জেহিৰুদ্দিন আহমদ আছিল অসমৰ শিক্ষা জগতৰ এজন কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক। তেখেত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু প্ৰায় বাৰ বছৰ এই বিদ্যালয়ৰে প্ৰধান শিক্ষক আছিল।[1] শিক্ষকতাৰ সময়ছোৱাত তেখেতে শিক্ষা ব্যৱস্থাৰ আমুল পৰিৱৰ্তন কৰিছিল। তেখেতে ডেলটন পদ্ধতিৰ শিক্ষা ব্যৱস্থা সফলতাৰে প্ৰৱৰ্তন কৰিছিল। Boys' Scoutৰ শিক্ষাও তেখেতে প্ৰচলন কৰিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম আৰু সুলভ মূল্যত মধ্যাহ্ন বিৰতিৰ খাদ্য ব্যৱস্থা তেখেতেই অসমত প্ৰথম প্ৰৱৰ্তন কৰিছিল বুলি কোৱা হৈছে।[2] আহমদে ডিম্বেশ্বৰ নেওগৰ লগ লাগি The Jorhat Method নামৰ এখন পুথিৰ প্ৰথম আৰু দ্বিতীয় খণ্ড লিখিছিল। তেখেতে যোৰহাট মহাবিদ্যালয়, যোৰহাট বাল্যভৱন স্কুলকে মুখ্য কৰি যোৰহাটৰ বহুকেইটা শিক্ষানুষ্ঠান আৰু অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠাত আগভাগ লৈছিল। অসম সাহিত্য সভাৰ প্ৰথম নিয়মাৱলীৰ অন্যতম ৰূপকাৰো আছিল জেহিৰুদ্দিন আহমদ। তেখেত হেডমাষ্টৰ জেহেৰুদ্দিন আহমদ বা জেহিৰৎ মাষ্টৰ নামেৰে জনপ্ৰিয় আছিল। শিক্ষক ৰূপে আগবঢ়োৱা তেখেতৰ অৱদানৰ বাবে ব্ৰিটিছ চৰকাৰে তেখেতক ১৯৩৯ চনত খান চাহেব[3] আৰু ১৯৪৪ চনত খান বাহাদুৰ উপাধি[4] কৰিছিল।[1]

জেহিৰুদ্দিন আহমদ
স্থানীয় নাম জেহিৰৎ হেডমাষ্টৰ
জন্ম ১৬ জুন, ১৮৮৬
শিৱসাগৰ
মৃত্যু ২৭ ছেপ্টেম্বৰ, ১৯৭৩
যোৰহাট
বাসগৃহ যোৰহাট
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা বি এ, বি টি
পেচা শিক্ষক
জনা যায় শিক্ষাৰ অগ্ৰদূত
গৃহস্থান যোৰহাট
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী অবিবাহিত
পিতৃ-মাতৃ ডাঃ কেৰামত আলি

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৮৬ চনৰ ১৬ জুন তাৰিখে জেহিৰুদ্দিন আহমদৰ জন্ম হৈছিল। দেউতাক ডাঃ কেৰামত আলি আছিল আহোম ৰজাৰ দিনৰ দা-ধৰা বংশৰ উপৰিপুৰুষ। কেৰামত আলি যোৰহাটৰ প্ৰথম ডাক্তৰ আছিল। তেওঁ ডিব্ৰুগড়বেৰী হোৱাইট মেডিকেল স্কুলৰপৰা L.M.P অৰ্থাৎ Lower Medical Practitioner পৰীক্ষাত কৃতকাৰ্যতা অৰ্জন কৰিছিল। মাতৃৰ নাম আছিল বিলাতী।

শিক্ষা সম্পাদনা কৰক

তেখেতে নিজেও যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ ছাত্ৰ আছিল। এই বিদ্যালয়ৰপৰাই এণ্ট্ৰেন্স পাছ কৰি কলিকতাত পঢ়িবলৈ যায়। পঢ়ি থকা অৱস্থাতেই কলিকতা এৰি আহি যোৰহাটত চৰকাৰী বালক বিদ্যালয়ৰে সহকাৰী শিক্ষকৰ পদত সোমায়। সেই সময়ৰ অসমৰ স্কুল ইন্সপেক্টৰ দুৰ্গাধৰ বৰকটকীয়ে তেখেতক চাকৰিত সুমুৱাই দিছিল। চাকৰি কৰি থকাৰ মাজতে তেখেতে ঢাকা বিশ্ববিদ্যালয়ৰপৰা বি এ ডিগ্ৰী আৰু বি টি সম্পূৰ্ণ কৰে।[5]

কৰ্মজীৱন সম্পাদনা কৰক

১৯১১ চনত জেহিৰুদ্দিন আহমদে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে। পিছলৈ তেখেত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়। ১৯৩১ চনৰপৰা ১৯৪২ চনলৈ প্ৰায় ১২ বছৰ প্ৰধান শিক্ষক হৈ থকাৰ সময়ছোৱাত তেখেতে স্কুলখনৰ সৰ্বাংগীন উন্নতি সাধন কৰে। যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ তেখেত ত্ৰয়োদশ গৰাকী প্ৰধান শিক্ষক আছিল আৰু তেখেতৰ শিক্ষকতাৰ কালছোৱাক এই বিদ্যালয়ৰ সোণালী যুগ আখ্যা দিয়া হৈছিল। শিক্ষকতাৰ সমছোৱাত তেখেতে আগবঢ়োৱা অৱদান সমূহ আছিল এনেধৰণৰ-

ডেল্টন পদ্ধতিৰ প্ৰচলন সম্পাদনা কৰক

এই পদ্ধতি মতে বুদ্ধিয়ক আৰু প্ৰখৰ ছাত্ৰক একে ক্লাচতে ১২ মাহ ৰখাই নথৈ পাঠ শেষ কৰাৰ লগে লগে পৰীক্ষা পাতি উৰ্ত্তীণ হ'লে ওপৰৰ শ্ৰেণীলৈ প্ৰমোচন দিয়া। অসমত প্ৰথম এই স্কুলতে ডেল্টন পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ আৰম্ভ কৰা হৈছিল। ২য় বিশ্ব যুদ্ধৰ সময়ত বিদ্যালয়সমূহ গৃহ সামৰিক কাৰ্যৰ বাবে অধিগ্ৰহণ কৰাত ১৯৪২ চন মানৰপৰা এই শিক্ষা ব্যৱস্থা উঠাই দিয়া হয়।

স্কুল ইউনিফৰ্ম সম্পাদনা কৰক

জেহিৰুদ্দিন আহমদৰ কাৰ্যকালত ১৯৩৫ চনৰপৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ ছাত্ৰৰ বাবে আকাশী ৰঙৰ ইউনিফৰ্ম বাধ্যতামূলক কৰা হয়।

ক্ৰীড়া সংগঠক সম্পাদনা কৰক

১৯১৫ চনত আহমদ আছিল স্কুলৰ গেইম চুপাৰিণটেন্‌ডেণ্ট। তেখেতে ছাত্ৰৰ পঢ়া-শুনাৰ উপৰি শাৰিৰীক সুস্থতাৰ ওপৰত গুৰুত্ব দিছিল। তেখেতৰ শিক্ষকতাৰ সময়ত চৰকাৰী হাইস্কুলত ফুটবল, ভলীবল, হকী, বেডমিণ্টন খেলাৰ উপৰি টেনিচ কৰ্টৰো ব্যৱস্থা আছিল। দৈনিক বিয়লি খেলপথাৰত উপস্থিত থাকি তেখেতে ছাত্ৰ সকলক উৎসাহিত কৰিছিল।দ্বিতীয় মহাসমৰৰ প্ৰাক্‌মুহুৰ্তত মণিপুৰৰ মহাৰজাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অসম অলিম্পিকৰ মূল নায়ক ৰূপে তেখেতক গণ্য কৰা হৈছিল। বিশ্বযুদ্ধৰ সামৰণি পৰাৰ পিছত তেখেতে যোৰহাট কাছাৰী ময়দানৰ উন্নয়নৰ বাবে বিশেষ মন দিছিল। ১৯৩৫ চনত ব্ৰিটিছ সাম্ৰাজ্যৰ ৰজা জৰ্জ পঞ্চমৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত ক্ৰীড়াৰ সাফল্যৰ গুৰিতে আছিল জেহিৰুদ্দিন আহমদ। নিজৰ স্কুলৰ উৎকৃষ্ট খেলুৱৈৰে ফুটবল আৰু ক্ৰিকেট দল গঠন কৰি তেখেতে প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিছিল। তেখেতৰ দিনত যোৰহাট চৰকাৰী হাইস্কুলে আন্তঃস্কুল টুৰ্ণামেণ্টত ক্ৰিকেট, ফুটবল আদি খেলত পদক জিকি পঢ়া-শুনাৰ লগতে খেল-ধেমালিতো সুনাম অৰ্জন কৰিছিল। ১৯৪৮ চনত তেখেতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতিৰ দায়িত্ব লৈ সংন্থাৰ সাংগঠনিক দিশটো সৱল কৰাৰ চেষ্টা কৰিছিল।

পাঠ্যপুথি প্ৰণয়ন সম্পাদনা কৰক

ছাত্ৰৰ ইংৰাজী শিক্ষাত সহায় হোৱাকৈ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ বাবে তেখেতে যোৰহাট ইংলিছ ৰিডাৰ নামৰ দুখন পুথি লিখি প্ৰকাশ কৰিছিল।

মধ্যাহ্ন ভোজনৰ প্ৰচলন সম্পাদনা কৰক

তেখেতে নিজৰ বিদ্যালয়ত ছাত্ৰসকলৰ বাবে দুপৰীয়া লঘু আহাৰৰ ব্যৱস্থা প্ৰচলন কৰিছিল। এই আহাৰত কেতিয়াবা বুটমাহ আৰু কেতিয়াবা কল বা আন ফল খুৱাইছিল। ইয়াৰ বাবে ছাত্ৰসকলৰপৰা মাহে গাইপতি চাৰি অনাকৈ লৈছিল।

এইবোৰৰ উপৰিও তেখেতে বাধ্যতামূলক ব্যায়াম শিক্ষা, প্ৰতি শনিবাৰে ছুটীৰ পিছত বাধ্যতামূলক তৰ্কসভা, ষষ্ঠমানত এম ই পৰীক্ষা(১৯৩২), টেষ্ট পৰীক্ষাৰ পাছত বিনামূলীয়া ইংৰাজী আৰু গণিতৰ ক্লাছ,স্কাউট শিক্ষাৰ প্ৰসাৰ আদি ছাত্ৰৰ হিতাৰ্থে প্ৰৱৰ্তন কৰিছিল। নিজে আগভাগ লৈ তেখেতে স্কুলত সৰস্বতী পূজা আৰু বছেৰেকীয়া বঁটা বিতৰণী সভা পাতিছিল। তেখেতৰ দিনতে বিদ্যালয় চৌহদৰ পূব প্ৰান্তত মুছলিম ছাত্ৰাবাস সজা হয়।

ছাত্ৰৰ নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰতো তেখেত বৰ কাঢ়া আছিল আৰু ঘৰৰপৰা ছুটীৰ দৰ্খাস্ত ননাকৈ স্কুল খতি কৰা ছাত্ৰৰপৰা জৰিমণা আদায় কৰিছিল।

তেখেত চুটি চাপৰ আৰু অত্যন্ত পৰিপাটী ব্যক্তি আছিল। বিদ্যালয়লৈ আহোঁতে তেখেতে চুট-টাই পৰিধান কৰিছিল আৰু তেখেতৰ অষ্টিন ৩৪২ গাড়ীখনত উঠি বিদ্যালয়লৈ অহা-যোৱা কৰিছিল। তেখেতৰ পৰিপাটিতাৰ বাবে তেখেতৰে ছাত্ৰ সত্যন্দ্ৰনাথ বৰকটকী, আই এ এছে তেওঁৰ স্কুলীয়া জীৱনৰ স্মৃতিকথা ৰছনাত জেহিৰুদ্দিন আহমদক শেষৰজন বেৰন বুলি কৈছে। বৰকটকীৰ উপৰিও সাংসদ অজিত কুমাৰ শৰ্মা, সাহিত্যিক ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ দৰে মুধা-ফুটা ব্যক্তিসকল জেহিৰৎ হেডমাষ্টৰৰ ছাত্ৰ আছিল।

যোৰহাটৰ শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান সম্পাদনা কৰক

জেহিৰুদ্দিন আহমদ আছিল এজন অভিজ্ঞ সংগঠক। তেখেতে বিভিন্নজনৰ লগ লাগি পুঁজি সংগ্ৰহ কৰি যোৰহাট মহাবিদ্যালয় আৰু যোৰহাট বাল্যভৱন স্কুল প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেখেত যোৰহাট মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ।[1] ১৯১৪ চনত জেহিৰুদ্দিন আহমদৰ চেষ্টাত যোৰহাট জিলা স্পৰ্টছ এচোছিয়েচনৰ জন্ম হয়। ই অসমৰ সৰ্বপ্ৰথম ক্ৰীড়া সন্থা। আহমদ এই সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

মৃত্যু সম্পাদনা কৰক

১৯৭৩ চনৰ ছেপ্টেম্বৰ মাহৰ ২৭ তাৰিখে খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ অসম মেডিকেল কলেজত তেখেতৰ মৃত্যু হয়।[6] অৱসৰৰ পাছত তেখেতে ১৩০ টকা পেন্সন পাইছিল আৰু অতি সাধাৰণ জীৱন যাপন কৰিছিল। নিজৰ ঘৰতে তেখেতৰ এটা লাইব্ৰেৰী আছিল আৰু ইয়াতে পঢ়া-শুনা কৰি তেখেতে বেছিভাগ সময় পাৰ কৰিছিল। তেখেতৰ মৃত্যুৰ পাছত যোৰহাট চৰকাৰী বালক বিদ্যালয়ত তেখেতৰ স্মৃতিত শিক্ষাগুৰু জেহিৰুদ্দিন আহমদ স্মৃতি ন্যাস গঠন কৰা হয় আৰু প্ৰতিবছৰে যোৰহাট জিলা ভিত্তিত আন্তঃস্কুল জেহিৰুদ্দিন আহমদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে যোৰহাট মহাবিদ্যালয়ে মহাবিদ্যালয়ৰ অন্তৰ্ভাগত জেহিৰুদ্দিন আহমদ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে। ২০১৬ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰপৰা যোৰহাট বি এচ এন এল অফিচলৈকে সুদীৰ্ঘ ৬০০ মিটাৰ পথছোৱা জেহিৰুদ্দিন আহমদ পথ নামেৰে নামাকৰণ কৰা হয়। [7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "অসমীয়া জীৱনী অভিধান". শিৱনাথ বৰ্মন. মহতাব হুছেইন. ১৯৯২. https://archive.org/details/in.ernet.dli.2015.451337/page/n107/mode/2up। আহৰণ কৰা হৈছে: 31 May 2022. 
  2. সম্পাদনা: ছালিম আলি. অসমৰ মুছলমান সমাজৰ সংস্কৃতিৰ ৰূপৰেখা. 
  3. "Assam Gazette" (Press release). Published by Authority. January 18, 1939. 
  4. "Assam Gazette" (Press release). Published by Authority. June 23, 1944. 
  5. ড° দীননাথ বৰদলৈ (২০১৮). মহান শিক্ষাব্ৰতী জেহিৰুদ্দিন আহমদ. জেহিৰুদ্দিন আহমদ স্মৃতি ন্যাস আৰু যোৰহাট মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ দ্বাৰা প্ৰকাশিত. 
  6. ডাঃ জাকিৰ আহমেদ (২০১৮). মহান শিক্ষাব্ৰতী জেহিৰুদ্দিন আহমদ. জেহিৰুদ্দিন আহমদ স্মৃতি ন্যাস আৰু যোৰহাট মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ দ্বাৰা প্ৰকাশিত. 
  7. "Road named after teacher". Telegraph. 27.09.16.