দাৰুল উলূম বাঁশকান্দি (উৰ্দু: دار العلوم بانسکنڈی) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ইছলামী অনুষ্ঠান। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ইছলামী বিশ্ববিদ্যালয় আৰু ই দাৰুল উলূম দেওবন্দৰ আদৰ্শ আৰু পদ্ধতিক চূড়ান্ত ভাৱে অনুসৰণ কৰে।[2][3]

দাৰুল উলূম বাঁশকান্দি
دارالعلوم بانسکنڈی
২০১৩ চনত দাৰুল উলূম বাঁশকান্দিৰ মছজিদ
অৱস্থান
বাঁশকান্দি, কাছাৰ জিলা, অসম, 788101[1]
স্থানাঙ্ক 24°29′01″N 92°32′43″E / 24.4836°N 92.5454°E / 24.4836; 92.5454স্থানাংক: 24°29′01″N 92°32′43″E / 24.4836°N 92.5454°E / 24.4836; 92.5454
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ দাৰুল উলূম
ধৰ্মীয় আনুগত্য ইছলাম
প্ৰতিষ্ঠাকাল ১৮৯৭; ১২৭ বছৰ  আগতে (1897)
অধ্যক্ষ মৌলানা মহম্মদ ইয়াহিয়া
ছাত্ৰৰ সংখ্যা প্ৰায় 1200
কেম্পাছৰ আকাৰ ৯ একৰ (3.6 হেক্টৰ)

হাফিজ আকবৰ আলী নামৰ এজন মহাত্মায়ে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। তেওঁ আছিল এজন মণিপুৰী মুছলমান আৰু ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ প্ৰিয় শিষ্য।[4] মক্কীৰ পবিত্ৰ হাতত আনুগত্যৰ শপত (বয়ত) গ্ৰহণ কৰি তেওঁ তিনি বছৰ কাল মক্কাত তেওঁৰ লগত অতিবাহিত কৰে। এদিন মক্কীয়ে তেওঁক নিজৰ গৃহভূমিলৈ উভতি এখন মাদ্ৰাছা প্ৰতিষ্ঠা কৰি নিজকে ইছলামী শিক্ষাৰ লগত জড়িত হ’বলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত তেওঁ বাঁশকান্দিলৈ উভতি আহে আৰু ১৮৯৭ চনত বাঁশকান্দি মাদ্ৰাছা প্ৰতিষ্ঠা কৰে।তেওঁৰ মূল সহযোগী আছিল নেনা মিয়াঁ চাহাব, যিয়ে তেওঁৰ নিজা মাটি প্ৰতিষ্ঠানটোৰ প্ৰতি দান কৰি দিয়ে।[5]

পিছলৈ হুছেইন আহমদ মদনীয়ে বাঁশকান্দি মাদ্ৰাছাক ভাৰতৰ দ্বিতীয়টো দাৰুল উলূম আৰু ইছলামী শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত লয়। সেই সপোন বাস্তৱত পৰিণত কৰাৰ কাৰণে তেওঁ আহমদ আলী বদৰপুৰীক শ্বায়খুল হাদীছৰ পদত নিযুক্তি দিয়ে। জীৱনৰ অন্তিম দুটা ৰমজান তেওঁ তাতেই অতিবাহিত কৰে আৰু ১৯৫৭ চনত হাদীছৰ সৰ্বোচ্চ কিতাপ বোখাৰী শ্বৰীফ উদ্বোধন কৰে। লগতে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে বাঁশকান্দি মাদ্ৰাছাৰ পৰা অতি সোনকালে শিক্ষাৰ এক বিশাল জ্যোতি ওলাব যি গোটেই বিশ্বত জিলিকি উঠিব। তেতিয়া মাদ্ৰাছাৰ মৌলিক অৱস্থা আছিল অতিকৈ দুৰ্বল। ইয়াত মাত্ৰ এটা সৰু মছজিদ আৰু তিনিটা পজাঁঘৰ আছিল। কিন্তু আহমদ আলী বদৰপুৰীৰ পৃষ্ঠপোষকতাত এই প্ৰতিষ্ঠানটো অতি কম সময়ৰ ভিতৰতে এখন ডাঙৰ ইছলামী বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।[6][7][8]

স্বাধীনতা সংগ্ৰামত দেওবন্দী পণ্ডিত আৰু তেওঁলোকৰ মাদ্ৰাছাসমূহে এটা বিশেষ ভূমিকা পালন কৰিছিল। এক অখণ্ড ভাৰতৰ সপোন বুকুত বান্ধি ইংৰাজক দেশৰ পৰা খেদি পঠিওৱাই আছিল তেওঁলোকৰ একমাত্ৰ লক্ষ। বাঁশকান্দি মাদ্ৰাছাও ইয়াৰ ব্যতিক্ৰম নহয়।[9]

দাৰুল উলুম বাঁশকান্দিয়ে বহুতো মহান নেতা, ইছলামী পণ্ডিত, হাফিজ, লেখক, বুদ্ধিজীৱি আৰু সমাজ সংস্কাৰকৰ জন্ম দিছে।[10]

দাৰুল উলুম বাঁশকান্দিক উত্তৰ-পূব ভাৰতৰ "শান্তিনিকেতন" (শান্তিৰ বাসস্থান) বুলি কোৱা হয়।[11]

সুনাম আৰু পাঠ্যক্ৰম

সম্পাদনা কৰক

দাৰুল উলূম দেওবন্দৰ আৰ্হিত প্ৰতিষ্ঠিত এই অনুষ্ঠানটোৱে প্ৰতি বছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীক গুণগত শিক্ষা প্ৰদান কৰি আহিছে। আহমদ আলী বদৰপুৰীৰ জৰিয়তে ই ব্যাপক খ্যাতি অৰ্জন কৰিছে। ইয়াৰ পৰা শিক্ষা লাভ কৰা সুদক্ষ উলামাসকলে উত্তৰ-পূব অঞ্চলৰ উপৰিও দেওবন্দকে ধৰি বিভিন্ন ঠাইত সেৱা আগবঢ়াই আছে।[12]

অনুষ্ঠানটোৱে তলত দিয়া পাঠ্যক্ৰমসমূহ আগবঢ়ায়:[13]

  • তাজৱিদ আৰু কিৰাআত
  • হিফজ (কোৰআন মুখস্থ কৰা)
  • আলিমিয়াত ('আলিম পাঠ্যক্ৰম)
  • ইফতা (মুফতি পাঠ্যক্ৰম)
  • দৌৰা-ই তাফছিৰ (কোৰআনৰ ব্যাখ্যা)
  • তকমিল-ই-আদাব (আৰবী সাহিত্য)
  • সংক্ষিপ্ত আলিম পাঠ্যক্ৰম
  • জিল্ড চাজী (কিতাপ বন্ধোৱা কাম)

প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ পৰাই কেইবাজনো সুদক্ষ উলামাই ইয়াৰ মুৰব্বী আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। যেনে - হাজী মিয়াধান, খলিলুৰ ৰহমান, তয়িব আহমদ কাছমি ইত্যাদি। আহমদ আলী বদৰপুৰীয়ে প্ৰতিষ্ঠানটোৰ মহাপৰিচালকৰ দৰেই কাম কৰিছিল যদিও আনুষ্ঠানিকভাৱে তেওঁ কেতিয়াও অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱা নাছিল। মদনী চাহাবে দি থৈ যোৱা শ্বেইখ আল-হাদিছৰ পদত থাকিয়েই তেওঁ সকলো দিশ নিয়ন্ত্ৰণ কৰিছিল। তেওঁ আছিল প্ৰতিষ্ঠানটোৰ নিৰ্মাতা আৰু মূল পৃষ্ঠপোষক। দাৰুল উলূম দেওবন্দৰ প্ৰাক্তন উপাচাৰ্য কাৰী মহম্মদ তৈয়িব চাহাবে তেওঁক দাৰুল উলূম বাঁশকান্দিৰ দ্বিতীয় প্ৰতিষ্ঠাপক বুলি অভিহিত কৰিছে।[14][15]

মহম্মদ ইয়াহিয়া হ'ল এই প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ অধ্যক্ষ।[16][17][18][19]

উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ

সম্পাদনা কৰক
  • আব্দুৰ ৰছিদ (লংকা), সাধাৰণ সম্পাদক, অসম ৰাজ্যিক জমিয়ত উলামা ই হিন্দ (আ)
  • আব্দুল হক, হাদীছ অধ্যাপক, জামিয়া জালালিয়া, হোজাই
  • মুজাম্মিল আলী আছামী, জামিয়াতুশ শ্বেইখ হুছেইন আহমদ আল মাদানী, খানকাহ, দেওবন্দ
  • হাফিজ আলাউদ্দিন, প্ৰতিষ্ঠানটোৰ প্ৰাক্তন উপাধ্যক্ষ
  • ইব্ৰাহিম খলিল, শ্বেইখ আল হাদীছ, বুৰাবুৰী মাদ্ৰাছা, মৰিগাঁও
  • মহম্মদ ইয়াহিয়া, প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ অধ্যক্ষ আৰু শ্বেইখ আল হাদীছ
  • আব্দুল কাদিৰ, সাধাৰণ সম্পাদক, অসম ৰাজ্যিক জমিয়ত উলামা ই হিন্দ (ম)

তথ্যসূত্ৰসমূহ

সম্পাদনা কৰক

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. Karmakar, Rahul (9 June 2018). "Assam Islamic seminary tightens admission rules" (en ভাষাত). দ্য হিন্দু. https://www.thehindu.com/news/national/other-states/assam-islamic-seminary-tightens-admission-rules/article24117636.ece. 
  2. Bahn, Divya (2018-06-09). "In Assam madrasa, students have to prove kin settled before 1971" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/nation/2018/Jun/09/in-assam-madrasa-students-have-to-prove-kin-settled-before-1971-1825660.html। আহৰণ কৰা হৈছে: 2024-03-23. 
  3. Nag, Sajal (2023-07-17) (en ভাষাত). The Mughals and the North-East: Encounter and Assimilation in Medieval India. Taylor & Francis. ISBN 978-1-000-90525-0. https://books.google.com/books?id=kEa8EAAAQBAJ&dq=Darul+Uloom+Banskandi&pg=PT239. 
  4. Barbhuiya, Atiqur Rahman (2020) (en ভাষাত). Indigenous People of Barak Valley. প্ৰকাশক India, Singapore, Malaysia: Notion Press. ISBN 978-1-64678-800-2. https://books.google.com/books?id=5SLMDwAAQBAJ&dq=Darul+Uloom+Banskandi&pg=PT59. 
  5. Ahmad 2000, পৃষ্ঠা. 1–2.
  6. Badarpuri 1992, পৃষ্ঠা. 21–23.
  7. Qasmi 2010, পৃষ্ঠা. 20.
  8. Ahmad 2000, পৃষ্ঠা. 2.
  9. Ahmad 2000, পৃষ্ঠা. 10–11.
  10. Ahmad 2000, পৃষ্ঠা. 6.
  11. "Assam revives awards in the name of historic Muslim personalities" (en ভাষাত). https://www.awazthevoice.in/india-news/assam-revives-awards-in-the-name-of-historic-muslim-personalities-12797.html. 
  12. Ahmad 2000, পৃষ্ঠা. 5.
  13. Qasmi, Javed Ashraf (2000) (ur ভাষাত). Faizan e Darul Uloom Deoband (1st সম্পাদনা). প্ৰকাশক Ghasera, Mewat district, Haryana: Department of publication, Madrasah Ubay bin Ka'b Tahfeez al-Quran al-Kareem. পৃষ্ঠা. 35. 
  14. Ahmad 2000, পৃষ্ঠা. 2, 6–8.
  15. Qasmi 2010, পৃষ্ঠা. 19–20.
  16. "Darul Uloom and Dastarbandi function held at Banskandi" (en ভাষাত). চেণ্টিনেল. 11 May 2017. https://www.sentinelassam.com/news/darul-uloom-and-dastarbandi-function-held-at-banskandi/. 
  17. "Markazul Maarif Mumbai Holds its 18th Convocation" (en ভাষাত). deoband.net. 7 April 2013. http://www.deoband.net/news/markazul-maarif-mumbai-holds-its-18th-convocation। আহৰণ কৰা হৈছে: 1 September 2023. 
  18. "Family legacy document must for admission; Assam madrassa" (en ভাষাত). উত্তৰ-পূব আজি. 9 June 2018. Archived from the original on 1 September 2023. https://web.archive.org/web/20230901151833/https://thenortheasttoday.com/peopledevelopment/educationblogs/family-legacy-document-must-for-admission-assam-madrassa/cid2514775.htm. 
  19. Mitra, Naresh (9 June 2018). "Assam madrassa makes legacy papers a must for admission" (en ভাষাত). দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. https://timesofindia.indiatimes.com/city/guwahati/assam-madrassa-makes-legacy-papers-a-must-for-admission/articleshow/64516533.cms. 

গ্ৰন্থতালিকা

সম্পাদনা কৰক
  • Ahmad, Tayyib (2000) (bn ভাষাত). Darul Uloom Banskandi. প্ৰকাশক Banskandi, Cachar district, Assam: Darul Uloom Banskandi. 
  • Badarpuri, Ahmed Ali (1992) (bn ভাষাত). Salasil-e-Tayyibah. প্ৰকাশক Hojai, Assam: Mufassil Ali. 
  • Qasmi, Abdul Quadir (January 2010) (as ভাষাত). Sheikh Moulana Ahmed Ali, Jeevan Aru Karma. প্ৰকাশক Hojai, Assam: Mufassil Ali.