আমাক কিতাপ লাগে

অসমীয়া গ্ৰন্থ

আমাক কিতাপ লাগে (ইংৰাজী: Aamak Kitap Lage) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৩ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ শ্ৰী বিজয় কুমাৰ দত্তৰ কৰকমলেষুত আগবঢ়াই একেবাৰে আদিতে এনেদৰে লিখিছে, "মৰমৰ বিজয়, তোমাৰ লগত চিনাকি হ'বৰ দিন ধৰি তুমি মোৰ লেখক-জীৱনত এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছা। মোৰ যোৱা সাত বছৰৰ সাহিত্য-চৰ্চাৰ লগত তোমাৰ নামটো অবিচ্ছেদ্যভাৱে জড়িত। আন্তৰিক প্ৰীতি আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে মোৰ এই কিতাপখন তোমাৰ নামত উছৰ্গা কৰিলো।"[1]

আমাক কিতাপ লাগে  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী কৃষ্ণেন্দু চাকী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী,১৯৯৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-85905-20-7

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত ২৫ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে,আমাক কিতাপ লাগে; অসমত কিতাপ প্ৰকাশৰ সমস্যা; অসম সাহিত্য সভাৰ ভৱিষ্যত; হতাশাৰ বিষণ্ণ ঋতু; সুখ স্মৃতি; তুমি আৰু আপুনি; গোলাপ বৰবৰাৰ লগত এটা সন্ধিয়া; শিশুৰ কাৰণে; জীৱনৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ; এখন অলিখিত উপন্যাসৰ নায়কৰ কথা; ডাঃ প্ৰসাদ বৰদলৈ; শিক্ষাগুৰু; গান্ধীজীৰ তাবিজ; শুচি-বায়ু; খৈনি; সতী আৰু অসৎ; কথা নোকোৱাৰ তত্ব-কথা; ঢকুৱাখনাৰ ফাট-বিহু/ ধৰ্ম আৰু আফিং; টি ভিৰ পৰা সাৱধান; অসমীয়াই কিয় পৰিশ্ৰম কৰিব নোখোজে; অপৰাজিত; ভয়ঙ্কৰ সুন্দৰ; মানসিক পুষ্টিহীনতা; আৰু জ্ঞানাৰ্জনৰ কাৰণে পঢ়িবলগীয়া এশখন কিতাপ।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জানুৱাৰী,১৯৯৩). আমাক কিতাপ লাগে. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক