ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

TTT2020ৰ অংশগ্ৰহণকাৰীসকল
উত্তন গাঁৱৰ এটা ব্যস্ত মুহূৰ্ত

টিটিটি (Train the Trainer Program) হ’ল ইংৰাজীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকি প্ৰজেক্টসমূহত কাম কৰি থকা অভি়জ্ঞ সম্পাদকসকলক উচ্চস্তৰৰ প্ৰশিক্ষণ দিয়া এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল, টিটিটিত শিকি-বুজি অহা কথাখিনি তেওঁলোকৰ নিজৰ কমিউনিটিৰ অন্যান্য সম্পাদকসকলক আৰু আগ্ৰহী ব্যক্তিসকলক শিকাই-বুজাই বা প্ৰচাৰ-প্ৰশিক্ষণ আদিৰ যোগে নিজা-নিজা ৱিকি প্ৰকল্পসমূহৰ বিকাশ সাধন কৰা; সহজ ভাষাত ৱিকি প্ৰকল্পসমূহ নেতৃত্ব দিব পৰা কিছুমান ব্যক্তিৰ সৃষ্টি কৰা। Centre for Internet and Society - Access to Knowledge বা চমুকৈ CIS-A2K য়ে আয়োজন কৰা কৰা এই প্ৰশিক্ষণ কাৰ্যসুচী ২০১৩ চনৰ পৰা, মাজতে ২০১৪ চনটোক বাদ দি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। এইবেলি ২৮ ফেব্ৰুৱাৰী ২০২০ৰ পৰা ১ মাৰ্চৰ পৰা অনুষ্ঠিত TTT2020ত (সপ্তম টিটিটি) মোকে ধৰি অজয় দাস আৰু নয়ন জ্যোতি নাথ- অসমীয়া ৱিকি প্ৰকল্পৰ মুঠ তিনিজনে অংশগ্ৰহণ কৰাৰ সুযোগ পালো। অসমীয়া ৱিকি প্ৰকল্পৰ ফালৰ পৰা আমাৰ এই তিনিজনীয়া দলটোৱে প্ৰথম TTTত অংশগ্ৰহণ কৰিছো। ইয়াৰ আগতে TTT2016লৈ অম্নান বসুমতাৰী নিৰ্বাচিত হৈছিল যদিও তেওঁ অংশগ্ৰহণ নকৰিলে।

এইবেলি অসমীয়া, ইংৰাজী, হিন্দী, মাৰাঠী, পাঞ্জাৱী, গুজৰাটী, চাওতালী, সংস্কৃত, তামিল, তেলেগু, কানাড়ী আৰু টুলু ভাষাৰ ৱিকি প্ৰকল্পৰ লগতে ৱিকিভয়েজ আৰু ৱিকিডাটাৰ পৰা মুঠ ২৩জন সদস্যই অংশগ্ৰহণ কৰিছিল। TTTলৈ অহাৰ আগতে ৱিকিডাটা কি, তাৰ বিষয়ে মোৰ সামান্যতমো ধাৰণা নাছিল। এটা অতি ভাল লগা কথা হ’ল যে অম্নান বসুমতাৰীয়ে অসমীয়া ৱিকিৰ পৃষ্ঠাসমূহ ৱিকিডাটাৰ সৈতে সংযোগ কৰি উক্ত প্ৰকল্পটোলৈ বিশিষ্ট বৰঙনি আগবঢ়াই আছে।

তিনিদিনীয়া এই কাৰ্যসূচীত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা গোট খোৱা ৱিকিমিডিয়ানকলৰ মাজত ভাবৰ আদান-প্ৰদানত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল; যাতে বিভিন্ন কমিউনিটিয়ে নিজানিজা ৱিকি প্ৰকল্পসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে লোৱা কাৰ্যসূচী, পৰিকল্পনা, আঁচনি আদিৰ বিষয়ে আনসকলেও জানিব পাৰে৷ কৰ্মশালা, আলোচনা চক্ৰ, সৰু-সৰু পৰিসৰৰ ৱিকিমেল, ৱিকি ক্লাৱ; অনলাইন-অফলাইন প্ৰবন্ধ লিখা প্ৰতিযোগিতা, বাতৰি-কাকত, হোৱাটচএপ, টুইটাৰ, ফেচবুক আদি সামাজিক মাধ্যম; চৰকাৰ, ৰাজ্যিক পুথিভঁৰাল, সংগ্ৰহালয়, উচ্চ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতামূলক (collaboration) আঁচনি আদিৰ যোগেদি ৱিকি প্ৰকল্পসমূহৰ কেনেকৈ প্ৰচাৰ-প্ৰসাৰ কৰিব পাৰি আৰু ভাৰতীয় ভাষাৰ বিভিন্ন কমিউনিটিসমূহে এই সংক্ৰান্তত কি কি কৰি আছে, সেই সম্পৰ্কে বিস্তৰ আলোচনা হৈছিল। অৱশ্যে এই বিষয়সমূহ অসমীয়া ৱিকিমিডিয়ানসকলৰ বাবে নতুন নহয়। ২০১২ চনত প্ৰথম বাৰৰ বাবে ৱিকিমিট পতা হৈছিল।তাৰপিছত শিলচৰ, তেজপুৰতো ৱিকিমিট অনুষ্ঠিত হৈছে। শিলচৰৰ NITত প্ৰভাকৰ শৰ্মা নেওগৰ উদ্যোগত ৱিকিক্লাৱ গঠন কৰা হৈছিল। ২০১২ চনত এখন আলোকচিত্ৰ আৰু প্ৰৱন্ধ লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। এনে ধৰণৰ কাৰ্যসূচীয়ে যে কমিউনিটিৰ উৎসাহ বঢ়ায়, সি অনস্বীকাৰ্য।২০১৯ত গুৱাহাটীত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিউৎসৰ কৰ্মশালাখনৰ পিছত ৱিকিউৎসৰ গতিবেগ যে বৃদ্ধি হৈছিল, সেইটো সকলোৱে মন কৰিছে।

TTT2020ত লৈংগিক অসমতা বিষয়ক এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছিল। সমাজৰ অন্যান্য ক্ষেত্ৰৰ দৰে ৱিকিতো লৈংগিক অসমতা দেখা যায়। অন্যান্য প্ৰকল্পতো বাদেই, ইংৰাজী ৱিকিৰ ক্ষেত্ৰতো এই অসমতাৰ হাৰ ৮:২। যাৰ ফলত ৱিকিত নাৰী বিষয়ক কণ্টেণ্ট তেনেই কম। তাৰ বিপৰীতে কিন্তু কানাড়া ৱিকিমিডিয়াৰ লৈংগিক অসমতাৰ হাৰ ৭:১। তেওঁলোকে নিজাববীয়াকৈ ৱুমেন এডিটাথন এটা আয়োজন কৰিছে। মাৰাঠা ৱিকিমিডিয়ায়ো কেবল গ্ৰামাঞ্চলৰ মহিলাসকলৰ দ্বাৰা তেওঁলোকৰ পৰম্পৰাগত অলংকাৰসমূহৰ ডকুমেণ্টেচন কৰাইছে, সেইবোৰৰ বিৱৰণ লিখিছে আৰু ৱিকি কমঞ্চ আৰু মাৰাঠা ৱিকিপিডিয়া দুয়ো ঠাইতে আপলোড কৰিছে। ২০২০ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ চলা ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ এডিটাথন নাৰী বিষয়ক প্ৰবন্ধ বঢ়োৱাৰ এক প্ৰয়াস। আমাৰ কমিউনিটিয়েও লৈংগিক অসমতা দূৰ কৰাৰ বাবে নিজাববীয়াকৈ চিন্তা-চৰ্চা কৰা উচিত।

TTT2020ৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী আছিল ক্ষেত্ৰ পৰিদৰ্শন আৰু ফটো ৱাক (Photo Walk)। তাৰবাবে আমি থকা ঠাইৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰৰ উত্তন বিচ্চৰ এখন পৰম্পৰাগত সামুদ্ৰিক মাছুৱৈৰ গাঁৱলৈ লৈ গৈছিল। এই অঞ্চলটো এটা অফবিট টুৰিষ্ট স্পট। গতিকে বাহিৰা মানুহৰ ভীৰ-ভাৰাক্কা নাই। স্থানীয় বাসিন্দাসকলো বাহিৰা মানুহৰ প্ৰতি যথেষ্ঠ সহযোগী মনোভাবাপন্ন। আমাৰ প্ৰশিক্ষাৰ্থী দলটোৰ গাইড আছিল সেই অঞ্চলৰ এজন প্ৰাক্তন কাউঞ্চিলাৰ। এই মধ্যবয়সীয়া ভদ্ৰলোকগৰাকীয়ে আমাক বিভিন্ন মাছ মৰা সঁজুলি আৰু এই বৃত্তিটোৰ লগত জড়িত কাৰিকৰী কথা তথা সমস্যাসমূহৰ বিষয়ে বিতং বাখ্যা কৰিছিল। শুৱালকুছিৰ পাট-মুগাশিল্প, সৰ্থেবাৰীৰ কাহশিল্প আদিৰ লগতে ভাৰতৰ অন্যান্য পৰম্পৰাগত শিল্প, ব্যৱসায় আৰু জীৱিকা সংকটৰ গৰাহত পৰাৰ দৰে উত্তন গাঁৱৰ এই পৰম্পৰাগত জীৱিকাটোও সংকটৰ গৰাহত পৰিছে। প্ৰত্যাহ্বান আহিছে বৃহৎ মাছমৰীয়া কোম্পানীবোৰৰ পৰা। ডাঙৰ ডাঙৰ কোম্পানীবোৰে অত্যাধুনিক জাহাজ, অত্যাধুনিক মাছ ধৰা সঁজুলি, জিপিআৰএচ, নিজা ডক, নিজা বিপনন ব্যৱস্থাৰে পৰম্পৰাগত মাছুৱৈসকলৰ প্ৰতি প্ৰত্যাহ্বান মাতি আনিছে। এনে প্ৰত্যাহ্বানৰ মাজতো সা-সঁজুলি আদিৰ আধুনিকীকৰণ কৰি পৰম্পৰাগত মাছুৱৈসকলে সময়ৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিছে। চৰকাৰেও তেওঁলোকক কিছুকিছু সমৰ্থন দিছে। জিপিআৰএচৰ ব্যৱস্থা কৰি দিছে, নাওবোৰত পেনিক বাট’ন (Panic button- বিপদত পৰিলে সংকেট দিব পৰা যন্ত্ৰ) সংযোগ কৰি দিছে।

অসমীয়া ৱিকিমিডিয়ান এটা তেনেই সৰু কমিউনিটি। সদস্যৰ সংখ্যা কম কাৰণে অসমীয়া ভাষাত মাত্ৰ দুটা ৱিকি প্ৰকল্পৰ কামহে চলি আছে। অসমৰ বহু মানুহে অসমীয়া ৱিকি প্ৰকল্পৰ বিষয়ে বেছি নাজানেই। জনাসকলৰো বহুতেই আকৌ ৱিকিত সম্পাদনা কৰাটো বা অৱদান আগবঢ়োৱা জটিল বিষয় বুলি ওচৰেই নাচাপে। কিন্তু আমাক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন দিশত পাৰদৰ্শী মানুহৰ প্ৰয়োজন; সকলো ব্যক্তি সকলো দিশত সমানে পাৰদৰ্শী হ’ব লাগিব বুলি কথা নাই। প্ৰতিজন মানুহে কিবা নহয়, কিবা এটা দিশত অৱদান আগবঢ়াব পাৰে। আমাক প্ৰবন্ধ লিখিব পৰা, অনুবাদ কৰিব পৰা, ভাষাগত ভুলবোৰ শুধৰাব পৰা, অসমীয়া ভাষাত টাইপ কৰিব পৰা, বিশ্বকোষৰ উপযোগী ফটো তুলিব পৰা, বিভিন্ন পুথিভঁৰাল-সংগ্ৰহালয় আদিত সঞ্চিত হৈ থকা অসমৰ আপুৰগীয়া সমলৰসমূহৰ ডকুমেণ্টেচন কৰিব পৰা, কাৰিকৰী বা কপিৰাইটৰ কাম-কাজ চোৱা-চিতা কৰিব পৰা আদি বিভিন্ন ব্যক্তিৰ প্ৰয়োজন। সেয়েহে সংকোচ আঁতৰাই থৈ সকলো আগবাঢ়ি আহক।

বাবুল বৈশ্য (talk) 05:41, 3 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]