অশোক বন

ৰাৱণৰ লংকা ৰাজ্যত থকা এখন বাগিচা

অশোক বন বা অশোক বাটিকা (ইংৰাজী: Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসসুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।[1] অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।[2]

সীতাৰ সৈতে হনুমানৰ মুখামুখি, বাজাৰ আৰ্ট, ১৯০০ আৰম্ভণিত

এই ঠাইতে ৰামৰ পত্নী সীতাৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।

অশোক গছ (Saraca asoca), ৰামায়ণৰ সৈতে সম্পৰ্কিত বাবে প্ৰায়ে সীতা-অশোক নামেৰে জনা যায়৷

সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷[2]

বৰ্তমানৰ অৱস্থান

সম্পাদনা কৰক

নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।[3] হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷[4][5]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation) Archived October 1, 2009, at the Wayback Machine.
  2. 2.0 2.1 Historic Rama of Valmiki: Shastragrahi Rama, by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. Page 142, 189.
  3. Ramayana sites in Sri Lanka tourslanka.com.
  4. Tracing evidence of Lord Ram and his times Archived 2009-03-10 at the Wayback Machine Zee News.
  5. "Sita's Ashok Van awaits restoration in Lanka". Sify.com.