কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত

কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত (ইংৰাজী: Congressor Kanciali Rodat) হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে। ১৯৬০ চনৰ সাহিত্য অকাডেমি বঁটাৰ বাবে গ্ৰন্থখন মনোনীত হৈছিল।[1]

কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত  
লেখক বেণুধৰ শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ৰাজনৈতিক ইতিহাস
প্ৰকাশ ১৯৫৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গ্ৰন্থকাৰৰ চমু পৰিচিতি সম্পাদনা কৰক

বেণুধৰ শৰ্মা সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি। তেখেত এগৰাকী প্ৰত্নতত্ত্ববিদ, সাংবাদিক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল। ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত তেখেত অধিষ্ঠিত হৈছিল। তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক ইতিহাস ৰত্ন, বুৰঞ্জীৰ যাদুকৰ আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক বুৰঞ্জী সূৰ্য আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।

গ্ৰন্থৰ চমু বিৱৰণ সম্পাদনা কৰক

গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ সময়ৰ বিভিন্ন ঘটনাৱলী বিভিন্ন অধ্যায়ত বৰ্ণনা কৰা হৈছে। মহাত্মা গান্ধীৰ অসম আগমন, শিৱসাগৰৰ অসহযোগ, চাৰিং কংগ্ৰেছ কমিটি, অসহযোগৰ অন্তিম সভাখনকে ধৰি কেইবাটাও ঘটনাক নিজস্ব অভিজ্ঞতালব্ধ উপলব্ধিৰে বৰ্ণনা কৰিছে।[2] গ্ৰন্থখনত বহুকেইখন ছবিও সংলগ্ন হৈছে। গ্ৰন্থখনৰ মতে, ১৯২১ চনৰ (১৮৪৩ শক) ২৪ আগষ্টত যোৰহাটত মহাত্মা গান্ধীৰ পদাৰ্পণ ঘটে। সেই দিনা শিৱসাগৰৰ ৰাইজেও মহাত্মাৰ বক্তৃতা শুনিবলৈ পায়।[3]

সন্মান সম্পাদনা কৰক

১৯৬০ চনৰ সাহিত্য অকাডেমি বঁটাৰ বাবে গ্ৰন্থখন বিবেচিত হৈছিল।[1] ১৯৬১ চনৰ ২৬ মাৰ্চত ভাৰতৰ তেতিয়াৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেখেতেক নতুন দিল্লীত এই সন্মান প্ৰদান কৰে।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৯. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  2. 2.0 2.1 "কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত". Internet archieve. https://archive.org/details/in.ernet.dli.2015.452540/page/n7/mode/2up। আহৰণ কৰা হৈছে: 21 October 2020. 
  3. শৰ্মা, বেণুধৰ. "যোৰহাটত মহাত্মাৰ প্ৰথম পদাৰ্পণ". এনাজৰী. Archived from the original on 24 October 2020. https://web.archive.org/web/20201024084156/https://www.enajori.com/?p=638। আহৰণ কৰা হৈছে: 21 October 2020.