চুক্লেন্মুং
চুক্লেনমুং (ইংৰাজী: Suklenmong) অসমৰ আহোম ৰাজবংশৰ এজন ৰজা। তেওঁ দিখৌ নৈৰ পাৰত ৰাজধানী পাতি নগৰৰ চাৰিওফালে গড় মাৰি বেৰ দিয়ে। সেয়ে এই নগৰৰ নাম গড়গাওঁ হয় আৰু তেওঁ গড়গঞা ৰজা নাম পায়।[2] এইজনা ৰজাৰ দিনতে গড়গাওঁ নগৰ আৰু পুখুৰী, কাঁহিকুচি আৰু চাঙ্গিনিমুখৰ মথাউৰি, নগা আলি আদি নিৰ্মাণ কৰা হয়।[2][3]
চুক্লেনমুং | |
---|---|
ৰাজত্ব | ১৬৩৯-১৫৫২[1] |
অভিষেক | ১৫৩৯ |
উত্তৰসূৰী | চুখাম্ফা |
পিতৃ | চুহুংমুং |
উল্লেখনীয় কাৰ্য আৰু ঘটনাসম্পাদনা কৰক
|
ৰাজপাটত উঠিয়েই চুক্লেনমঙে ভায়েক কেইজনক ৰজা উপাধি দি টিপাম, চাৰিং আৰু নামৰূপত স্থাপন কৰে। নিজৰ ওপৰত পিতৃহত্যাৰ ষড়যন্ত্ৰৰ সন্দেহ দূৰ কৰিবলৈ তেওঁ চুহুংমুঙৰ হত্যাৰ চক্ৰান্তত জড়িত থকাসকলক মৃত্যুদণ্ড দিয়ে।[2]
বিদ্ৰোহ দমনসম্পাদনা কৰক
ৰজা হোৱাৰ কিছুদিন পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূঞাসকলে উপদ্ৰৱ কৰাত গড়গঞা ৰজাই তেওঁলোকক দমন কৰে। ইয়াৰ পিছতে চুটিয়াসকলে বিদ্ৰোহ কৰাত ১৬৪২ চনত তেওঁলোককো দমন কৰে।[2]
কোচ ৰজাৰ সৈতে বিবাদসম্পাদনা কৰক
চুক্লেনমুঙৰ দিনতে কোচ আৰু আহোমৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে। ১৫৪৬ চনত কোচ ৰজা নৰনাৰায়ণৰ আদেশমৰ্মে ভায়েক চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। চাঙ্গিনিমুখ, দিকৰাই, কলিয়াবৰ, শলা, পিছলাপাৰ আদি ঠাইত হোৱা যুদ্ধৰ অন্তত আহোমসকল অন্তিম বিজয়ী হয় যদিও দুয়োপক্ষৰে বহু হানি হয়।[2]
মৃত্যুসম্পাদনা কৰক
১৩ বছৰ কাল ৰাজত্ব কৰাৰ পিছত ১৫৫২ চনত তেওঁৰ মৃত্যু হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "History of Ancient Assam". assam.gov.in. http://online.assam.gov.in/history1?webContentId=173375। আহৰণ কৰা হৈছে: March 24, 2013.
- ↑ 2.0 2.1 2.2 2.3 2.4 ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩
- ↑ "টাই সংস্কৃতিৰ ৰূপৰেখা" (১৯৯৪ চন), ড° লীলা গগৈ, বনলতা প্ৰকাশন, ISBN-81-7339-079-7, পৃষ্ঠা ২২৭