জিম্মী ৱেলছ

ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক
(Jimmy Walesৰ পৰা পুনঃনিৰ্দেশিত)

জিম্মী ডনেল ৱেলছ ওৰফে জিম্ব' ৱেলছ (ইংৰাজী: Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল।[3][4] জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।[5][6]

জিম্মী ৱেলছ

২০১৬ চনৰ ৱিকিমেনিয়া সন্মিলনত জিম্মী ৱেলছ
জন্ম জিম্মী ডনেল ৱেলছ
৭ আগষ্ট, ১৯৬৬ (৫৭ বছৰ)
হাণ্টছভিল, আলাবামা, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসগৃহ চেইণ্ট পিটাৰচবাৰ্গ, ফ্লৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ[1]
অন্য নাম জিম্ব'
শিক্ষানুষ্ঠান অ’বাৰ্ণ বিশ্ববিদ্যালয়
ইউনিভাৰচিটি অৱ আলবামা
ইণ্ডিয়ানা ইউনিভাৰচিটি ব্লুমিংটন
পেচা ইণ্টাৰনেট শিল্পদ্যোগী
পদবী সভাপতি, ৱিকিয়া আই এন চি (২০০৪–বৰ্তমানলৈ)
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ চেয়াৰমেন (জুন ২০০৩ – অক্টোবৰ ২০০৬)
চেয়াৰমেন এমেৰিটাচ, ৱিকিমিডিয়া ফাউণ্ডেশ্যন (অক্টোবৰ ২০০৬ৰ পৰা–বৰ্তমানলৈ)
উত্তৰসূৰী ফ্ল’ৰেন্স দেভৱাৰ্ড
বোৰ্ডৰ সদস্য  ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ক্ৰিয়েটিভ কমনছ
ছচিয়েলটেক্সট
চানলাইট ফাউণ্ডেশ্যন (উপদেষ্টা মণ্ডলী)
এম আই টি চেণ্টাৰ ফৰ কালেক্টিভ ইণ্টেলিজেঞ্চ (উপদেষ্টা মণ্ডলী)
চিভিল নেশ্যন[2]
বঁটা, সন্মান, পুৰস্কাৰ আদি ইএফএফ পায়নিয়াৰ এৱাৰ্ড (২০০৬)
বিজনেজ প্ৰছেচ এৱাৰ্ড (২০০৮)
দ্য গ্লোবেল ব্ৰেণ্ড আইকন অফ দ্য ইয়াৰ এৱাৰ্ড (২০০৮)
গোটিলেব ডাটৱেয়েইলাৰ প্ৰাইজ (২০১০)
ৱেবছাইট
www.jimmywales.com

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

জিম্মী ৱেলছৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামাৰ হাণ্টছভিলত। তাতেই তেওঁ ৰাণ্ডল্ফ বিদ্যালয়ৰ নাম ভৰ্ত্তি কৰি আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ কৰিছিল আৰু বিত্ত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁৰ দেউতাকৰ নাম জিম্মী,[7] আৰু মাতৃৰ নাম ডৰিছ। আইতাকৰ নাম এৰমা।[8] স্নাতক শ্ৰেণীত থকাৰ সময়ত জিম্মীয়ে দুখন বিশ্ববিদ্যালয়ত পঢ়িছিল। পিছত তেওঁ বিত্ত ক্ষেত্ৰত চাকৰি গ্ৰহণ কৰে আৰু এখন বিশ্ববিদ্যালয় শিক্ষা অসম্পূৰ্ণ অৱস্থাতে ত্যাগ কৰি কেইটামান বছৰ ছিকাগোৰ ফিউচাৰছ আৰু অপশ্যনচ ফাৰ্মত (Chicago futures and options firm) ৰিচাৰ্চ ডাইৰেক্টৰৰ পদ অলংকৃত কৰে।

ৱিকিপিডিয়াৰ প্ৰতিষ্ঠা সম্পাদনা কৰক

১৯৯৬ চনত তেওঁ দুজন সহযোগীৰ সহায়ত বোমিচ নামেৰে এটা পুৰুষসকলৰ বিনোদন আৰু প্ৰাপ্তবয়স্ক বিষয়ক ৱেবপৰ্টেলৰ প্ৰতিষ্ঠা কৰে। এই ৱেবছাইটৰ পৰাই পৰৱৰ্তীকালত উদ্ভুত বিশ্বকোষ নুপিডিয়া (২০০০-২০০৩) আৰু তাৰ উত্তৰসূৰী ৱিকিপিডিয়াৰ প্ৰাথমিক অৰ্থসংস্থান হৈছিল।

২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে।[9] ছেগাৰে ৱিকি (সহযোগিতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia শব্দটোৰ উদ্ভাৱন কৰে।[10]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

জিম্মী ৱেলছে ২০১১ চনলৈ দুবাৰ বিবাহ কৰিছে। তেওঁৰ দ্বিতীয়া স্ত্ৰী ক্ৰিষ্টিনাৰ গৰ্ভত তেওঁৰ এজনী কন্যা জন্ম হৈছে। ৱেলছে নিজকে বস্তুবাদী আৰু কিছু পৰিমাণে উদাৰনীতিবাদী বুলি ব্যক্ত কৰে। তেওঁৰ সৃষ্ট ৱিকিপিডিয়া বিশ্বৰ বৃহত্তম বিশ্বকোষলৈ পৰিণত হৈছে। টাইম পত্ৰিকাই তেওঁলোকৰ ২০০৬ চনৰ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰৰ নামৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।[6]

প্ৰকাশিত কৰ্মাৱলী সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. McGlaughlin, Buddy (January 10, 2011). "Wikipedia founder Jimmy Wales, a Huntsville native and Auburn grad, not resting as website turns 10". The Huntsville Times. http://blog.al.com/huntsville-times-business/2011/01/wikipedia_founder_jimmy_wales.html। আহৰণ কৰা হৈছে: December 2, 2011. 
  2. "Board of Directors". CiviliNation website. Archived from the original on August 3, 2011. https://web.archive.org/web/20110803005204/http://civilination.org/about-2/board-of-directors/। আহৰণ কৰা হৈছে: February 19, 2011. 
  3. "Jimmy Wales". Encyclopædia Britannica. July 16, 2014. http://www.britannica.com/EBchecked/topic/1192821/Jimmy-Wales। আহৰণ কৰা হৈছে: January 30, 2015. 
  4. "Wikipedia: 50 languages, ½ million articles". Wikimedia Foundation Press Release. Wikimedia Foundation. April 25, 2004. http://meta.wikimedia.org/w/index.php?title=Wikimedia_press_releases/500,000_Wikipedia_articles&oldid=473206। আহৰণ কৰা হৈছে: April 10, 2009. "The Wikipedia project was founded in January 2001 by Internet entrepreneur Jimmy Wales and philosopher Larry Sanger," quoted from April 25, 2004 first-ever press release issued by the Wikimedia Foundation.
     •"Wikipedia, the free encyclopedia, reaches its 100,000th article". Wikipedia Press Release. Wikipedia. January 21, 2003. http://en.wikipedia.org/w/index.php?title=Wikipedia:Press_releases/January_2003&oldid=93032067। আহৰণ কৰা হৈছে: April 10, 2009. 
  5. 6.0 6.1 "Brain scan: The free-knowledge fundamentalist". The Economist. June 5, 2008. http://www.economist.com/science/tq/displaystory.cfm?story_id=11484062। আহৰণ কৰা হৈছে: December 26, 2017. 
  6. Kazek, Kelly (August 11, 2006). "Geek to chic: Wikipedia founder a celebrity". The News Courier. Archived from the original on March 20, 2008. https://archive.is/20080320205344/http://valdostadailytimes.com/entertainment/cnhinspopculture_story_223174601.html. "Doris Wales's husband, Jimmy, wasn't sure what she was thinking when she bought a World Book Encyclopedia set from a traveling salesman in 1968." 
  7. Pink, Daniel H. (March 13, 2005). "The Book Stops Here". Wired খণ্ড 13 (3). Archived from the original on March 4, 2005. https://web.archive.org/web/20050304025027/http://www.wired.com/wired/archive/13.03/wiki.html। আহৰণ কৰা হৈছে: October 31, 2008. 
  8. Mike Miliard (2008-03-01). "Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?". Salt Lake City Weekly. http://www.cityweekly.net/utah/article-5129-feature-wikipediots-who-are-these-devoted-even-obsessive-contributors-to-wikipedia.html। আহৰণ কৰা হৈছে: 2008-12-18. 
  9. “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986

বাহ্যিক সংযোগ সম্পাদনা কৰক

ভিডিঅ’ সংযোগ