অসমৰ লোকগীত
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰী, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য।[1] এইসমূহ লোকগীতৰ ৰচনাকাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে।
শ্ৰেণীবিভাজন
সম্পাদনা কৰকঅসমৰ লোকগীত সমূহৰ শ্ৰেণীবিভাজন তলত উল্লেখ কৰা হ’ল :—
- অনুষ্ঠানমূলক:(ক) ভক্তিমূলক (খ) ধৰ্ম নিৰপেক্ষ।
- আখ্যানমূলক:(ক) কিংবদন্তি (খ) বুৰঞ্জীমূলক।
- ধৰ্মবিষয়ক: তত্ত্বমূলক।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ সূৰ্য্য বৰা (২৪ ছেপ্তেম্বৰ ২০২০). "অসমীয়া লোকগীত: এক চমু আলোকপাত". https://muktosinta.org/oxomiya-lokosangeet/.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- assamesesongs.org Archived 2013-12-16 at the Wayback Machine, a pay-site with popular music from Assam.
- Rupaliparda.com, a free resource for current happenings in assamese entertainment world.