আশীৰ দশকৰ দস্তাবেজ

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

আশীৰ দশকৰ দস্তাবেজ(ইংৰাজী: Aashiir Dashakar Dastaabej) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪১ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০০১ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ সদাশয়, সহৃদয় আৰু সদালাপী বন্ধু গৌতম প্ৰসাদ বৰদলৈৰ হাতত আগবঢ়াইছে।[1]

আশীৰ দশকৰ দস্তাবেজ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপোন চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ,২০০১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫১
আই.এচ.বি.এন. 81-7665-110-9

বিৱৰণ সম্পাদনা কৰক

আশীৰ দশকৰ দস্তাবেজৰ আগকথাত লেখকে লিখিছে," আশীৰ দশকটো(১৯৮০-'৯০) অসমৰ সাম্প্ৰতিক বুৰঞ্জীত এটা অতি ঘটনা-মুখৰ দশক।...সাংবাদিকৰ কাৰণে আশীৰ দশকটো আছিল প্ৰত্যাহ্বানৰ সময়। কিন্তু ঠিক সেই সময়ছোৱাতে মই অসমৰ সাংবাদিকতাৰ পৰা নিৰ্যাসিত হ'বলৈ বাধ্য হ'লো। অসম-আন্দোলনে মোক এঘৰীয়া কৰাৰ ফলত অসমৰ বাতৰি কাকতত মোৰ লেখা প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰিল; আনকি মই সেই সময়ত সম্পাদনা কৰা 'নাগৰিক' নামৰ বাৰ্তালোচনীখনো বন্ধ কৰি দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল। নিৰুপায় হৈ মই ১৯৮১ চনৰ মাৰ্চ মাহত কলিকতাৰ পৰা প্ৰকাশিত 'আজকাল' নামৰ বাংলা দৈনিক বাতৰি কাকতত যোগ দিবলৈ বাধ্য হ'লো।"[1] ১৯৮১ চনৰ পৰা ১৯৯১ চনলৈকে মুঠ দহবছৰ 'আজকাল'ত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে কাম কৰা হোমেন বৰগোহাঞিয়ে সেই সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক ঘটনা-প্ৰৱাহৰ বিষয়ে বহুতো তথ্য আৰু বিশ্লেষণ প্ৰকাশ কৰিছিল। 'আজকাল'ৰ পৰা তাৰে কেইটামান নিৰ্বাচিত প্ৰবন্ধ লৈয়ে লেখকে লিখিছে "আশীৰ দশকৰ দস্তাবেজ" শীৰ্ষক গ্ৰন্থখন। উল্লেখযোগ্য যে প্ৰবন্ধবোৰ আৰম্ভণিতে বাংলাৰ আছিল। অসমীয়ালৈ অনুবাদ কৰি সেইসমূহ প্ৰকাশ কৰাত লেখকক সহায় কৰিছে আমিনুৰ ৰহমান। আগকথাতে লেখকে স্পষ্টভাৱে সেইকথা উল্লেখ কৰি ৰহমানক ধন্যবাদ জনাইছে।[1]

প্ৰবন্ধসমূহ হৈছে, 'অসম আন্দোলনৰ ৰাজনীতিয়ে বিহুকো স্পৰ্শ কৰিছে', 'অসম আন্দোলনে সাম্প্ৰদায়িক সংঘৰ্ষৰ ভেটি প্ৰস্তুত কৰি আছে', 'যি পথেৰে বিদ্ৰোহীসকলে অহা-যোৱা কৰে', 'বাংলা ভাষাৰ প্ৰাধান্যই অসমত বঙালী-বিদ্বেষৰ মূল কাৰণ', 'অসম কি গৃহযুদ্ধৰ বাবে সাজু হৈছে', 'অসমৰ বাতৰি কাকতত অগপ চৰকাৰৰ কাহিনী প্ৰকাশৰ প্ৰতিযোগিতা', 'নেলি গণহত্যা সংক্ৰান্ত তেৱাৰী কমিটিৰ প্ৰতিবেদন অগপ চৰকাৰেও গোপন কৰিলে', 'অগপ-শাসিত অসমত এতিয়া শ্বহীদৰ ওৱাদানি', 'অসম-চুক্তিৰ ছয় নং ধাৰা', 'শইকীয়াই আচলতে বিচাৰিছে তেওঁক গ্ৰেপ্তাৰ কৰা হওক',' 'নিজৰ দুষ্কৰ্ম ঢাকিবলৈ অগপই ৰিপোৰ্ট প্ৰকাশ কৰিছে' ', 'দৰঙত কি আকৌ গৃহযুদ্ধ হ'বলৈ ওলাইছে', 'বিদেশী-মুক্ত কৰাৰ নামত অসমত চলিছে ধৰ্ষণ, ভূমিদখল', 'অসমৰ গোৰ্খা নেতাক কেন্দ্ৰ কৰি ৰহস্য সৃষ্টি', 'বিতৰ্কিত বে-আইনী অভিবাসী আইন,১৯৮৩', ' 'কৃষকসকলক মাটিৰ পত্তন দিয়া হওক' ','অসমত উপজাতি বিদ্ৰোহে দেখা দিব পাৰে', 'হাইলাকান্দিত 'সাহিত্য-সভা'ৰ বৈঠকঃ উদ্দেশ্যটো কি- সাহিত্য নে ৰাজনীতি?', 'অগপ চৰকাৰৰ বিৰুদ্ধে লৌহ-দস্তানা আগবঢ়াই দিছে অসমীয়া সাংবাদিকে', 'মিজোসকল মাদকদ্ৰব্যৰ দাসত পৰিণত হৈছে', 'অসমক সমান সমান ভাগত ভগাই দিয়া', 'হাইলাকান্দিত অসম সাহিত্য সভাঃ ফল কাৰো পক্ষেই ভাল নহ'ব', 'অসমত উগ্ৰপন্থীবোৰ পুনৰ সক্ৰিয় হৈ উঠিছে', 'অগপ শাসনৰ দুবছৰ', 'হিতেশ্বৰ অসমলৈ উভতি আহিবনে?', 'এতিয়া সংখ্যালঘুৰ মন যোগাইছে অগপই', ' 'বিদেশী'ঃ হিচাপৰ ভেলেকি দেখুৱাইছেব অগপই', ' মাজনিশালৈকে নাচিলে গিলে, সেই নিশা আমাৰ খোৱাই নহ'ল', 'বোমা বিস্ফোৰণৰ পৰিকল্পনা 'আছু'ৰঃ ৰিপোৰ্ট', 'উভতি অহাৰ ৰণ-কৌশল প্ৰস্তুত কৰি আছে কংগ্ৰেছে, অসমত চি.পি.এম.-এই দখল কৰিব ক্ষমতা', 'ব্যাপক উপজাতীয় বিদ্ৰোহত কংগ্ৰেছ আনন্দিত, অগপ যেন সপ্তৰথী-বেষ্টিত অভিমন্যু','হিতেশ্বৰক লৈ চলিছে প্ৰবল বিতৰ্ক', 'অসমত ৰাষ্ট্ৰপতি শাসনৰ প্ৰতীক্ষা', 'মহন্তৰ ষড়যন্ত্ৰৰ ফলত বড়ো সমস্যা সমাধানত ফুকনৰ প্ৰচেষ্টা উটি গ'ল', 'নতুন ভাষাত কথা কৈছে অসমৰ সংখ্যালঘুসকলে', 'মঞ্চত শইকীয়া, পিছ হুঁহকিলে মহন্ত-বিৰোধীসকল', 'নেলিৰ পিছত দ্বিতীয় বৰ্বৰতা গহপুৰতঃ৩০০ জন নিৰুদ্দেশ, তেওঁলোক কি নিহত?', 'ৰাষ্ট্ৰীয় মৰ্চাই ভোটত হাৰিলেও অগপই তেওঁলোকৰ লগ নেৰে', 'ভোটাৰ তালিকাৰ লেতেৰা ৰাজনীতি আৰু কিমানদিন?', 'কাৰ্বি নেতাক আঁতৰাই অগপ শলঠেকত?' আৰু 'নিৰ্বাচনৰ মুখামুখি হোৱাৰ সাহস নাই অগপৰ' ।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 হোমেন বৰগোহাঞি (নৱেম্বৰ,২০১৬). আশীৰ দশকৰ দস্তাবেজ. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক সম্পাদনা কৰক