এছিয়াত নাৰী মুক্তি আন্দোলন

এছিয়াত নাৰী মুক্তি আন্দোলন (ইংৰাজী: Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল। এছিয়াত নাৰী মুক্তিয়েও এনে বিশেষ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিছিল যিয়ে মুক্তি আন্দোলনক বিভিন্ন দেশত প্ৰভাৱিত কৰি তুলিছিল।

কেইবাখনো দেশ পশ্চিমীয়া নাৰী মুক্তি আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু চীনৰ ক্ষেত্ৰত সাংস্কৃতিক বিপ্লৱৰ ধাৰণাসমূহে পশ্চিমৰ নাৰী মুক্তিৰ গঢ় দিয়াত সহায় কৰিছিল। বহু এছিয়ান নাৰীবাদীয়ে নাৰীবাদী হোৱা বা "এছিয়ান" হোৱাৰ মাজৰ সীমা অতিক্ৰম কৰিবলগীয়া হৈছিল। ভাৰতত জাতি ব্যৱস্থাই নাৰী মুক্তিৰ দৃষ্টিভংগীৰ ওপৰত প্ৰভাৱ পেলাইছিল যে লিংগ আৰু শ্ৰেণীক খুব কমেইহে পৃথক কৰিব পৰা যায়। একেদৰে ইজৰাইলতো মতামত গঢ়ি তোলাত পেলেষ্টাইনী মহিলাৰ দুৰ্দশা গুৰুত্বপূৰ্ণ হৈ পৰিল। জাপানত এই আন্দোলনে সমতাতকৈ যৌনতাক গুৰুত্ব দিছিল, নাৰীৰ স্বায়ত্তশাসন আৰু নিজৰ সামাজিক ভূমিকা নিৰ্বাচন কৰাৰ স্বাধীনতাৰ স্বীকৃতি লাভৰ প্ৰয়াসত। ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু টাইৱানত মুক্তিবাদী আন্দোলনে নাৰী মুক্তিৰ বাবে বিশ্বব্যাপী আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু সাধাৰণতে যৌনতাবাদৰ বিৰুদ্ধে যুঁজখনক ঔপনিৱেশিকতাবাদ আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে সংগ্ৰামৰ সৈতে সংযুক্ত কৰিছিল। তুৰস্কলৈ নাৰী মুক্তি আন্দোলনৰ প্ৰৱাহ আন দেশৰ তুলনাত পলমকৈ প্ৰসাৰিত হৈছিল আৰু আন দেশৰ নাৰীবাদীসকলৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছিল৷ ইয়াৰ লগতে ইছলামিক মহিলাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। তুৰস্কৰ নাৰী মুক্তিৰ সংগ্ৰাম ঘৰুৱা হিংসাৰ বিষয়টোক কেন্দ্ৰ কৰিয়েই প্ৰধানকৈ গঢ়ি উঠিছিল।

ভাৰতত সম্পাদনা কৰক

১৯৬০ চনৰ শেষৰ ফালে ভাৰতৰ ৰাজনীতি চৰম পৰ্যায়ত উপনীত হয় আৰু দুৰ্নীতি আৰু ধ্বংসাত্মক উন্নয়নে কঢ়িয়াই অনা অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ অসংখ্য বিশেষ স্বাৰ্থজড়িত গোট গঠন হয়। ১৯৭০ চনৰ ভিতৰত মহাৰাষ্ট্ৰ ৰাজ্যৰ খৰাঙে বহুতৰে অৱস্থা বেয়া কৰি পেলায়। ১৯৭৪ চনত নৱনিৰ্মান আন্দোলনৰ উৎসাহত শিখৰত উপনীত হোৱা বিভিন্ন শ্ৰেণীৰ মহিলাসকলে নেতৃত্বক প্ৰত্যাহ্বান জনাবলৈ প্ৰত্যক্ষ কাৰ্যত লিপ্ত হ'বলৈ আৰম্ভ কৰে।[1] ১৯৭০ চনৰ পৰা ভাৰতত "মহিলাৰ মুক্তি"ৰ ধাৰণাটো এটা "সন্মানজনক বিষয়"ত পৰিণত হয়।[2]মহিলাসকলে দেখিবলৈ ধৰিলে যে আইনী সুৰক্ষাই তেওঁলোকৰ জীৱনৰ বাস্তৱতা সলনি কৰিবলৈ বৰ বেছি কাম কৰা নাই।[3] দৰিদ্ৰতাত জীৱন কটোৱা গ্ৰাম্য মহিলাসকলে নিজকে দুগুণ বঞ্চিত বুলি উপলব্ধি কৰিবলৈ ধৰিলে৷ ইয়াৰ বাবে তেওঁলোকে অৰ্থনৈতিক আৰু তেওঁলোকৰ নিম্ন সামাজিক মৰ্যাদাৰ দিশটো পুনৰ নিৰীক্ষণ কৰিলে।[4] দলিতৰ দৰে নিম্নবৰ্ণৰ মহিলাসকলে উপলব্ধি কৰিছিল যে তেওঁলোকে শ্ৰেণী যুদ্ধৰ লগতে যৌনতাবাদৰ বিৰুদ্ধেও যুঁজিব লাগিব।[4] কিন্তু ১৯৭০ চনত নাৰী মুক্তি আন্দোলনত অংশগ্ৰহণ কৰা বেছিভাগ মহিলাই মধ্যবিত্ত বা উচ্চ জাতিৰ অংশ আছিল আৰু চহৰীয়া-শিক্ষিত আছিল।[5]

১৯৭০ চনৰ ভিতৰত কেৰালাৰ মহিলা ফেডাৰেচনৰ সদস্য সংখ্যা এক লাখলৈ বৃদ্ধি পাইছিল আৰু ১৯৭৩ চনৰ এপ্ৰিল মাহত পশ্চিম বংগত গণতন্ত্ৰী মহিলা সমিতি (গণতন্ত্ৰিক মহিলা সংগঠন)ৰ এখন ৰাজ্যিক সন্মিলন অনুষ্ঠিত হৈছিল য'ত প্ৰায় প্ৰতিখন জিলাৰ পৰা ১২১,৬৩২ জন সদস্যই অংশগ্ৰহণ কৰিছিল।[6] ১৯৭৪ চনত মহাৰাষ্ট্ৰৰ মহিলা মূল্যবৃদ্ধি বিৰোধী আন্দোলন, হায়দৰাবাদৰ মহিলাৰ প্ৰগতিশীল সংগঠন (POW), আৰু বম্বেৰ স্ত্ৰী মুক্তি সংঘটনাৰ দৰে সংগঠন গঠন কৰা হয় আৰু মহিলাসকলে এই বাওঁপন্থী সংগঠনসমূহত অধিক সংখ্যক যোগদান কৰে।[7][6]১৯৭৪ চনৰ ডিচেম্বৰ মাহত তামিলনাডুত প্ৰথম গণতান্ত্ৰিক মহিলা সংঘ সন্মিলন অনুষ্ঠিত হয়।[8] দিল্লীত ছাত্ৰ অশান্তি আৰু প্ৰতিবাদৰ ফলত মহিলাসকলে নিজাকৈ মানৱ অধিকাৰ আন্দোলন গঢ়ি তুলিছিল।[7]

১৯৭৪ আৰু ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা সম্পৰ্কে কৰা সমীক্ষাৰ অংশ হিচাপে টুৱেৰ্ডছ ইকুৱেলিটি প্ৰতিবেদন প্ৰকাশ কৰা হয়৷ এই প্ৰতিবেদনে কয় যে স্বাধীনতাৰ পিছৰ ভাৰতত অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনত মহিলাৰ অংশগ্ৰহণ হ্ৰাস পাইছে।[9] পশ্চিমীয়া নাৰী মুক্তি আন্দোলনৰ দৰে যৌনতা সেই যুগত এক নিষিদ্ধ বিষয় আছিল যদিও যৌনতা হিংসাজনিত ঘটনাৰ এক বিষয় হৈ পৰিছিল। সেইবাবেই লেছবিয়ানসকল এই আন্দোলনৰ অংশ আছিল যদিও যৌন অভিমুখ বহুলাংশে ব্যক্তিগত বিষয় আছিল।[10]একেদৰেই মুক্তিবাদীসকলক শ্ৰেণীভিত্তিক কৰ্মীসকলৰ প্ৰতি বিঘ্নিতকাৰী হিচাপে বৈশিষ্ট্যযুক্ত কৰা হৈছিল; যিসকলে দৃঢ়তাৰে বিশ্বাস কৰিছিল যে শ্ৰেণীগত পাৰ্থক্য দূৰ কৰিলে মহিলাৰ সমস্যা সমাধান হ'ব।[11] ১৯৮১ চনত কলিকতাৰ কৰ্মীসকলে[12] সচেতনা নামৰ এটা গোট গঠন কৰে যাৰ লক্ষ্য আছিল ইয়াৰ সদস্য আৰু অন্যান্য মহিলাসকলৰ মাজত সচেতনতা বৃদ্ধি কৰা।[13] তেওঁলোকৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰতিবাদ আছিল সদস্য মালিনী ভট্টাচাৰ্যই কইনা বিক্ৰীৰ প্ৰতিবাদত লিখা মেয়ে দিলে শ্বাজিয়ে নামৰ এখন নাটকৰ নিৰ্মাণ।[12]ৰাজনৈতিক দলৰ পৰা সম্পূৰ্ণ পৃথক এই গোটটোৱে চৰকাৰী নীতি আৰু পিতৃতন্ত্ৰক সমালোচনা কৰা বিষয়সমূহ মুকলিকৈ প্ৰকাশ আৰু আলোচনা কৰিছিল আৰু ইয়াৰ বাবেই গোটটো বিভিন্ন বিশ্বাস আৰু ৰাজনৈতিক সম্পৰ্কৰ মহিলাসকলৰ বাবে এক আলোচনাৰ স্থানত পৰিণত হৈছিল।[14]

১৯৭৭ চনত ভাৰতত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ পিছত মহিলা আন্দোলনৰ সদস্য সংখ্যা বৃদ্ধি পালে৷ গোটত প্ৰধানকৈ সংগঠিত, অনুশাসিত, স্তৰভিত্তিকভাৱে গাঁথনিযুক্ত, দলৰ সৈতে জড়িত গোট বা নেতাহীন, সৰ্বাংগীন আৰু বিশৃংখল, কিন্তু শিথিলভাৱে জড়িত স্বায়ত্তশাসিত গোটৰ সংখ্যাধিক্য দেখা গ'ল, যি সামান্যভাৱে ৰাজনৈতিক বাওঁপন্থীৰ দ্বাৰা প্ৰভাৱিত আছিল।[15] ১৯৮০ চনত বম্বেত কামা হলত অনুষ্ঠিত হোৱা ধৰ্ষণৰ বিৰোধী মঞ্চই এনে এটা স্থান চিহ্নিত কৰিছিল য’ত কৰ্মীসকলে উপলব্ধি কৰিছিল যে ব্যৱস্থাগত বিষয়সমূহৰ বিৰুদ্ধে যুঁজিবলৈ আইনী সংস্কাৰ আৰু সজাগতা উভয়ৰে ওপৰত গুৰুত্ব আৰোপ কৰা বহুমাত্ৰিক সংগ্ৰামৰ প্ৰয়োজন৷[16] ইয়াৰে ভিত্তিত নাৰীবাদীসকলে সমস্যা সমাধানৰ হেতু বিভিন্ন দল একত্ৰিত কৰিবলৈ আৰম্ভ কৰে।[17]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Patel 1985, পৃষ্ঠা. 2–3.
  2. Omvedt 1975, পৃষ্ঠা. 40.
  3. Jones 1996, পৃষ্ঠা. 151.
  4. 4.0 4.1 Omvedt 1975, পৃষ্ঠা. 44.
  5. Sowjanya 2011, পৃষ্ঠা. 52.
  6. 6.0 6.1 Omvedt 1975, পৃষ্ঠা. 41.
  7. 7.0 7.1 Patel 1985, পৃষ্ঠা. 3.
  8. Omvedt 1975, পৃষ্ঠা. 40-41.
  9. Menon 2011, পৃষ্ঠা. xx, 110–111.
  10. Menon 2011, পৃষ্ঠা. 24.
  11. Menon 2011, পৃষ্ঠা. 93–94.
  12. 12.0 12.1 Ray 2002, পৃষ্ঠা. 95.
  13. Ray 2002, পৃষ্ঠা. 77.
  14. Ray 2002, পৃষ্ঠা. 61, 101.
  15. Menon 2011, পৃষ্ঠা. 176–177.
  16. Menon 2011, পৃষ্ঠা. 179.
  17. Menon 2011, পৃষ্ঠা. 201.