কাচ্চী বিৰিয়ানী
কাচ্চী বিৰিয়ানীৰ (ইংৰাজী: Kacchi Biryani ) উৎপত্তি স্থল মধ্য এছিয়া হ’লেও দক্ষিণ এছিয়াৰ দেশবোৰত, বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ আদি দেশত ই এক জনপ্ৰিয় খাদ্য। কাচ্চী বিৰিয়ানী সুগন্ধি চাউল, ঘি বা তেল, গৰম মচলা আৰু কেঁচা মাংস মিহলি কৰি ৰন্ধা হয়। মুছলমানসকলৰ জৰিয়তে ই ভাৰতীয় উপমহাদেশত প্ৰসাৰতা পাইছে।[2]
বাংলাদেশৰ এখন ৰেষ্টুৰেণ্টত পৰিবেশিত কাচ্চী বিৰিয়ানী | |
প্ৰকাৰ | প্ৰধান খাদ্য |
---|---|
উৎপত্তিৰ স্থান | মধ্য এছিয়া |
অঞ্চল | বাংলাদেশ, ভাৰত, পাকিস্তান ইত্যাদি |
মুখ্য উপাদান | চাউল, মচলা, ছাগলীৰ মাংস, আলু, টেঙাদৈ ইত্যাদি[1] |
নামকৰণ
সম্পাদনা কৰককাচ্চী বিৰিয়ানীৰ কাচ্চী শব্দটো আহিছে উৰ্দু ভাষাৰ কাচ্চা শব্দৰ পৰা; যাৰ অৰ্থ কেঁচা। যিহেতু সুগন্ধি চাউলৰ সৈতে কেঁচা মাংস মিহলি কৰি একেলগে ৰন্ধা হয়, সেয়েহে ইয়াৰ নাম হ’লগৈ কাচ্চী বিৰিয়ানী। ই হিন্দী, বঙালী আৰু উৰ্দু আটাইকেইটা ভাষাতে একে নামেৰেই পৰিচিত।[2]
উৎপত্তি
সম্পাদনা কৰককাচ্চী বিৰিয়ানীৰ জন্ম মধ্য এছিয়াৰ দেশবোৰত। তাজাকিস্তান, উজবেকিস্তানৰ লোকৰ পচন্দ আছিল ৰঙা মাংস। এই শীত প্ৰধান অঞ্চলৰ লোকসকলে ছাগলী, ভেড়াৰ ৰঙা মাংসৰেই কাচ্চীৰ সূত্ৰপাত কৰে। চাউল, মাখন, নিমখ, জালুক, ইলাচী আৰু স্থানীয় মচলা জায়ফলেৰে তেওঁলোকে এবিধ খাদ্য প্ৰস্তুত কৰে।[1] তাইমূৰৰ শাসনকালৰ শেষৰ পিনে যেতিয়া সমৰকন্দৰ দপদপনি, তেতিয়াই সম্ভৱতঃ এই খাদ্যবিধৰ প্ৰচলন হৈছিল। ভাৰত উপমহাদেশত ১৬১০ খ্ৰীষ্টাব্দত কাচ্চী বিৰিয়ানীৰ প্ৰচলন হৈছিল, যেতিয়া মোগল চুবেদাৰ আৰু অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ প্ৰশাসন পৰিচালনাৰ বাবে ঢাকালৈ আগমণ হৈছিল। তেওঁলোকৰ বেছিভাগেই লক্ষ্ণৌৰ পৰা আহিছিল আৰু ব্যক্তিগত ৰান্ধনী লৈ আহিছিল। পৰৱৰ্তী সময়ত বহুতো চুবেদাৰ ঢাকাৰ পৰা স্থানান্তৰিত হ’লেও কোনো কোনো ৰান্ধনী ঢাকাতেই থাকি গৈছিল আৰু স্বল্প পৰিসৰত হ’লেও কাচ্চী বিৰিয়ানীক ঢাকাত বচাই ৰাখি মোগলাই ৰন্ধনশৈলী আৰু আপ্যায়নৰ পৰম্পৰাত সজীৱ কৰি ৰাখিছিল। লাহেলাহে ই ঢাকাৰ স্থানীয় খাদ্য সম্ভাৰৰ সমান্তৰালকৈ জনপ্ৰিয় হৈ উঠে। কাচ্চী বিৰিয়ানীয়ে এটা অনন্য সোৱাদ তৈয়াৰ কৰি সাধাৰণ মানুহৰ মন জয় কৰে আৰু তেওঁলোকৰ খাদ্য তালিকাৰ নিয়মিত অংশত পৰিণত হয়।[2]
প্ৰস্তুত প্ৰণালী
সম্পাদনা কৰকউপকৰণ
সম্পাদনা কৰক১ কিলোগ্ৰাম ছাগলী, গৰু বা কুকুৰাৰ মাংস (নিজৰ পচন্দ মতে) বাবে প্ৰয়োজনীয় উপকৰণ: নিমখ- সোৱাদ অনুসাৰে; দেৰ টেবুল চামুচ আদা আৰু নহৰু বটা; আধাকাপ টেঙা দৈ; জৰ্দাৰ ৰং বা জাফৰান- পচন্দ অনুসাৰে; আধা চাহ চামুচ দালচেনীৰ গুৰি; আধা চাহ চামুচ ইলাচীৰ গুৰি; ৩-৪টা লং; ১ চিকুট জায়ফলৰ গুৰি; সামান্য জিৰা গুৰি; দালচেনী ২টুকুৰা; ১ চাহ চামুচ চেনী; আধা চাহ চামুচ জালুকৰ গুৰি; ১মুঠি পেস্তা বাদাম; ৩টা তেজপাত; আলু ২টা; পিয়াজ প্ৰয়োজন অনুসাৰে; তুলসীমালা বা বাচমতী চাউল আধা কিলোগ্ৰাম।[1]
প্ৰণালী
সম্পাদনা কৰকমাংস ৰন্ধাৰ পূৰ্বে ভালকৈ ধুই নিমখ-পানীত কেইঘণ্টামান তিয়াই ৰাখিব লাগে। নিমখ-পানী তিয়াই ৰাখিলে মাংস কোমল হয় আৰু সহজে সিজে। তাৰপিছত মাংসখিনি ধুই দৈ, দালচেনী, ইলাচী গুৰি আৰু জৰ্দাৰ ৰং মিহলাই সানিব লাগে। এইবাৰ জায়ফল আৰু জালুকৰ গুৰি, আদা-নহৰু বটাৰ সৈতে মাংসখিনি ভালকৈ সানি লব লাগে। চাউল বেলেগে সিজাই এটা পাত্ৰত মচলা সনা মাংসৰ টুকুৰাবোৰৰ ওপৰত সজাই লব লাগে। তাৰ ওপৰত দিব লাগে ভজা টুকুৰা আলু আৰু পিয়াজ। পাত্ৰটো চৌকাৰ ওপৰত বহাই ভাপ ওলাই যাব নোৱাৰাকৈ চাৰিওফালে আটাৰে বন্ধ কৰি দিয়ক। তিনিৰ পৰা চাৰি ঘণ্টাৰ ভিতৰত কাচ্চী বিৰিয়ানী তৈয়াৰ হৈ যাব। ইয়াৰ পিছত ঢাকনি খুলি অলপ পাতলকৈ লৰাই দিব লাগে। পাতলকৈ নলৰালে লদা লদা হোৱা চাউলবোৰ ভাঙি যাব। এনেকৈয়ে প্ৰস্তুত হয় কাচ্চী বিৰিয়ানী।[1]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 "কাচ্চি বিৰিয়ানি ৰেচিপি". archive.org. February 26, 2019. Archived from the original on 1 May 2020. https://web.archive.org/web/20200501103918/https://www.mituni.info/2019/02/blog-post_55.html?m=1/। আহৰণ কৰা হৈছে: 11 February 2023.
- ↑ 2.0 2.1 2.2 "The History of Biryani". DesiBlitz. https://www.desiblitz.com/content/the-history-of-biryani#:~:text=It%20was%20created%20after%20Aurangzeb,kacchi%20biryani%20was%20also%20perfected.। আহৰণ কৰা হৈছে: 11 February 2023.