গোহাঁই কমল আলি
গোহাঁই কমল আলি (ইংৰাজী: Gohain Kamal Ali) কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।[1]
গোহাঁই কমল আলি | |
---|---|
বৰপেটা জিলাৰ সৰভোগত গোহাঁই কমল আলিৰ একাংশ | |
Major junctions | |
From | কোচ বিহাৰ |
To | নাৰায়ণপুৰ |
Location | |
States | অসম, পশ্চিম বংগ |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক |
নামৰ উৎপত্তি
সম্পাদনা কৰককোচ ৰজা নৰনাৰায়ণৰ সতীয়া ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল বাবে এই আলিৰ নাম গোহাঁই কমল আলি হিচাপে জনাজাত।
নিৰ্মাণ আৰু ব্যৱহাৰ
সম্পাদনা কৰকআহোম স্বৰ্গদেউ চুহুংমুহুঙে কোচৰাজ্য আক্ৰমণ কৰি আহোম আৰু কোচসকলৰ মাজত বিবাদৰ সূত্ৰপাত ঘটাইছিল। পিছলৈ নৰনাৰায়ণৰ শাসনকালত স্বৰ্গদেউ চুক্লেংমুঙে কোচৰাজ্যত আক্ৰমণ চলায়। ১৫৮৬ চনত চিলাৰায়ে ব্ৰহ্মপুত্ৰৰ উত্তৰেদি ডিক্ৰাইলৈ এক অভিযান চলায় আৰু ডিক্ৰাই নৈৰ পাৰত তয়াময়া যুদ্ধ হয়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰৰ বিপৰীতে থকা কলিয়াবৰত আৰু এখন সৰু যুদ্ধ হয়।[2] আহোমসকলে ছালা নামৰ ঠাই এডোখৰত গোট খাই আকৌ যুদ্ধৰ বাবে সাজু হৈছিল। পিছে কোচসকলে গৈ সেই ঠাইতে তেওঁলোকক পুনৰ আক্ৰমণ কৰি বহু লোকজনৰ হানি কৰে। এই আক্ৰমণ সমূহৰ কালত কোচসকলে কোচবিহাৰত থকা তেওঁলোকৰ ৰাজধানী কোচ বিহাৰৰ পৰা বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ ৩৫০ মাইল দীঘল এটা গড় আলি নিৰ্মাণ কৰিছিল।[2] এই আলি নিৰ্মাণকাৰ্য তদাৰক কৰা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নামেৰে আলিটোৰ নাম ৰখা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াৰ পিছত কোচসকলে নাৰায়ণপুৰত এটা দূৰ্গ সাজে। ইয়াৰ পিছত আহোম সকলে কোচসকলক পিছফালৰ পৰা আক্ৰমণ কৰি পিচলা নৈৰ পাৰলৈকে আগুৱাই আহে। এই যুঁজত কোচসকল শোচনীয় ভাৱে পৰাজয় হয়।
নৰনাৰায়ণে ১৫৬২ চনত পুনৰ শক্তিশালী আহোমৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। জানুৱাৰী মাহত চিলাৰায়ে নিজে দিখৌ লৈকে পৰিচালিত কৰি আহোমক সম্পূৰ্ণভাৱে পৰাস্ত কৰে।[2][3]
ঐতিহাসিক তাৎপৰ্য
সম্পাদনা কৰকগোহাঁই কমল আলি উত্তৰে অৱস্থিত জনজাতীয় অঞ্চল আৰু তাৰ দক্ষিণলৈ থকা অজনজাতীয় অঞ্চলৰ মাজৰ সীমা গঠন কৰিছিল। ১৫৬২ চনত মংগলদৈৰ চান্দিকাবেহাৰত নৰনাৰায়ণে এই পথৰ উত্তৰ অঞ্চলটো নিৰ্ধাৰণ কৰিছিল। ইয়াৰ মূল কাৰণ হল কোচ আৰু মেচ লোকসকলে জনজাতীয় ৰীতি-নীতি অনুসৰণ কৰিছিল আৰু দক্ষিণত ব্রাহ্মণীয় ৰীতি-নীতি অনুসৰণ কৰা হৈছিল।[4] পৰৱৰ্তী সময়ত এই পথটোৱে অসম দোৱাৰৰ দক্ষিণ সীমা গঠন কৰে। এই দোৱাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি আৰু ভুটানৰ পাহাৰত ৰাজনৈতিক শক্তিৰ মাজৰ অঞ্চল গঠন কৰিছিল।
বৰ্তমান স্থিতি
সম্পাদনা কৰকগোহাঁই কমল আলি পুৰ্ণাংগ ৰূপত এতিয়া পোৱা নাযায়। ইয়াৰ অৱশিষ্ট অৱস্থা কিছু কিছু ঠাইত দেখিবলৈ পোৱা যায়। বৰ্তমান বৰপেটাৰ সৰভোগ অঞ্চলত ইয়াৰ কিছু অংশ অৱস্থিত।
তথ্য উৎস
সম্পাদনা কৰক- ↑ (Baruah 1986:208)
- ↑ 2.0 2.1 2.2 "কোচ-ৰজা সকল". as.vikaspedia.in. https://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9859b89ae-9ac9c19f099e9cd99c9c0/99599a-9f099c9be-9b89959b2। আহৰণ কৰা হৈছে: 21 November 2020.
- ↑ (Baruah 1986:208)
- ↑ (Nath 1989:55)
- ↑ Baruah, S L (1986), A Comprehensive History of Assam, প্ৰকাশক New Delhi: Munshiram Manoharlal Publishers Pvt. Ltd.
- ↑ Nath, D (1989), History of the Koch Kingdom: 1515-1615, প্ৰকাশক Delhi: Mittal Publications