আনন্দ আৰু বেদনাৰ সন্ধানত

অসমীয়া গ্ৰন্থ

আনন্দ আৰু বেদনাৰ সন্ধানত(ইংৰাজী: Ananda aru bedonar sondhanot) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৭ টা প্ৰবন্ধৰ লগত ৫ টা পৰিশিষ্ট শিতান আছে। গ্ৰন্থখনৰ পাতনি লিখিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই।[1]

আনন্দ আৰু বেদনাৰ সন্ধানত  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক,জীৱনী
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী, ১৯৮১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-7665-375-6

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, জৰ্জ লুই বৰ্ঝেছ; এড্‌গাৰ লী মাষ্টাৰছ্; গ্যেটে আৰু চাৰ্লট ফন্‌ ষ্টেইন; গ্যেটেৰ সৰ্বশেষ প্ৰেমৰ কবিতা; হাইন্‌ৰিখ হাইনে;ডাগ্ হেমাৰশ্বল্ড;অৰ্ধ-পশু অৰ্ধ-দেৱতা আৰু পৰিশিষ্টত সংযোগ কৰিছে - 'গ্যেটে(ফাউষ্টৰ পৰা)', 'কেইটামান কবিতা', 'হাইন্‌ৰিখ হাইনে','জৰ্জ লুই বৰ্ঝেছ' আৰু 'এড্‌গাৰ লী মাষ্টাৰছ্'।অৰ্ধ-পশু অৰ্ধ-দেৱতা প্ৰবন্ধটো হৈছে যন্ত্ৰণাৰ অতি বাস্তৱবাদী কবি আৰ্থাৰ ৰিয়াঁবোৰ বিষয়ে। চন্দ্ৰপ্ৰসাদ শইকীয়াই পাতনিতে কিতাপখনত বৰ্ণিত ব্যক্তিকেইজনৰ আলোচনাক লৈ এনেদৰে মন্তব্য দিছে, “ব্যক্তি জীৱনৰ অসম্পূৰ্ণতা, যন্ত্ৰণা, হতাশাই কবি-শিল্পীৰ মহত্তৰ স্বপ্ন আৰু সৃষ্টিৰ মাজেদি শাশ্বত, চিন্ময় ৰূপ লাভ কৰিছে। জীৱনৰ এই দ্বিমুখী ৰূপটোকে লেখকে এই গ্ৰন্থত সন্নিৱিষ্ট ভাবোদ্দীপক প্ৰবন্ধ কেইটাত আঁকিবলৈ প্ৰয়াস কৰিছে।”[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (ডিচেম্বৰ,২০০৮). আনন্দ আৰু বেদনাৰ সন্ধানত. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক

হোমেন বৰগোহাঞিৰ আনন্দ আৰু বেদনাৰ সন্ধানত