চৰণকুমাৰ লিম্বালে
চৰণকুমাৰ লিম্বালে (ইংৰাজী: Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ। অক্কৰ্মাশীক আন কেইবাটাও ভাৰতীয় ভাষাৰ লগতে ইংৰাজীলৈ অনুবাদ কৰা হৈছে। ইংৰাজী অনুবাদটো অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে দ্য আউটকাষ্ট নাম দি প্ৰকাশ কৰিছে।[1]
চৰণকুমাৰ লিম্বালে | |
---|---|
জন্ম | ১ জুন, ১৯৫৬ (৬৮ বছৰ) |
পেচা | লেখক, কবি, সাহিত্য সমালোচক |
ভাষা | মাৰাঠী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | দলিত সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | অক্কৰ্মাশী (১৯৮৪) Towards an Aesthetics of Dalit Literature (২০০৪)
|
উল্লেখযোগ্য বঁটা | সৰস্বতী সন্মান |
দাম্পত্যসংগী | কুসুম |
দলিত সাহিত্যৰ নান্দনিকতাক লৈ তেওঁ কৰা সাহিত্যিক সমালোচনাসমূহক (২০০৪) দলিত সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত ঠাই দিয়া হয়।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াত অনুমানতকৈ দলিত অনুভৱক (অভিজ্ঞতা) কেনেদৰে প্ৰাধান্য দিয়া উচিত সেই বিষয়ে আলোচিত হৈছে।
সংক্ষিপ্ত জীৱনী
সম্পাদনা কৰক১৯৫৬ চনৰ ১ জুনত, মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ হেন্নুৰ গাঁৱত চৰণকুমাৰ লিম্বালেৰ জন্ম হৈছিল। তেওঁ কোলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰপৰা মাৰাঠী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত, তেওঁ ‘মাৰাঠী দলিত সাহিত্য আৰু আমেৰিকান কৃষ্ণ সাহিত্য (American black literature) – এটা তুলনামূলক অধ্যয়ন’ বিষয়ত পি এইচ ডি কৰিছিল।
ড° চৰণকুমাৰ লিম্বালে নাচিকৰ যশৱন্তৰাও চাৱন, মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগত সহকাৰী সম্পাদক হিচাপে কামত সোমাইছিল, পিছত এই বিশ্ববিদ্যালয়ৰে অধ্যাপক আৰু সঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে।[2]
স্বীকৃতি
সম্পাদনা কৰকগ্ৰন্থপঞ্জী
সম্পাদনা কৰক- অক্কৰ্মাশী (ইংৰাজী অনুবাদ: দ্য আউটকাষ্ট), ১৯৮৪; এইখন হৈছে তেওঁৰ ২৫ বছৰ বয়সত প্ৰকাশ হোৱা আত্মজীৱনী। সমালোচকৰ দ্বাৰা প্ৰশংসিত এই গ্ৰন্থখনে দলিত সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।[4]
- উদ্ৰেক
- উপল্যা
- অ’
- গাইকুসাবাহেৰিল কথা
- ঝুণ্ড
- দংগল
- দলিত আত্মকথা - এক আকলন
- দলিত ব্ৰাহ্মণ
- দলিত পট্থৰ
- দলিত প্ৰেমকবিতা
- দলিত সাহিত্য আনি সৌন্দৰ্য
- দলিত সাহিত্যাচে সৌন্দাৰ্যশাস্ত্ৰ
- পুনঃ অক্কৰ্মাশী
- প্ৰজ্ঞাসূৰ্য্য; ড° বাবাচাহেব আম্বেদকাৰৰ জীৱনী
- বহুজন
তথ্যসুত্ৰ
সম্পাদনা কৰক- ↑ Limbale, Sharankumar (2003) (English ভাষাত). The Outcaste. OUP. ISBN 0195665481.
- ↑ "Novelist Sharankumar Limbale selected for Saraswati Samman '20". Hindustan Times. 31 March 2021. https://www.hindustantimes.com/india-news/novelist-sharankumar-limbale-selected-for-saraswati-samman-20-101617150004198.html.
- ↑ "Novelist Sharankumar Limbale selected for Saraswati Samman '20". Hindustan Times. 31 March 2021. https://www.hindustantimes.com/india-news/novelist-sharankumar-limbale-selected-for-saraswati-samman-20-101617150004198.html.
- ↑ Sahasrabuddhe, Vinay (1 July 2021). "Against 'award wapsi': What Marathi Dalit writer Sharankumar Limbale's acceptance of a prestigious literary prize says". Indian Express. https://indianexpress.com/article/opinion/columns/award-wapsi-dalit-marathi-litterateur-writer-sharankumar-limbale-saraswati-samman-7383391/। আহৰণ কৰা হৈছে: 4 March 2023.