চিংফৌ জনগোষ্ঠী

নৃগোষ্ঠী
(চিংফৌৰ পৰা পুনঃনিৰ্দেশিত)

চিংফৌ জনগোষ্ঠী হৈছে চীন, ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিস্তৃত হৈ থকা কাচিন লোকসকলৰ আটাইতকৈ ডাঙৰ জাতিগত উপগোট। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী। উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশতেই প্ৰধানকৈ চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ অৱস্থিতি পোৱাৰ লগতে মেঘালয় আৰু মণিপুৰৰ কিছু অঞ্চলতো তেওঁলোকৰ বসতি দেখিবলৈ পোৱা যায়।[1] ভাৰত চৰকাৰৰ জনজাতীয় কাৰ্য মন্ত্ৰণালয়ৰ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসাৰে অসমত চিংফৌসকলৰ জনসংখ্যা ২৩৪২।[2] ২০০১ চনৰ এক পৰিসংখ্যা অনুসৰি অৰুণাচল প্ৰদেশত প্ৰায় ৫৫০০ জন চিংফৌ লোকে বসবাস কৰে।[1]

চিংফৌ জনগোষ্ঠী
কাচিন গোষ্ঠী
পৰম্পৰাগত বেশভূষাত চিংফৌ যুৱতী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত  চীন ম্যানমাৰ
অসম, প্ৰধান জিলা: তিনিচুকীয়া জিলা
অৰুণাচল প্ৰদেশ, প্ৰধান জিলা: চাংলাং জিলা আৰু লোহিত জিলা
মেঘালয়
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

জিংফৌ

ভাৰতৰ বিভিন্ন ঠাইত বিস্তৃতি

সম্পাদনা কৰক

চিংফৌসকল মংগোলীয় মূলৰ লোক আৰু তেওঁলোকৰ মৌখিক বুৰঞ্জী মতে তেওঁলোকে প্ৰায় ৮০০ৰ পৰা ৭০০ খ্ৰীঃপূঃৰ ভিতৰত মংগোলীয়ামাজ'ই ছিংৰা বাম বা ননৈ ছিংৰা বাম অৰ্থাৎ মালভূমিৰ পৰা প্ৰব্ৰজন কৰি আহি তিব্বতৰ দক্ষিণ-পশ্চিম অঞ্চলত বসবাস কৰিছিল। ৩০০ খ্ৰীঃপূঃৰ পৰা ১০০ চনৰ ভিতৰত তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে।[3] কোনো কোনো পণ্ডিতৰ মতে অসমৰ চিংফৌ আৰু বাৰ্মাৰ কাচিন অঞ্চলৰ জিংফৌ একেই। অসমীয়া লোকে উচ্চাৰণ কৰিব নোৱাৰাৰ ফলত ই জিংফৌ গুচি চিংফৌ হয়।[3] তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, শদিয়া আদি বিভিন্ন অঞ্চলত ঘাইকৈ চিংফৌসকলৰ বসতি দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও শিৱসাগৰ, যোৰহাট,গোলাঘাট আৰু কাৰ্বি আংলং জিলাতো তেওঁলোকৰ সেৰেঙা বসতি আছে।[4] টিৰাপ নৈ আৰু বুঢ়ীদিহিঙৰ মাজৰ ২৫ খনমান গাৱঁত চিংফৌসকলে বসবাস কৰি আছে। মাৰ্ঘেৰিটাৰ আশে পাশে চিংফৌসকলে বসবাস কৰা গাওঁসমূহ হৈছে- বিছাগাওঁ, কুমচাইকং, হাচাক, ইনঠেম, তিনিসূতি, উলুপ, লংগাওঁ, মুগংপথাৰ, পাংহুম, নিঙগাম, কাম্বাগাওঁ, লংটং, মোংলাং, লালপথাৰ, কথাগাও, বাঁহবাৰী, পাণবাৰী, দুৱাৰমৰা, কেটেটং পাৱৈমুখ, নাকংপথাৰ, গিঠাগুটি, নিঙদাগাও, উবান, দিবাং আদি।[5]

অৰুণাচল প্ৰদেশ

সম্পাদনা কৰক

অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাৰ লগতে নামচাই জিলাত চিংফৌ লোকসকলৰ অৱস্থিতি দেখা যায়।[3]

সমাজ আৰু সংস্কৃতি

সম্পাদনা কৰক

চিংফৌসকল এক সংগঠিত সমাজ ব্যৱস্থাৰ বাবে জনাজাত। অসম আৰু অৰুণাচলৰ চিংফৌসকলক নামফুক খ্‌ৱাং, ডিয়ুন খ্‌ৱাং, টিয়েন খ্‌ৱাং আৰু টুৰুঙ খ্‌ৱাং নামেৰে চাৰিটা গোটত ভগোৱা হয়। ইয়াত খ্‌ৱাং শব্দৰ অৰ্থ হৈছে কোনো এক বিশেষ অঞ্চল। সামাজিকভাৱে চিংফৌসকলৰ পাঁচটা ফৈদ আছে। এইকেইটা হৈছে মাৰিপ, লাথাও, লাফাই, ঙ্খুম আৰু মাৰাণ। গাওঁ এখনৰ মুৰব্বীজনক আগি বা মিৰেং আগি নামেৰে জনা যায়। আগিজনৰ হাততে গাওঁখনৰ সমস্ত সামাজিক আৰু ৰাজনৈতিক কৰ্তৃত্ব থাকে। এওঁৰ নেতৃত্বত গাঁৱৰ ওজৰ-আপত্তিসমূহ ৰুং জাতা বা মুখিয়াল লোকসকলৰ এটা গোটে নিষ্পত্তি কৰে।[3]

পদ্মনাথ গোহাঞিবৰুৱাঅসমৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থত চিংফৌসকলক "বৰ যুঁজ জাতি" বুলি উল্লেখ আছে।[6]

ভাষা আৰু লিপি

সম্পাদনা কৰক

চিংফৌসকলে তিব্বতীয়ান-বাৰ্মামূলীয় জিংফৌ ভাষাৰ অন্তৰ্গত চিংফৌ দোৱানত কথা-বতৰা পাতে।[7]

চিংফৌসকল মূলতঃ বৌদ্ধ ধৰ্মৰ অনুগামী। কিন্তু বিভিন্ন সভ্যতা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁলোকে অন্যন্য ধৰ্মবিশ্বাসো আঁকোৱালি লৈছে। জৰা-ব্যাধি, আকাল, মাৰি-মৰক ইত্যাদিৰ সময়ত তেওঁলোকে নাট বা দেও-মনিচৰ পূজা-পাতল আৰু বলি-বিধানো সম্পন্ন কৰে। মাংগলিক কাম-কাজৰ বাবে এজন ডুমচা বা পুৰোহিত থাকে। এওঁলোকৰ কিছুসংখ্যকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাও দেখা যায়।[3]

উৎসৱ-পাৰ্বন

সম্পাদনা কৰক

স্বপং য়ং মানাও পয় বা চমুকৈ মানাও পয় চিংফৌসকলৰ জাতীয় উৎসৱ। পূৰ্বপুৰুষ স্বপং য়ংৰ প্ৰতি শ্ৰদ্ধা জনাই এই উৎসৱ প্ৰত্যেক বছৰে ১৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় যদিও সাধাৰণতে উদযাপন অনুষ্ঠানসমূহ ১২-১৫ ফেব্ৰুৱাৰীলৈকে চলে। পয় শব্দৰ অৰ্থ হৈছে উৎসৱ আৰু মানাওৰ অৰ্থ নৃত্য। অৰ্থাৎ ই এক নৃত্যমূলক উৎসৱ। অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ লগতে দুয়োখন ৰাজ্যই যুটীয়াভাৱেও এই উৎসৱ পালনৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।[8] পৰম্পৰাগতভাৱে সামূহিক ভোজনৰ সময়ত দলপতিৰ প্ৰতি সন্মান জনাই বাদ্যযন্ত্ৰৰ তালে তালে মানাও পয়ৰ নৃত্য কৰা হৈছিল।[9]

টাই জনগোষ্ঠীৰ লোকসকলৰ লগতে চিংফৌসকলেও পালন কৰা আন এক গুৰুত্বপূৰ্ণ উৎসৱ হৈছে চাংকেন বা নৱবৰ্ষ। চাংকেন ১৩-১৫ এপ্ৰিলত পালন কৰা হয়। নৱবৰ্ষ উপলক্ষে আগৰেপৰা সাজু কৰি ৰখা সুগন্ধি পানী বুদ্ধৰ প্ৰতিমাসমূহত ছটিওৱা হয় আৰু প্ৰতিমাৰ গাৰে নিগৰি অহা সেই পানী ভক্তসকলে সংগ্ৰহ কৰে। বুদ্ধৰ প্ৰতিমাসমূহ মঠৰ পৰা উলিয়াই আনি অস্থায়ী চালিৰ তলত ঘণ্টাধনিৰ মাজত স্নান কৰোৱা হয়। এই উৎসৱত শোভাযাত্ৰা উলিওৱাৰ লগতে মিঠাই আৰু আন খাদ্য-সামগ্ৰী উছৰ্গা তথা বিতৰণ কৰা হয়।[10]

বিবাহ পদ্ধতি

সম্পাদনা কৰক

বিবাহৰ বাবে প্ৰথম অৱস্থাত এজন খুংমাং অৰ্থাৎ মধ্যস্থতাকাৰীয়ে প্ৰস্তাৱ লৈ অনাৰ নিয়ম। সাধাৰণতে দৰাঘৰৰ পৰা কইনাঘৰলৈ প্ৰস্তাৱ পঠোৱা হয় আৰু প্ৰস্তাৱ গৃহীত হ'লে দৰাঘৰে কইনাঘৰলৈ খও বাগা বা এক মাননি যচাৰ লগতে তিনিটকাৰে কইনাঘৰৰ চৌহদত সোমাবলৈ অনুমতি বিচাৰে। এইদৰেই দুয়োপক্ষৰ সুবিধামতে দিন-বাৰ চাই বিবাহ সম্পন্ন কৰা হয়। চিংফৌ বিবাহত কন্যাৰ ফু বা গা-ধন যচাৰ নিয়ম আছে। গা-ধন হিচাপে সাধাৰণতে হিচাপে কাঁহৰ সামগ্ৰী, কাপোৰ, টকা-পইচা আৰু ম'হ যচা হয়। চিংফৌসকলৰ সমাজখন পিতৃপ্ৰধান আৰু পৰম্পৰাগতভাৱে ইয়াত পুৰুষক বহুবিবাহৰ অনুমোদন দিয়াৰ প্ৰথা আছে। একে ফৈদৰ মাজত বৈবাহিক সম্বন্ধ সামাজিকভাৱে নিষিদ্ধ।[11]

খাদ্যাভ্যাস

সম্পাদনা কৰক
 
চিংফৌসকলে পৰম্পৰাগত পদ্ধতিৰে সংৰক্ষণ কৰা চাহ ফালাপ।

চিংফৌসকলৰ মূল খাদ্য ভাত। তেওঁলোক মূলতঃ আমিষভোজী আৰু মছলাজাতীয় সামগ্ৰীৰ সলনি পাত-মছলাৰ ব্যৱহাৰ তেওঁলোকৰ খাদ্যাভ্যাসৰ অন্যতম বৈশিষ্ট্য। তেওঁলোকে বিভিন্ন প্ৰকৰণত প্ৰচুৰ পৰিমাণে শুকান মাছৰ ব্যৱহাৰ কৰে আৰু কোৱা হয় যে তেওঁলোকৰ নিজস্ব শতাধিক শুকান মাছৰ ৰন্ধন-প্ৰকৰণ আছে।[12] কৌপাতত সিজোৱা টোপোলা ভাত, বাঁহৰ চুঙাত দিয়া বৰা চাউল আৰু কাঠফুলাও তেওঁলোকৰ খাদ্য তালিকাৰ অন্যতম।[13]

চিংফৌসকলৰ খাদ্যভাসৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় খাদ্যবিধ হৈছে টোপোলা ভাত। এই টোপোলা ভাত প্ৰস্তুত কৰিবলৈ লাহী চাউলৰ প্ৰয়োজন হয়।চিংফৌসকলে 'মিয়াটিং'নামৰ লাহী চাউলৰ পৰা টোপোলা ভাত তৈয়াৰ কৰে।তেঁওলোকে এই ভাতৰ লগত তৈলবিহীন মাছ-মাংসৰ আঞ্জা পৰিবেশন কৰে।চিংফৌসকলে তেওঁলোকৰ খাদ্যসমূহত নিজে প্ৰস্তুত কৰা কিছুমান মা-মচলা ব্যৱহাৰ কৰে।তেওঁলোকৰ দুবিধ জনপ্ৰিয় মচলা হ'ল: 'বানখৌ' আৰু 'মাটাংবান'। চিংফৌসকলৰ আন এবিধ জনপ্ৰিয় ব্যঞ্জন হৈছে - মাছ,উৰিয়াম গছৰ পাত, কচু ইত্যাদি সংমিশ্ৰণত প্ৰস্তুত কৰা এবিধ বিশেষ আঞ্জা। চিংফৌসকলৰ বেছিভাগ খাদ্যসম্ভাৰ হাবি-জংঘলত প্ৰাকৃতিকভাৱে উৎপাদিত বিভিন্ন শাক-পাচলি আৰু মা-মচলা। তেওঁলোকৰ খাদ্যতালিকাৰ ভিতৰত বেতৰ গাজ, কলডিল, বাঁহৰ গাজ, কচু, লাই আদিৰ বিশেষ ব্যৱহাৰ দেখা যায়।

অসমত চাহৰ খেতি আৰম্ভ হোৱাৰ আগেয়েই চিংফৌসকলে বনৰীয়া চাহপাতৰ কুমলীয়া আগ চিঙি আনি চাহ তৈয়াৰ কৰি খোৱাৰ কথা কোৱা হয়।[14] বহু পণ্ডিতৰ মতে অসমত চিংফৌ বৰমূৰীয়া বিছা গামৰ সহায়ত ১৮২১ চনত ৰবাৰ্ট ব্ৰুচে উজনি অসমৰ জংঘলত চাহগছ আৱিষ্কাৰ কৰিছিল।[15]

চিংফৌ শিপিনীয়ে ঘৰতে বৈ উলিওৱা কাপোৰেৰে নানাৰঙী সাজপাৰ প্ৰস্তুত কৰে। তেওঁলোকে প্ৰাকৃতিক উপাদান যেনে বিভিন্ন ফল, গছৰ গুটি, গা-গছ আদিৰ পৰা আহৰণ কৰা ৰঙেৰে সূতাত বিভিন্ন ৰং কৰে। মহিলাসকলে গাৰ ওপৰ অংশত নাংৱাট নামৰ বস্ত্ৰৰ লগতে বুম-বাম নামৰ ৰঙীন শিৰস্ত্ৰাণ পৰিধান কৰে। তলৰ অংশৰ বস্ত্ৰৰ নাম বুকাং আৰু কঁকালৰ বন্ধনী হৈছে চিংকেট। বিবাহিত মহিলাৰ বেশভূষা অবিবাহিত সকলতকৈ কিছু বেলেগ। পুৰুষসকলে বগা শিৰোস্ত্ৰাণৰ লগত বুপা বা বাকা নামৰ লুঙি আৰু চোলা পৰিধান কৰে। ইয়াৰ লগতে তেওঁলোকে কান্ধত এমফেং বা মোনা আৰু দাও (দা) লয়। মহিলাসকলে খাইচি (ডিঙিৰ মণি), পাট লকান (কেৰু) আৰু লকচ্‌ৱপ (আঙুঠি) আদি অলংকাৰ পিন্ধাৰ বিপৰীতে পুৰুষসকলে সাধাৰণতে অলংকাৰ নিপিন্ধে।[16]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Singpho in India". https://joshuaproject.net/people_groups/18111/IN। আহৰণ কৰা হৈছে: 23 April 2020. 
  2. "Scheduled Tribes population in Assam as per 2011 Census (From: Ministry of Tribal Affairs)". Ministry of Tribal Affairs, GoI. https://data.gov.in/resources/scheduled-tribes-population-assam-2011-census-ministry-tribal-affairs। আহৰণ কৰা হৈছে: 23 April 2020. 
  3. 3.0 3.1 3.2 3.3 3.4 Machey Ashwini (January 2018). "SOCIETY, FAMILY, VILLAGE AND HOUSING PATTERN – A STUDY OF THE SINGPHOS OF NORTH EAST INDIA". International Journal of Social Science and Economic Research খণ্ড 3 (1): 16-22. ISSN 2455-8834. https://ijsser.org/2018files/ijsser_03__02.pdf. 
  4. "Assam Tribes". Eastern Routes. https://easternroutes.com/northeast-india/assam/tribes/। আহৰণ কৰা হৈছে: 23 April 2020. 
  5. "চিংফৌ জনগোষ্ঠীৰটোৰ বিষয়ে সম্যক ধাৰণা". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/99a9bf9829ab-99c9a89979b79cd9a09c09f099f9f0-9ac9bf9b79c7-9b89ae9cd9af995-9a79be9f09a39be। আহৰণ কৰা হৈছে: 23 April 2020. 
  6. গোহাঞিবৰুৱা, পদ্মনাথ (১৯৬৭). অসমৰ বুৰঞ্জী. পৃষ্ঠা. ১৯৮. 
  7. "Singpho". https://www.ethnologue.com/language/sgp। আহৰণ কৰা হৈছে: 23 April 2020. 
  8. "ASSAM: SINGPHO FESTIVAL “SHAPAWNG YAWNG MANAU POI” STARTS IN MARGHERITA". NewsLive. 13 February, 2020. https://www.newslivetv.com/north-east/assam-singpho-festival-shapawng-yawng-manau-poi-starts-in-margherita/। আহৰণ কৰা হৈছে: 23 April 2020. 
  9. "Shapawng Yawng Manau Poi, Annual festival of Singpho Tribe". Arunachal24.in. 13 February, 2017. https://arunachal24.in/shapawng-yawng-manau-poi-annual-festival-of-singpho-tribe/। আহৰণ কৰা হৈছে: 23 April 2020. 
  10. "SONGKRAN". http://www.thaiworldview.com/feast/songkran2.htm। আহৰণ কৰা হৈছে: 23 April 2020. 
  11. Ningkhee, Rajib. "Singpho Marriage System". Vivekananda Kendra Institute Of Culture. https://www.vkic.org/Singpho-Marriage-System। আহৰণ কৰা হৈছে: 23 April 2020. 
  12. Valsan, Sanjib (13 October, 2018). "Culinary trails in the sunrise state". LiveMint. https://www.livemint.com/Leisure/W0ggp0f1LqKLaiV9rm6uPP/Culinary-trails-in-the-sunrise-state.html। আহৰণ কৰা হৈছে: 23 April 2020. 
  13. Das, Ripunjoy (03 February, 2004). "A hangout for Singpho delicacies". The Telegraph. https://www.telegraphindia.com/states/north-east/a-hangout-for-singpho-delicacies/cid/771608। আহৰণ কৰা হৈছে: 23 April 2020. 
  14. ইছলাম, ছাইদুল (14 March, 2019). "ফাকি দিয়া আনিলি আছাম". Janambhumi. Archived from the original on 25 October 2021. https://web.archive.org/web/20211025074936/https://janambhumi.in/VFdwck1VNVVhejA9/%E0%A6%AB%E0%A6%BE%E0%A6%95%E0%A6%BF-%E0%A6%A6%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%86%E0%A6%A8%E0%A6%BF%E0%A6%B2%E0%A6%BF-%E0%A6%86%E0%A6%9B%E0%A6%BE%E0%A6%AE.html। আহৰণ কৰা হৈছে: 23 April 2020. 
  15. গগৈ, বৌউন্‌ থন্‌ (4 April, 2018). "চা, কিকা চাহ, ফালাপ". বুধবৰীয়া বুলনি, দৈনিক অসম: পৃষ্ঠা ক. http://www.assamtribune.com/da/2018/apr0418/AllPagesDainik.pdf। আহৰণ কৰা হৈছে: 23 April 2020. [সংযোগবিহীন উৎস]
  16. Borah, Dibya Jyoti (27 September 2017). "The extraordinary art of weaving of the Singpho tribe of north-east India". Go Unesco. https://www.gounesco.com/textile-traditions-singpho-tribe-north-east-india/। আহৰণ কৰা হৈছে: 23 April 2020. [সংযোগবিহীন উৎস]