কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৭)

কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰ'জী ভূঞা আৰু নয়ন নীলিমৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নয়ন নীলিম আৰু নৱাগতা তাপশ্ৰী কলিতাই আৰু আন চৰিত্ৰসমূহত উৎপল দাস, অমৃতা গগৈ, ৰীনা বৰা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মাই অভিনয় কৰিছে। সংগীত পৰিচালনা পৰাণ বৰকটকীৰ। চলচ্চিত্ৰখনে ২০১৭ চনৰ ৬ জানুৱাৰীত মুক্তি লাভ কৰে।

কোঁৱৰপুৰৰ কোঁৱৰ
পৰিচালক ৰাজেশ ভূঞা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী নয়ন নীলিম
প্ৰযোজক ৰ'জী ভূঞা
অভিনয়ত নয়ন নীলিম
তাপশ্ৰী কলিতা
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা দেৱাংকৰ বুঢ়াগোহাঁই
সংগীত পৰিচালক পৰান বৰকটকী
প্ৰযোজনা
কোম্পানী
ৰ'জী ভূঞা ফিল্মচ্
নীলিমচ্ এন্টাৰটেইনমেন্ট
পৰিবেশক নীলিমচ্ এন্টাৰটেইনমেন্ট
মুক্তি
৬ জানুৱাৰী ২০১৭
দৈৰ্ঘ্য
১৩১ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

প্ৰযোজনা সম্পাদনা কৰক

কোঁৱৰপুৰৰ কোঁৱৰৰ দৃশ্যগ্ৰহণ গুৱাহাটী, শ্বিলং আদি স্থানত কৰা হৈছে।[1]

অভিনয়ত সম্পাদনা কৰক

কাহিনী সম্পাদনা কৰক

এজন সহজ সৰল যুৱক কুসঙ্গত পৰি চুৰ কৰিবলৈ লয়। কিন্তু সেই চোৰজন হঠাৎ প্ৰেমত পৰি যায় আৰু তাৰ জীৱনলৈ পৰিৱৰ্তন আহিবলৈ ধৰে। তাৰ পাছতে নায়কৰ অতীতে কিদৰে নায়িকাৰ পৰিয়াললৈ আন্ধাৰ নমাই আনিছিল সেয়া উন্মোচিত হয়। আনফালে গাঁৱৰ ৰাইজে ঠগ ৰাজনৈতিক নেতা, ঠিকাদাৰসকলৰ বিৰুদ্ধে থিয় দিয়ে।

সংগীত সম্পাদনা কৰক

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে। গীতৰ কথা ইবছন লাল বৰুৱাৰ। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন, জয় বৰুৱা, সুবাসনা দত্ত, পম্পী গগৈ আৰু নয়ন নীলিমে।

নং শিৰোনামকণ্ঠশিল্পী (ৰা) দৈৰ্ঘ্য
1. "হাঁহি এটি"  পাপন ০৪:২২
2. "কবিতা কেনেকৈ লিখে"  জুবিন গাৰ্গ, সুবাসনা দত্ত ০৪:০৩
3. "কাহিনী"  নয়ন নীলিম, পম্পী গগৈ ০৪:৩৩
4. "টুকুৰা টুকুৰ কৰি"  জয় বৰুৱা ০৫:০০

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. প্ৰতিদিনৰ চিনেমা ;শুকুৰবৰীয়া শিতান ; অসমীয়া প্ৰতিদিন ; ১২ পৃষ্ঠা ; ৩০ ডিচেম্বৰ ২০১৬