ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | মাৰ্চ | ২০২০ | তৃতীয় সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
TTT2020ৰ অংশগ্ৰহণকাৰীসকল
উত্তন গাঁৱৰ এটা ব্যস্ত মুহূৰ্ত

টিটিটি (Train the Trainer Program) হ’ল ইংৰাজীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকি প্ৰজেক্টসমূহত কাম কৰি থকা অভি়জ্ঞ সম্পাদকসকলক উচ্চস্তৰৰ প্ৰশিক্ষণ দিয়া এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল, টিটিটিত শিকি-বুজি অহা কথাখিনি তেওঁলোকৰ নিজৰ কমিউনিটিৰ অন্যান্য সম্পাদকসকলক আৰু আগ্ৰহী ব্যক্তিসকলক শিকাই-বুজাই বা প্ৰচাৰ-প্ৰশিক্ষণ আদিৰ যোগে নিজা-নিজা ৱিকি প্ৰকল্পসমূহৰ বিকাশ সাধন কৰা; সহজ ভাষাত ৱিকি প্ৰকল্পসমূহ নেতৃত্ব দিব পৰা কিছুমান ব্যক্তিৰ সৃষ্টি কৰা। Centre for Internet and Society - Access to Knowledge বা চমুকৈ CIS-A2K য়ে আয়োজন কৰা কৰা এই প্ৰশিক্ষণ কাৰ্যসুচী ২০১৩ চনৰ পৰা, মাজতে ২০১৪ চনটোক বাদ দি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। এইবেলি ২৮ ফেব্ৰুৱাৰী ২০২০ৰ পৰা ১ মাৰ্চৰ পৰা অনুষ্ঠিত TTT2020ত (সপ্তম টিটিটি) মোকে ধৰি অজয় দাস আৰু নয়ন জ্যোতি নাথ- অসমীয়া ৱিকি প্ৰকল্পৰ মুঠ তিনিজনে অংশগ্ৰহণ কৰাৰ সুযোগ পালো। অসমীয়া ৱিকি প্ৰকল্পৰ ফালৰ পৰা আমাৰ এই তিনিজনীয়া দলটোৱে প্ৰথম TTTত অংশগ্ৰহণ কৰিছো। ইয়াৰ আগতে TTT2016লৈ অম্নান বসুমতাৰী নিৰ্বাচিত হৈছিল যদিও তেওঁ অংশগ্ৰহণ নকৰিলে।

এইবেলি অসমীয়া, ইংৰাজী, হিন্দী, মাৰাঠী, পাঞ্জাৱী, গুজৰাটী, চাওতালী, সংস্কৃত, তামিল, তেলেগু, কানাড়ী আৰু টুলু ভাষাৰ ৱিকি প্ৰকল্পৰ লগতে ৱিকিভয়েজ আৰু ৱিকিডাটাৰ পৰা মুঠ ২৩জন সদস্যই অংশগ্ৰহণ কৰিছিল। TTTলৈ অহাৰ আগতে ৱিকিডাটা কি, তাৰ বিষয়ে মোৰ সামান্যতমো ধাৰণা নাছিল। এটা অতি ভাল লগা কথা হ’ল যে অম্নান বসুমতাৰীয়ে অসমীয়া ৱিকিৰ পৃষ্ঠাসমূহ ৱিকিডাটাৰ সৈতে সংযোগ কৰি উক্ত প্ৰকল্পটোলৈ বিশিষ্ট বৰঙনি আগবঢ়াই আছে।

তিনিদিনীয়া এই কাৰ্যসূচীত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা গোট খোৱা ৱিকিমিডিয়ানকলৰ মাজত ভাবৰ আদান-প্ৰদানত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল; যাতে বিভিন্ন কমিউনিটিয়ে নিজানিজা ৱিকি প্ৰকল্পসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে লোৱা কাৰ্যসূচী, পৰিকল্পনা, আঁচনি আদিৰ বিষয়ে আনসকলেও জানিব পাৰে৷ কৰ্মশালা, আলোচনা চক্ৰ, সৰু-সৰু পৰিসৰৰ ৱিকিমেল, ৱিকি ক্লাৱ; অনলাইন-অফলাইন প্ৰবন্ধ লিখা প্ৰতিযোগিতা, বাতৰি-কাকত, হোৱাটচএপ, টুইটাৰ, ফেচবুক আদি সামাজিক মাধ্যম; চৰকাৰ, ৰাজ্যিক পুথিভঁৰাল, সংগ্ৰহালয়, উচ্চ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতামূলক (collaboration) আঁচনি আদিৰ যোগেদি ৱিকি প্ৰকল্পসমূহৰ কেনেকৈ প্ৰচাৰ-প্ৰসাৰ কৰিব পাৰি আৰু ভাৰতীয় ভাষাৰ বিভিন্ন কমিউনিটিসমূহে এই সংক্ৰান্তত কি কি কৰি আছে, সেই সম্পৰ্কে বিস্তৰ আলোচনা হৈছিল। অৱশ্যে এই বিষয়সমূহ অসমীয়া ৱিকিমিডিয়ানসকলৰ বাবে নতুন নহয়। ২০১২ চনত প্ৰথম বাৰৰ বাবে ৱিকিমিট পতা হৈছিল।তাৰপিছত শিলচৰ, তেজপুৰতো ৱিকিমিট অনুষ্ঠিত হৈছে। শিলচৰৰ NITত প্ৰভাকৰ শৰ্মা নেওগৰ উদ্যোগত ৱিকিক্লাৱ গঠন কৰা হৈছিল। ২০১২ চনত এখন আলোকচিত্ৰ আৰু প্ৰৱন্ধ লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। এনে ধৰণৰ কাৰ্যসূচীয়ে যে কমিউনিটিৰ উৎসাহ বঢ়ায়, সি অনস্বীকাৰ্য।২০১৯ত গুৱাহাটীত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিউৎসৰ কৰ্মশালাখনৰ পিছত ৱিকিউৎসৰ গতিবেগ যে বৃদ্ধি হৈছিল, সেইটো সকলোৱে মন কৰিছে।

TTT2020ত লৈংগিক অসমতা বিষয়ক এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছিল। সমাজৰ অন্যান্য ক্ষেত্ৰৰ দৰে ৱিকিতো লৈংগিক অসমতা দেখা যায়। অন্যান্য প্ৰকল্পতো বাদেই, ইংৰাজী ৱিকিৰ ক্ষেত্ৰতো এই অসমতাৰ হাৰ ৮:২। যাৰ ফলত ৱিকিত নাৰী বিষয়ক কণ্টেণ্ট তেনেই কম। তাৰ বিপৰীতে কিন্তু কানাড়া ৱিকিমিডিয়াৰ লৈংগিক অসমতাৰ হাৰ ৭:১। তেওঁলোকে নিজাববীয়াকৈ ৱুমেন এডিটাথন এটা আয়োজন কৰিছে। মাৰাঠা ৱিকিমিডিয়ায়ো কেবল গ্ৰামাঞ্চলৰ মহিলাসকলৰ দ্বাৰা তেওঁলোকৰ পৰম্পৰাগত অলংকাৰসমূহৰ ডকুমেণ্টেচন কৰাইছে, সেইবোৰৰ বিৱৰণ লিখিছে আৰু ৱিকি কমঞ্চ আৰু মাৰাঠা ৱিকিপিডিয়া দুয়ো ঠাইতে আপলোড কৰিছে। ২০২০ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ চলা ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ এডিটাথন নাৰী বিষয়ক প্ৰবন্ধ বঢ়োৱাৰ এক প্ৰয়াস। আমাৰ কমিউনিটিয়েও লৈংগিক অসমতা দূৰ কৰাৰ বাবে নিজাববীয়াকৈ চিন্তা-চৰ্চা কৰা উচিত।

TTT2020ৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী আছিল ক্ষেত্ৰ পৰিদৰ্শন আৰু ফটো ৱাক (Photo Walk)। তাৰবাবে আমি থকা ঠাইৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰৰ উত্তন বিচ্চৰ এখন পৰম্পৰাগত সামুদ্ৰিক মাছুৱৈৰ গাঁৱলৈ লৈ গৈছিল। এই অঞ্চলটো এটা অফবিট টুৰিষ্ট স্পট। গতিকে বাহিৰা মানুহৰ ভীৰ-ভাৰাক্কা নাই। স্থানীয় বাসিন্দাসকলো বাহিৰা মানুহৰ প্ৰতি যথেষ্ঠ সহযোগী মনোভাবাপন্ন। আমাৰ প্ৰশিক্ষাৰ্থী দলটোৰ গাইড আছিল সেই অঞ্চলৰ এজন প্ৰাক্তন কাউঞ্চিলাৰ। এই মধ্যবয়সীয়া ভদ্ৰলোকগৰাকীয়ে আমাক বিভিন্ন মাছ মৰা সঁজুলি আৰু এই বৃত্তিটোৰ লগত জড়িত কাৰিকৰী কথা তথা সমস্যাসমূহৰ বিষয়ে বিতং বাখ্যা কৰিছিল। শুৱালকুছিৰ পাট-মুগাশিল্প, সৰ্থেবাৰীৰ কাহশিল্প আদিৰ লগতে ভাৰতৰ অন্যান্য পৰম্পৰাগত শিল্প, ব্যৱসায় আৰু জীৱিকা সংকটৰ গৰাহত পৰাৰ দৰে উত্তন গাঁৱৰ এই পৰম্পৰাগত জীৱিকাটোও সংকটৰ গৰাহত পৰিছে। প্ৰত্যাহ্বান আহিছে বৃহৎ মাছমৰীয়া কোম্পানীবোৰৰ পৰা। ডাঙৰ ডাঙৰ কোম্পানীবোৰে অত্যাধুনিক জাহাজ, অত্যাধুনিক মাছ ধৰা সঁজুলি, জিপিআৰএচ, নিজা ডক, নিজা বিপনন ব্যৱস্থাৰে পৰম্পৰাগত মাছুৱৈসকলৰ প্ৰতি প্ৰত্যাহ্বান মাতি আনিছে। এনে প্ৰত্যাহ্বানৰ মাজতো সা-সঁজুলি আদিৰ আধুনিকীকৰণ কৰি পৰম্পৰাগত মাছুৱৈসকলে সময়ৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিছে। চৰকাৰেও তেওঁলোকক কিছুকিছু সমৰ্থন দিছে। জিপিআৰএচৰ ব্যৱস্থা কৰি দিছে, নাওবোৰত পেনিক বাট’ন (Panic button- বিপদত পৰিলে সংকেট দিব পৰা যন্ত্ৰ) সংযোগ কৰি দিছে।

অসমীয়া ৱিকিমিডিয়ান এটা তেনেই সৰু কমিউনিটি। সদস্যৰ সংখ্যা কম কাৰণে অসমীয়া ভাষাত মাত্ৰ দুটা ৱিকি প্ৰকল্পৰ কামহে চলি আছে। অসমৰ বহু মানুহে অসমীয়া ৱিকি প্ৰকল্পৰ বিষয়ে বেছি নাজানেই। জনাসকলৰো বহুতেই আকৌ ৱিকিত সম্পাদনা কৰাটো বা অৱদান আগবঢ়োৱা জটিল বিষয় বুলি ওচৰেই নাচাপে। কিন্তু আমাক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন দিশত পাৰদৰ্শী মানুহৰ প্ৰয়োজন; সকলো ব্যক্তি সকলো দিশত সমানে পাৰদৰ্শী হ’ব লাগিব বুলি কথা নাই। প্ৰতিজন মানুহে কিবা নহয়, কিবা এটা দিশত অৱদান আগবঢ়াব পাৰে। আমাক প্ৰবন্ধ লিখিব পৰা, অনুবাদ কৰিব পৰা, ভাষাগত ভুলবোৰ শুধৰাব পৰা, অসমীয়া ভাষাত টাইপ কৰিব পৰা, বিশ্বকোষৰ উপযোগী ফটো তুলিব পৰা, বিভিন্ন পুথিভঁৰাল-সংগ্ৰহালয় আদিত সঞ্চিত হৈ থকা অসমৰ আপুৰগীয়া সমলৰসমূহৰ ডকুমেণ্টেচন কৰিব পৰা, কাৰিকৰী বা কপিৰাইটৰ কাম-কাজ চোৱা-চিতা কৰিব পৰা আদি বিভিন্ন ব্যক্তিৰ প্ৰয়োজন। সেয়েহে সংকোচ আঁতৰাই থৈ সকলো আগবাঢ়ি আহক।

বাবুল বৈশ্য (talk) 05:41, 3 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ৰাধিকা আপ্টে

ৰাধিকা আপ্টে (জন্ম ৭ ছেপ্টেম্বৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী ৷ তামিলনাডুৰ ভেলোৰত জন্মলাভ কৰা ৰাধিকা ডাঙৰ-দীঘল হৈছিল পুণেত ৷ চিনেমাজগতত পদাৰ্পণ কৰাৰ পূৰ্বে তেখেতে নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল ৷ বলিউডৰ ফেণ্টাচি ছবি "ৱাহ! লাইফ হ' ট' এইছি"ৰ(২০০৫) জৰিয়তে তেখেতে হিন্দীৰ ছবিজগতত খোজ পেলায় ৷ তাৰ পিছৰে পৰা তেখেতে মাৰাঠী, তেলেগু, মালায়ালম, বাংলা আৰু ইংৰাজী ভাষাৰ বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে ৷ ২০০৯ চনত এখন সামাজিক কাহিনীৰ বাংলা ছবি "অন্তহীন"ৰ জৰিয়তে ৰাধিকা আপ্টেই পোনপ্ৰথমবাৰৰ বাবে ছবিৰ নায়িকা হিচাপে ভুমুকি মাৰিছিল ৷ ২০১৫ চনত নিৰ্মিত হিন্দী ছবি বদলাপুৰ, হাণ্টাৰ আৰু মাঝী-দ্য মাউণ্টেন মেনত কৰা অভিনয়ৰ বাবে তেখেতে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ ২০১৬ৰ ছবি ফ'বিয়া আৰু পাৰ্ছডত কৰা অভিনয়ৰ বাবেও তেখেতে স্বীকৃতি লাভ কৰে ৷

২০১৮ চনত ৰাধিকা আপ্টেই বহুল জনপ্ৰিয় ভিডিঅ' আৰু ছবি ষ্ট্ৰিমিং ৱেবছাইট "নেটফ্লিক্স"ত তিনিটা বিশেষ প্ৰযোজনাত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ৷ সেইকেইটা হ'ল: চাৰিজন পৰিচালকৰ চাৰিটা কাহিনীৰে সমৃদ্ধ "লাষ্ট ষ্টৰিছ", থ্ৰিলাৰধৰ্মী ছিৰিজ "ছেক্ৰেড গেইমছ্", আৰু ভৌতিকধৰ্মী মিনি-চিৰিজ "ঘাউল"৷ লাষ্ট ষ্টৰিজত কৰা অভিনয়ৰ বাবে তেখেতে "আন্তঃৰাষ্ট্ৰীয় এমি বঁটা"ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰে ৷

২০১৮ চনত নিৰ্মাণ হোৱা শ্ৰীৰাম ৰাঘাৱনৰ ব্লেক থ্ৰিলাৰ কমেডি "অন্ধাধুন"ত ৰাধিকা আপ্তেই "ছফি"ৰ চৰিত্ৰত এক স্মৰণীয় অভিনয় কৰে ৷ এইখন ছবিক বহুতো সমালোচকে বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যায়িত কৰে ৷

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. কুইয়াৰ
  2. হৰ্শদ্বীপ কৌৰ
  3. ভাৰত মাতা
  4. সাৱিত্ৰী জিন্দাল
  5. শাৰদা সিনহা
  6. হোবাম অংবি ঙাংবি দেৱী
  7. মানস নদী
  8. নাৰীবাদ
  9. পাৰ্বতী বাউল
  10. অসমৰ ৰাজ্যপাল
  11. ইমাইল ডুৰখেইম
  12. জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা
  13. নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ
  14. ‎পাণবজাৰ
  15. একতা কাপুৰ
  16. কাৰ্ল গুষ্টাভ য়ুং
  17. ‎নিলাঞ্জনা দত্ত
  18. কল্লোল (চলচ্চিত্ৰ)
  19. চাৰ্বাক দৰ্শন
  20. নীনা গুপ্তা (গণিতজ্ঞ)
  21. বৌদ্ধ দৰ্শন
  22. বিদিতা অশোক বৈদ্য
  23. ইন্দুলতা শুক্লা
  24. কান্তা গুপ্তা
  25. ‎নীলাঞ্জনা দত্ত
  26. চৈয়দ আলী আহছান
  27. যৌতুক
  28. হেমা শ্ৰীনিবাসন
  29. ভামা শ্ৰীনিবাসন
  30. ৰেণুকা ৰবিন্দ্ৰন
  31. অজিৎ ইকবাল সিং
  32. সুজাতা ৰামদ'ৰাই
  33. ভাগৱত পেটেল
  34. কবিতা ৰামানন
  35. ধৰ্ষণ
  36. যামিনী কৃষ্ণমূৰ্তি
  37. ‎চেনিটেৰী পেড
  38. অৰ্চনা শৰ্মা (উদ্ভিদ বিজ্ঞানী)
  39. ‎ফাতিমা জিহ্না
  40. আদিবাসী
  41. অনুভৱ তুলসী
  42. ‎বাইশালী মহান্তি
  43. বেনাজিৰ ভুট্টো
  44. লক্ষহীৰা দাস
  45. ‎ৰাধিকা আপ্টে
  46. যমুনা কৃষ্ণণ
  47. আৰুচি নাশিক
  48. অনিতা ৰত্নম
  49. ‎বাসন্তী বিষ্ট
  50. ‎গুলাব বাই
  51. গম্ভৰী দেৱী
  52. পূৰ্ণিমা সিন্‌হা
  53. ‎শিখা বাৰ্মা
  54. সুদেষ্ণা সিন্‌হা
  55. বালাসৰস্বতী
  56. অনুৰাধা শৰ্মা
  57. মেঘালয়ৰ মাতৃবংশীয় সমাজ
  58. ‎বিমলা বুটি
  59. সুৰিন্দৰ কৌৰ
  60. ‎বি.বিজয়ালক্ষ্মী
  61. ‎ঈশা দেউল
  62. ইলেনা চিতাৰিস্তী
  63. ‎নৱনীত আদিত্য ৱাইবা
  64. ‎ইলা অৰুণ
  65. ‎অৰ্চনা ভট্টাচাৰ্য
  66. তীজান বাই
  67. মুনিয়া গাঙ্গুলি
  68. ‎অলকা য়াগনিক
  69. ‎ৰাধা বালাকৃষ্ণন
  70. সোণাল মানসিং
  71. টি.এ. সৰস্বতী আম্মা
  72. ‎বাসন্তী এন. ভাটনায়ক
  73. ঊষাদেৱী ভোছলে
  74. বৈজয়ন্তী চাৰী
  75. মহুৱা মৈত্ৰা
  76. ‎বৃহন্নলা
  77. সুমতী মোৰাৰজী
  78. এছ. আই. পদ্মাৱতী
  79. অপৰ্ণা হিগিনছ্
  80. ভানাজা আয়েংগাৰ
  81. নাৰীত্ব
  82. ‎লিংগভিত্তিক অধ্যয়ন
  83. ৰেণু চি. লস্কৰ
  84. ‎উলূপী
  85. ‎সুভদ্ৰা
  86. সীমা নন্দা
  87. ভি. লক্ষ্মীবাই
  88. ‎ৰাধা কেচ্চাৰ
  89. ‎পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)
  90. অদিতী
  91. অনিতা কুপ্পুস্বামী
  92. ‎পাণ বজাৰ
  93. ‎সুমিতা দেবী
  94. ছুনীতি ছলোমন
  95. ‎ৰিতু কাৰিধল
  96. পদ্মাৱতী বন্দ্যোপাধ্যায়
  97. ‎নীনা গুপ্তা
  98. পুনিতা অৰোৰা
  99. গৰ্ভপাত
  100. ‎গায়ত্ৰী শংকৰণ
  101. আৰতি মুখাৰ্জী
  102. মংগলা নাৰ্লিকাৰ
  103. ‎ভি. শান্তা
  104. মাটিল্ডা প্ৰভাৱ
  105. ‎সুধা মূৰ্তি
  106. দেৱাশ্ৰী ৰয়
  107. ডাইনী হত্যা
  108. ‎২০২০ দিল্লী বিধানসভা নিৰ্বাচন
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমবৰপেটা সত্ৰদৌল উৎসৱৰ অন্তিম দিনা গোহে গুৰুৱা পৰ্ব পালন কৰাৰ দৃশ্য৷ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
আলোকচিত্ৰশিল্পী: Mayurimdas
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
ঈশান জ্যোতি বৰা
প্ৰতিভাৱান নৱাগত সম্পাদক
হানিফ আলী







উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬৩৭৭ টালৈ বৃদ্ধি পালে।
  • এই মাহৰ পৰা আৰম্ভ হৈছে অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০৷ ইয়াৰ উদেশ্য হৈছে ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা। সময়সীমা: ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০
  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
ঈশান জ্যোতি বৰা ৩৩১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ২৩২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১৫৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Yuvomilan Dev Society ১২১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ৭২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ৫২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
कन्हाई प्रसाद चौरसिया - ৫০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ৪১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
Jks01021965 ৩৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ ৰঞ্জন ভূঞা ৩২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ চাণক্য কুমাৰ দাস - ৩২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।