কুৰুৱা
কুৰুৱা [2] (ইংৰাজী: Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)[3]), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে [4]।
কুৰুৱা (Pallas's Fish Eagle) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Falconiformes (or Accipitriformes, q.v.) |
পৰিয়াল: | Accipitridae |
গণ: | Haliaeetus |
প্ৰজাতি: | H. leucoryphus |
বৈজ্ঞানিক নাম | |
Haliaeetus leucoryphus (Pallas, 1771) | |
সমাৰ্থক | |
Aquila leucorypha Pallas, 1771 |
বিৱৰণ
সম্পাদনা কৰককুৰুৱাৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭২-৮৪ ছে:মি:৷ মাইকী চৰাইৰ আকাৰ মতাটোতকৈ ডাঙৰ৷ মতা কুৰুৱাৰ ওজন ২-৩.৩ কি:গ্ৰা: আৰু মাইকীৰ ২.১-৩.৭ কি:গ্ৰা: হয়৷ মুখখন বগা আৰু মূৰৰ ওপৰৰ অংশ (hood) পাতল মটীয়া ৰঙৰ৷ ইয়াৰ ডেউকা দুখন গাঢ় মটীয়া আৰু পিঠিখন মাখন বৰণৰ হোৱা দেখা যায়৷ নেজডাল ক'লা বৰণৰ, তাত বহল আৰু স্পষ্ট আঁচ থকা দেখা পোৱা যায়৷ তলৰ পাখিবোৰত বগা আঁচো থাকে৷ কুৰুৱাৰ পোৱালিৰ দেহৰ বৰণ গাঢ়, কিন্তু নেজত কোনোধৰণৰ আঁচ নাথাকে৷ [5]
বিতৰণ
সম্পাদনা কৰককুৰুৱা চৰায়ে সাধাৰণতে এছিয়াৰ কাজাখাস্তানৰ পৰা মংগোলিয়া, হিমালয়, বাংলাদেশ আৰু উত্তৰ ভাৰত পৰ্যন্ত প্ৰজনন কৰে৷ ই এছিয়াৰে কিছু অঞ্চললৈ শীতকালত প্ৰব্ৰজন কৰাও দেখা যায়৷ [6]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰককুৰুৱা চৰায়ে প্ৰধানকৈ ডাঙৰ আকাৰৰ মাছ ধৰি খায়৷ তাৰোপৰি ই অন্যান্য জলচৰ চৰাই পানীতে খেদি নি চিকাৰ কৰিও খোৱা দেখা যায়৷ উদাহৰণস্বৰূপে ই নিজৰ দেহতকৈও অধিক ওজনৰ পূৰ্ণবয়স্ক Greylag Geese ধৰি দাঙি নিয়াৰ তথ্য পোৱা যায়৷ [7]
প্ৰজনন
সম্পাদনা কৰকস্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰককুৰুৱা চৰাইৰ সংখ্যা বিভিন্ন কাৰণত কমি আহি বৰ্তমান কেৱল ২,৫০০ ৰ পৰা ১০,০০০ টা চৰাইহে বাচি থকাৰ তথ্য পোৱা গৈছে৷ সেয়ে আই. ইউ. চি. এন. এ ইয়াক সংকটপূৰ্ণ (Vulnerable) বুলি স্বীকৃতি দিছে৷ বাসস্থান ধ্বংস, প্ৰদূষণ,অত্যাধিক মাছ ধৰা আদিকে ইয়াৰ বিলুপ্তিৰ অন্যতম কাৰণ বুলি অভিহিত কৰা হয়৷ তাৰোপৰি জলাশয়সমূহ ক্ৰমাৎ আৱৰি পেলোৱা পানীমেটেকাকো ইয়াৰ বাবে দায়ী কৰা হয়৷ কাৰণ পানীমেটেকাৰে পূৰ্ণ জলাশয়ত কুৰুৱাই মাছ চিকাৰ কৰিবলৈ অসুবিধা পায়৷[6]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ IUCN redlist.
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Etymology: Haliaeetus, New Latin for "sea-eagle". leucoryphus, "white-headed", from Ancient Greek leukos "white" + corypha, "head".
- ↑ শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশন (২০১১), তৃত্বীয় মুদ্ৰণ (২০১৩), পৃঃ ১৮৩
- ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
- ↑ 6.0 6.1 del Hoyo, Elliott & Sargatal 1994.
- ↑ Wood, Gerald (1983). The Guinness Book of Animal Facts and Feats. ISBN 978-0-85112-235-9.
- BirdLife International (2008). "Haliaeetus leucoryphus". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/144339। আহৰণ কৰা হৈছে: 2011-05-31.
- del Hoyo, J.; Elliott, A.; Sargatal, J., eds (1994). Handbook of the Birds of the World. 2. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 84-87334-15-6.
- doi: 10.1016/S0305-1978(96)00049-X
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ARKive: Images and movies Archived 2006-04-22 at the Wayback Machine
- BirdLife Species Factsheet
- H. leucoryphus range map Archived 2007-09-30 at the Wayback Machine (very large and slow to load)