কিতাপ পঢ়াৰ আনন্দ

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

কিতাপ পঢ়াৰ আনন্দ (ইংৰাজী: Kitap Pohar Aanondo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বন্ধু অশোক শইকীয়াৰ কৰকমলত আগবঢ়াইছে।[1]

কিতাপ পঢ়াৰ আনন্দ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী মুকুল বৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ১৯৯১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮০
আই.এচ.বি.এন. 978-81-7665-541-5

বিৱৰণ সম্পাদনা কৰক

কিতাপখন দুটা অধ্যায়ত বিভক্ত। কিতাপখনৰ পাতনিত তেওঁ কিতাপে সভ্যতাৰ দ্ৰুত বিকাশ কৰাৰ প্ৰসংগত ফৰাচী দাৰ্শনিক ভলতেয়ৰে কোৱা এষাৰ বাণী উল্লেখ কৰিছে, “কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰিছে। যি সমাজত কিতাপৰ প্ৰচলন নাই সেই সমাজ থকা-নথকা একে কথা।”[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (আগষ্ট,২০১৫). কিতাপ পঢ়াৰ আনন্দ. শ্ৰী অজয় কুমাৰ দত্ত. ISBN 978-81-7665-541-5. 
  2. Sahitya Akademi Official website.

লগতে চাওক সম্পাদনা কৰক