অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল দাস, ইত্যাদি। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি। ইয়াৰ কাহিনী , চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল পঙ্কজ জ্যোতি ভূঞাই।

অনুৰাধা
শৈলী ড্ৰামা
পৰিচালক ৰাজেশ ভূঞা
অভিনয়ত মুনমী ফুকন
জুবিন গাৰ্গ
উৎপল দাস
জুবলী বৰুৱা
নীল দাস
শীৰ্ষ সংগীত জুবিন গাৰ্গৰ "অনুৰাধা"
দেশ ভাৰত
ভাষা অসমীয়া
চিজনৰ সংখ্যা
প্ৰযোজনা
কেমেৰাৰ ছেটআপ ছিংগল কেমেৰা
ষ্টুডিঅ’ এন কে প্ৰডাকচন
সম্প্ৰচাৰ
মূল ছেনেল ৰং
দৃশ্যৰ ফৰমেট ৪৮০i (৪:৩ SDTV)

ধাৰাবাহিকখনৰ শীৰ্ষক সংগীতো দিয়ে জুবিন গাৰ্গে। "অনুৰাধা" শীৰ্ষক এই গীতটোৱ শ্ৰোতাৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পাছত গীতটো জুবিন গাৰ্গৰ এলবাম বাঁহীত অন্তৰ্ভূক্ত কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক