কাম কৰাৰ আনন্দ

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

কাম কৰাৰ আনন্দ (ইংৰাজী: Kaam Korar Aanondo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। প্ৰথমবাৰ ২০০৭ চনৰ অক্টোবৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে কৰ্মযোগী ডাঃ নোমলচন্দ্ৰ বৰাৰ কৰকমলত আগবঢ়াইছে।[1]

কাম কৰাৰ আনন্দ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ অক্টোবৰ, ২০০৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮৮
আই.এচ.বি.এন. 81-7665-321-7

বিৱৰণ সম্পাদনা কৰক

কিতাপখন ৪০ টা অধ্যায়ত বিভক্ত। এজন অচিনাকী মানুহে ২০০২ চনত হোমেন বৰগোহাঞিক লিখিতভাৱে অনুৰোধ কৰিছিল এনেদৰে,"ছাৰ, কেইবছৰমানৰ আগতে আপুনি 'কিতাপ পঢ়াৰ আনন্দ' নামৰ এখন কিতাপ লিখিছিল। আপোনাৰ সেই কিতাপখন পঢ়ি মোৰ নিচিনা বহুত মানুহে কিতাপৰ জগতখনক নতুনকৈ আৱিষ্কাৰ কৰিছিল; কিতাপক নতুন চকুৰে চাবলৈ শিকিছিল। এইবাৰ আপুনি 'কাম কৰাৰ আনন্দ' নামৰ এখন কিতাপ আমাক উপহাৰ দিব নোৱাৰেনে?' কিতাপখনৰ আৰম্ভণিতে এই কথা উল্লেখ আছে। হোমেন বৰগোহাঞিয়ে কাম কৰাৰ আনন্দৰ বিষয়ে তেওঁৰ নিজৰ অভিজ্ঞতা, আৰু পৃথিৱীৰ বহুতো গুণী-জ্ঞানী মানুহৰ অভিজ্ঞতা- এই দুয়োটাৰে সংযোগ ঘটাই এই কিতাপখন লিখিছে।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (আগষ্ট,২০১৩). কাম কৰাৰ আনন্দ. শ্ৰী অনন্ত হাজৰিকা. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক