চাউল ভোজনি
চাউল ভোজনি বৰপেটা জিলাৰ কোনো কোনো অঞ্চলত 'চাউল ভোজনি’নামৰ এটি ধৰ্মীয় উৎসৱ পালন কৰা হয়। চাউল ভোজনিৰ পিছত ভকতনীসকলে নামত শাৰী লোৱাৰ অধিকাৰ পায়৷ মাঘ মাহৰ বিশেষ তিথি বা অন্যান্য দিনত এই অনুষ্ঠানটি প্ৰধানভাৱে গাঁৱৰ ভকতনী আইসকলে অনুষ্ঠিত কৰে।[1] আনহাতে, মাজুলীত শংকৰদেৱ, মাধৱদেৱ আৰু বদুলা আতাৰ তিৰোভাৱ তিথিক বৰপেটাৰ দৰে তিথি নুবুলি “কীৰ্ত্তন’’ বোলা হয়৷ এই তিনিওজনা গুৰুৰ কীৰ্ত্তন মাজুলীৰ বিভিন্ন সত্ৰত চাৰিদিনীয়াকৈ পালন কৰা হয়৷ কীৰ্ত্তনৰ প্ৰথম দিনা “চাউল ভোজনি’’, দ্বিতীয় দিনা “থাপনি’’ তৃতীয় দিনা “কীৰ্ত্তন’’ আৰু চাৰি দিনৰ দিনা “ভাঙনি’’- এই চাৰি অনুষ্ঠানে পতা হয়৷[2] নাম একে যদিও বৰপেটাৰ “চাউল ভোজনি’’ আৰু মাজুলীৰ “চাউল ভোজনি’’ দুটি পৃথক পৰ্ব৷ মাজুলীৰ চাউল ভোজনি “কীৰ্ত্তন’’ অনুষ্ঠানৰ এটা দিনৰ কাৰ্যসূচী৷ শংকৰদেৱৰ কীৰ্ত্তনৰ চাউল ভোজনীত প্ৰসাদৰূপে মাটিমাহ বিতৰণ কৰা হয়৷[2]
ৱিৱৰণ
সম্পাদনা কৰকএই উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে এখন গাঁৱৰ ভকতনীসকলে নিৰ্দিষ্ট দিনটোত ওচৰ-পাঁজৰৰ গাঁওবোৰৰ আইসকলক নিমন্ত্ৰণ কৰে। অনুষ্ঠানটি পৰিচালনা কৰিবলৈ এগৰাকী গোসাঁই বা অধিকাৰক মতা হয়। ওচৰ-পাঁজৰৰ গাঁৱৰ আইসকলে প্ৰত্যেকেই চাউল, দালি, আলু, কোমোৰা, পুৰৈ শাক, নিমখ, হালধি, জলকীয়া, তেজপাত আদি বিভিন্ন দ্ৰব্য লৈ নামঘৰলৈ আহে। যিখন গাঁৱৰ আইসকলে ভোজনি পাতে, তেওঁলোকেও বিভিন্ন বস্তু যোগাৰ কৰে। বুট, মুগ, বিবিধ ফল-মূল, সহিতে ধূপ-ধূনা, চাকি জ্বলাই নামঘৰত এখন ঠগী দিয়ে। বিভিন্ন ঠাইৰ আইসকল আহি নামঘৰত উপস্থিত হোৱাৰ পাছত নাম-কীৰ্তন আৰম্ভ কৰা হয়। নাম-কীৰ্তনৰ অন্তত অধিকাৰ বা গোসাঁয়ে চৰিত পুথিৰ আঁত ধৰি চাউল ভোজনিৰ বিষয়ে ব্যাখ্যা কৰে। ব্যাখ্যা শেষ হোৱাৰ পাছত ভাগৱত পাঠ কৰা হয়। ভকত-ভকতনীসকলে ভক্তিত গদ্ গদ্ হৈ ভাগৱত-কথা শ্ৰৱণ কৰে আৰু ভক্তিসত অৱগাহন কৰি আধ্যাত্মিক আনন্দত আপ্লুত হৈ পৰে। শেষত ঠগী ভাঙি সকলোৰে মাজত গাজী বিতৰণ কৰা হয়। গাজীৰ লগতে চাউল, দালি আদি বিভিন্ন বস্তুবোৰো প্ৰসাদৰূপে সকলোৰে মাজত ভগাই দিয়ে। কোনো কোনো নামঘৰত আকৌ ভকত ভকতনীসকলে বস্তুবোৰ ৰান্ধি-বাঢ়ি নামঘৰতে ভগাই খায়। বৰপেটা জিলাৰ কোনো কোনো অঞ্চলত চাউল ভোজনিৰ প্ৰচলন আছে যদিও বৰপেটাৰ আয়তীসকলে চাউল ভোজনি বুলি কোনো অনুষ্ঠান কীৰ্তন ঘৰত নাপাতে। কেৱল অন্য ঠাইৰ লোকসকলে বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ আহোঁতে লগত চাউল, দালি আদি বস্তু লৈ আহে। নাম-প্ৰসংগৰ পাছত সেইবোৰ ভকত-ভকতনীয়ে ভগাই লয়। তদুপৰি বৰপেটা অঞ্চলত কোনো গণ্যমান্য ব্যক্তিৰ মৃত্যু হ'লে শ্ৰাদ্ধৰ পাছত গৃহস্থই চাউল, দালি, নিমখ, আদি কীৰ্তন ঘৰত দান কৰে। পাছত সেইবোৰ হাটীৰ মানুহে ভগাই মেলি লৈ যায়। মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ প্ৰচাৰিত অসমৰ বৈষ্ণৱ ধৰ্মীয় পৰম্পৰা অনুযায়ী চাউল ভোজনি অনুষ্ঠান পালন কৰা হয় বুলি অনুমান কৰিব পাৰি। মহাপুৰুষ দুগৰাকীয়েও বিভিন্ন ঠাইৰ ভক্তসকলে সত্ৰ নামঘৰলৈ লৈ অহা দ্ৰব্যবোৰ তেওঁলোকৰ মাজতে বিতৰণ কৰিছিল বুলি বিভিন্ন চৰিত পুথিত উল্লেখ পোৱা যায়। হয়তো শংকৰ-মাধৱৰ এই পৰম্পৰাৰ অনুগামী হৈয়ে আজিও কোনো অঞ্চলৰ বৈষ্ণৱ সমাজে চাউল ভোজনিৰ দৰে ধৰ্মীয় উৎসৱ পালন কৰি আহিছে।[1]
দৈত্যাৰি ঠাকুৰে সম্পাদনা কৰা ‘মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত’ পুথিটো চাউল ভোজনিৰ প্ৰসংগ আছে। ঠাকুৰে উল্লেখ কৰিছে এনেদৰে:[3]
দুই টকা আপোনাৰ আনিয়া দিলন্ত।
জানা ৰামচৰণে সে দেই বুলিলান্ত॥
সমস্ত ভক্তক দিল চাউল ভোজনি;
এতিক্ষণে চাউল মাছ লোণ তেল কিনি॥১৪॥
গোধূলি সমস্ত ভক্তে কৰিবা ভোজন।
এবে ৰামচৰণে ৰান্ধোক মোৰ অন্ন॥
এহি মতে তাঙ্ক অন্ন ৰান্ধিবাক দিলা।
শুনি সমস্তৰে মনে বিস্ময় মিলিলা॥১৫॥
এত দিন কেন বোল বুলি আছিলন্ত।
নুবুজিলো আজি আমি কেন কৰিলন্ত॥
নাৰায়ণ ঠাকুৰে পুছিলন্ত অনন্তৰে।
আজি কেন কৰিলন্ত কহিয়ো সত্ত্বৰে॥১৬॥
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). "অসমৰ সংস্কৃতি কোষ". চাউল ভোজনি. পৃষ্ঠা. ২০৯.
- ↑ 2.0 2.1 দেৱগোস্বামী, নাৰায়ণ চন্দ্ৰ (১৯৮৪). সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৪২.
- ↑ চাওক: মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত, দৈত্যাৰি ঠাকুৰ