পদ্মনাথ গোহাঞি বৰুৱা

অসমীয়া সাহিত্যিক

পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি।[1][2]

পদ্মনাথ গোহাঞি বৰুৱা
জন্ম ২৪ নৱেম্বৰ, ১৮৭১
নকাৰী গাঁও, উত্তৰ লক্ষীমপুৰ
মৃত্যু ২১ এপ্ৰিল, ১৯৪৬ (৭৪ বছৰ)
পেচা কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক
সময় জোনাকী যুগ

জন্ম আৰু বংশ পৰিচয়

সম্পাদনা কৰক

গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ ২৯আঘোন মঙলবাৰে মাজ নিশা উত্তৰ লক্ষীমপুৰৰ (বৰ্তমানৰ উত্তৰ লখিমপুৰ) নকাৰী (বা নকাড়ী) মৌজাৰ নকাৰী গাঁৱত। তেখেতৰ পিতৃৰ নাম ঘিণাৰাম গোহাঞিবৰুৱা আৰু মাতৃৰ নাম লম্ভীদেৱী আছিল।[3] ঘিণাৰাম গোহাঞিবৰুৱাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ জাঁজী মৰাণ গাঁৱত। তেখেতৰ পিতৃদেৱতাৰ নাম আছিল কিনাৰাম গোহাঞি ডেকাবৰুৱা। তেওঁ থাউমুং ক্লিংলুনমং বুঢ়াগোহাঞিৰ বংশৰ লোক আছিল। পদ্মনাথ গোহাঞি বৰুৱা আছিল পিতৃ-মাতৃৰ অষ্টম সন্তান।[4]

১৮৭৯ চনত আঠ বছৰ বয়সত তেখেতে উত্তৰ লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে। সেই সময়ত অসমত বঙলা মাধ্যমত পঢ়া-শুনা চলিছিল বাবে তেৱোঁ বঙলা মাধ্যমতে পঢ়া-শুনা কৰিছিল। সেই বিদ্যালয় মজলীয়া ছাত্ৰবৃত্তি বিদ্যালয়লৈ উন্নীত হোৱাত তেওঁ তাৰপৰাই ছাত্ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নাম লগায়। পিছলৈ তেওঁ কহিমা হাইস্কুলত নামভৰ্তি কৰে আৰু তাৰপৰাই ১৮৯০ চনত এণ্ট্ৰেন্স (প্ৰৱেশিকা) পৰীক্ষা পাছ কৰাৰ পাছত উচ্চ শিক্ষাৰ বাবে কলকাতাৰ ৰিপন কলেজত ভৰ্তি হয়। অৱশ্যে কহিমাত পৰীক্ষা কেন্দ্ৰ নথকাৰ বাবে তেওঁ ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত বহে।[4] এফ. এ. পঢ়োঁতে কলকাতাৰ চেণ্ট জেভিয়াৰ্চ, জেনেৰেল এচেম্লি আদি কলেজৰ মাজেৰে শেষত ওকালতিৰ শ্ৰেণীতো নাম লগাইছিল। কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ উভতি আহে।[3] তেওঁৰ পাণ্ডিত্যৰ বাবে কলিকতা বিশ্ববিদ্যালয়ে গোহাঞি বৰুৱাক বিএ উপাধি প্ৰদান কৰিছিল।[4]

কৰ্মজীৱন

সম্পাদনা কৰক

অসমলৈ আহি ক’হিমা মধ্য ইংৰাজী বিদ্যালয়ত তেখেত প্ৰধান শিক্ষক ৰূপে নিযুক্ত হয়। ইয়ালৈ আহি তেওঁ ভাষাৰ সমস্যা, পাঠ্যপুথিৰ অভাৱ আদি লক্ষ্য কৰি তেওঁ নিজে কেইবাখনো পাঠ্যপুথি, নীতিশিক্ষাৰ পুথি, ভূগোল, বুৰঞ্জীৰ পুথি ৰচনা কৰে। কহিমাত কিছুদিন কাম কৰাৰ পিছত তেওঁ তেজপুৰৰ নৰ্মাল স্কুলত প্ৰধান শিক্ষক হিচাপে নিযুক্ত হয়। ইয়াৰ পিছত তেওঁ তেজপুৰ চৰকাৰী হাইস্কুল, যোৰহাট চৰকাৰী হাইস্কুল আদিত কাম কৰে।[4]

ক'হিমাত থাকোঁতে গোহাঞি বৰুৱাই ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ আৰু ‘ক'হিমা সাহিত্য সভা’ প্ৰতিষ্ঠা কৰে। এই দুয়োখন সভাৰে তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেজপুৰ নৰ্মাল স্কুলত প্ৰধান শিক্ষকৰূপে থাকোঁতে তেখেত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ সম্পাদকৰূপে নিৰ্বাচিত হয়। তেখেতৰ যত্নতে তেজপুৰত ‘নামঘৰ’ আৰু ‘বাণ ৰঙ্গমঞ্চ’ স্থাপন হয়। তেখেত কিছুকাল ধৰি ‘অসম ব্যৱস্থাপক সভা’ ৰ সদস্য থকাৰ উপৰিও তেজপুৰ পৌৰসভাৰ সভাপতি আছিল। গোহাঞিৰবৰুৱা ‘অসম ৰায়ত সভা’, সদৌ অসম শিক্ষক সন্মিলনী’, আহোম সভা, অসম মণ্ডল কাননগো সন্মিলনী, জয়মতী উৎসৱ সমিতি আদিৰ লগতো জড়িত আছিল। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনীৰ তৃতীয় বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।[3]

১৯১৭ চনত অসম চৰকাৰে গোহাঞি বৰুৱাক দ্বিতীয় শ্ৰেণীৰ আৰু ১৯৪১ চনত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে নিযুক্ত কৰে। তেওঁ কিছুদিনৰ বাবে মঙ্গলদৈত তহচিলদাৰৰো কাম কৰিছিল। ইয়াৰ লগতে তেওঁ কলিকতা আৰু পাটনা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ পৰীক্ষক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ বিএ মহলাৰ প্ৰশ্নকাৰো আছিল। তদানীন্তন ব্ৰিটিছ চৰকাৰে তেওঁক ‘ৰায় চাহাব’ আৰু ‘ৰায় বাহাদুৰ’ উপাধি প্ৰদান কৰিছিল। তেওঁ তেজপুৰ পৌৰসভাৰ চেয়াৰমেন আৰু আহোম এছোচিয়েছনৰ সম্পাদকো আছিল।[4]

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

ক'হিমাত থাকোঁতে তেখেত লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। কিন্তু লীলাৱতীৰ অকাল মৃত্যু হোৱাত হীৰাৱতীৰ লগত দ্বিতীয় বিবাহ হয়। এখেতৰ গৰ্ভতে সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়।[3]

সাহিত্য-চৰ্চা

সম্পাদনা কৰক

গোহাঞি বৰুৱাই লক্ষীমপুৰৰ স্কুলত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰে। তেওঁৰ বন্ধু পানীন্দ্ৰ নাথ গগৈৰ লগত লগ লাগি দুয়ো সাহিত্য সাধনাত ব্ৰতী হয়। ১৮৮০ চনত তেওঁ কলিকতা(বৰ্তমানৰ কলকাতা)ত পঢ়াৰ সময়ত ‘জোনাকী’ ৰ সংস্পৰ্শলৈ আহে। সেই সময়তে তেখেতে বেণুধৰ ৰাজখোৱাৰ সৈতে লগ লাগি বিহু গীতৰ গ্ৰন্থ ‘ডেকা-গাভৰু’ প্ৰকাশ কৰে। এই গ্ৰন্থ খনক ‘জোনাকী’য়ে অশ্লীল বুলি অভিমত দিয়াত ৰাজখোৱা আৰু গোহাঞি বৰুৱাই ক্ষুণ্ণ হৈ ‘জোনাকী’ ত্যাগ কৰে আৰু সমান্তৰালকৈ তেওঁলোকে ‘বিজুলী’ (১৮৯০) প্ৰকাশ কৰে আৰু ‘অসম লিটাৰেৰী ক্লাৱ’ প্ৰতিষ্ঠা কৰে।[3]বিজুলী’ ৰ প্ৰথম সম্পাদক আছিল কৃষ্ণ প্ৰসাদ দুৱৰা। কৃষ্ণ প্ৰসাদ দুৱৰাই কলিকতা এৰিব লগাত হোৱাত দ্বিতীয় বছৰৰ পৰা গোহাঞি বৰুৱাই সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। পিছত তেওঁ কলিকতা এৰিব লগা হোৱাত ১৮৯০ চনত ‘বিজুলী’ৰ প্ৰকাশ বন্ধ হয়। ১৯০১ চনত তেজপুৰৰ পৰা প্ৰকাশ পায় ‘আসাম বন্তি’। এই কাকতৰ প্ৰথম সম্পাদক আছিল মথুৰা মোহন বৰুৱা। এই কাকতৰো তেওঁ সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব লগীয়া হৈছিল। এই কাকত ১৯৪৬ চন পৰ্যন্ত প্ৰকাশ হয়। অতি জটিল সময়ত অসম বন্তিয়ে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছিল। অসমীয়া সমাজৰ মুখপাত্ৰ হিচাপে কাম কৰি ই ব্ৰিটিছ চৰকাৰলৈ বহুতো গুৰুত্বপূৰ্ণ বিষয় চৰ্চালৈ আনিছিল।[5] তেওঁৰ সম্পাদনাতে অসমীয়া তৃতীয়খন আলোচনী ‘ঊষা’ (১৯০৭-১৯১২) প্ৰকাশ হয়। হেম চন্দ্ৰ গোস্বামী, সত্যনাথ বৰা, শৰৎ চন্দ্ৰ গোস্বামী আদি বহুগৰাকীয়ে নিয়মিতভাৱে আলোচনীখনত লিখিছিল।[5] গোহাঞি বৰুৱাৰ মুঠ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৩৩ খন।

কবিতা

পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান তুলনা বিহীন। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্ৰ নাথ গগৈৰ সৈতে লগ লাগি ‘পদ্মাপাণি’ নামৰ কবিতা পুথি এখন ৰচনা কৰিছিল। তেওঁৰ পত্নী ‘লীলাৱতী’ৰ মৃত্যুত ৰচনা কৰে ‘লীলা কাব্য’।[3] ‘জুৰণি’(১৯০১) আৰু ‘ফুলৰ চানেকি’ (১৯৪১) তেওঁৰ আন দুখন কবিতা গ্ৰন্থ।

নাটক

গোহাঞি বৰুৱাই অসমীয়া নাট্য ভাণ্ডাৰ চহকী কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। তেখেতে স্কুলীয়া অৱস্থাতে কামাখ্যালৈ আহোঁতে বঙালী ‘অভিমন্যু বধ’ যাত্ৰাভিনয় চাই, শিৱসাগৰত মঞ্চ সাজি এই যাত্ৰাভিনয় কৰে। সেই সময়ত অসমত বঙালী নাটকৰ প্ৰভাৱ বেছি আছিল। এই অভাৱ দূৰ কৰাৰ বাবে তেখেতে অসমৰ ইতিহাসৰ ভিত্তিত কেইবাখনো নাট ৰচনা কৰে। সেই নাটকৰ ভিতৰত হ’ল – জয়মতী (১৯০০), গদাধৰ (১৯০৭), সাধনী (১৯১১), আৰু লাচিত বৰফুকন (১৯১৫) আদি। তেখেতৰ প্ৰহসনমূলক নাটক তিনিখন হ’ল গাওঁবুঢ়া (১৮৯৭), টেটোন তামুলী (১৯০৯) আৰু ভূত নে ভ্ৰম (১৯১৫)। পৌৰাণিক নাটক হ’ল – বাণৰজা (১৯৩২। তেজপুৰৰ বাণ ৰংগমঞ্চ স্থাপনত তেওঁৰ প্ৰচেষ্টা জড়িত হৈ আছিল।[3]

উপন্যাস

তেখেতৰ উপন্যাস দুখন হ’ল – ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২)। এই দুয়োখন উপন্যাসেই বুৰঞ্জীমূলক। তেখেতৰ ভানুমতী উপন্যাস অসমীয়া সাহিত্যৰ প্ৰথম উপন্যাস হিচাপে স্বীকৃত।

অন্যান্য সাহিত্যকৃতি

আত্মজীৱনী – ‘মোৰ সোঁৱৰণী’ (১৯৭২)। ধৰ্মমূলক গ্ৰন্থ – শ্ৰীকৃষ্ণ (১৯৩০)। শ্ৰীমদ্ভাগৱত গীতাৰ আলমত ৰচনা কৰে ‘গীতাসাৰ’ (১৯৩৫)। অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ ৰচনা কৰা পুথিসমূহ হ’ল – নীতিশিক্ষা, আদি শিক্ষা, মহাৰাণী, অসম বুৰঞ্জী, হিন্দু বুৰঞ্জী, সাহিত্য সংগ্ৰহ(১৮৯০), জীৱনী সংগ্ৰহ (১৯১৫), বুৰঞ্জীবোধ, ভূগোল দৰ্পণ, দেশী কছৰত্, শিক্ষাবিধি আদি গ্ৰন্থ।

অসমীয়া ৱিকিউৎসত পঢ়ক ভানুমতী, লাহৰী, গীতাসাৰ, বুৰঞ্জীবোধ, অসম বুৰঞ্জী

অসম সাহিত্য সভা আৰু পদ্মনাথ গোহাঞি বৰুৱা

সম্পাদনা কৰক

১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্ৰথম সভাপতি নিৰ্বাচিত হয় পদ্মনাথ গোহাঞিবৰুৱা[6]। ২৬ আৰু ২৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত এই সভাত সভাপতিৰ আসনৰ পৰা তেখেতে কৈছিল, “জাতীয় অন্তৰম ভাৱ, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। আকৌ ভাষাতকৈ সাহিত্য এখোজ আগ। সেই কাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত জাতীয় সাহিত্য তাতোকৈ এখোজ আগুৱাই যায়। গতিকে মানুহৰ জাতি আৰু ধৰ্ম সাহিত্যৰ ভেঁটি হ’লেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। সাজ-পাৰ আদিয়েও এই বিষয়ত সাহিত্যক পিছ পেলাই আগবাঢ়িব নোৱাৰে। ১৯১৮ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাবে তেখেত সম্পাদক নিৰ্বাচিত হয়। এই সভাত সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। ১৯৩৩ চনত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাত তেখেতক সম্বৰ্ধনা জনোৱা হয়। ১৯০৬ চনত তেখেতক ইংৰাজ চৰকাৰে সাহিত্যিক পেন্সন আগবঢ়ায়। সেই সময়ত সাহিত্যিক পেঞ্চন আছিল ২৫ টকা। উল্লেখযোগ্য যে গোহাঞিবৰুৱাদেৱেই আছিল চৰকাৰৰপৰা সাহিত্যিক পেঞ্চন পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক ।

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয় ১৯৪৬ চনৰ ৭ বহাগ,২১ এপ্ৰিল তাৰিখে।

আলোকচিত্ৰ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "প্ৰবন্ধ:পদ্মনাথ গোহাঞিবৰুৱা, লিখক, বাবুল তামুলী, উৎস: বিপুলজ্যোতি ডট ইন". Archived from the original on 2012-05-01. https://web.archive.org/web/20120501063805/http://www.bipuljyoti.in/authors/padmanath.html। আহৰণ কৰা হৈছে: 2012-06-06. 
  2. ২০০৬ ৰ নবেম্বৰত দ্যা আসাম ট্ৰুবিউন কাকতত প্ৰকাশিত প্ৰবন্ধ
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 "অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা". gyanodaya.co.in. Archived from the original on 30 September 2022. https://web.archive.org/web/20220930194214/https://gyanodaya.co.in/2021/12/17/padmanath-gohain-baruah/। আহৰণ কৰা হৈছে: 23 June 2022. 
  4. 4.0 4.1 4.2 4.3 4.4 Misira Parbin. "পদ্মনাথ গোহাঞিবৰুৱাৰ নাট্যকৃতি এটি অধ্যয়ন". shodhganga.inflibnet.ac.in. পৃষ্ঠাসমূহ: ১০৯-১৫৮. https://shodhganga.inflibnet.ac.in/handle/10603/188423। আহৰণ কৰা হৈছে: 23 June 2022. 
  5. 5.0 5.1 "Padmanath Gohain Baruah, Assamese Literature". www.indianetzone.com. 03-04-2013. https://www.indianetzone.com/53/padmanath_gohain_baruah.htm। আহৰণ কৰা হৈছে: 23 June 2022. 
  6. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।