া ৱিকিমিডিয়াৰ ২০০২ৰ পৰা বৰ্তমানলৈ যাত্ৰাৰ এক থূলমূল বিৱৰণ উপস্থাপন কৰিছিলোঁ।

কলিকতাতৰ হায়াত চেণ্ট্ৰিক হোটেলৰ সভাকক্ষত অনুষ্ঠিত হোৱা তিনিদিনীয়া এই সন্মিলনত যদিও সমল ব্যক্তিৰূপে গৈছিলোঁ, তাত আমি প্ৰত্যক্ষ কৰিছিলোঁ ভাৰত আৰু দাঁতিকাষৰীয়া কেইবাখনো দেশত বাস কৰা চাওঁতালি ভাষা-সম্প্ৰদায়ৰ ৱিকি-সম্পাদকসকলে নিজ ভাষাৰ প্ৰতি দেখুওৱা আন্তৰিকতা আৰু উদ্যম। লগতে বিভিন্ন ৱিকি-সম্প্ৰদায়ে বিভিন্নধৰণে নিজ নিজ ভাষা-সাহিত্য-সংস্কৃতিৰ সমল সংৰক্ষণ কৰিবলৈ ৱিকিমিডিয়াক মাধ্যম হিচাপে লোৱা বিভিন্ন প্ৰকল্প আৰু পৰিকল্পনাৰ কথা জানিবলৈ পাই, শিকিবলৈ পাই অনুপ্ৰাণিত হৈছিলোঁ।

ভাৰতৰ সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত চাওঁতালি ভাষাৰ ইতিহাস কেইবাহাজাৰ বছৰ পুৰণি যদিও ই কেইটামান দশক আগলৈকে কথিত ভাষা হিচাপেই প্ৰচলিত আছিল। ঊনৈশ শতিকাৰ আদিলৈকে ই পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছিল। অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ত্ৰিপুৰা আনকি বাংলাদেশ, ভুটান, নেপাল আদিতো এই ভাষা বিয়পি আছে। লক্ষণীয়ভাৱে ঊনৈশ শতিকালৈ এই ভাষাত কোনো লিখিত তথ্য নাছিল। ইউৰোপীয় মিছনেৰীসকলৰ প্ৰচেষ্টাত ৰোমান, বাংলা আৰু ওড়িয়া লিপিত চাওঁতালি ভাষাৰ প্ৰথম লিখিত ৰূপ প্ৰকাশ পাবলৈ ধৰে। নিজা লিপি নথকাৰ দুখ অনুভৱ কৰি কবি সাহিত্যিক ৰঘুনাথ মুৰ্মুয়ে ১৯২৫ চনত অল চিকি লিপি (Ol Chiki) নাম দি চাওঁতালি ভাষাৰ বাবে লিপি প্ৰস্তুত কৰে আৰু ১৯৩৯ চনত প্ৰকাশ কৰে। তাৰপিছত আৰু থমকি ৰোৱাৰ প্ৰয়োজন ক’ত। বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা চাওঁতালি সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হ’ল। জগতসভাত নিজৰ সবল স্থিতি প্ৰমাণ কৰিবলৈ ইণ্টাৰনেটৰ সহায় ল’লে, ৱিকিমিডিয়াৰ মাধ্যমেৰে চাওঁতালি ভাষাত সমল গোটোৱাৰ কামত নিঃস্বাৰ্থ ভাষাপ্ৰেমীসকল উবুৰি খাই পৰিল। এতিয়া এই ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় ৮ মিলিয়ন। তেওঁলোকক মুৰ্মুৱে সৃষ্টি কৰা লিপিয়ে বান্ধি পেলাইছে। ইণ্টাৰনেটত তুলনামূলকভাৱে কম পৰিসৰত থকা ভাষাপ্ৰেমীসকলে ইণ্টাৰনেটৰ যোগেৰেই সম্পৰ্ক ৰক্ষা কৰি বিভিন্ন ঠাইৰ পৰা আহি সন্মিলন পতাৰ উদ্দেশ্য আছিল- অসমীয়া, বাংলা, ওড়িয়া আদি ভাষা সম্প্ৰদায়ৰ পৰা আমন্ত্ৰিত ৱিকি-সম্পাদকসকলৰ পৰা নতুন নতুন কৌশল আয়ত্ত কৰা।

শিকাবলৈ গৈ শিকি আহিলোঁ। শক্তিশালী ভাষাৰ প্ৰভাৱত যি সময়ত পৃথিৱীৰ বুকুৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাবোৰ হেৰাই যাবলৈ ধৰিছে, সেই সময়ত নিজা লিপি সৃষ্টি কৰি হ’লেও এটা ভাষাক ঠন ধৰাই সেই ভাষা কোৱা লোকসকলক একতাৰে বান্ধি পেলোৱাৰ যি উদ্যম তাৰ ওচৰত নতশিৰ হ’লোঁ। পুনৰবাৰ অনুভৱ হ’ল, ভাষাই জাতিৰ আয়ুস ৰেখা। ভাষা থাকিলে জাতি থাকে, ভাষা থাকিলে সাহিত্য-সংস্কৃতি বৰ্তি থাকে।

এই সুবিধাতে অসমৰ বড়ো, ৰাভা, মিছিং, ডিমাছা, কোচ আদি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কোৱা লোকসকলকো মাৰ-বান্ধি ওলাই আহিবলৈ অনুৰোধ কৰিলোঁ। শক্তিশালী ভাষাৰ আগ্ৰাসনত নিজৰ মাতৃভাষা হেৰাই যাবলৈ নিদিব। ইবোৰ পৃথিৱীৰ সম্পদ, আমাৰ সম্পদ। ৱিকিমিডিয়াৰ মাধ্যমেৰেই নিজৰ নিজৰ ভাষাৰ সবল পৰিচয় গঢ়ি তোলক।

“জয়তু ভাষা জননী’’

-Pranamikaadhikary (বাৰ্তা) 06:55, 31 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

ছোৱালী বুলিলে এগৰাকী কিশোৰী বা শিশু বয়সৰ পৰাই এগৰাকী মহিলাক বুজা যায়। ছোৱালী এজনী যেতিয়া প্ৰাপ্তবয়স্ক হয় তেতিয়া তেওঁক নাৰী বুলি সঠিকভাৱে বৰ্ণনা কৰা হয়। কিন্তু ছোৱালী শব্দটো যুৱতীকে ধৰি আন অৰ্থৰ বাবেও ব্যৱহাৰ কৰা হয়। কেতিয়াবা জীয়ৰী, কন্যা বা প্ৰেমিকাৰ প্ৰতিশব্দ হিচাপেও ব্যৱহাৰ কৰা হয়।

যিকোনো সমাজৰ ছোৱালীৰ ব্যৱহাৰ আৰু মৰ্যাদা সাধাৰণতে সেই সংস্কৃতিৰ নাৰীৰ মৰ্যাদাৰ লগত ওতপ্ৰোতভাৱে জড়িত। যিবোৰ সংস্কৃতিত নাৰীৰ সামাজিক অৱস্থান নিম্ন বা নিম্ন আছিল, সেইবোৰ সংস্কৃতিত ছোৱালীক পিতৃ-মাতৃৰ অবাঞ্চিত হ’ব পাৰে, আৰু সমাজে ছোৱালীৰ ওপৰত কম বিনিয়োগ কৰিব পাৰে। ছোৱালী আৰু ল’ৰাৰ লালন-পালনৰ পাৰ্থক্য সামান্যৰ পৰা সম্পূৰ্ণ বেলেগলৈকে। বয়স অনুসৰি লিংগৰ মিশ্ৰণ ভিন্ন হ’ব পাৰে, আৰু সম্পূৰ্ণ মিশ্ৰিতৰ পৰা সম্পূৰ্ণ লিংগ পৃথক্কৰণলৈকে।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)ৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২৭৮

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. এলেক্সি একিম'ভ
  2. মুঞ্জী বাৱেণ্ডি
  3. লুই ই. ব্ৰুচ
  4. জন আডামছ্
  5. মেগনাছ কাৰ্লছেন
  6. খলিল জিব্ৰান
  7. ভিক্টৰ এম্ব্ৰ'ছ
  8. গেৰী ৰুভকুন
  9. ডেভিদ বেকাৰ
  10. জিঅ'ফ্ৰী হিণ্টন
  11. হান কাং
  12. আলেকজেণ্ডাৰ ডুমাছ
  13. উইলিয়াম কেৰি
  14. চুবেদাৰ ৰূপসিং
  15. জেফ্ৰি চ'ছাৰ
  16. ডানি ৰড্ৰিক
  17. ডেমিছ হাছাবিছ
  18. জন ডান
  19. এণ্ড্ৰিউ মাৰ্ভেল
  20. জন মিল্টন
  21. আৰ্থাৰ মিলাৰ
  22. লিয়া ডিস্কিন
  23. বেন জনচন
  24. ক্ৰিষ্টোফাৰ মাৰ্লো
  25. ডি ৰামানাইডু
  26. লংগিনায়
  27. প্লটিনাছ
  28. ফিলিপ ছিদানি
  29. জন জাম্পাৰ
  30. ৰেণে ডেকাৰ্ট
  31. জিল ষ্টেইন
  32. ক্ৰিষ্টিয়ানো ৰোনাল্ডো
  33. ৰিচাৰ্ড হাডছন (ভাষাবিদ)
  34. চিংগিজ আইৎমাতভ
  35. বেন জনছন
  36. দ্ৰাইদেন
  37. জন ডেনভাৰ
  38. জন লক
  39. এডমাণ্ড বাৰ্ক
  40. আহমেদ ৰাজা খান বৰেলৱী

অন্যান্য

  1. কলাত খানত
  2. প্ৰাচীন সংগীত
  3. হজৰত মম্মদৰ পৰিয়াল
  4. আল-হজ্জ তীৰ্থযাত্ৰা
  5. গ্ৰেণ্ডমাষ্টাৰ
  6. নিহন হিদাংকো
  7. আলবেনিয়া
  8. আজাৰবাইজান ৰেলৱে মিউজিয়াম
  9. আন্তৰ্জাতিক মাষ্টাৰ
  10. বাকু পাপেট থিয়েটাৰ
  11. ষ্টাৰলিংক
  12. চিৰন্তন শিখা জলপ্ৰপাত
  13. পাৰ্বতীপুৰ জংচন ৰেল ষ্টেচন
  14. প্ৰসাত বান থানন হক
  15. টাই-লু জনগোষ্ঠী
  16. বিশ্ব দবা চেম্পিয়নশ্বিপৰ তালিকা
  17. জাবিল পাৰ্ক
  18. দেউচি/ভৈলো

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. আৰ. ডি. বৰ্মন
  2. ৰঞ্জন সোধী
  3. ৰমেশবাবু বৈশালী
  4. ভি. কে. মূৰ্তি
  5. শৰ্ৱৰী
  6. পায়ল কাপাদিয়া
  7. নিমিশা প্ৰিয়া
  8. বলাইচাঁদ মুখোপাধ্যায়
  9. অনুৰাগ ঠাকুৰ
  10. শ্বীলা এফ্ ইৰানী
  11. শান্তি টেৰেছা লক্ৰা
  12. শঙ্কু মহাৰাজ
  13. বিমল কৰ
  14. মণিশংকৰ মুখোপাধ্যায়
  15. শিৱদাস বন্দ্যোপাধ্যায়
  16. প্ৰিয়ংকা মোহন
  17. বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ
  18. পুলক বন্দ্যোপাধ্যায়
  19. হৰিপ্ৰসাদ চৌৰসিয়া
  20. চেলিম–জাভেদ
  21. তপোধীৰ ভট্টাচাৰ্য
  22. কানি কুশ্ৰুতি
  23. হৰি কৃষ্ণ দেৱসাৰে
  24. দেৱ আনন্দ
  25. কুন্দনলাল চাইগল
  26. ইৰাৱতী কাৰ্ৱে
  27. বাবা আমটে
  28. ৰবি বিষ্ণোই
  29. অনুতাই ৱাঘ
  30. গৌৰা দেৱী
  31. পুষ্পাবেন মেহতা
  32. তালাত মেহমুদ
  33. ডেনি ডেনজংপা
  34. মেনুৱেল এৰন
  35. শ্ৰীপদ ডাভোলকাৰ
  36. ধৰ্মেন্দ্ৰ
  37. লৰেন্স বিষ্ণোই
  38. ৰাজেশ খান্না
  39. গোল্ডী ব্ৰাৰ
  40. ৰঞ্জিত সিং
  41. ধৰমপাল ছাইনি
  42. জগতৰাম ডাভে
  43. প্ৰাণ (অভিনেতা)
  44. লাল সিং
  45. বলৰাজ সাহনী
  46. স্নেহলতা নাথ
  47. জয়াশ্ৰী ৰাইজী
  48. ৰামাদেৱী চৌধুৰী
  49. নাৰায়ণ দেশাই
  50. সন্দীপ দত্ত
  51. ড॰ ৰাজকুমাৰ
  52. অনুপম খেৰ
  53. পৰেশ ৰাৱাল
  54. দাদাভাই নৌৰজী
  55. কেকি এন দাৰুৱালা
  56. মাৰিয়া খান
  57. হুমায়ুন কবীৰ
  58. বিদ্যাপতি
  59. সঞ্জীৱ খান্না
  60. চন্দ্ৰ শেখৰ আজাদ
  61. নৱাল টাটা
  62. তেনালি ৰাম
  63. তৈয়ব মেহতা
  64. কে বালচন্দৰ
  65. ৰমাই পণ্ডিত
  66. কৃত্তিবাস ওঝা
  67. চন্দ্ৰাৱতী
  68. দ্বিজ মাধৱ
  69. বিজয় গুপ্তা (কবি)
  70. সিদ্ধু মূ্ছে ৱালা
  71. সুকুমাৰ সেন (ভাষাবিদ)
  72. ইৰফান হবিব
  73. ৰেচেল গুপ্তা
  74. সুকুমাৰ সেন (অসামৰিক সেৱা বিষয়া)
  75. গায়ত্ৰী গোপীচান্দ
  76. কল্যাণ সুন্দৰম
  77. হেমন্ত কুমাৰ
  78. এছ. পি. সেন বাৰ্মা
  79. নগেন্দ্ৰ সিং
  80. টি স্বামীনাথন
  81. এছ. এল. শ্বাকধৰ
  82. আৰ. কে. ত্ৰিবেদী
  83. আৰ. ভি. এছ. পেৰি শাস্ত্ৰী
  84. টি. এন. শেষন
  85. এম. এছ. গীল
  86. দেবেন্দ্ৰনাথ ঠাকুৰ
  87. জেমছ মাইকেল লিংডো
  88. টি. এছ. কৃষ্ণমূৰ্তি
  89. বি. বি. টেণ্ডন
  90. নিতাংশী গ’য়েল
  91. এন. গোপালাস্বামী
  92. প্ৰতিভা ৰান্তা
  93. বাইচুং ভূটীয়া
  94. নবীন চাওলা
  95. এছ. ওৱাই. কুৰেশ্বি
  96. দিব্যা প্ৰভা
  97. স্পৰ্শ শ্ৰীবাস্তৱ

চলচ্চিত্ৰ বিষয়ক

  1. অল উই ইমাজিন এজ লাইট
  2. লাপতা লেডীজ
  3. শ্বাস (চলচ্চিত্ৰ)
  4. পৰাণ যায় জ্বলিয়া ৰে

অন্যান্য

  1. ভাৰতৰ ভৌগোলিক ইংগিতৰ তালিকা
  2. উত্তৰ-পূব ভাৰতৰ পৰ্যটনস্থলী
  3. ৰুদ্ৰসাগৰ হ্ৰদ
  4. মহিষাসুৰমৰ্দ্দিনী (অনাতাঁৰ কাৰ্যসূচী)
  5. কন্যা পূজা
  6. গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড
  7. মাদ্ৰাচ প্ৰেচিডেঞ্চি
  8. হুদুৰ দুৰ্গা
  9. দোহাৰ
  10. ভাৰতীয় ধ্ৰুপদী সংগীত
  11. আনন্দবন
  12. কেদাৰনাথ মন্দিৰ
  13. বোম্বে প্ৰেচিডেঞ্চি
  14. জামনালাল বাজাজ বঁটা
  15. প্ৰেম মন্দিৰ, বৃন্দাবন
  16. সৰ্বোত্তম যুদ্ধ সেৱা পদক
  17. বদ্ৰীনাথ মন্দিৰ
  18. প্ৰেচিডেন্সি কলেজ
  19. হৰলটাৰী
  20. গেংটক
  21. কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ
  22. ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
  23. গোল্ডেন পেগোডা,নামচাই
  24. টাৱাং মঠ
  25. চিল্কা হ্ৰদ
  26. ভাৰতৰ উচ্চ ন্যায়ালয়সমূহ
  27. ভাদোহী
  28. ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
  29. লিংগৰাজ মন্দিৰ

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. তৰা (অসমীয়া অভিনেত্ৰী)
  2. দেৱজিৎ সাহা
  3. অভিজিৎ ভট্টাচাৰ্য
  4. ৰেকিবুদ্দিন আহমেদ
  5. কালিকাপ্ৰসাদ ভট্টাচাৰ্য
  6. আলী মেচ
  7. জ্যোতিষ ভট্টাচাৰ্য্য
  8. মনোৰমা দাসমেধি
  9. প্ৰিয়ংকা বৰা
  10. অম্বিকানাথ বৰা
  11. কাশীনাথ বৰ্মন
  12. কোহিৰাম দাস
  13. চন্দ্ৰবালা বৰুৱা
  14. প্ৰতাপচন্দ্ৰ চৌধুৰী
  15. হিমলা বৰুৱানী
  16. দেৱজিৎ শইকীয়া
  17. সত‍্যেন্দ্ৰ নাৰায়ণ চৌধুৰী
  18. পি এ চাংমা

গ্ৰন্থ বিষয়ক

  1. প্ৰেম নিৱেদন
  2. আদি দশম
  3. জছনাৰ ঝিটাছ
  4. কবিতাৰ দেহবিচাৰ
  5. নন্দনত্তত্ত্বঃ প্ৰাচ্য আৰু পাশ্চাত্য
  6. অগ্ৰগামিনী

চলচ্চিত্ৰ বিষয়ক

  1. সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)

অন্যান্য

  1. কুলশী নদী
  2. ড'ৰা বিল
  3. এছ বি দেওৰা মহাবিদ্যালয়
  4. আকাশবাণী তেজপুৰ
  5. শিলসাঁকো বিল
  6. ধৰ্ম হুঁচৰি
  7. উৰপদ বিল
  8. টাইম ৮
  9. পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব
  10. শোণিতপুৰ জিলা ন্যায়পালিকা
  11. চেউনি আলি
  12. ইঞ্জিল বাবা

সানমিহলি

  1. ছোৱালী
  2. ধ্ৰুপদী ভাষা
  3. স্থলপদ্ম
  4. তথ্যচিত্ৰ
  5. স্তন কেন্সাৰ সজাগতা মাহ
  6. প্ৰসৱোত্তৰ বিষণ্ণতা
  7. টাইৰানোছৰাছ
  8. ভাষিক সুৰ
  9. টোপনি
  10. শিল্প সংগীত
  11. বাদ্য
  12. তাল
  13. তাল (সংগীত)
  14. দবাৰ খিতাপসমূহ
  15. অপ্টিমাছ (ৰবট)
  16. ফাতেহা-ইয়াজ-দাহম
  17. বৃদ্ধ বয়স
  18. টাই-নুৱা জনগোষ্ঠী
  19. দৃশ্য কলাৰ শিক্ষা
  20. মহিষাসুৰ
  21. কেন্টাৰবেৰি টেলছ
  22. জ্যোতিৰ্লিংগ
  23. ৰক্তবীজ
  24. নিলাজী লতা
  25. পাত চৰাই
  26. মহিষাসুৰমৰ্দিনী স্তোত্ৰ
  27. শুম্ভ আৰু নিশুম্ভ
  28. জাহান্নাম
  29. মৌলিন (ভূ-ৰূপবিজ্ঞান)
  30. স্কেল (ভূগোল)
  31. মিঠা আলুৰ ভাজি
  32. সাগৰফেণা
  33. খাজা মইনুদ্দিন চিষ্টি
  34. মঙ্গলবাৰ
  35. সোমবাৰ
  36. দেওবাৰ
  37. বুধবাৰ
  38. বৃহস্পতিবাৰ
  39. শুক্ৰবাৰ
  40. শনিবাৰ
  41. গায়ত্ৰী মন্ত্ৰ
  42. কেলা
  43. খোজকাঢ়ি যোৱা মাছ
  44. দেৱাল লিখন
  45. অভিধানবিজ্ঞান বা লেক্সিক’ল’জী
  46. ইনকিলাব জিন্দাবাদ
  47. বগা চকুৱা টিপচী
  48. আজান (চৰাই)
  49. আলফাফল্ড
  50. আইচ ক্ৰীম
  51. ঘোষ (উপাধি‍)
  52. চিৰ'ছিছ্
  53. জতুৱা ঠাঁচ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
আই নৈত সূৰ্যাস্ত
চিত্ৰ শিল্পী
পৱন বৰ্মন
হোলোঙাপাৰ গিবন অভয়াৰণ্যত উপলভ্য এটি পেৰিচ পিকক্ পখিলা
চিত্ৰ শিল্পী
কুমুদ ঘোষ
গধূলিৰ সময়ত ৰঙানদী – য’ত পানীয়ে আকাশখন প্ৰতিফলিত কৰিছে
চিত্ৰ শিল্পী
জ্যোতি চিৰিং
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
পাপৰি বৰা
ৱিকিউৎস সাংস্কৃতিক পদক
হিমাশ্ৰী বৰা
জীৱনীকাৰ পদক
নৰুনা বৰুৱা
ফটোগ্ৰাফাৰৰ পদক
কুমুদ ঘোষ
১০,০০০+ সম্পাদনা পদক
প্ৰণামিকা অধিকাৰী,
নয়নজ্যোতি নাথ
আঠ শতাধিক প্ৰবন্ধ পদক
দিব্য দত্ত





বিশেষ অভিলেখ
অক্টোবৰ-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • যোৱা ১৯ আৰু ২০ অক্টোবৰ তাৰিখে ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা ট্ৰেইন দ্য ট্ৰেইনাৰ-২০২৪ ত সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান গীতাৰ্থ বৰদলৈ আৰু প্ৰাণজ্যোতি নাথে অংশগ্ৰহণ কৰে।
  • যোৱা ৪ আৰু ৫ অক্টোবৰত হাইদৰাবাদত অনুষ্ঠিত হোৱা ৱিকিমিডিয়া প্ৰযুক্তি শীৰ্ষ সন্মিলন (Wikimedia Technology Summit) ত অসমীয়া ৱিকিক প্ৰতিনিধিত্ব কৰি ভাস্কৰ ভূঞা, অজয় দাস আৰু ঈশান জ্যোতি বৰাই অংশগ্ৰহণ কৰে।
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে ৱিকিপিডিয়াত ৬০০ ৰ অধিক প্ৰবন্ধ আৰু ৱিকিপিডিয়াত ১০,০০০ ৰ অধিক সম্পাদনাৰে অভিলেখ গঢ়ে।
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান দিব্য দত্তই ৱিকিপিডিয়াত ৮০০ প্ৰবন্ধৰে অভিলেখ গঢ়ে।
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান নয়নজ্যোতি নাথে ৱিকিপিডিয়াত ১০,০০০ৰ অধিক সম্পাদনাৰে অভিলেখ গঢ়ে।
  • ৱিকিসংযোগ প্ৰকল্পৰ অধীনত মেণ্টি পাপৰি বৰা আৰু কুমুদ ঘোষে ৱিকিৰ বিভিন্ন প্ৰকল্পত ১০০০ ৰ অধিক সম্পাদনাৰে বিশেষ অৱদান আগবঢ়ালে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৬১৭ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১১৫৮ টালৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত অক্টোবৰ মাহত সম্পূৰ্ণহোৱা গ্ৰন্থ:
  1. ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক  ভটিমা (লেখক: শংকৰদেৱ)
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

পানী তোলা পৰ্ব
পানী তোলা পৰ্ব


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ৭৭ ২৫৩ ২২
অঞ্জুমণি শইকীয়া ৩৫৮ ১৫
ঈশান জ্যোতি বৰা ৩০৮ ৩১ ২২
কন্দৰ্পজিৎ কল্লোল ২৪৮ ২০
কুমুদ ঘোষ ১০৭৬ ৪৩ ৭৬ ১৩
গীতাৰ্থ বৰদলৈ ৮২ ২৯ ৮১
চাণক্য দাস ৬৫ ১৩ ৪৯ ২৭
ছাদ্দাম হুছাইন ৰহমানী ৯৬ ১৬ ০ ‌
জ্যোতি চিৰিং ৩৪ ৬৬ ২৪
১০ দিব্য দত্ত ৪৮৪ ২৮ ১৪ ২৩
১১ দিপাংকৰ দাস ১৩৪ ২০৮
১২ দিম্পল দাস ৪৭১
১৩ নৰুনা বৰুৱা ৬৮৫ ১৭ ২৫ ২২
১৪ নয়ন জ্যোতি নাথ ২০৯ ২৭ ২০ ১৬
১৫ পাপৰি বৰা ১৩ ২২৪ ১৩১৬
১৬ প্ৰণামিকা অধিকাৰী ৭৫৫ ৫৮ ৫৩ ২৮ ৭৫
১৭ প্ৰাণজ্যোতি নাথ ১০৯ ৫৯ ২৫
১৮ বাবুল বৈশ্য ২৮৫ ৩৯
১৯ বিভূতি গগৈ ২১০
২০ ভাস্কৰ ভূঞা ১৮৫ ৩৬৮ ১৩ ৩৬
২১ যদুমণি গগৈ ১০০ ৩৬
২২ ৰুমী বৰা ৭০ ১৯
২৩ সুস্মিতা লেখাৰু ৫১৩ ৩৭ ১১
২৪ হিমাশ্ৰী বৰা ৬৬৮


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।