সুৰেশ ৱাডকৰ

ভাৰতীয় নেপথ্য কণ্ঠশিল্পী
(Suresh Wadkarৰ পৰা পুনঃনিৰ্দেশিত)


সুৰেশ ঈশ্বৰ ৱাডকৰ (ইংৰাজী: Suresh Ishwar Wadkar; মাৰাঠী: सुरेश वाडकर; জন্ম ৭ আগষ্ট ১৯৫৫) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৫৫ চনৰ ৭ আগষ্ট তাৰিখে কোলাহপুৰত তেওঁ জন্মগ্ৰহণ কৰে৷[1] তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী ভাষাৰ চলচ্চিত্ৰত গীত গায়। তেওঁ ভোজপুৰী চলচ্চিত্ৰ, উড়িয়া এলবাম আৰু ভজন[2][3] আৰু কোংকণী ভাষাৰ চলচ্চিত্ৰতো গীত গাইছে। ভাৰত চৰকাৰে তেওঁক ২০২০ চনত, চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

সুৰেশ ৱাডকৰ

চনু নিগমৰ “ক্লাছিকেলি মিল্ড” এলবামৰ মুকলিৰ সময়ত ৱাডকৰ
প্ৰাথমিক তথ্য
জন্মৰ নাম সুৰেশ ঈশ্বৰ ৱাডকৰ
জন্ম ৭ আগষ্ট, ১৯৫৫ (৬৮ বছৰ)
কোল্‌হাপুৰ, বোম্বে ৰাজ্য, ভাৰত
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰ সংগীত (নেপথ্য কণ্ঠশিল্পী), ভাৰতীয় শাস্ত্ৰীয় সংগীত
পেচা কণ্ঠশিল্পী
বাদ্যযন্ত্ৰ কণ্ঠশিল্পী
কাৰ্যকাল ১৯৭৬–বৰ্তমান

সংগীত শিক্ষা সম্পাদনা কৰক

১৯৬৮ চনত “প্ৰয়োগ সঙ্গীত সমিতি”য়ে আগবঢ়োৱা "প্ৰভাকৰ" প্ৰমাণপত্ৰৰ দিশত কাম কৰিবলৈ জিয়ালাল বসন্তে ১৩ বছৰ বয়সতে সুৰেশ ৱাডকৰক উৎসাহিত কৰিছিল, যিটো বিএডৰ সমতুল্য আছিল লগতে পুৰস্কাৰ প্ৰাপ্ত ব্যক্তিজনক পেছাদাৰীভাৱে শিকোৱাৰ যোগ্যতা প্ৰদান কৰিছিল। ৱাডকৰে সফলতাৰে তেওঁৰ “প্ৰভাকৰ” সম্পূৰ্ণ কৰি মুম্বাইৰ আৰ্য বিদ্যা মন্দিৰত সংগীত শিক্ষক হিচাপে যোগদান কৰিছিল।

সংগীত কৰ্মজীৱন সম্পাদনা কৰক

ৱাডকৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে সজ্জিত হ’লেও ১৯৭৬ চনত তেওঁ সুৰ-শিংগাৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰিছিল। ৱাডকৰ প্ৰতিযোগিতাত জয়ী হৈছিল; য’ত বিচাৰকৰ দ্বায়িত্বত আছিল জয়দেৱকে আদি কৰি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সুৰকাৰসকল। জয়দেৱে পিছত তেওঁক গমন (১৯৭৮) চলচ্চিত্ৰৰ "চিনে মে জলন" শীৰ্ষক গীতটোৰ বাবে অফাৰ কৰিছিল। তেওঁ ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ, প্ৰশান্ত নন্দৰ দ্বাৰা পৰিচালিত “পহেলী” চলচ্চিত্ৰতো গীত গাইছে।

সেই সময়ত, লতা মংগেশকাৰে তেওঁৰ কণ্ঠত মুগ্ধ হৈ লক্ষ্মীকান্ত-প্যাৰেলাল, খৈয়াম আৰু কল্যাণজী-আনন্দজীকে আদি কৰি চলচ্চিত্ৰ ব্যক্তিত্বসকলৰ আগত তেওঁ দৃঢ়ভাৱে ৱাডকৰৰ তোষামোদ কৰিছিল।[4] লক্ষ্মীকান্ত-প্যাৰেলালে তেওঁৰ কণ্ঠত মুগ্ধ হৈ লক্ষ্মীকান্ত-পিয়াৰেলালে সোনকালে ক্ৰোধি (১৯৮১) চলচ্চিত্ৰৰ বাবে লতাৰ সৈতে দ্বৈত কণ্ঠত “চল চামেলী বাগ মে” গীতটো বাণীবদ্ধ কৰে। ইয়াৰ ঠিক পিছতে, তেওঁক “হাম পাঞ্চ”, “প্যাসা চাৱান” ("মেঘা ৰে মেঘা ৰে") আৰু সৰ্বোপৰি তেওঁৰ টাৰ্ণিং পইণ্ট– ৰাজ কাপুৰ পৰিচালিত “প্ৰেম ৰোগ” (১৯৮২) চলচ্চিত্ৰত গীত গাবলৈ সুযোগ দিয়া হৈছিল। তাৰ পিছত, ৱাডকৰে আৰ. কে. বেনাৰৰ অধীনত বহুতো গান গাইছিল লগতে তেওঁ ঋষি কাপুৰ অভিনিত চলচ্চিত্ৰ “হেনা”, “প্ৰেম গ্ৰন্থ”, “বোল ৰাধা বোল”, “বিজয়” আৰু বহুতো চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। তেওঁ ৰাজীৱ কাপুৰৰ বাবে “ৰাম তেৰি গংগা মইলী”তো কণ্ঠদান কৰিছিল। তেওঁৰ অন্যতম বিখ্যাত গীতটো হৈছে পৰিন্দা (১৯৮৯) চলচ্চিত্ৰৰ "তুম চে মিলকে" শীৰ্ষক গীতটো।

ৱাডকৰে “Tanman.com” চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।[5] তেওঁ ভাৰতীয় টেলিভিশনৰ সংগীত অনুষ্ঠান Sa Re Ga Ma Pa L'il Champs আৰু ২০০৫ চনৰ সঞ্জিত বঁটাৰ বিচাৰক আছিল।[6]

ৱাডকৰে ২০০৯ চনত কান্দেন কাধালাই চলচ্চিত্ৰৰ বাবে প্ৰথম তামিল ভাষাত গান গাইছিল, যি হিন্দী ব্লকবাষ্টাৰ চলচ্চিত্ৰ “জব উই মীট”ৰ অভিযোজন আছিল। গীতটো গজলৰ দৰে আছিল “নান মোঝি অৰিন্ধায়েন”৷

তেওঁ বিভিন্ন ভাৰতীয় ভাষাত অসংখ্য ভক্তিমূলক গীত গাইছে।

১৯৯৬ চনত ৱাডকৰে ৰাজেন্দ্ৰ তালাকৰ কোংকণী এলবাম “দৰিয়াচ্যা ডেগেৰ”ত আশা ভোঁসলেৰ সৈতে আন কেইবাটাও গীত গায়; তাৰ ভিতৰত এটা হ’ল- চানেচে ৰাতি

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ৱাডকৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত গায়িকা পদ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[7] তেওঁৰ দুগৰাকী কন্যা- অনন্যা আৰু জিয়া।

মাৰাঠী সংগীতত কৰ্মজীৱন সম্পাদনা কৰক

সুৰেশ ৱাডকৰে শীৰ্ষ শ্ৰেণীৰ মাৰাঠী সংগীত পৰিচালক হৃদয়নাথ মংগেশকাৰ, সুধীৰ ফাডকে, শ্ৰীনিবাস খালে, শ্ৰীধৰ ফাডকে, বসন্ত দেশাই, অশোক পাটকী, অনিল-অৰুণ (Anil-Arun) আদিৰ সৈতে কাম কৰিছে।

সংগীত বিদ্যালয় সম্পাদনা কৰক

ভাৰতৰ মুম্বাইত (www.ajivasan.com) আৰু নিউ জাৰ্চি/নিউয়ৰ্ক চহৰত (www.sureshwadkarmusic.com) তেওঁৰ সংগীত বিদ্যালয় আছে য’ত শিক্ষাৰ্থীসকলক পদ্ধতিগত প্ৰশিক্ষণ দিয়া হয়। তেওঁ এচ অপেন বিশ্ববিদ্যালয়ৰ অধীনত SWAMA (Suresh Wadkar Ajivasan Music Academy) নামেৰে এখন অনলাইন সংগীত বিদ্যালয়ো আৰম্ভ কৰিছে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

১৯৭৬ চনত ৱাডকৰে সুৰ-শিংগাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰুষ গায়কৰ মদন মোহন বঁটা লাভ কৰে।[8] ২০০৪ চনত তেওঁক মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা স্থাপিত লতা মংগেশকাৰ পুৰস্কাৰৰে সন্মানিত কৰে।[9] ২০০৭ চনত তেওঁ মহাৰাষ্ট্ৰ প্ৰাইড বঁটাও লাভ কৰিছিল, যিটো মহাৰাষ্ট্ৰ চৰকাৰে নোটৰ নাগৰিকসকলক প্ৰদান কৰে।[10] ২০১১ চনত তেওঁ মে সিন্ধুটাই চাপকাল শিৰোনামৰ মাৰাঠী চলচ্চিত্ৰৰ "হে ভাস্কৰ ক্ষিতিজাভাৰী য়া" গীতটোৰ বাবে শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[11] ২০১৭ চনত আহমেদনগৰৰ থিংক গ্ল’বেল ফাউণ্ডেশ্যনে তেওঁক স্বৰ্গীয় সদাশিৱ অমৰাপুৰকাৰ বঁটাৰে পুৰস্কৃত কৰে। কেকেৰ দৰে তেওঁৰ এটাও ফিল্মফেয়াৰ বঁটা বিজয়ী নোহোৱাকৈ, শ্ৰেষ্ঠ গায়কৰ বাবে সৰ্বাধিক সংখ্যক ফিল্মফেয়াৰলৈ মনোনয়ন লাভ কৰাৰ অভিলেখ আছে।

কলা ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে ২০২০ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰ বাবে তেওঁৰ নাম ঘোষণা কৰে।[12]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Suresh Wadkar". Gloriousindia. https://www.gloriousindia.com/profiles/Suresh_Wadkar। আহৰণ কৰা হৈছে: 9 June 2021. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2021-05-24. https://web.archive.org/web/20210524062924/https://www.odiamusic.com/Category/CategoryResult.php?first=0&second=Suresh+Wadekar। আহৰণ কৰা হৈছে: 2021-06-09. 
  3. http://goldodia.in/site_suresh-wadekar-hit.xhtml
  4. "Rediff: I am fortunate I lived in her time". http://www.rediff.com/entertai/1999/sep/lata/lata3.htm। আহৰণ কৰা হৈছে: 29 August 2006. 
  5. "The colour of divine sound". The Times of India. 8 June 2003. http://www1.timesofindia.indiatimes.com/articleshow/12760.cms. 
  6. "Mixing it all up". The Telegraph (Calcutta, India). 30 August 2005. http://www.telegraphindia.com/1050830/asp/calcutta/story_5174419.asp. 
  7. "Sony's Santiniketan". The Telegraph (Calcutta, India). 5 May 2005. http://www.telegraphindia.com/1050505/asp/calcutta/story_4695699.asp. 
  8. Shahane, Devayani (24 June 2002). "Voicing his soul". The Times of India. http://timesofindia.indiatimes.com/pune-times/voicing-his-soul/articleshow/13995116.cms. 
  9. "पार्श्व गायक सुरेश वाडकर लता अंलकरण से सम्मानित" (hi ভাষাত). Navbharat Times (Indore). 16 February 2004. http://navbharattimes.indiatimes.com/articleshow/498874.cms. 
  10. "And the award goes to...". The Times of India. 2 December 2007. Archived from the original on 22 October 2012. https://web.archive.org/web/20121022023913/http://articles.timesofindia.indiatimes.com/2007-12-02/others/27973668_1_swami-agnivesh-suresh-wadkar-maharashtra-pride-award. 
  11. "58th National Film Awards" (PDF). Directorate of Film Festivals. http://dff.nic.in/Press%20Release%20-%2058th%20National%20Film%20Awards%20Winners%202010.pdf। আহৰণ কৰা হৈছে: 29 March 2012. 
  12. "Padma Awards 2020". https://padmaawards.gov.in/PDFS/2020AwardeesList.pdf. 

বাহ্যিক সংযোগ সম্পাদনা কৰক