১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

১১ জুন (ইংৰাজী: 11 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম (অধিবৰ্ষত ১৬৩তম) দিন। বছৰ শেষ হ'বলৈ ২০৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

ঘটনাৱলীসম্পাদনা কৰক

  • ১৭৬০ - মহীশূৰৰ নবাৱ হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
  • ২০১০ - দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়।

জন্মসম্পাদনা কৰক

  • ১৯৪৭ - বিহাৰৰ ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱ।
  • ১৯৭৮ - ডাৰিল টাফি, নিউজিলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যুসম্পাদনা কৰক

  • খ্ৰীষ্টপূৰ্ব ৩২৩ - মহামতি আলেকজেণ্ডাৰ। (১০জুন বা ১১ জুন)
  • ১৯৮৩ - ঘনশ্যাম দাস বিৰলা, বিশিষ্ট শিল্পপতি। লণ্ডনত মৃত্যু হয়। তেওঁ জি ডি বিৰলাৰ নামে পৰিচিত।
  • ২০০০ - অজিত কুমাৰ শৰ্মা, শিক্ষাবিদ তথা ৰাজনীতিবিদ।
  • ২০০১ - টিম'থি মেকভেই, আমেৰিকান সন্ত্ৰাসবাদী। (জ. ১৯৬৮)
  • ২০১৩ - নগেন বৰা, অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক।

অনান্যসম্পাদনা কৰক

  1. লতা মঙ্গেশকাৰে (লতা মঙ্গেশকাৰ) সকলোতকৈ বেছি সংখ্যক গান ৰেকৰ্ড কৰি আভিলেখ (বৰ্তমান- আশা ভোঁচলে) গঢ়ি ঠৈছিল। এই অভিলেখক প্ৰত্যাহ্বান জনাই নিজৰ নামত এই অভিলেখ স্বীকৃতিৰ বাবে মহম্মদ ৰফিয়ে গ্ৰীনিজ বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ দাবী পত্ৰ প্ৰেৰণ কৰিছিল ১৯৭৭ চনৰ ১১ জুন তাৰিখে।
  2. অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে প্ৰতি বছৰৰ মে’ মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰি আহিছে। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটিয়ে গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰিছিল ১৯৮৭ চনৰ ১১ জুন তাৰিখে।
  3. ১৯৯৬ চনৰ ১১ জুন তাৰিখে দেবেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল ত্যাগ কৰিছিল।

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক