কানন দেৱী

ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী

কানন দেৱী (ইংৰাজী: Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল। প্ৰায় ৭০খন ছবিত তেওঁ অভিনয় কৰিছে। ইয়াৰ বাহিৰেও তেওঁক বিজ্ঞাপন ছবিতো দেখা গৈছিল। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিছে।[1][2]

কানন দেৱী

কানন দেৱী, ১৯৩০ৰ দশক
জন্ম ২২ এপ্ৰিল, ১৯১৬
হাওৰ, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৭ জুলাই, ১৯৯২ (৭৬ বছৰ)
কলকাতা, পশ্চিমবঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা অভিনয়
পিতৃ-মাতৃ ৰতন চন্দ্ৰ দাস (পিতৃ)

কৰ্ম জীৱন সম্পাদনা কৰক

 
কানন দেৱী স্মাৰক ডাক টিকট, ২০১১

কানন দেৱীৰ ১৯১৬ চনত ব্ৰিটিছ ভাৰতৰ বঙ্গৰ হাওৰাত জন্ম হৈছিল। তেওঁ এজনী ৰক্ষিতাৰ সন্তান আছিল। তেওঁৰ দেউতাক ৰতন চন্দ্ৰ দাস সদাগৰী অফিচৰ এজন কেৰাণী আছিল। তেওঁৰ দেউতাৰ এখন সৰু দোকানো আছিল। নবছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ মাকে জীয়েক দুজনীক লৈ এজন দূৰ সম্পৰ্কীয় আত্মীয়ৰ ঘৰত ৰান্ধনী আৰু বনকৰা হৈ আছিল। অসম্ভৱ দৰিদ্ৰতাৰ মাজত পিষ্ট হোৱা কাননে মাত্ৰ দহ-এঘাৰ বছৰ বয়সতে কামৰ সন্ধানত মদন থিয়েটাৰ হাজিৰ হয়। তাত তেওঁ জয়দেৱ (১৯২৬) ছবিৰ এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। ১৯২৭ চনত অভিনয় কৰে ‘শঙ্কৰাচাৰ্য’ত। চলচ্চিত্ৰ জগতত তেওঁ কানন বালা নামে পৰিচিত হয়। কাননে মুঠতে মদন থিয়েটাৰত পাঁচখন ছবিত (১৯২৬-১৯৩২) অভিনয় কৰে। অন্য চাৰিখন হ’ল- ‘ঋষিৰ প্ৰেম’ (১৯৩১), ‘জোৰেবাৰাত’ (১৯৩১), ‘বিষ্ণু মায়া’ (১৯৩২) আৰু ‘প্ৰহ্লাদ’। শেষৰ দুখনত তেওঁ পুৰুষৰ চৰিত্ৰতো অভিনয় কৰে।[1][3]

তেওঁ ১৯৩৩ চনৰ পৰা ১৯৩৬ চনলৈ ৰাধা ফিল্মছত অভিনয় কৰে; তাৰ পিছত আকৌ নিউ থিয়েটাৰত ১৯৩৭চনৰ পৰা ১৯৪১চনলৈ; এম.পি. প্ৰডাকচনত ১৯৪২ চনৰ পৰা ১৯৪৮ চনলৈ; অৱশেষত তেওঁ নিজৰ শ্ৰীমতী পিকচাৰচত ১৯৪৯ চনৰ পৰা ১৯৬৫ চনলৈ। নিৰ্বাক ছবিৰ শিশুশিল্পীৰ অভিনয়েৰে আৰম্ভ কৰি সফলতাৰে সবাক ছবিলৈ তেওঁৰ উত্তৰণ হয়।[1]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৪০ চনত কাননে অশোক মৈত্ৰক বিয়া কৰায়। অশোক মৈত্ৰ কট্টৰ ব্ৰাহ্ম সমাজৰ শিক্ষাবিদ হেৰম্ব চন্দ্ৰ মৈত্ৰৰ পুত্ৰ আছিল। তেওঁলোকৰ প্ৰচেষ্টাৰ পিছতো সংৰক্ষণশীল সমাজৰ পৰিপ্ৰেক্ষিতত এই বিয়া নিটিকিল। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰে দম্পতীহাললৈ শুভেচ্ছাৰ চিন স্বৰূপে উপহাৰ পঠিওৱাত তেৱোঁ কঠোৰ সমালোচনাৰ মুখামুখি হৈছিল। বিয়াৰ পিছত কাননে অভিনয় কৰাটো বিচৰা হোৱা নাছিল। ১৯৪৫ চনত কাননে বিবাহ-বিচ্ছেদৰ বাবে আবেদন কৰে। বিবাহ-বিচ্ছেদৰ যন্ত্ৰণাৰ পিছতো তেওঁ গিৰিয়েকৰ প্ৰতি অপৰিসীম কৃতজ্ঞতা জনাইছিল এইবাবে যে এই বিবাহৰ যোগে তেওঁৰ স্বামীয়ে তেওঁক জীৱনত প্ৰথমবাৰৰ বাবে এক সামাজিক মৰ্যাদা দিছিল। ১৯৪৯ চন মানত তেওঁ হৰিদাস ভট্টাচাৰ্যীক বিবাহ কৰায়। হৰিদাস বঙ্গৰ ৰাজ্যপালৰ এ.ডি.চি. আছিল। ১৯৯২ চনৰ ১৭ জুলাইত ৭৬ বছৰ বয়সত তেওঁৰ কলকাতাত মৃত্যু হয়।[3]

সন্মান সম্পাদনা কৰক

  • ১৯৪২- ‘পৰিচয়’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বেঙ্গল ফিল্ম এণ্ড জাৰ্ণেলিষ্ট বঁটা
  • ১৯৪৩- ‘শেষ উত্তৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বেঙ্গল ফিল্ম এণ্ড জাৰ্ণেলিষ্ট বঁটা
  • ১৯৬৮- পদ্মশ্ৰী সন্মান
  • ১৯৭৬- দাদাচাহেব ফাল্কে বঁটা
  • ২০১১- ভাৰতীয় ডাক বিভাগৰ দ্বাৰা কানন বালাৰ সোঁৱৰণত ডাক টিকট মুকলি[4]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Ashish Rajadhyaksha; Paul Willemen; Professor of Critical Studies Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 88. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&pg=PA271। আহৰণ কৰা হৈছে: 28 February 2015. 
  2. হাৰ্টখ্ৰব নায়িকা গায়িকা কানন দেৱীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী. বাংলা নিউজ. ১৮ জুলাই ২০১৩. Archived from the original on 2021-12-11. https://web.archive.org/web/20211211162508/http://www.bengalinews24.com/good-news-everday/2013/07/18/11137। আহৰণ কৰা হৈছে: 2021-02-14. 
  3. 3.0 3.1 মাজহাৰুল ইছলাম. সুকুমাৰী থেকে সুচিত্ৰা. অন্য দিন, ঈদ সংখ্যা. 
  4. "মীনা কুমাৰী, কানন দেৱী,নূতন ও দেৱিকা ৰাণীৰ নামে স্মাৰক ডাকটিকিট". প্ৰথম আলো, বাংলাদেশ. http://archive.prothom-alo.com/detail/date/2011-02-09/news/130065। আহৰণ কৰা হৈছে: 14 February 2021. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ সম্পাদনা কৰক