আধুনিক যুগৰ জন্ম কাহিনী

অসমীয়া গ্ৰন্থ

আধুনিক যুগৰ জন্ম কাহিনী (ইংৰাজী: Aadhunik Jugor Jonmo-Kahini) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য ৰচনা। গ্ৰন্থখন প্ৰথম ১৯৮৯ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ দুই পুত্ৰ অনিন্দ্য আৰু প্ৰদীপ্তলৈ আগবঢ়াইছে।[1]

আধুনিক যুগৰ জন্ম কাহিনী  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী,১৯৮৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৯৬
আই.এচ.বি.এন. 978-81-7665-544-6

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত এক, দুইকৈ মুঠ চৈধ্যটা অধ্যায়ত লেখকে আধুনিক যুগৰ আৰম্ভণিৰ বিষয়ে বৰ্ণনা কৰি গৈছে।[1] এইখন গ্ৰন্থত লেখকে ইউৰোপীয় নৱজাগৰণৰ ইতিহাস থুলমূলকৈ কিন্তু মনোগ্ৰাহী ভাষাত আলোচনা কৰিছে। ইউৰোপীয় নৱজাগৰণৰ বৈশিষ্ট্য ব্যাখ্যা কৰোঁতে তেখেতে লিখিছিল যে এই নৱজাগৰণৰ এক অন্যতম লক্ষ্য আছিল মানুহৰ বহুমুখী প্ৰতিভাৰ বিকাশ ঘটাই মানুহক পূৰ্ণ মানৱত পৰিণত কৰা-যি ধৰণৰ পূৰ্ণ মানুহ আছিল লিঅ'নাৰ্ডো ডা ভিন্সি।[2]

অন্যান্য সম্পাদনা কৰক

এই কিতাপখন ১৯৮৯-৯০ চনত অসমৰ মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত অসমীয়া মাধ্যমৰ হাইস্কুলত সমূহত অসমীয়া বিষয়ৰ দ্ৰুতপাঠ হিচাপে অনুমোদন কৰা হৈছিল।[2]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[3] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[4]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (ছেপ্তেম্বৰ,২০১৪). আধুনিক যুগৰ জন্ম কাহিনী. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. 2.0 2.1 ডঃ চুলতান আলী আহমেদ (১৮ মে',২০২১). "অসমৰ সমাজ জীৱনলৈ হোমেন বৰগোহাঞিৰ বহুমুখী অৱদান". নিয়মীয়া বাৰ্তা. নিয়মীয়া বাৰ্তা: পৃষ্ঠা ৭. Archived from the original on 2021-05-20. https://web.archive.org/web/20210520131045/https://niyomiyabarta.com/epaper/18052021/page7.php। আহৰণ কৰা হৈছে: 20 মে' 2021. 
  3. Sahitya Akademi Official website.
  4. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক