গগৈ
গগৈ বা ক'ক্ৱই (ইংৰাজী ভাষা:Gogoi or Kukwoy) হ'ল আহোম ভাষাৰ পৰা অহা এটা সম্বন্ধ যাক বৰ্তমান উপাধি হিচাপেও ব্যৱহাৰ কৰা হয়[1]। ইয়াৰ অৰ্থ আহোম ভাষাত মৰমৰ ডেকা।
বুৰঞ্জী
সম্পাদনা কৰকগগৈ-গোহাঞি বিভাজন
সম্পাদনা কৰকচাওফা চ্যু-খ্ৰুং-ফাই টাই-আহোম বংশৰ চিন ৰাখিবলৈ সাতঘৰীয়া আহোমক ("সাত ঘৰ টাই-আহোম অভিজাত বংশক") গোহাঞি আৰু গগৈ নামৰ প্ৰধান দুটা ভাগত বিভক্ত কৰিছে।[2] এই নিয়ম অনুসৰী গোহাঞিসকলক বাদ দি আন সকলো সাতঘৰীয়া আহোমৰ বংশধৰে গগৈ উপাধি ব্যৱহাৰ কৰিব লাগিব আৰু সাতঘৰৰ বাহিৰৰ আন কোনো আহোমে গগৈ উপাধি ব্যৱহাৰ কৰিব নোৱাৰিব।[3] তিনিজন গোহাঁই ফৈদৰ বংশধৰ, বৰগোহাঞি, বুঢ়াগোহাঞি আৰু বৰ পাত্ৰ গোহাঞিয়ে কেৱল গোহাঞি উপাধি ব্যৱহাৰ কৰিব পাৰিব।[4]
উপাধিলৈ উন্নীতকৰণ
সম্পাদনা কৰক১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা ব্যৱস্থা কৰি দিয়া হয়। যাৰ বাবে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আহোমৰ বিভিন্ন খেলৰ লোকসকলে গগৈটো উপাধি হিচাপে লিখিবলৈ আৰম্ভ কৰে। বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল। গগৈ শব্দটো ‘ৰজাৰ ল’ৰা’ অৰ্থতো ব্যৱহাৰ হয়।
উল্লেখযোগ্য গগৈ উপাধিৰ ব্যক্তি
সম্পাদনা কৰকগগৈ উপাধিৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল-
- তৰুণ গগৈ (অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)
- কেশৱ চন্দ্ৰ গগৈ (অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)
- ৰঞ্জন গগৈ (প্ৰাক্তন মুখ্য ন্যায়াধীশ)
- অখিল গগৈ (শিৱসাগৰ সমষ্টিৰ বিধায়ক,ৰাইজৰ দলৰ সভাপতি)
- পুলক গগৈ (চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক)
- গৌৰৱ গগৈ (সাংসদ)
- লীলা গগৈ (বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি)
- লুৰিন জ্যোতি গগৈ ( অসম জাতীয় পৰিষদৰ বৰ্তমানৰ সভাপতি,সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক)
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Kumar, D. P.. Challenge to India's unity : Assam students' agitation and government. প্ৰকাশক Delhi: B.R. Pub. Corp.. ISBN 9788170185932.
- ↑ "...আৰু স্বৰ্গদেৱে এই নিৰ্বদ্ধ কৰিলে বোলে,আৰু আগলৈ মানুহৰ চিন থাকিব লাগে"(Borboruah 1997:235)
- ↑ "... আনবোৰ গোহাঁই নাম নলব। ই তিনি বঙ্গহৰ বাহিৰে আন সাতঘৰীয়া আহোমৰ লৰাই গগৈ বুলিব, তাক বাহিৰে আন আহোমে আহোমহে বুলিব গগৈ বুলিব নোৱাৰিব ..."(Borboruah 1997:235)
- ↑ (Borboruah 1997:235)
উৎস প্ৰসংগ
সম্পাদনা কৰক- Borboruah, Hiteswar (1997). Ahomar Din Ed. 2nd (in Assamese) (2nd ed.). Publication board of Assam.