অনুপম খেৰ
অনুপম খেৰ (ইংৰাজী: Anupam Kher, জন্ম-৭ মাৰ্চ ১৯৫৫) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক৷ তেওঁ মূলতঃ হিন্দী চিনেমাত কাম কৰে। চাৰি দশকৰো অধিক কালজুৰি বিস্তৃত হৈ থকা কেৰিয়াৰত তেওঁ ৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু বহুতো প্ৰশংসা লাভ কৰিছে৷ তেওঁ ভাৰতীয় চিনেমাৰ এজন প্ৰবীণ শিল্পী।[1]তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত বহু মুখ্য বা সহযোগী চৰিত্ৰকে ধৰি বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ বাবে খেৰে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আঠটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।[2] ভাৰত চৰকাৰে ভাৰতীয় চিনেমা আৰু কলালৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত তেওঁক পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ বঁটা প্ৰদান কৰে।
অনুপম খেৰ | |
---|---|
২০১৩ চনত অনুপম খেৰ | |
জন্ম | ৭ মাৰ্চ, ১৯৫৫ (৬৯ বছৰ) ছিমলা, পাটিয়ালা আৰু পূব পঞ্জাব ৰাজ্যসমূহ, ভাৰত |
শিক্ষানুষ্ঠান |
|
পেচা |
|
সংজ্ঞা | ১১ অক্টোবৰ ২০১৭ – ৩১ অক্টোবৰ ২০১৮ |
পূৰ্বসূৰী | গজেন্দ্ৰ চৌহান |
উত্তৰসূৰী | বি.পি.সিং |
দাম্পত্যসঙ্গী |
|
সন্তান | ছিকন্দৰ খেৰ (তুলনীয়া পো) |
আত্মীয়-স্বজন | ৰাজু খেৰ (ভ্ৰাতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | Full list |
ৱেবছাইট | |
www |
অনুপম খেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে মহেশ ভাট পৰিচালিত ড্ৰামা ছবি সাৰনশ (১৯৮৪)ৰ জৰিয়তে৷ ছবিখনত খেৰে এজন বৃদ্ধ পিতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ ভালেমান সহযোগী চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। কৰ্ম (১৯৮৬), তেজাব (১৯৮৮) আৰু চালবাজ (১৯৮৯) আদি ছবিত নেতিবাচক চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰে। বিজয় নামৰ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ৰাম লখন নামৰ ছবিখনৰ জৰিয়তে তেওঁৰ কৌতুকাভিনয়ৰ উচ্চ স্বীকৃতি লাভ কৰে আৰু কৌতুকাভিনয়ত শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু পৰৱৰ্তী সময়ত ডেডীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – বিশেষ জুৰী বঁটা আৰু শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। পিছৰ বছৰবোৰত তেওঁ দিল (১৯৯০), সৌদাগৰ, লামহে (দুয়োখন ১৯৯১), হম আপকে হায়ন কৌন (১৯৯৪), চাহাত (১৯৯৬), স্পেচিয়েল ২৬ (২০১৩) আৰু উঁচাই আদি ছবিৰ বাবে খেৰক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। 'দিল হাই কি মান্তা নাহিন' (১৯৯১), 'শ্বোলা আৰু ছাবনাম' (১৯৯২), 'কুচ কুচ হোটা হ্যেয়' (১৯৯৮), দুলহান হাম লে জায়েংগে (২০০০) ছবিৰ বাবে কৌতুক অভিনয়ত শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাৰ শাখালৈ মনোনীত হৈছিল আৰু খেল (১৯৯২), ডাৰ (১৯৯৩) আৰু দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫)ত বঁটা অৰ্জন কৰিছিল।
খেৰৰ আন প্ৰশংসিত চৰিত্ৰসমূহৰ ভিতৰত আছে খোছলা কা ঘোছলা, বুদ্ধ মাৰ গয়া (দুয়োটা ২০০৬), এ ৱেডনেছডে! (২০০৮), বেবী (২০১৫), এম.এছ.ধোনী: দ্য আনটল্ড ষ্ট’ৰী (২০১৬) আৰু দ্য কাশ্মীৰ ফাইলছ (২০২২)৷ কাশ্মীৰ ফাইলছৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়। হিন্দী ছবিত কাম কৰাৰ লগতে তেওঁ গোল্ডেন গ্ল’বৰ বাবে মনোনীত হোৱা বেণ্ড ইট লাইক বেকহাম (২০০২), এং লীৰ গোল্ডেন লায়ন বিজয়ী NC-17 ৰেটিং লাভ কৰা লাষ্ট, ক’চন (২০০৭), ডেভিড অ’ ৰাছেলৰ অস্কাৰ-বিজয়ী ছিলভাৰ লাইনিংছ প্লেবুক (২০১২) আৰু এন্থনী মাৰাছৰ হোটেল মুম্বাই (২০১৯)তো অভিনয় কৰিছে। ব্ৰিটিছ টেলিভিছন ছবি দ্য বয় উইথ দ্য টপকনট (২০১৮)ত সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বাফটাৰ মনোনয়ন লাভ কৰে।[3]
ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ড আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4] খেৰক ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[5] ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা তেওঁৰ সমৰ্থনৰ বাবে এই নিযুক্তিয়ে সেই সময়ত কিছু বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷[6][7][8][9] এবছৰৰ পিছত তেওঁ আমেৰিকীয় টিভি শ্ব' নিউ আমষ্টাৰডামত মনোনিৱেশৰ কথা উল্লেখ কৰি উক্ত অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।[10]
প্ৰাথমিক জীৱন আৰু পটভূমি
সম্পাদনা কৰক১৯৫৫ চনৰ ৭ মাৰ্চত চিমলাত কাশ্মীৰী পণ্ডিত পৰিয়ালত অনুপম খেৰৰ জন্ম হৈছিল।[11][12] তেওঁৰ পিতৃ পুষ্কৰ নাথ খেৰ হিমাচল প্ৰদেশৰ বন বিভাগৰ কেৰাণী আৰু মাতৃ দুলাৰী খেৰ এগৰাকী গৃহিণী আছিল।[13][14]তেওঁ শিমলাৰ ডি এ ভি স্কুলত শিক্ষা গ্ৰহণ কৰে।[15] তেওঁ শিমলাৰ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ সঞ্জাউলীৰ চৰকাৰী মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল যদিও চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত ভাৰতীয় নাট্যশাস্ত্ৰ অধ্যয়ন কৰিবলৈ বাদ দিছিল।[16]
১৯৭৮ চনত খেৰে নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামা (এন এছ ডি)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4] তেওঁৰ আৰম্ভণিৰ কিছুমান অভিনয় হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত নাটকত আছিল।[17]পৰিচালনাৰ প্ৰথম চিনেমা শ্বীশা কা ঘৰৰ সৰু অংশৰ বাবে তেওঁ ৰাজ বিছাৰিয়াৰ লক্ষ্ণৌৰ ভাৰতেন্দু নাট্য একাডেমীত নাটকৰ শিক্ষা দিছিল।[6][18]
ব্যক্তিগত জীৱন
সম্পাদনা কৰক১৯৭৯ চনত খেৰে অভিনেত্ৰী মধুমলতী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও কেইবছৰমানৰ পিছত বিচ্ছেদ হয়।[19] ১৯৮৫ চনত তেওঁ বিজেপিৰ অন্তৰ্গত চণ্ডীগড়ৰ সংসদৰ সদস্য অভিনেত্ৰী কিৰণ খেৰ[20]ক বিয়া কৰায়।[21][22]তেওঁৰ পুত্ৰ হৈছে অভিনেতা ছিকন্দৰ খেৰ।[23] ২০১০ চনত তেওঁক ভাৰতত শিশুৰ শিক্ষাৰ উন্নতিৰ বাবে চেষ্টা কৰা প্ৰথম এডুকেচন ফাউণ্ডেশ্যনৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।[24] খেৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন প্ৰবল সমৰ্থক।[6][25][26]
২০২১ চনৰ ২০ ছেপ্টেম্বৰত খেৰক আমেৰিকাৰ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা হিন্দু অধ্যয়ন দৰ্শনত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[27]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Been there, done that! Anupam Kher starts shooting for 501st film". The Economic Times. IANS. http://economictimes.indiatimes.com/magazines/panache/been-there-done-that-anupam-kher-starts-shooting-for-501st-film/articleshow/53613613.cms.
- ↑ "Anupam Kher Awards: List of awards and nominations received by Anupam Kher". https://timesofindia.indiatimes.com/topic/Anupam-Kher/awards.
- ↑ "Anupam Kher bags BAFTA Awards 2018 nomination for The Boy with the Topknot; Here's the Complete List" (en-US ভাষাত). Indiatvnews. 4 April 2018. https://www.indiatvnews.com/entertainment/hollywood-bafta-2018-nomination-list-anupam-kher-bags-nod-for-the-boy-in-top-knot-435870.
- ↑ 4.0 4.1 "NSD Graduates". http://nsd.gov.in/Annual_Report_2005-06.pdf। আহৰণ কৰা হৈছে: 24 June 2011.
- ↑ "Anupam Kher appointed FTII chairman". The Economic Times. 11 October 2017. https://economictimes.indiatimes.com/news/politics-and-nation/anupam-kher-appointed-ftii-chairman/articleshow/61035487.cms.
- ↑ 6.0 6.1 6.2 Bamzai, Kaveree (31 July 2019). "The double life of Anupam Kher: Hollywood's favourite desi & BJP's pin-up patriot". The Print. https://theprint.in/opinion/the-double-life-of-anupam-kher-fanboy-to-bjp-and-desi-uncle-to-hollywood/171381/। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ Kaushik, Krishn (12 October 2017). "Anupam Kher appointed new FTII chairman: His politics in his tweets, from award wapsi to JNU" (en-IN ভাষাত). The Indian Express. https://indianexpress.com/article/india/anupam-kher-appointed-new-ftii-chairman-his-politics-in-his-tweets-from-award-wapsi-to-jnu-4886053/। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "Why Anupam Kher's Appointment As FTII Chairman Is Problematic" (en ভাষাত). HuffPost India. 12 October 2017. https://www.huffingtonpost.in/2017/10/12/why-anupam-khers-appointment-as-ftii-chairman-is-problematic_a_23240877/। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "Naseeruddin Shah on FTII Chairman Anupam Kher: I Don't Think He's Been There More Than Twice". News18. 31 August 2018. https://www.news18.com/news/movies/naseeruddin-shah-on-ftii-chairman-anupam-khers-absence-i-dont-think-hes-been-there-more-than-twice-1862643.html। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "Anupam Kher Resigns as FTII Chairman Citing 'International Assignments'". NDTV.com. https://www.ndtv.com/entertainment/anupam-kher-resigns-as-ftii-chairman-citing-international-assignments-1940623.
- ↑ Sundaram, Lasyapriya (10 March 2017). "Robert De Niro made Anupam Kher's birthday special". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/robert-de-niro-made-anupam-khers-birthday-special/articleshow/57555994.cms.
- ↑ "Anupam Kher to work for Empowerment of Kashmiri Pandit Community". Hindustan Times. 11 April 2009. http://www.hindustantimes.com/india/anupam-kher-to-work-for-empowerment-of-kashmiri-pandits/story-WuvcZNKP4vXb1QzpoZJeDP.html. "as a member of the [Kashmiri Pandit] community"
- ↑ Sawhney, Anubha (13 June 2002). "Anupam Kher: A retake of life's scenes" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/delhi-times/Anupam-Kher-A-retake-of-lifes-scenes/articleshow/15884674.cms.
- ↑ "Shimla's coffee house will miss Anupam Kher's father" (en ভাষাত). The Times of India. 13 February 2012. https://timesofindia.indiatimes.com/india/shimlas-coffee-house-will-miss-anupam-khers-father/articleshow/11867051.cms.
- ↑ "Anupam kher speaks at oxford union thanks students after talking about cinema and india". Hindustantimes. 13 June 2019. https://www.hindustantimes.com/bollywood/anupam-kher-speaks-at-oxford-union-thanks-students-after-talking-about-cinema-and-india/story-9Z5yVOTxDifbm0lgSWCS3H.html.
- ↑ "Small town boy with big dreams, Anupam Kher says the city made me who I am" (en ভাষাত). Hindustan Times. 5 October 2018. https://www.hindustantimes.com/punjab/small-town-boy-with-big-dreams-anupam-kher-says-the-city-made-me-who-i-am/story-UCoCFuguklDy0wIRzIPUHK.html.
- ↑ Sanjay Mukherjee says. "Kuch Bhi Ho Sakta Hai: Anupam Kher's life struggle". Southasiatimes.com.au. Archived from the original on 6 July 2011. https://web.archive.org/web/20110706112307/http://www.southasiatimes.com.au/news/kuch-bhi-ho-sakta-hai-anupam-kher%E2%80%99s-life-struggle/। আহৰণ কৰা হৈছে: 24 June 2011.
- ↑ "SHEESHAY KA GHAR | British Board of Film Classification". bbfc.co.uk. https://bbfc.co.uk/releases/sheeshay-ka-ghar-1988। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ Kumar, Ramesh (8 March 2023). "कहां हैं अनुपम खेर की पहली पत्नी? कई फिल्मों में किया काम, टूट चुकी है दूसरी शादी, अब जी रहीं ऐसी जिंदगी" (hi ভাষাত). News18. https://hindi.news18.com/photogallery/entertainment/bollywood-anupam-kher-first-wife-madhumalti-kapoor-who-was-actress-in-hindi-cinema-spending-her-old-age-alone-know-divorce-reason-5459135-page-2.html.
- ↑ "Anupam Kher shares wedding pic to wish wife Kirron Kher on anniversary, says 'loved the lived quality of our lives together'" (en ভাষাত). Hindustan Times. 26 August 2019. https://www.hindustantimes.com/bollywood/anupam-kher-shares-wedding-pic-to-wish-wife-kirron-kher-on-anniversary-says-loved-the-lived-quality-of-our-lives-together/story-GyLFIMQzLC2dWnbcp5xTXO.html। আহৰণ কৰা হৈছে: 18 May 2020.
- ↑ "Anupam Kher on Kirron: I don't get to meet my wife much now" (en-IN ভাষাত). The Indian Express. 2 July 2014. https://indianexpress.com/article/entertainment/bollywood/anupam-kher-on-kirron-i-dont-get-to-meet-my-wife-much-now/। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ Sawhney, Anubha (13 July 2002). "Anupam Kher: A retake of life's scenes". The Times of India. http://timesofindia.indiatimes.com/delhi-times/anupam-kher-a-retake-of-lifes-scenes/articleshow/15884674.cms.
- ↑ "Sikandar Kher Reveals Why He Can't Ask Anupam Kher To 'Recommend His Name' For Films". NDTV.com. 7 March 2017. https://www.ndtv.com/entertainment/sikandar-kher-reveals-why-he-cant-ask-anupam-kher-to-recommend-his-name-for-films-2000691। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "Anupam Kher's new role". movies.rediff.com. http://movies.rediff.com/report/2010/oct/06/anupam-khers-new-role.htm। আহৰণ কৰা হৈছে: 26 October 2010.
- ↑ "Don't mind being called 'chamcha' of Narendra Modi: Anupam Kher" (en ভাষাত). Hindustan Times. 12 March 2016. https://www.hindustantimes.com/india/don-t-mind-being-called-chamcha-of-narendra-modi-anupam-kher/story-98vyBaWqob1gXRm1q6dKoN.html। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "Anupam Kher Meets Narendra Modi, Says PM's Vision for India is Reassuring". News18. July 2019. https://www.news18.com/news/movies/anupam-kher-meets-narendra-modi-says-pms-vision-for-india-is-reassuring-2211993.html। আহৰণ কৰা হৈছে: 31 July 2019.
- ↑ "'Address me as Dr Kher': Proud Anupam Kher welcomes honorary doctorate by Hindu University of America". 20 September 2021. https://economictimes.indiatimes.com/magazines/panache/address-me-as-dr-kher-proud-anupam-kher-welcomes-honorary-doctorate-by-hindu-university-of-america/articleshow/86358302.cms.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Anupam Kher সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট – Anupam kher
- অনুপম খেৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Anupam Kher Foundation
- Anupam Kher's Actor Prepares