গোলাম মুস্তাফা খান

ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী

ওস্তাদ গোলাম মুস্তাফা খান (ইংৰাজী: Ustad Ghulam Mustafa Khan, ৩ মাৰ্চ ১৯৩১ – ১৭ জানুৱাৰী ২০২১)[1] এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী।[2] ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৯১ চনত পদ্মশ্ৰী, ২০০৬ চনত পদ্মভূষণ আৰু ২০১৮ চনত পদ্মবিভূষণ বঁটা প্ৰদান কৰে।

গোলাম মুস্তাফা খান

২০০৪ চনত ওস্তাদগোলাম মুস্তাফা খান
প্ৰাথমিক তথ্য
জন্ম ৩ মাৰ্চ, ১৯৩১
বাদায়ুন, ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধ, ব্ৰিটিছ ভাৰত (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত)
মূল বাদায়ুন
মৃত্যু ১৭ জানুৱাৰী, ২০২১ (৮৯ বছৰ)
সংগীতৰ প্ৰকাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫২-২০২১
ৰেকৰ্ড লেবেল চাৰেগামা, টিপছ মিউজিক, মেগনাচাউণ্ড মিডিয়া, ইনিভাৰ্চেল মিউজিক, চনী মিউজিক ইণ্ডিয়া, টি চিৰিজ, চাগা মিউজিক, নিম্বুছ ৰেকৰ্ডছ, নৱৰস ৰেকৰ্ড
ৱেবছাইট ustadghulammustafakhan.com

২০২১ চনৰ ১৭ জানুৱাৰী তাৰিখে মুম্বাইৰ নিজা বাসভৱনত তেওঁৰ ৮৯ বছৰ বয়সত মৃত্যু হয়।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৩১ চনৰ ৩ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধৰ বাদায়ুনত (বৰ্তমান উত্তৰ প্ৰদেশ) জন্ম হৈছিল। তেওঁৰ মাতৃ ওস্তাদ ইনায়াত হুছেইন খানৰ কন্যা আছিল। ৱাজিদ আলী শ্বাহৰ শাসনকালত ইনায়াত হুছেইন খান তেওঁৰ দৰবাৰৰ শিল্পী আছিল। ইয়াৰ লগতে তেওঁ গুৱালিয়ৰ ঘৰানাৰ সংগীতজ্ঞ হাদু খানৰ জোঁৱাই আছিল।

যিহেতু ওস্তাদ গোলাম মুস্তাফা খানৰ পিতৃ-মাতৃয়ে তেওঁক গায়ক হোৱাটো বিচাৰিছিল, সেয়ে সৰুকালৰ পৰা সংগীতত তেওঁৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। সেইসময়ত তেওঁ সুৰটো মনত ৰাখিব পাৰিছিল কিন্তু সংগীতৰ কথাবোৰ বুজি পোৱা নাছিল। পিতৃৰ পিছত তেওঁক ওস্তাদ ফিদা হুছেইন খানে সংগীতৰ প্ৰশিক্ষণ দিছিল। তেওঁ তেতিয়া বৰোদাৰ ৰাজকীয় 'দৰবাৰ'ত গায়ক আছিল। তাৰ পিছত তেওঁ নিচাৰ হুছেইন খানৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লাভ কৰে। ৰামপুৰ, গুৱালিয়ৰ আৰু সহসৱান ঘৰানাৰ পাৰম্পৰিক সংগীতৰ শৈলীবোৰ সেয়েহে তেওঁৰ প্ৰদৰ্শনৰ অংশ।

সেই সময়ত প্ৰতিখন চহৰত ভিক্টোৰিয়া গাৰ্ডেন আছিল আৰু ই এক স্বনিৰ্বাচিত নিয়ম আছিল যে জন্মাষ্টমীত ইয়াত সংগীতৰ আগ্ৰহীসকলে প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰা হয়। পৌৰসভাৰ অধ্যক্ষ আলি মকচুদে জন্মাষ্টমীৰ বছৰেকীয়া কাৰ্য্যসূচী ৰূপায়ণৰ বাবে ৮ বছৰ বয়সত গোলাম মুস্তাফা খানক ৰাজহুৱাকৈ সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল।

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ গান গোৱা প্ৰথমখন ছবি আছিল মাৰাঠী ভাষাৰ 'চান্দ প্ৰেটিছা'। ১৯৫৭ চনৰ পৰা তেওঁ মাৰাঠী আৰু গুজৰাটী ছবিৰ বাবে পাৰ্শ্ব গায়ক হিচাপে কাম আৰম্ভ কৰিছিল। তেওঁ মৃণাল সেনৰ 'ভুৱন শ্বমে' ৰ সৈতে কাম আৰম্ভ কৰিছিল আৰু 'সজনা কাহে নেহি আয়ে...' গাইছিল। একেসংগীত পৰিচালক বিজয় ৰাঘৱ ৰাওৰ 'বাদনাম বস্তি'ত তেওঁ কণ্ঠদান কৰিছিল। তেওঁ জয়পুৰত দৃশ্যগ্ৰহণ কৰা এখন জাৰ্মান তথ্যচিত্ৰ "ৰেইন মেকাৰ"ত বেইজু বাৱৰাৰ চৰিত্ৰত অভিনয় কৰিছিল লগতে একেখন ছবিতে তেওঁ মূল গায়ক আছিল। তেওঁ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা নিৰ্মিত ৭০ খনতকৈও অধিক তথ্যচিত্ৰত কণ্ঠদান কৰিছে। তেওঁ সমগ্ৰ ভাৰত আৰু ইউৰোপীয় দেশসমূহত শাস্ত্ৰীয় সংগীত প্ৰদৰ্শন কৰিছে।

পঞ্চাশৰ দশকৰ পৰা পৰা তেওঁ সংগীতৰ শিক্ষাদানত ব্ৰতী হয়।[3] তেওঁ আশা ভোঁচলে, মান্না দে, কমল বাৰত, ৱাহিদা ৰহমান, ৰানু মুখাৰ্জী, গীতা দত্ত, এ. আৰ. ৰহমান[4][5] হৰিহৰণ,[6][7] শ্বান, চনু নিগম,[8][9] চনাহ মইদুতী,[10] সাগৰিকা, আলিশ্বা চিনয়, শিল্পা ৰাও,[11][12] আৰু কল্পনা পাটোৱাৰীৰ শাস্ত্ৰীয় সংগীৰ গুৰু আছিল।[13]

কোক ষ্টুডিঅ'ত সুৰকাৰ এ. আৰ. ৰহমানে তেওঁৰ ৮২ বছৰীয়া গুৰুৰ সৈতে একেখন মঞ্চত পদৰ্পন কৰিছিল। ইয়াত তেওঁৰ চাৰিজন পুত্ৰ- মুৰ্তুজা, কাদিৰ, ৰবৱানী আৰু হাছান- আৰু তেওঁৰ ১২ বছৰীয়া নাতি ফৈজ আছিল। সকলো পাঁচজন সংগীতশিল্পী আৰু ৰহমানে দুটা সংখ্যাত সহযোগিতা কৰিছিল যিটো গোলাম মুস্তাফা খানৰ ৩ প্ৰজন্মৰ প্ৰদৰ্শনৰ অংশ আছিল।[14]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

পদ্মভূষণ মুস্তাক হুছেইন খানৰ নাতিনী আমিনা বেগামৰ সৈতে গোলাম মুস্তাফা খানৰ বিয়া হৈছিল। তেওঁলোকৰ চাৰিজন পুত্ৰ হৈছে মুৰ্তুজা মুস্তাফা, কাদিৰ মুস্তাফা, ৰবৱানী মুস্তাফা আৰু হাছান মুস্তাফা। তেওঁ শাস্ত্ৰীয় গায়ক ৰচিদ খানৰ গুৰু আৰু মোমায়েক।[15] তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে মহাৰাষ্ট্ৰমুম্বাইত বাস কৰিছিল।

মৃত্যু সম্পাদনা কৰক

২০২১ চনৰ ১৭ জানুৱাৰী তাৰিখে ৮৯ বছৰ বয়সত মুম্বাইৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়।[16]

বঁটা আৰু সন্মান সম্পাদনা কৰক

সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গোলাম মুস্তাফা খানে বহুতো ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ইয়াৰে উল্লেখযোগ্যসমূহ হ'ল:

ৰাষ্ট্ৰীয় সন্মান সম্পাদনা কৰক

অন্যান্য সন্মান সম্পাদনা কৰক

  • ৰাষ্ট্ৰীয় তানসেন সন্মান, মধ্য প্ৰদেশ চৰকাৰ, (২০০৮)
  • পণ্ডিত দীননাথ মংগেশকাৰ বঁটা (২০১১)[17]
  • উত্তম ভাগ গায়কাৰ জীয়ালাল বসন্ত বঁটা (২০১৪)[18][19]
  • যশ ভাৰতী বঁটা (২০১৬)[20]
  • ওস্তাদ হাফিজ আলি খান বঁটা (২০০৩)
  • ওস্তাদ চান্দ খান বঁটা
  • পণ্ডিত বাসভৰাজ ৰাজগুৰু ৰাষ্ট্ৰীয় স্মৃতি বঁটা (২০১৬)[21][22][23]
  • সন্মানীয় নাগৰিকত্ব, মেৰিলেণ্ডৰ গভৰ্ণৰ, (১৯৮৬)
  • বাল্টিমূৰে চহৰৰ সন্মানীয় নাগৰিকত্ব
  • মহাৰাষ্ট্ৰ সংস্কৃতিক পুৰস্কাৰ
  • ঠাকুৰ ৰত্ন (২০১১)

তথ্য উৎস সম্পাদনা কৰক

  1. "Ustad Ghulam Mustafa Khan |". https://www.ustadghulammustafakhan.com/। আহৰণ কৰা হৈছে: 24 January 2019. 
  2. "Rampur -Sahaswan Gharana". Sangeet Gram. Archived from the original on 2016-03-28. https://web.archive.org/web/20160328093506/http://www.sangeetgraam.org/gharana.html। আহৰণ কৰা হৈছে: 2021-01-21. 
  3. "Celebs wish Ustad Gulam Mustafa Khan on b'day". The Times of India. Times Group. 4 March 2012. http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Celebs-wish-Ustad-Gulam-Mustafa-Khan-on-bday/articleshow/12134568.cms. 
  4. Singh, Nirmika (17 August 2013). "AR Rahman teams up with guru". Hindustan Times (Mumbai). http://www.hindustantimes.com/tv/ar-rahman-teams-up-with-guru/story-YV49mWt2iwkNyntTNALrqL.html. 
  5. Nivas, Namita (14 April 2011). "Mani Ratnam releases A.R. Rahman's biography". The Indian Express (Mumbai). http://archive.indianexpress.com/news/mani-ratnam-releases-a.r.-rahman-s-biography/775732/. 
  6. "Mumbai reaches out to Chennai flood victims". The Hindu. 20 January 2016. http://www.thehindu.com/news/cities/mumbai/mumbai-reaches-out-to-chennai-flood-victims/article8125794.ece. 
  7. Pawar, Yogesh (23 February 2014). "Seven years on, tabla hazir for ghazal". Essel Group. DNA India. http://www.dnaindia.com/entertainment/report-seven-years-on-tabla-hazir-for-ghazal-1964313. 
  8. Ali Khan, Ujala (9 September 2015). "A look at the rise and careers of Sonu Nigam and Atif Aslam ahead of their concert tomorrow". The National (UAE). http://www.thenational.ae/arts-lifestyle/music/a-look-at-the-rise-and-careers-of-sonu-nigam-and-atif-aslam-ahead-of-their-concert-tomorrow. 
  9. "Sonu and Shaan wish Ustaad Ghulam Mustafa Khansaab on his birthday". radioandmusic. http://www.radioandmusic.com/entertainment/editorial/news/160303-sonu-and-shaan-wish-ustaad-ghulam-mustafa#। আহৰণ কৰা হৈছে: 3 March 2016. 
  10. "Meeting AR Rahman was a dream: Sanah Moidutty". Deccan Chronicle (Entertainment). 16 July 2016. http://www.deccanchronicle.com/entertainment/bollywood/160716/meeting-ar-rahman-was-a-dream-sanah-moidutty.html. 
  11. Mehta, Sejal (20 December 2013). "A life told in tune". Essel Group. DNA India. http://www.dnaindia.com/mumbai/report-a-life-told-in-tune-1938190. 
  12. Ali Khan, Ujala (22 January 2013). "MTV India unplugged comes to Dubai this weekend". The National (UAE). http://www.thenational.ae/arts-culture/music/mtv-india-unplugged-comes-to-dubai-this-weekend. 
  13. "A rare raga himself". The Hindu. 18 November 2014. http://www.thehindu.com/mp/2004/11/18/stories/2004111801920100.htm. 
  14. "AR Rahman teams up with guru". Hindustan Times. http://www.hindustantimes.com/tv/ar-rahman-teams-up-with-guru/story-YV49mWt2iwkNyntTNALrqL.html. 
  15. Mathur, P N (1 July 2015). "The ‘Albela’ Rashid Khan, India's Most Popular Classical Vocalist". Quint Media. The Quint. https://www.thequint.com/india/2015/07/01/the-albela-rashid-khan-indias-most-popular-classical-vocalist. 
  16. "Legendary classical musician Ustad Ghul Mustafa Khan dies at 89". The Hindu. 17 January 2021. https://www.thehindu.com/news/cities/mumbai/legendary-classical-musician-ustad-ghulam-mustafa-khan-dies-at-89/article33593485.ece. 
  17. Niwas, Namita (21 April 2011). "Master Dinanath Mangeshkar Award for Dharmendra". The Indian Express. The Indian Express Ltd. http://archive.indianexpress.com/news/master-dinanath-mangeshkar-award-for-dharmendra/778324/. 
  18. "Ustad Ghulam Mustafa Khan felicitated at Vasantotsav". The Indian Express. The Indian Express P Ltd (Entertainment). 12 March 2014. http://indianexpress.com/article/entertainment/screen/ustad-ghulam-mustafa-khan-felicitated-at-vasantotsav/. 
  19. TNN, Times News Network (1 March 2014). "Ustad Ghulam Mustafa Khan honoured in Mumbai". The Times of India. Times Group (Entertainment). http://timesofindia.indiatimes.com/entertainment/hindi/music/news/Ustad-Ghulam-Mustafa-Khan-honoured-in-Mumbai/articleshow/31212814.cms. 
  20. "यश भारती से सम्मानित होंगे गायक उस्ताद गुलाम मुस्तफा, मिल चुका है पद्मभूषण". DB Corp ltd.. Dainik Bhaskar. 15 July 2015. http://www.bhaskar.com/news/UP-LUCK-classical-singer-ustad-ghulam-mustafa-khan-yash-bharati-award-5053262-PHO.html. 
  21. TNN, Times News Network (25 August 2016). "Ustad Ghulam Mustafa Khan feted". The Times of India. The Times Group (Hubli). http://timesofindia.indiatimes.com/city/hubballi/Ustad-Ghulam-Mustafa-Khan-feted/articleshow/53854086.cms. 
  22. TNN, Times News Network (24 August 2016). "Pandit Basavaraj Rajguru award to Mustafa Khan". The Times of India. Times Group (Hubli). http://timesofindia.indiatimes.com/city/hubballi/Pandit-Basavaraj-Rajguru-award-to-Mustafa-Khan/articleshow/53836604.cms. 
  23. "Basavaraj Rajguru award presented to Ghulam Mustafa Khan". The Hindu (National). 25 August 2016. http://www.thehindu.com/todays-paper/tp-national/basavaraj-rajguru-award-presented-to-ghulam-mustafa-khan/article9028303.ece. 

বাহ্যিক সংযোগ সম্পাদনা কৰক