অমূল্য কাকতি
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অমূল্য কাকতি (ইংৰাজী: Amulya Kakati; ১১ জুন ১৯৫০-২৫ জানুৱাৰী ২০০২) এগৰাকী নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক। তেওঁ ব'হাগৰ দুপৰীয়া, হালধীয়া চৰায়ে বাওধান খায় আদি ছবিত অভিনয় কৰিছে। তেওঁ মুনীন বৰুৱাৰ সৈতে পিতা-পুত্ৰ আৰু প্ৰভাতী পখীৰ গানৰ যুটীয়া ভাবে চিত্ৰনাট্য ৰচনা কৰিছে।
অমূল্য কাকতি | |
---|---|
জন্ম | ১১ জুন, ১৯৫০ পাণবজাৰ, গুৱাহাটী |
মৃত্যু | ২৫ জানুৱাৰী, ২০০২ (৫১ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নাট্যকাৰ, চিত্ৰনাট্য লেখক, প্ৰযোজক, অভিনেতা |
সংক্ষিপ্ত জীৱনী
সম্পাদনা কৰক১৯৫০ চনৰ ১১জুন তাৰিখে গুৱাহাটীৰ পাণবজাৰত অমূল্য কাকতিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোলোক নাথ কাকতি আৰু মাতৃৰ নাম হেমলতা কাকতি। ৰিহাবাৰীৰ আৰ্য বিদ্যাপীঠ পাঠশালাত প্ৰাথমিক শিক্ষা শেষ কৰি গুৱাহাটীৰ ডনবস্ক' হাইস্কুলত নামভৰ্তি কৰে। উচ্চশিক্ষা গ্ৰহণ কৰে ভোলানাথ বৰুৱা মহাবিদ্যালয়ত। তেওঁ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত আইনৰ শ্ৰেণীত ভৰ্তি হয় যদিও আইনৰ শিক্ষা তেওঁৰ আধৰুৱা হৈ ৰয়।
তেজপুৰৰ অঞ্জলি দাসৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান তন্বী (তুষ্টি) আৰু ৰোহন।
কৰ্মজীৱন
সম্পাদনা কৰকচতুৰ্থমানত পঢ়ি থকা অৱস্থাতে কাকতিয়ে শিল্পীজীৱনৰ পাতনি মেলে। ১৯৭৪ চনত তেওঁ ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে। প্ৰযোজনা সংস্থা অনুভৱ ফিল্মছৰ প্ৰতিষ্ঠা কৰে ১৯৮৯ চনত। তেওঁ ৰচনা কৰা কেইখনমান নাটক হ'ল- মিছা ভূত, আমি এক্টৰ, নাটক, ৰং, অ- আ আদি। ইয়াৰে আমি এক্টৰ নাটখন অষ্টম শ্ৰেণীত থাকোঁতে ৰচনা কৰা।
প্ৰযোজিত আৰু পৰিচালিত টেলিফিল্ম
সম্পাদনা কৰকসেই বাটে', 'কুহিৰামৰ প্ৰেম',' অজ্ঞান এন্ধাৰ বিনাশী'।
তথ্যচিত্ৰ
সম্পাদনা কৰক'অল এল'ন ইফ নিড বি '(শৰৎ সিংহৰ জীৱন ভিত্তিক আৰু ১৯৯৬ চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা প্ৰাপ্ত),'ঢোলে - ডগৰে'(পৰম্পৰাগত অসমীয়া লোক বাদ্য বিষয়ক),' আশাৰ ৰেঙনি'(পৰিৱেশ প্ৰদূষণক কেন্দ্ৰ কৰি নিৰ্মিত)।
দূৰদৰ্শন ধাৰাবাহিকৰ চিত্ৰনাট্য
সম্পাদনা কৰক'পাপু-নিকুৰ সংবাদ', 'জিতু- নিকুৰ অভিযান', ' ব'হাগতে শীত', 'শাহু আই'(একাংশ)
চলচ্চিত্ৰৰ চিত্ৰনাট্য
সম্পাদনা কৰক'অংকুৰ' গল্পৰ আধাৰত 'পিতা-পুত্ৰ', 'অপ্ৰকাশ' গল্পৰ আধাৰত 'প্ৰভাতী পখীৰ গান', 'ভাই- ভাই', 'তুমি মোৰ মাথোঁ মোৰ,' মোহমুক্তি', ' গুণ গুণ গানে গানে', 'পূৰ্ণিমাৰ আকাশ'।
অভিনীত ছবি
সম্পাদনা কৰকমেঘমুক্তি(১৯৭৯), ৰজনীগন্ধা (১৯৮১), জীৱন সুৰভি (১৯৮৪), দেৱী (১৯৮৪), পূজা (১৯৮৫), ব'হাগৰ দুপৰীয়া (১৯৮৫), পাপৰি (১৯৮৬), এই দেশ মোৰ দেশ (১৯৮৬), হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭), ৰঙা নদী (১৯৯০)।
উত্তৰাধিকাৰ
সম্পাদনা কৰকঅমূল্য কাকতিৰ সোঁৱৰণত ২০০৭ চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰৰ শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ উদ্যোগত গুৱাহাটী ছাত্ৰ সন্থাই স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰি আহিছে। ২০২২ বৰ্ষত এই বঁটা লাভ কৰে নগাঁৱৰ নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাই।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান, নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক বঁটা প্ৰদান". assam.news18.com. https://assam.news18.com/news/assam/guwahati-aasu-awarded-dramatist-jitendra-nath-borah-with-amulya-kakati-memorial-award-2022-ghy-balen-manju-b-195293.html। আহৰণ কৰা হৈছে: 13 February 2022.