অনিৰ্বাণ বৰগোহাঁই
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
অনিৰ্বাণ বৰগোহাঁই বা অনিৰ্বাণ বি. গোহাঁই (ইংৰাজী: Anirban B. Gohain) অসমৰ এগৰাকী সাংবাদিক, সমাজকৰ্মী, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ আছিল। ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল।[1]
অনিৰ্বাণ বি গোহাঁই | |
---|---|
জন্ম | ২০ ডিচেম্বৰ, ১৯৭৭ গোগামুখ,অসম |
মৃত্যু | ২৬ জুলাই, ২০২১ (৪৩ বছৰ)[1] লখিমপুৰ, অসম |
ছদ্মনাম | অন্যম অনিৰ্বাণ, অন্যম ভাৰতী |
পেচা | সাংবাদিক, নাট্যকৰ্মী, অভিনেতা, কবি, আবৃত্তিকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
মাতৃশিক্ষায়তন | নৰ্থ লখিমপুৰ মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
পিতৃ-মাতৃ | ভদ্ৰেশ্বৰ গোহাঁই, বুলুমা গোহাঁই |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৭৭ চনৰ ২০ ডিচেম্বৰত ধেমাজি জিলাৰ গোগামুখত জন্ম লাভ কৰা অনিৰ্বাণ বি গোহাঁইৰ পিতৃ ভদ্ৰেশ্বৰ গোহাঁই আৰু মাতৃ বুলুমা গোহাঁই। তেওঁ ধেমাজিৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰিও অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক আছিল। ছাত্ৰ অৱস্থাতে একাডেমী অফ ৰিডাৰ্চ নামৰ এক সংস্থা আৰম্ভ কৰি স্থানীয় পৰ্যায়ত বিভিন্ন সামাজিক কৰ্মৰ সূচনা কৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত ভাতৃ যামিনী অনুৰাগৰ সৈতে লগ হৈ তপোবন নামৰ এখন দেৱাল পত্ৰিকাৰ জৰিয়তে ঘৰতে সাহিত্য চৰ্চ্চা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনৰ লগত জড়িত হৈ গোগামুখ আৰু ধেমাজি জিলাৰ উন্নয়নৰ হকে নানান কৰ্মসূচী[স্পষ্টীকৰণৰ প্ৰয়োজন] ৰূপায়ণ কৰিছিল।[2]
শিক্ষা
সম্পাদনা কৰকগোগামুখ নগৰ মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত তেওঁ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
সম্পাদনা কৰকসংবাদ-সেৱা
সম্পাদনা কৰকদৈনিক অগ্ৰদূত কাকতৰ নিয়মীয়া লেখক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰি পিছলৈ অসমীয়া প্ৰতিদিন বাতৰিকাকত আৰু বৈদ্যুতিন মাধ্যম ডিৱাই ৩৬৫ ত সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়লৈকে তেওঁ গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল।
নাট্যকৃতি
সম্পাদনা কৰকৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ জৰিয়তে প্ৰশিক্ষণ প্ৰাপ্ত অনিৰ্বাণ বৰগোহাঁই বিভিন্ন নাট্য-সংগঠনৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। দুমৌৰ নাট্য গোষ্ঠী, গোগামুখ গণ নাট্য বাহিনী (গগনাবা), অসম নাট্য সন্মিলনৰ বিভিন্ন নাট্য অনুষ্ঠাণৰ তেওঁ সক্ৰিয় কৰ্মী আছিল। দেনদুন দ্য থিয়েটাৰৰ তেখেত আছিল পৰিচালন সঞ্চালক। নাট্য পৰিচালক হিচাপে অনিৰ্বাণ বৰগোহাঁয়ে ভাৰতৰ বিভিন্ন ঠাইত নাট্য প্ৰদৰ্শন কৰিছিল। বিশেষকৈ চাহ-জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীৰ মাজত নাট্য-চেতনা বিকাশ কৰাত তেওঁ ভূমিকা গ্ৰহণ কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
অভিনয়
সম্পাদনা কৰকবিভিন্ন নাটকত অভিনয় কৰাৰ উপৰিও তেওঁ বান্ধোন নামৰ এখন চুটি ছবিত অভিনয় কৰিছিল।
সমাজ-সেৱা
সম্পাদনা কৰকবৃহত্তৰ গোগামুখ অঞ্চল আৰু ধেমাজি জিলাৰ বিভিন্ন অনুষ্ঠাণ আৰু সংগঠনৰ জৰিয়তে তেওঁ আমৃত্যু সমাজ-সেৱাৰ লগত জড়িত হৈ আছিল।
সাহিত্য-সেৱা
সম্পাদনা কৰককবি আৰু আবৃত্তিকাৰ হিচাপে পৰিচিতি লাভ কৰা অনিৰ্বাণ বৰগোহাঁইৰ কবিতা অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছিল।
সম্পাদনা কৰা কাকত আলোচনী
সম্পাদনা কৰক- চিনাকি - অসমীয়া, মিচিং আৰু বড়ো ভাষাত প্ৰকাশিত ত্ৰিভাষিক আলোচনী।
- সোৱণশিৰি- গোগামুখৰ পৰা প্ৰকাশিত বাতৰিকাকত।
মৃত্যু
সম্পাদনা কৰক২০২১ চনৰ ২৬ জুলাইৰ পুৱা হঠাৎ দেখা দিয়া শাৰীৰিক অসুস্থতাৰ বাবে গোগামুখ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ভৰ্ত্তি কৰাৰ পাছতে উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসা আৰম্ভ হোৱাৰ পূৰ্বেই ২৬ জুলাইৰ পুৱা প্ৰায় ১১.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[3][4] [5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Assam: Journalist Anirban B Gohain passes away". Northeast Nownenow.in. https://nenow.in/north-east-news/assam/assam-journalist-anirban-b-gohain-passes-away.html। আহৰণ কৰা হৈছে: 4 August, 2021.
- ↑ https://www.sentinelassam.com/north-east-india-news/assam-news/journalist-poet-dramatist-anirban-borgohain-passes-away-in-lakhimpur-548388
- ↑ "https://public.app/". Archived from the original on 2021-08-05. https://web.archive.org/web/20210805055954/https://public.app/video/sp_syp9iw7v29m4v। আহৰণ কৰা হৈছে: 2021-08-05.
- ↑ https://www.etvbharat.com/assamese/
- ↑ https://www.etvbharat.com/