টাই জাতি

(তাঈ জাতিৰ পৰা পুনঃনিৰ্দেশিত)

টাই জাতি বা বৃহত্তৰ টাই জাতি(আহোম: 𑜄𑜩চীনা:台语民族; দাই জাতি ,অসমীয়া:আহোম/নৰা, ইংৰাজী:Tai People)হ'ল এটা জাতি যিসকলে বৰ্তমান বা অতীতত টাই ভাষা ব্যৱহাৰ কৰিছিল। সৰ্বমুঠ ৯৩ মিলিয়ন জনসংখ্যাৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীৰ সমূহ টাই জাতিত আহোম,শান,ঈশান,লাও,থাই, খামটি,ফাকে,আইটন, টুৰুঙ, খাময়াঙ, উত্তৰপৰীয়া থাইৰ দৰে বহু জনগোষ্ঠী সোমাই আছে। টাই সকলক দক্ষিণ চীন, দক্ষিণ পূব এছিয়া আৰু উত্তৰ-পূব ভাৰতত বসতি স্থাপন কৰিছিল। আজিও তেওঁলোকৰ মাজত সাংস্কৃতিক, সাহিত্যিক আৰু ভাষিক সাদৃশ্য দেখা যায়।

টাই জাতি বা বৃহত্তৰ টাই জাতি
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
দক্ষিণ পূব এছিয়া
দক্ষিণ চীন (দাই জনগোষ্ঠী , ঝুৱাঙ জনগোষ্ঠী)
ম্যানমাৰ (শান জনগোষ্ঠী)
লাওছ টাই লাও
থাইলেণ্ড থাই বা চিয়াম,টাই দাম,ঈশান লাও
ভিয়েটনাম
উত্তৰ-পূব ভাৰত (আহোম,খামটি,ফাকে,আইটন, টুৰুঙ, খাময়াঙ)
ভাষাসমূহ

টাই ভাষা

ধৰ্ম

বৌদ্ধ ধৰ্ম,আহোম ধৰ্ম,টাই জনগোষ্ঠীয় ধৰ্ম,হিন্দু ধৰ্ম,প্ৰকৃতিৰ উপাসনা,শামান

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

বাঈ য়ুই,হান,ঝুৱাঙ

ইতিহাস সম্পাদনা কৰক

টাই সকলৰ চীনৰ গুৱাংচি নামৰ ঠাই খনৰ পৰা দক্ষিণ দিশলৈ প্ৰব্ৰজন আৰম্ভ কৰিছিল। তেওঁলোকে আঠৰ পৰা দহ শতিকাত চীন দেশৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু উত্তৰ ভিয়েটনামৰ পৰা মূল দক্ষিণ পূব এছিয়াৰ এলেকাত বিয়পি পৰিছিল।[1]

ভাষা সম্পাদনা কৰক

টাই লোক সকলে মূলতঃ টাই ক্ৰাদাই ভাষা ব্যৱহাৰ কৰে। চীনদেশত এই ভাষা সমূহৰ বিভিন্নতাৰ পৰা বুজা যায় যে ইয়াৰ মূল প্ৰাৰম্ভনি দক্ষিণ চীনত হৈছিল।[2] টাই ক্ৰাদাই ভাষী লোকসকলৰ একত্ৰীকৰণ খ্ৰীষ্টপূৰ্ব দ্বাদশ শতিকাত চীনৰ চাং আৰু ছ্যু-ফিফদম সাম্ৰাজ্যৰ গঠনৰ সময়ত হৈছিল।[3] ক্ৰা আৰু লাই সকলে খ্ৰীষ্টপূৰ্ব অষ্টাদশ শতিকাত দক্ষিণৰ দিশত ছ্যু সাম্ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল। ক্ৰা আৰু লাই সকলৰে এটা ঠাল বি-টাই সকলে পূবৰ উপত্যকালৈ প্ৰব্ৰজন কৰি য়ু সাম্ৰাজ্য গঢ়ে।[4] ৩৩৩ খ্ৰীষ্টপূৰ্বত য়ু সাম্ৰাজ্যৰ পতন ঘটে। তাৰ পাছত তেওঁলোকে দক্ষিণ আৰু পূব চীনলৈ প্ৰব্ৰজন কৰে সেই ঠাইখিনিক বৰ্তমান গুৱাঙচি,উত্তৰ ভিয়েটনাম আৰু গুইঝাও বুলি জনা যায় আৰু তাত তেওঁলোকে লু য়ুই(মুখ্য দক্ষিণ পশ্চিম টাই) আৰু চি আও(উত্তৰপৰীয়া টাই) এই দুটা টাই জনগোষ্ঠীৰ গঠন কৰে।[5]

টাই সমাজ ব্যৱস্থা সম্পাদনা কৰক

টাই সকলৰ সমাজ ব্যৱস্থা চীনা সমাজ ব্যৱস্থাতকৈ অলপ বেলেগ হয়।[6]তেওঁলোকে শালি খেতিৰ ব্যৱহাৰ কৰে বাবে নদী কেন্দ্ৰিক কৰি নিজৰ সাম্ৰাজ্যৰ বিস্তাৰ কৰে। তেওঁলোকে কেইবাটাও চুবুৰী মিলি নদী কেন্দ্ৰিক গাঁও এখনক বান বুলি কয় আৰু কেইবাখনো বান মিলি লৈ এখন মৌঙ স্থাপন কৰে।

দক্ষিণ-পশ্চিম টাই সকলৰ তালিকা সম্পাদনা কৰক

উত্তৰপৰীয়া টাই শাখা সম্পাদনা কৰক

  • টাই আহোম
  • শান
  • টাই য়ু
  • টাই নোৱা
  • টাই হংজিন
  • টাই খামতি
  • টাই খাময়াং
  • টাই ফাকে
  • টাই আইটন
  • টাই তুৰোং
  • টাই লেইং
  • চাপা

চিয়াং চায়েন শাখা সম্পাদনা কৰক

  • থাই
  • উত্তৰপৰীয়া থাই
  • লাও
  • টাই ডেং
  • টাই ডন
  • টাই হাং তন
  • টাই লু
  • টাই দাম
  • খুন
  • ফুৱান
  • থাই চং
  • তেঈ তেক

দক্ষিণপৰীয়া শাখা সম্পাদনা কৰক

  • দক্ষিণপৰীয়া থাই

অইন টাই জনগোষ্ঠী আৰু ভাষাসমূহ সম্পাদনা কৰক

  • বাজিয়া চীনৰ য়ুন্নান প্ৰদেশৰ মেঙা,মেং-হাই আৰু মেংকাং অঞ্চলত টাই লু জনগোষ্ঠীৰ লগত সাদৃশ্য থকা ১১৬০ জন সদস্য থকা সৰু টাই জনগোষ্ঠী এটা বাস কৰে যি বাজীয়া নামৰ টাই ভাষা ব্যৱহাৰ কৰে। সৰ্বমুঠ ১৪খন গাঁৱত বিয়পি থকা টাই জনগোষ্ঠীটোক চীনৰ চৰকাৰে বুলাং জনগোষ্ঠী নামকৰণ কৰি স্বীকৃতি প্ৰদান কৰে।
  • টাই বেং প্ৰায় ১০,০০০ ত কৈ অধিক জনসংখ্যা বিশিষ্ট টাই বেং সকল চীনৰ য়ুন্নান আৰু বাৰ্মাৰ শান প্ৰদেশত বাস কৰে। তেওঁলোক চীন-বাৰ্মা সীমান্তৰ ৰুইলি অংশটো দেখা যায়।

প্ৰবাসী সম্পাদনা কৰক

এছিয়াৰ বিভিন্ন অংশত সম্পাদনা কৰক

এছিয়াৰ বিভিন্ন ঠাই যেনে জাপান,তাইৱান ,সংযুক্ত আৰব আদি দেশত পৰ্যাপ্ত পৰিমাণৰ থাই সমূদায় পোৱা যায়।

উত্তৰ আমেৰিকাৰ টাই সকল সম্পাদনা কৰক

আমেৰিকা যুক্তৰাষ্ট্ৰত থাই, লাও,টাই কাও, ঈশান,লু,ফু টাই, টাই দাম,তেঈ আৰু শান জনগোষ্ঠীৰ লোক পোৱা যায়। কানাডাটো যথেষ্ট সংখ্যক থাই আৰু লাও বাস কৰে।

ইউৰোপৰ টাই সম্পাদনা কৰক

ফ্ৰান্স,জাৰ্মানী আৰু স্বীজাৰলেণ্ডৰ লাও,আইছলেণ্ড আৰু ইংলেণ্ডৰ ঈশান ,ফিনলেণ্ড,নৰৱে আৰু আইছলেণ্ডৰ থাই , ফ্ৰান্সৰ টাই দাম আৰু তেঈ আৰু য়ুনাইটেড কিংদমৰ দক্ষিণ থাইসকল হল ইউৰোপৰ প্ৰভাৱশালী টাই জনগোষ্ঠী।

ওচেনিয়াৰ থাই সম্পাদনা কৰক

যথেষ্ট সংখ্যক থাই অষ্ট্ৰেলিয়াত আৰু নিউজিলেণ্ডত যথেষ্ট সংখ্যক উত্তৰপৰীয়া থাই বসবাস কৰে।

আৰ্জেণ্টিনাৰ লাও সম্পাদনা কৰক

শৰণাৰ্থী হিচাপে যথেষ্ট সংখ্যক লাও আৰু মং জনগোষ্ঠীয় বাসিন্দা আৰ্জেণ্টিনালৈ প্ৰব্ৰজন কৰিছে।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. MANUSYA - the journal of humanities 47-64
  2. Chamberlain 2016
  3. Chamberlain 2016
  4. Chamberlain, James R.(2016)"kra-Dai and the proto history of South China and Vietnam", Journal of the Siam society,104: 27-77
  5. Chamberlain 2016
  6. Holam, David (2014)"A layer of of Chinese Reading in the traditional Zhuang Scripts", Bulletin of the museum of far Eastern Antiquities 1-45