দিলীপ কুমাৰ বৰুৱা

অসমৰ শিক্ষাবিদ

দিলীপ কুমাৰ বৰুৱা (১৯৪৩- ২৭ এপ্ৰিল, ২০১৭)[1] অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়।[2]

দিলীপ কুমাৰ বৰুৱা
জন্ম ১৬ মাৰ্চ, ১৯৪৩ (৮১ বছৰ)
ছিপাঝাৰ, দৰং জিলা
মৃত্যু ২৭ এপ্ৰিল, ২০১৭ (৭৪ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষাবিদ, অৰ্থনীতিবিদ, কুইজ মাষ্টাৰ
দাম্পত্যসঙ্গী ইন্দিৰা বৰুৱা
পিতৃ-মাতৃ সত্যনাথ বৰুৱা, স্বৰ্ণলতা বৰুৱা
সন্তান অৰিন্দম বৰুৱা, অংশুমান বৰুৱা

দৰং জিলাৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা বৰুৱাই পিতৃৰ চাকৰিৰ সূত্ৰে শৈশৱকাল শ্বিলঙত পাৰ কৰে আৰু ১৯৫৭ চনত তাৰপৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেখেতে ছেইণ্ট এন্থনীজ কলেজ, কটন কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে। ১৯৬৬ চনত তেখেতে কটন কলেজত অৰ্থনীতি বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। বিভিন্ন দায়িত্ব পালন কৰি ২০০১ চনত হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।[3] অৱসৰৰ পাছতো তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰিছিল।

দিলীপ কুমাৰ বৰুৱাই ১৯৬৭ চনত কটন মহাবিদ্যালয়ত অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা পাতি পৰিচালনা কৰে।[3] ১৯৮৫ চনত তেখেতে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত অসমৰ টেলিভিজন জগতত কুইজ প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটায়। ২০১৭ চনৰ ২৭ এপ্ৰিলৰ নিশা প্ৰায় ১১ বজাত ৭৪ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে মৃত্যুবৰণ কৰে।[4]

শৈশৱ আৰু শিক্ষাজীৱন সম্পাদনা কৰক

১৯৪৩ চনৰ ১৬ মাৰ্চত দৰং জিলাৰ ছিপাঝাৰৰ ভুক্তাবাৰী গাঁৱৰ বৰুৱাচুবাত দিলীপ কুমাৰ বৰুৱাই জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ-মাতৃ প্ৰয়াত সত্যনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা। ছয় সন্তানৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল।[5] ছিপাঝাৰত চিৰাখোৱা প্ৰাথমিক বিদ্যালয়ত বৰুৱাই প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। পিতৃ চাকৰিসূত্ৰে শ্বিলঙলৈ বদলি হোৱাত বৰুৱাই হাইস্কুলীয়া শিক্ষা তাতে লাভ কৰে। ১৯৫৭ চনত ছিলঙৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ তেখেতে ছেইণ্ট এন্থনীজ কলেজৰ পৰা কলা শাখাত ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হয়। ১৯৫৯ চনত তেখেতে কটন কলেজৰ অৰ্থনীতিৰ স্নাতক শাখাত নাম লগায়। তাৰ পৰা উত্তীৰ্ণ হৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইক'ন'মিক্‌ছৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ শিক্ষা অৰ্জন কৰে। তাত তেখেতে অমৰ্ত্য সেন, জগদীশ ভাগৱতী, এইচ্ছ কে মনমোগন সিং, পদ্ম দেশাই, আই জি পেটেল আদি খ্যাতনামা অৰ্থনীতিবিদৰ সান্নিধ্য লাভ কৰে।[1]

কৰ্মজীৱন সম্পাদনা কৰক

শিক্ষাজীৱন সাং কৰি ১৯৬৬ চনৰ ১৬ নৱেম্বৰত তেখেতে কটন কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে আৰু ১৯৭৮ চনৰ ২৯ ডিচেম্বৰত এই বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বভাৰ লাভ কৰে। ২০০০ চনৰ ১ মাৰ্চৰ পৰা ৮ নৱেম্বৰলৈকে বৰুৱাই এই মহাবিদ্যালয়ৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰে। ২০০১ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈকে হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাম কৰি অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজত ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈকে গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালকৰূপে সেৱা আগবঢ়ায়।

অৱসৰৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত ২০০১-০৯ চনলৈকে অতিথি অধ্যাপক হিছাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ লগতে তেখেতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (১৯৯৫-৯৬), অসম ডনবস্ক' বিশ্ববিদ্যালয় (২০০৭-০৯), গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰো (২০০৭-০৯) অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১-০২ চনত ৰাজ্যিক পৰিকল্পনা আয়োগ আৰু ২০০১-০৬ চনলৈ তেখেত দ্বিতীয় অসম ৰাজ্যিক বিত্তীয় আয়োগৰ সদস্য আছিল আৰু সপ্তম দৰমহা আয়োগৰো সদস্য আছিল।[6] ভাৰত চৰকাৰৰ প্ৰশাসনীয় সংস্কাৰ আয়োগৰ ৰাজ্যিক পৰ্যায়ৰ অধ্যয়নৰ তেখেত পৰামৰ্শদাতা আছিল য'ত অসম, বিহাৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ অধ্যয়ন কৰা হৈছিল। অসম চৰকাৰৰ আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গঠন কৰা ৰাজহুৱা সমিতিৰো তেখেত সদস্য আছিল। ২০১০-১৪ চনত তেখেত ৰাজ্যিক হিচাপ পৰীক্ষণ উপদেষ্টা ব'ৰ্ডৰ সদস্য আছিল। শেহতীয়াকৈ তেখেত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰাক্‌ পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ পাঠ্যক্ৰম সঞ্চালক আৰু পৰামৰ্শদাতা হিচাপে সেৱাৰত হৈ আছিল আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ সংস্কাৰ সমিতিৰো দায়িত্ব গ্ৰহণ কৰিছিল।[7]

কুইজৰ জগতত সম্পাদনা কৰক

দিলীপ কুমাৰ বৰুৱাই অসমৰ কুইজ আৰু তৰ্ক প্ৰতিযোগিতাৰ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে।[7] তেখেতে ১৯৬৭ চনত কটন মহাবিদ্যালয়ত অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা পাতি পৰিচালনা কৰে।[3] ১৯৮৫ চনত তেখেতে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ আমন্ত্ৰণক্ৰমে অসমৰ টেলিভিজন জগতত কুইজ প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটায়। উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰৰ পাঠ্যপুথিৰ লগতে তেখেতে কেইবাখনো কুইজৰ কিতাপো লিখিছে।[6]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ইন্দিৰা বৰুৱাৰ সৈতে বিবাশপাশত আবদ্ধ হোৱা দিলীপ বৰুৱাৰ দুজন পুত্ৰ। জ্যেষ্ঠ পুত্ৰ অৰিন্দম বৰুৱা অসম প্ৰশাসনীয় মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া আৰু কনিষ্ঠ পুত্ৰ অংশুমান বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক।[5]

মৃত্যু সম্পাদনা কৰক

বিভিন্ন অসুখত ভুগি থকা বৰুৱাক প্ৰায় এমাহমান ধৰি গুৱাহাটীত চিকিৎসা প্ৰদান কৰি থকা হৈছিল। ২০১৭ চনৰ ২৭ এপ্ৰিলৰ নিশা প্ৰায় ১১ বজাত ৭৪ বছৰ বয়সত গুৱাহাটীৰে আয়ুৰসুন্দ্ৰা নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে মৃত্যুবৰণ কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "A Tribute to Prof Dilip Kumar Barua, a Man of Many Facets". Eclectic Northeast. 28 april 2017. https://eclecticnortheast.in/a-tribute-to-prof-dilip-kumar-barua-a-man-of-few-words-and-many-facets/। আহৰণ কৰা হৈছে: 28 april 2017. [সংযোগবিহীন উৎস]
  2. "অসম কুইজৰ জনক ড॰ দিলীপ বৰুৱাৰ বিয়োগ". News next one. 28 april 2017. https://www.newsnextone.com/assam-economist-dillip-barua-dies-at-73। আহৰণ কৰা হৈছে: 28 april 2017. 
  3. 3.0 3.1 3.2 Mirza Arif Hazarika (28 april 2017). "Prof. Dilip Kr. Barua: A great teacher, who changed the course of our lives". The News Mill. https://thenewsmill.com/prof-dilip-kr-barua-great-teacher-changed-course-lives/। আহৰণ কৰা হৈছে: 28 april 2017. 
  4. "Educationist Dilip Kumar Barua dead". Business Standard. 28 এপ্ৰিল 2017. http://www.business-standard.com/article/pti-stories/educationist-dilip-kumar-barua-dead-117042800942_1.html। আহৰণ কৰা হৈছে: 1 মে' 2017. 
  5. 5.0 5.1 "দিলীপ কুমাৰ বৰুৱাৰ জীৱনাৱসান". অসমীয়া প্ৰতিদিন. ২৯ এপ্ৰিল, ২০১৭. http://asomiyapratidin.in/article.php?date=29-04-2017&page=1&article=25.jpg&cid=349078#.WQYqdDXzOPc। আহৰণ কৰা হৈছে: 1 মে' 2017. 
  6. 6.0 6.1 "Dilip Kumar Baruah passes away". Fastmail. 28 april 2017. http://www.thefastmail.com/page/detailnews/assam-dilip-kumar-baruah-passes-away/49525। আহৰণ কৰা হৈছে: 29 april 2017. 
  7. 7.0 7.1 "দিলীপ কুমাৰ বৰুৱাৰ দেহাৱসান". আমাৰ অসম. ২৯ এপ্ৰিল ২০১৭. পৃষ্ঠা ১, ৭. http://amarasom.glpublications.in/index.php?pagedate=2017-4-29&edcode=1&subcode=1&mod=1&pgnum=7। আহৰণ কৰা হৈছে: 1 মে' 2017. [সংযোগবিহীন উৎস]

বহিঃসংযোগ সম্পাদনা কৰক