মন্দোদৰী

লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী

মন্দোদৰী (সংস্কৃত: मंदोदरी (আক্ষৰিক অৰ্থত সুকোমল উদৰৰ গৰাকী[1]) হৈছে লংকাৰ অধিপতি ৰাৱণৰ সহধৰ্মিণী। ৰামায়ণৰ বৰ্ণনা অনুসৰি মন্দোদৰী আছিল অতীৱ সুন্দৰী, নিৰ্মল আৰু ধাৰ্মিক প্ৰকৃতিৰ। হিন্দু ধৰ্ম অনুসৰি তেওঁ পঞ্চকন্যাৰ অন্যতম। পঞ্চকন্যাৰ নাম ল'লে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।

মন্দোদৰী
পঞ্চকন্যা-ৰ সদস্য
Mandodari based on Raja Ravi Varma's painting (cropped).jpg
ৰাজা ৰবি বৰ্মাই অঁ‌কা মন্দোদৰীৰ চিত্ৰ
দেৱনাগৰী मंदोदरी
সম্পৰ্ক ৰাক্ষসী
পঞ্চকন্যা
নিবাস লংকা
সঙ্গী ৰাৱণ
সহোদৰ মায়াবী আৰু দুন্দুভি (ভ্ৰাতৃ)
সন্তান মেঘনাদ, অতিকায় আৰু অক্ষয়কুমাৰ
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ সংস্কৰণসমূহ

মন্দোদৰী অসুৰৰাজ মায়াসুৰ আৰু অপ্সৰা হেমাৰ কন্যা। তেওঁৰ তিনিজন পুত্ৰ হৈছে মেঘনাদ (ইন্দ্ৰজিৎ), অতিকায় আৰু অক্ষয়কুমাৰ। ৰাৱণে হৰণ কৰি অনা ৰামৰ অৰ্ধাংগিনী সীতাও প্ৰকৃতপক্ষে মন্দোদৰীৰে জীয়ৰী আছিল। ৰাৱণে কৰা ভুলবোৰ দেখিও মন্দোদৰীয়ে তেওঁক ভাল পাইছিল আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ তেওঁক পৰামৰ্শ দিছিল। তেওঁ ৰাৱণক সীতাক ৰামৰ হাতত পুনৰ গতাই দিবৰ বাবে বাৰম্বাৰ উপদেশ দিছিল। ৰামায়ণত ৰাৱণৰ প্ৰতি মন্দোদৰীৰ প্ৰেম আৰু আনুগত্যৰ প্ৰশংসা কৰা হৈছে।

ৰামায়ণৰ এক সংস্কৰণৰ মতে ৰামে ৰাৱণক বধ কৰিবলৈ ব্যৱহাৰ কৰা তীৰপাত ক'ত আছে সেই কথা হনুমানে ছলেৰে মন্দোদৰীৰ পৰা গম পাইছিল। বিভিন্ন সংস্কৰণত কোৱা হৈছে যে লংকা যুদ্ধৰ শেষত ৰাৱণৰ মৃত্যুৰ পিছত তেওঁৰ ভ্ৰাতৃ বিভীষণে ৰামৰ পৰামৰ্শ অনুযায়ী মন্দোদৰীক বিয়া কৰাইছিল।

জন্ম আৰু প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক

ৰামায়ণৰ উত্তৰা কাণ্ডত উল্লেখ কৰা হৈছে যে মায়াসুৰে স্বৰ্গ ভ্ৰমণ কৰোঁ‌তে দেৱতাসকলে তেওঁক অপ্সৰা হেমাক প্ৰদান কৰে। তেওঁলোকৰ মায়াৱী আৰু দুণ্ডুভি নামৰ দুজন পুত্ৰ আৰু মন্দোদৰী নামৰ এজনী কন্যা আছিল। পিছত হেমা স্বৰ্গলৈ উভতি আহে যদিও মন্দোদৰী আৰু তেওঁৰ সহোদৰসকল তেওঁলোকৰ দেউতাকৰ সৈতে ৰৈ যায়।[2][3][4]

মন্দোদৰীৰ জন্মৰ বিভিন্ন বিৱৰণ পোৱা যায়। তেলেগু পুথি উত্তৰ ৰামায়ণত উল্লেখ কৰা হৈছে যে মায়াসুৰে অপ্সৰা হেমাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ মায়াৱী আৰু দুণ্ডুভি নামৰ দুটা পুত্ৰৰ জন্ম হয় কিন্তু এজনী ছোৱালীৰ বাবে তেওঁলোকে শিৱৰ অনুগ্ৰহ বিচাৰি তপস্যা কৰা আৰম্ভ কৰে। ইফালে মধুৰা নামৰ এগৰাকী অপ্সৰাই শিৱৰ বাসস্থান কৈলাস পৰ্বতত উপস্থিত হৈ তেওঁক শ্ৰদ্ধা নিবেদন কৰে। পাৰ্বতীৰ অনুপস্থিতিৰ সুযোগ লৈ মধুৰাই শিৱৰ সৈতে সহবাস কৰে। পাৰ্বতী ঘূৰি আহি মধুৰাৰ স্তনত তেওঁৰ স্বামীৰ শৰীৰৰ ভস্মৰ চিহ্ন বিচাৰি পায়। উত্তেজিত হৈ পাৰ্বতীয়ে মধুৰাক অভিশাপ দিয়ে যে মধুৰা বাৰ বছৰৰ বাবে এটা কুঁৱাৰ ভিতৰয় ভেকুলী হৈ থাকিব। শিৱই মধুৰাক কৈছিল যে পৰৱৰ্তী সময়ত তেওঁ এগৰাকী ধুনীয়া নাৰীৰ ৰূপ পাব হ'ব আৰু এজন মহান বীৰ পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব। বাৰ বছৰৰ পিছত, মধুৰা পুনৰ এগৰাকী সুন্দৰী কুমাৰীৰ ৰূপ পায় আৰু কুঁৱাৰ ভিতৰত সজোৰে কান্দিবলৈ ধৰে। ওচৰতে তপস্যাত নিমগ্ন হৈ কৰি থকা মায়াসুৰ আৰু হেমাই মধুৰাক তেওঁলোকৰ নিজৰ জী হিচাপে তুলি লয়। তেওঁলোকে মধুৰাক মন্দোদৰী হিচাপে ডাঙৰ-ডাঙৰ কৰে।[5][6] এই সংস্কৰণত ৰাক্ষসৰাজ ৰাৱণ আৰু মন্দোদৰীৰ পুত্ৰ মেঘনাদৰ জন্ম মন্দোদৰীৰ শৰীৰত সোমাই থকা শিৱৰ বীৰ্য্যৰ পৰা হোৱা বুলি কোৱা হয়।[3]

তেলেগু ৰংগনাথ ৰামায়ণত পাৰ্বতীয়ে এটা পুতলা সৃষ্টি কৰে যাক শিৱই এগৰাকী যুৱতীলৈ পৰিৱৰ্তন কৰে। অৱশ্যে পিছত সেই যুৱতীৰ সৌন্দৰ্যৰ বাবে পাৰ্বতী চিন্তিত হৈ পৰে। শিৱই তেওঁক এটা ভেকুলীলৈ পৰিণত কৰে যাক পিছত মানুহৰ ৰূপলৈ ঘূৰাই আনি মায়াসুৰক কন্যা হিচাপে প্ৰদান কৰা হয়।[3] আন এক তেলেগু কাহিনী আৰু কুচিপুড়ি নৃত্য পৰম্পৰাত ৰাৱণে শিৱক তেওঁৰ পত্নী হিচাপে পাৰ্বতীক বিচাৰিছিল। শিৱই এই কথাত সন্মতি দিয়ে। অৱশ্যে পাৰ্বতীয়ে ভেকুলীৰ পৰা নিজৰ সদৃশ এক কুমাৰীৰ সৃষ্টি কৰে আৰু তাইক ৰাৱণক অৰ্পণ কৰে। ভেকুলীৰ পৰা সৃষ্টি কৰা বাবে তেওঁক মন্দোদৰী বুলি কোৱা হৈছিল।[7] আনন্দ ৰামায়ণত বিষ্ণুৱে তেওঁৰ শৰীৰত লেপন কৰা চন্দনকাঠৰ প্ৰলেপৰ পৰা মন্দোদৰীৰ সৃষ্টি কৰে আৰু মন্দোদৰীক ৰাৱণক গতাই দি প্ৰকৃত পাৰ্বতীক উদ্ধাৰ কৰে।[3]

ভেকুলীৰ প্ৰসংগৰ আন কাহিনীবোৰতো পুনৰাবৃত্তি ঘটিছিল। ওড়িয়া ধৰ্ম পুৰাণত বৰ্ণনা কৰা হৈছে যে পৃথিৱীয়ে তেওঁৰ পুত্ৰ মণিনাগক তেওঁক গাখীৰৰ ভাগ দিবলৈ অস্বীকাৰ কৰা মন্দৰ আৰু উদৰ নামৰ ঋষি দুজনৰ গাইসমূহৰ গাখীৰ বিষাক্ত কৰিবলৈ প্ৰেৰণ কৰে। ঋষিসকলক ৰক্ষা কৰিবলৈ এটা মাইকী ভেকুলীয়ে পাত্ৰটোত জঁপিয়াই পৰে। ঋষিসকলে ভেকুলীজনীক ভেঙ্গাৱতী নামৰ এগৰাকী সুন্দৰী যুৱতীলৈ পৰিণত কৰে। তেওঁৰ বালিৰ সৈতে প্ৰাক-বৈবাহিক সম্পৰ্ক আছিল। ৰাৱণে ঋষিসকলৰ পৰা ভেঙ্গাৱতীৰ পানি ভিক্ষা কৰে যদিও তেওঁলোকে ইয়াক অস্বীকাৰ কৰে। ৰাৱণে বালীৰ ৰূপ ধাৰণ কৰে আৰু ভেঙ্গাৱতীক অপহৰণ কৰে। এনেতে প্ৰকৃত বালি অহাত ৰাৱণ আৰু বালিয়ে তেওঁক দুয়োফালৰ পৰা টানিবলৈ ধৰে যাৰ ফলত ভেঙ্গাৱতী দুফাল হয়। ইয়াৰ ফলস্বৰূপে অঙ্গদৰ (সাধাৰণতে তাৰাৰ পুত্ৰ বুলি বৰ্ণনা কৰা হয়) জন্ম হয়। মৃত্যুৰ দেৱতা যম আৰু বায়ু দেৱতাই তেওঁক পুনৰ্জীৱিত কৰে আৰু দুয়োজন ঋষিৰ নামেৰে মন্দোদৰী নামেৰে নামকৰণ কৰে। মাহাৰী নৃত্য পৰম্পৰাত একে ধৰণৰ এক কাহিনী বৰ্ণনা কৰা হৈছে য'ত এটা সাপে ঋষিসকলৰ গাখীৰ বিষাক্ত কৰে। মাইকী ভেকুলী এজনী গাখীৰত জঁপিয়াই পৰে আৰু ঋষিক উদ্ধাৰ কৰিবলৈ মৃত্যু বৰণ কৰে। ঋষিৰ দ্বাৰা ভেকুলীজনী মন্দোদৰীলৈ পৰিণত হয়।[3]

ৰাৱণৰ সৈতে বিবাহসম্পাদনা কৰক

ৰাৱণ এবাৰ মায়াসুৰৰ ঘৰলৈ আঁ‌হোতে মন্দোদৰীৰ প্ৰেমত পৰে। মন্দোদৰী আৰু ৰাৱণ অনতিপলমে বৈদিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয়। মন্দোদৰীয়ে ৰাৱণৰ তিনি পুত্ৰ ক্ৰমে মেঘনাদ (ইন্দ্ৰজিৎ), অতিকায় আৰু অক্ষয়কুমাৰৰ জন্ম দিয়ে। [5]যোধপুৰৰ পৰা ৯ কিলোমিটাৰ উত্তৰে অৱস্থিত মন্দোৰ নামৰ চহৰখন মন্দোদৰীৰ জন্মস্থান বুলি ধাৰণা কৰা হয়। ৰাৱণক কিছু স্থানীয় ব্ৰাহ্মণৰ মাজত জোঁ‌ৱাই হিচাপে গণ্য কৰা হয় আৰু ইয়াত তেওঁৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ আছে।[8]

ৰাৱণৰ দোষ থকা স্বত্বেও মন্দোদৰীয়ে তেওঁক ভাল পায় আৰু তেওঁৰ শক্তিৰ বাবেও মন্দোদৰী গৌৰৱান্বিত। নাৰীৰ প্ৰতি থকা ৰাৱণৰ দুৰ্বলতাৰ বিষয়ে তেওঁ অৱগত। [9][10] এগৰাকী ধাৰ্ম্মিক নাৰী হিচাপে মন্দোদৰীয়ে ৰাৱণক ধাৰ্ম্মিকতাৰ দিশে লৈ যাবলৈ চেষ্টা কৰে যদিও ৰাৱণে সদায় তেওঁৰ পৰামৰ্শক উপেক্ষা কৰে। তেওঁক ৰাৱণক নৱগ্ৰহক বহতীয়া নকৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ বেদৱতীক প্ৰলোভিত নকৰাৰো পৰামৰ্শ দিয়ে যাৰ সীতা হিচাপে পুনৰ জন্ম হ'ব আৰু ৰাৱণৰ ধ্বংসৰ কাৰণ হ'ব। [10]

সীতাৰ প্ৰাণৰক্ষাসম্পাদনা কৰক

 
সীতাৰ প্ৰাণৰক্ষা।

ৰাৱণে ৰামৰ পত্নী সীতাক অপহৰণ কৰোঁ‌তে মন্দোদৰীয়ে তেওঁক ৰামক ঘূৰাই দিবলৈ পৰামৰ্শ দিয়ে। মন্দোদৰীয়ে জানিছিল যে এই কাৰ্যই ৰাৱণৰ পতন আনিব। [9][10] বাল্মীকিৰ ৰামায়ণত মন্দোদৰীক এগৰাকী সুন্দৰী নাৰী বুলি বৰ্ণনা কৰা হৈছে। যেতিয়া ৰামৰ বাৰ্তাবাহক হনুমান সীতাৰ সন্ধানত লংকালৈ আহে তেতিয়া তেওঁ ৰাৱণৰ শোৱনি কোঠাত প্ৰৱেশ কৰাৰ সময়ত মন্দোদৰীৰ সৌন্দৰ্যৰ দ্বাৰা বিস্মিত হয় আৰু মন্দোদৰীকে সীতা বুলি ভুল কৰে।[5] অৱশেষত হনুমানে সীতাক বিচাৰি পায় আৰু ৰাৱণে তেওঁক বিয়া নকৰিলে সীতাক হত্যা কৰাৰ ভাবুকি দিয়া দেখা পায়। সীতা অমান্তি হোৱাত ৰাৱণে সীতাৰ শিৰশ্ছেদ কৰিবলৈ তৰোৱাল তুলি লয়। মন্দোদৰীয়ে ৰাৱণৰ হাতত ধৰি সীতাক ৰক্ষা কৰে। মন্দোদৰীয়ে কয় যে নাৰীহত্যা মহাপাপ আৰু এনেদৰে ৰাৱণে সীতাক হত্যা কৰিব নালাগে। তেওঁ ৰাৱণক তেওঁৰ আন পত্নীসকলৰ যোগেদি নিজৰ মনোৰঞ্জন কৰিবলৈ আৰু সীতাক তেওঁৰ পত্নী কৰি লোৱাৰ কামনা ত্যাগ কৰিবলৈ কয়। ৰাৱণে সীতাক হত্যা নকৰে যদিও তেওঁৰ সৈতে বিয়াত বহাৰ ইচ্ছা এৰি নিদিয়ে। [11] যদিও মন্দোদৰীয়ে সীতাক সৌন্দৰ্য আৰু বংশমৰ্যাদাৰ ক্ষেত্ৰত তেওঁৰ তুলনাত নিম্নমানৰ বুলি গণ্য কৰিছিল, তেওঁ সীতাৰ ৰামৰ প্ৰতি থকা ভক্তিক স্বীকাৰ কৰাৰ লগতে আৰু সীতাক শচী আৰু ৰোহিণীৰ দৰে দেৱীৰ সৈতে তুলনা কৰিছিল। [9]

যুদ্ধৰ কালসম্পাদনা কৰক

যেতিয়া সীতাৰ শান্তিপূৰ্ণ প্ৰত্যাৱৰ্তনৰ সকলো প্ৰচেষ্টা বিফল হয় ৰামে তেতিয়া ৰাৱণৰ লংকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ৰামৰ বিৰুদ্ধে যুঁজখনৰ আগমুহূৰ্তত মন্দোদৰীয়ে ৰাৱণক বাধা দিবলৈ শেষ প্ৰয়াস কৰে যদিও কোনো ফল নধৰে। [12] যদিও পুত্ৰ মেঘনাদ ওৰফে ইন্দ্ৰজিৎ আৰু ৰাৱণক ৰামৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ পৰামৰ্শ দিছিল, মন্দোদৰীয়ে শেষ যুঁজখনত এগৰাকী অনুগত আৰু বিশ্বাসী পত্নীৰ দৰে তেওঁৰ স্বামীৰ কাষত থিয় দিয়ে। [9][13]

ৰামায়ণৰ কেইবাটাও পাণ্ডুলিপিত এটা কাহিনী উল্লেখ কৰা হৈছে য'ত অংগদে ৰাৱণৰ উপস্থিতিতে সীতাৰ প্ৰতি কৰা ৰাৱণৰ অশুভ আচৰণৰ শাস্তি হিচাপে মন্দোদৰীক চুলিত ধৰি টানিছিল। ৰামায়ণৰ ভাষ্যকাৰ সত্যতীৰ্থই এই কাহিনীটো ভিত্তিহীন বুলি প্ৰত্যাখ্যান কৰিছে। [14] এই কাহিনী অনুসৰিঃ ৰাৱণৰ সকলো পুত্ৰ আৰু যোদ্ধাৰ মৃত্যু হোৱাত ৰাৱণে তেওঁৰ বিজয় নিশ্চিত কৰিবলৈ এক যজ্ঞৰ আয়োজন কৰে। ৰামে এই যজ্ঞ ধ্বংস কৰিবলৈ হনুমান আৰু বান্দৰ ৰাজকুমাৰ অঙ্গদৰ নেতৃত্বত বান্দৰৰ এটা দল প্ৰেৰণ কৰে। বান্দৰবোৰে ৰাৱণৰ প্ৰাসাদত ধ্বংসলীলা চলায় যদিও ৰাৱণে যজ্ঞ অব্যাহত ৰাখে। অংগদে ৰাৱণৰ সন্মুখতে মন্দোদৰীক চুলিত ধৰি টানি নিয়ে। মন্দোদাৰীয়ে ৰাৱণক তেওঁক বচাবলৈ অনুৰোধ কৰে আৰু ৰামে তেওঁৰ পত্নীৰ বাবে কৰি থকা কাৰ্যসমূহৰ বিষয়ে স্মৰণ কৰায়। খঙাল ৰাৱণে যজ্ঞ ত্যাগ কৰে আৰু অংগদক তৰোৱালেৰে আঘাত কৰে। যজ্ঞ ভংগ হোৱাৰ লগে লগে অংগদ্ৰ উদ্দেশ্য পূৰণ কৰা হয় আৰু তেওঁ মন্দোদৰীক এৰি পলাই যায়। মন্দোদৰীয়ে পুনৰ ৰাৱণক সীতাক ৰামৰ ওচৰত সমৰ্পণ কৰিবলৈ অনুৰোধ কৰে, কিন্তু তেওঁ এই কথা অস্বীকাৰ কৰে। [15] অন্যান্য ৰামায়ণৰ অভিযোজনে ঘটনাটোৰ অধিক বীভৎস বৰ্ণনা আগবঢ়াইছে। কৃত্তিবাসী ৰামায়ণে বৰ্ণনা কৰিছে যে বান্দৰবোৰে মন্দোদৰীক টানি নিয়ে আৰু বস্ত্ৰসমূহ ফালি-ছিৰি পেলায়। বিচিত্ৰ ৰামায়ণত হনুমানেই মন্দোদৰীক অপমান কৰে। থাই অভিযোজন ৰামাকিয়েনৰ বৰ্ণনা অনুসৰি হনুমানে ৰাৱণৰ ৰূপত ৰাৱণৰ জীৱন সুৰক্ষিত কৰি ৰখা মন্দোদৰীৰ সতীত্ব নষ্ট কৰে। [16]

ৰাৱণে ৰামৰ সৈতে অন্তিম দ্বৈত যুদ্ধত নামে। ৰামে ৰাৱণক তেওঁৰ সাধাৰণ তীৰেৰে হত্যা কৰাত ব্যৰ্থ হয় যদিও অৱশেষত যাদুকৰী তীৰৰ সহায়ত হত্যা কৰে। যদিও বাল্মীকিৰ ৰামায়ণে বৰ্ণনা কৰিছে যে যাদুকৰী তীৰপাট ইন্দ্ৰই ৰামক দিছিল, কিন্তু আন সংস্কৰণত ইয়াক মন্দোদৰীৰ শোৱাকোঠাত বা পালেঙৰ তলত লুকুৱাই ৰখা হৈছিল। মন্দোদৰীয়ে ৰাৱণৰ সুস্থতাৰ বাবে দেৱী পাৰ্বতীক উপাসনা কৰাত মগ্ন হৈ থাকোঁ‌তেই হনুমানে ব্ৰাহ্মণৰ ছদ্মবেশত তেওঁৰ ওচৰলৈ আহে। তেওঁৰ আত্মবিশ্বাস জয় কৰাৰ পিছত হনুমানে সেই তীৰপাটৰ গোপন অৱস্থান প্ৰকাশ কৰিবলৈ মন্দোদৰীক প্ৰৱঞ্চনাৰে বাধ্য কৰে। হনুমানে এই তীৰ নি ৰামক দিয়ে আৰু ইয়াৰ ফলতেই ৰাৱণৰ মৃত্যু ঘটে। [17] মন্দোদৰী ৰাৱণৰ মৃত্যুস্থলীত অবিন্যস্ত অৱস্থাত আহি উপস্থিত হয় আৰু তেওঁৰ মৃত্যুৰ বাবে গভীৰ দুখ প্ৰকাশ কৰে। [9][18] এই যুদ্ধত মন্দোদৰীয়ে স্বামীৰ লগতে তেওঁৰ পুত্ৰ আৰু আত্মীয়সকলকো হেৰুৱায়।[19]

বিভীষণৰ সৈতে বিবাহসম্পাদনা কৰক

ৰাৱণৰ মৃত্যুৰ পিছত বাল্মীকিৰ ৰামায়ণ মন্দোদৰীৰ ভাগ্যৰ বিষয়ে নীৰৱ হৈ থকাৰ বিপৰীতে ৰামায়ণৰ বহুকেইটা সংস্কৰণত কোৱা হৈছে যে ৰাৱণৰ মৃত্যুৰ পিছত ৰামে বিভীষণক তেওঁৰ নিজৰ পত্নী থকা স্বত্বেও মন্দোদৰীক তেওঁৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। এটা তত্ত্বৰ মতে যে ৰাৱণৰ গোত্ৰত মাতৃপ্ৰধান পৰিয়ালো থাকিব পাৰে আৰু সেয়েহে ৰাৱণৰ মৃত্যুৰ পিছত ৰাজ্যৰ শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ আৰু বিভীষণে শাসনৰ অধিকাৰ লাভ কৰিবলৈ ৰাজৰাণীক বিয়া কৰোৱাটো প্ৰয়োজনীয় আছিল। [20] আন এটা তত্ত্ব অনুসৰি ৰাজত্ব কৰি থকা ৰাণীক বিয়া কৰাটো এক অনাৰ্য ৰীতি হ'ব পাৰে।[19] মন্দোদৰী আৰু বিভীষণৰ মাজত বিবাহ তেওঁলোকৰ "পাৰস্পৰিক যৌন হস্তক্ষেপ"ৰ ওপৰত আধাৰিত বিবাহৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে "ৰাজনীতি সম্পৰ্কীয় কাৰ্য্য"হে। [20] হয়তো ৰাজ্যখনক ৰামৰাজ্য অযোধ্যাৰ সহযোগী হিচাপে সমৃদ্ধি আৰু স্থিৰতালৈ লৈ যাবৰ বাবে আৰু শাসনত তেওঁৰ নিজস্ব মতাধিকাৰ বাহাল ৰাখিবৰ বাবে মন্দোদৰীয়ে দেওৰেক বিভীষণক বিয়া কৰাবলৈ সন্মত হৈছিল।[19] স্বামীহাৰা মন্দোদৰীক আত্মহত্যাৰ পৰা আঁ‌তৰাই ৰাখিবলৈও ৰামে বিভীষণৰ সৈতে বিবাহৰ পৰামৰ্শ দিয়ে। [20]

সীতাৰ মাতৃসম্পাদনা কৰক

 
ৰাৱণৰ দ্বাৰা সীতা হৰণ।

যদিও বাল্মীকিৰ ৰামায়ণত মন্দোদৰীক সীতাৰ মাতৃ বুলি লিপিবদ্ধ কৰা হোৱা নাই, ৰামায়ণৰ কিছুমান পৰৱৰ্তী অভিযোজনত মন্দোদৰীক সীতাৰ মাতৃ হিচাপে বা অন্ততঃ তেওঁৰ জন্মৰ কাৰক হিচাপে বৰ্ণোৱা হৈছে।

অদ্ভুত ৰামায়ণে বৰ্ণনা কৰিছে যে ৰাৱণে এটা ডাঙৰ পাত্ৰত হত্যা কৰা ঋষিৰ তেজ সংৰক্ষণ কৰিছিল। ঋষি গৃৎসমদে দেৱী লক্ষ্মী তেওঁৰ জীয়ৰী হিচাপে লাভ কৰিবলৈ তপস্যা কৰি আছিল। তেওঁ দৰ্ভ বনৰ দুগ্ধ সংৰক্ষণ কৰি ইয়াক এটা পাত্ৰত মন্ত্ৰেৰে বিশুদ্ধ কৰি ৰাখিছিল যাতে লক্ষ্মীয়ে ইয়াত বাস কৰিব পাৰে। ৰাৱণে এই পাত্ৰটোৰ পৰা গাখীৰখিনি তেওঁৰ তেজৰ পাত্ৰত ঢালি দিছিল। ৰাৱণৰ এই দুষ্কাৰ্য্য দেখি মন্দোদৰী হতাশ হৈ পৰে আৰু সেয়েহে তেওঁ অতি বিষাক্ত বুলি ভবা তেজৰ পাত্ৰৰ পানীয় পান কৰি আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। কিন্তু মৃত্যুৰ পৰিৱৰ্তে, গৃৎসমদে সংগ্ৰহ কৰি ৰখা দুগ্ধৰ বাবে মন্দোদৰী লক্ষ্মীৰ অৱতাৰৰ সৈতে গৰ্ভৱতী হয়। মন্দোদৰীয়ে এই ভ্ৰূণটো কুৰুক্ষেত্ৰত সমাধিস্থ কৰে য'ত ইয়াক ৰজা জনকে আৱিষ্কাৰ কৰে আৰু সেই কন্যাৰ নাম সীতা ৰাখে।[21][22]

দেৱী ভাগৱত পুৰাণৰ মতে যেতিয়া ৰাৱণে মন্দোদৰীক বিয়া কৰাব বিচাৰে, তেতিয়া মায়াই তেওঁক সতৰ্ক কৰি দিয়ে যে তেওঁৰ ৰাশিফলে সূচায় যে তেওঁৰ প্ৰথম সন্তানে তেওঁৰ বংশ ধ্বংস কৰিব আৰু সেয়ে এই সন্তানক হত্যা কৰা উচিত। মায়াৰ পৰামৰ্শ উপেক্ষা কৰি ৰাৱণে তেওঁৰ প্ৰথম সন্তানক জনকৰ নগৰীত এটা বাকচত ভৰাই থৈ আহে য'ত এই সন্তানটি সীতা হিচাপে ডাঙৰ-দীঘল হয়।[21] ৰামায়ণৰ জৈন অভিযোজন যেনে বসুদেৱানন্দী, উত্তৰ-পুৰাণ, আৰু অন্যান্য আদিৰ মতেও সীতা ৰাৱণ আৰু মন্দোদৰীৰ কন্যা আৰু যেতিয়া তেওঁ ৰাৱণ আৰু তেওঁৰ পৰিয়ালৰ সমাপ্তিৰ কাৰণ হ'ব বুলি ভৱিষ্যতবাণী কৰা হয় তেতিয়া তেওঁক পৰিত্যাগ কৰা হয়। [23]

মালয় চেৰি ৰামা আৰু ইণ্ডোনেচিয়ান-জাভানীজ ৰামা কেলিংত ৰাৱণে ৰামৰ মাতৃ মন্দোদৰীক বিয়া কৰিব বিচাৰে যদিও প্ৰকৃত মন্দোদৰীৰ পৰিৱৰ্তে একে চেহেৰাৰ এগৰাকী ভুৱা মন্দোদৰীক বিয়া কৰায়। ৰামৰ পিতৃৰ এই ভুৱা মন্দোদৰীৰ সৈতে হোৱা সহবাসৰ ফলত সীতাৰ জন্ম হয়। সেই সূত্ৰেই তেওঁ আছিল ৰাৱণৰ কন্যা। [24]

আনন্দ ৰামায়ণৰ মতে, ৰজা পদ্মাক্ষৰ পদ্মা নামৰ এগৰাকী কন্যা আছিল। পদ্মা আছিল লক্ষ্মী দেৱীৰ অৱতাৰ। পদ্মাৰ বিবাহ সময়তেই ৰাক্ষসসকলে ৰজাক হত্যা কৰে। শোকগ্ৰস্ত পদ্মাই অগ্নিত জাপ দিয়ে। ৰাৱণে জুইত পাঁচবিধ গহনালৈ পৰিণত হোৱা পদ্মাৰ শৰীৰটো আৱিষ্কাৰ কৰে আৰু এটা পেৰাত বন্ধ কৰা লংকালৈ লৈ যায়। মন্দোদৰীয়ে পেৰাটো খুলি পদ্মাক ইয়াৰ ভিতৰত বিচাৰি পালে। তাই ৰাৱণক পিতৃলৈ দুৰ্ভাগ্য কঢ়িয়াই অনা পদ্মা থকা পেৰাটো পেলাই দিবলৈ পৰামৰ্শ দিয়ে। যেতিয়া বাকচৰ ঢাকনি বন্ধ কৰা হয় তেতিয়া পদ্মাই ৰাৱণক অভিশাপ দিয়ে যে তেওঁ লংকালৈ ঘূৰি আহিব আৰু ৰাৱণৰ ধ্বংসৰ কাৰণ হ'ব। ৰাৱণে পেৰাটো জনকৰ নগৰত পুতি পেলায়। জনকে এই পেৰাটো আৱিষ্কাৰ কৰে আৰু পদ্মাক সীতা হিচাপে ডাঙৰ-ডাঙৰ কৰে।[21]

চাৰিত্ৰিক বিশ্লেষণসম্পাদনা কৰক

 
থাইলেণ্ডৰ ৰামাকিয়েনত ৰাৱণ আৰু মন্দোদৰী।

অহল্যা দ্ৰৌপদী সীতা তাৰা মন্দোদৰী তথা
পঞ্চকন্যা স্মৰেনিত্যম মহাপাতক নাশনম

পাঁচগৰাকী দেৱী: অহল্য, দ্ৰৌপদী, সীতা, তাৰা আৰু মন্দোদৰীক নিত্য স্মৰণ কৰিলে মহাপাপ নাশ হয়। [25]

যদিও তেওঁলোকৰ কাকো অনুকৰণ কৰিব পৰা একোগৰাকী আদৰ্শ নাৰী বুলি গণ্য কৰা নহয়, হিন্দুসকলে নিত্য প্ৰাৰ্থনাত এই পাঁচগৰাকী কুমাৰী বা পঞ্চকন্যাক স্মৰণ কৰে। [26][27] অহল্যা আৰু তাৰাৰ সৈতে মন্দোদৰী ৰামায়ণৰ অন্তৰ্গত। আনহাতে বাকী দুগৰাকী নাৰী মহাভাৰতৰ।[19] "পৃষ্ঠভাগত অশান্ত আৰু গভীৰতাত আধ্যাত্মিক অন্বেষণ"ৰ বাবে পাঁচটা উপাদানৰ ভিতৰত মন্দোদৰীক পানীৰ সৈতে তুলনা কৰা হয়। [10] লেখক ধনলক্ষ্মী আয়াৰে কয়:[10]

তেওঁৰ কাহিনীটো এক স্মাৰক যে কেইজনমানৰ আচৰণৰ ওপৰত আধাৰিত, এটা গোটৰ সৰ্বজনীন অপবাদে, ব্যক্তিজনৰ মহানতা ঢাকি ৰাখিব নোৱাৰে। মন্দোদৰীয়ে এই বৰ্ণবাদৰ ধাৰণাক অস্বীকাৰ কৰে। তেওঁ সৰল, অবিচলিত আৰু আত্ম-প্ৰশংসিত, জ্ঞানৰ আলোকৰ দ্বাৰা চালিত, আবেগ আৰু আকাংক্ষাৰে আৱৰি থকা যুগত দৃঢ় বস্তুবাদক অৰ্থ প্ৰদান কৰে। তেওঁ হৈছে সেই সঁজুলি যিয়ে মনক জাগ্ৰত কৰে আৰু অযৌক্তিকতা মূল সত্তা হৈ পৰিলে যৌক্তিক পৰামৰ্শ দিয়ে। তেওঁৰ কথা নুশুনা আৰু প্ৰত্যাখ্যান কৰাটোৱে তেওঁৰ পথ সলনি নকৰে। তেওঁৰ বাবে, ধাৰ্মিক অংশটো অন্তৰ্মুখী, আনহাতে কৰ্তব্যনিষ্ঠ পত্নীৰ ভূমিকা হৈছে বাহ্যিক স্ব-ৰূপ। মন্দোদৰীয়ে ভাবিছিল যে তেওঁৰ কামৰ বিষয়ে নিজে কি ভাবে তাক কোৱাৰ সৈতেই নৈতিকতা আৰু মূল্যবোধৰ বিষয়ত তেওঁৰ স্বামীৰ প্ৰতি থকা কৰ্তব্য শেষ হৈছিল। তেওঁক বাধা দিবলৈ তেওঁ কোনো সাহসিকতাৰ যুঁজ দিয়া নাছিল বা এনে কৰাটো তেওঁৰ কৰ্তব্য বুলি বিবেচনা কৰা নাছিল।

ৰামায়ণত মন্দোদৰীৰ ভূমিকা চমু যদিও অতিশয় গুৰুত্বপূৰ্ণ। তেওঁক এগৰাকী ধাৰ্মিক আৰু সৎ ৰাজকীয় নাৰী হিচাপে বৰ্ণনা কৰা হৈছে। [9][10] প্ৰভাতী মুখাৰ্জীয়ে পঞ্চকন্যাৰ বাকীসকলৰ তুলনাত মন্দোদাৰীৰ জীৱনক "কম ৰঙীন আৰু ঘটনাবহুল" বুলি গণ্য কৰে। তেওঁ এইদৰে কৈছিল: "মন্দোদৰীয়ে কেতিয়াবাহে গুৰুত্ব পাইছিল... তেওঁৰ ছবিখনত গূঢ়তাৰ অভাৱ আৰু সোনকালে ম্লান হৈ যায়",[9] যদিও ৰাৱণে নিজৰ স্বামীৰ প্ৰতি মন্দোদৰীৰ ভালপোৱা আৰু আনুগত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। [27] পঞ্চকন্যা: ৱমেন অৱ চাবষ্টেন্স নামৰ কিতাপখনৰ লেখিকা প্ৰদীপ ভট্টাচাৰ্যই উল্লেখ কৰিছে যে "বাল্মীকীয়ে (ৰামায়ণ) তেওঁৰ (মন্দোদাৰী) বিষয়ে বিশেষ একো লিখা নাই, কেৱল তেওঁ তেওঁৰ স্বামীক সীতাক ঘূৰাই দিবলৈ সতৰ্ক কৰি দিছে আৰু ধৰ্ষণকাৰ্য প্ৰতিহত কৰিবলৈ তেওঁৰ পৰ্যাপ্ত প্ৰভাৱ আছে।" [19]

তথ্য সংগ্ৰহসম্পাদনা কৰক

টোকা
  1. Rāmopākhyāna: the story of Rāma in the Mahābhārata p.429
  2. Manmathnath Dutt (1891). Ramayana - Uttara Kanda. https://archive.org/stream/Ramayana_201309/Ramayana-VOL-4-Uttara-Kanda#page/n15/mode/2up. 
  3. 3.0 3.1 3.2 3.3 3.4 Bhattacharya, Pradip (March–April 2004). "Five Holy Virgins, Five Sacred Myths: A Quest for Meaning (Part I)". Manushi (141): 9–10. http://www.manushi-india.org/pdfs_issues/PDF%20141/03%20panchakanya%204-12.pdf. 
  4. Vālmīki; Goldman, Sally J. Sutherland; Lefeber, Rosalind; Pollock, Sheldon I. (1984) (en ভাষাত). The Rāmāyaṇa of Vālmīki: An Epic of Ancient India. Princeton University Press. ISBN 978-0-691-06663-9. https://books.google.com/books?id=mCtAAQAAIAAJ&q=hema+maya+mandodari. 
  5. 5.0 5.1 5.2 Mani p. 476
  6. George Williams (2008) [2003], A Handbook of Hindu Mythology, Oxford University Press, আই.এচ.বি.এন. 978-0195332612, pages 208-9
  7. Mandodari - Born of a Frog Devlok Mini with Devdutt Pattnaik Feb 16, 2018
  8. Times Of India (14 October 2015). "Saluting the virtues of Ravan". Shailvee Sharda. Times Of India (Lucknow). http://timesofindia.indiatimes.com/city/lucknow/Saluting-the-virtues-of-Ravan/articleshow/49344194.cms. 
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 Mukherjee 1999, পৃষ্ঠা. 39.
  10. 10.0 10.1 10.2 10.3 10.4 10.5 Ayyer 2006, পৃষ্ঠা. 50-51.
  11. Wheeler 1869, পৃষ্ঠা. 338.
  12. Wheeler 1869, পৃষ্ঠা. 365.
  13. Wheeler 1869, পৃষ্ঠা. 370.
  14. Goldman et al. 2009, পৃষ্ঠা. 1320.
  15. Wheeler 1869, পৃষ্ঠা. 373-4.
  16. Lutgendorf 2007, পৃষ্ঠা. 211.
  17. Lutgendorf 2007, পৃষ্ঠা. 154, 217.
  18. Wheeler 1869, পৃষ্ঠা. 382.
  19. 19.0 19.1 19.2 19.3 19.4 Bhattacharya, Pradip (1999–2010). "Panchkanya: Women of Substance". Boloji Media Inc. http://www.boloji.com/hinduism/panchkanya/pk01.htm। আহৰণ কৰা হৈছে: 15 June 2010. 
  20. 20.0 20.1 20.2 Shashi 1998, পৃষ্ঠা. 222.
  21. 21.0 21.1 21.2 Mani p. 721
  22. Shashi 1998, পৃষ্ঠা. 14-15, Sarga VIII of Adbhuta Ramayana.
  23. Shashi 1998, পৃষ্ঠা. 237.
  24. Shashi 1998, পৃষ্ঠা. 243.
  25. Devika, V.R. (October 29, 2006). "Women of substance: Ahalya". The Week খণ্ড 24 (48): 52. 
  26. Mukherjee 1999, পৃষ্ঠা. 36.
  27. 27.0 27.1 Mukherjee 1999, পৃষ্ঠা. 48-49.
সহায়ক গ্ৰন্থপঞ্জী