দীনবন্ধু (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০০৪)
(দীনবন্ধুৰ পৰা পুনঃনিৰ্দেশিত)

দীনবন্ধু হৈছে ২০০৪ চনৰ ১৫ অক্টোবৰত মুক্তি লাভ কৰা মুনিন বৰুৱা পৰিচালিত আৰু কৃষ্ণ ৰয়, গোপাল জালান প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত বহুপঠিত "যৌতুক" নামৰ গল্প আৰু পিছলৈ আৱাহন থিয়েটাৰৰ বাবে লিখা "দীনবন্ধু" নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।[1] মুখ্য ভূমিকাত অভিনয় কৰা শিল্পীসকল আছিল তপন দাস, অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, গায়ত্ৰী মহন্ত, নিশিতা গোস্বামী আৰু জুবিন গাৰ্গ। ভাল ব্যৱসায় কৰাৰ উপৰিও ছবিখনে ২০০৪ চনৰ "অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা" (ৰজত কমল) লাভ কৰে[2]

দীনবন্ধু

দীনবন্ধুৰ এটি দৃশ্যত তপন দাস
পৰিচালক মুনিন বৰুৱা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰযোজক কৃষ্ণ ৰয়, গোপাল জালান
অভিনয়ত তপন দাস
অৰুণ নাথ
নিশিতা গোস্বামী
গায়ত্ৰী মহন্ত
জুবিন গাৰ্গ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
১৫ অক্টোবৰ ২০০৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

 
দীনবন্ধুৰ এটি দৃশ্যত নিশিতা গোস্বামী আৰু গায়ত্ৰী মহন্ত

ছবিখনত তপন দাস এজন নিম্ন মধ্যবিত্ত শ্ৰেণীৰ চাকৰিয়াল "দীনবন্ধু"। কামত উপঢৌকন নোলোৱাৰ বাবে তেওঁৰ আয়ো সীমিত, কিন্তু তেওঁ সেইখিনিকে পৰিয়ালৰ সুখৰ বাবে খৰচ কৰিবলৈ বিচাৰে। অৰুণ নাথ তেওঁৰ বন্ধু। নিজৰ বিয়াৰ ক্ষেত্ৰত বাধ্যত পৰি তপন দাসে আয়তকৈ অধিক টকা খৰচ কৰি বিয়াখন ধুমধামেৰে পাতে। পিছলৈ পত্নী প্ৰস্তুতি পৰাশৰ নৰিয়াত পৰোঁতে টকা আৰু ভাল চিকিৎসাৰ অভাৱত মৃত্যু ঘটে। তপন দাসে বাধ্যত পৰি খৰচৰ জোৰা মাৰিবলৈ ব্যক্তিগত টিউচনো কৰিবলগীয়া হয়।

লাহে লাহে তেওঁৰ জীয়েকহঁতৰো বিয়াৰ বয়স হয়। শহুৰৰ ঘৰৰ দাবী মানি লৈ তেওঁ ডাঙৰ জী (গায়ত্ৰী মহন্ত)ৰ বিয়া ধুমাধামেৰে পাতে। কিন্তু সৰু জীয়েক (নিশিতা গোস্বামী)ৰ বিয়াৰ বাবে তেওঁৰ হাতত অলপো টকা নোহোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়। তেতিয়া তেওঁ কিদৰে জীৱনৰ আৰম্ভণিৰ পৰা ঘটনাসমূহ বৰ্ণাই কিদৰে নিজৰ আৰু বৰ জীয়েকৰ বিয়াই তেওঁৰ অৰ্থনৈতিক ভেঁটি থানবান কৰিলে সেই বিষয়ে এটা কাহিনী লিখে। সৰু জীয়েক নিশিতা গোস্বামীৰ বিয়াখন ভালকৈ পাতিব নোৱাৰাৰ আত্মগ্লানিত ভুগি তেওঁ পৰোক্ষভাৱে তাইক প্ৰেমিক বিপুল (জুবিন গাৰ্গ)ৰ লগত পলাই যাবলৈ উপদেশ দিয়ে। সকলোবোৰ বুজি তায়ো সেইমতেই ঘৰ এৰি যায়গৈ[3]

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

দীনবন্ধু
চলচ্চিত্ৰ
মুক্তি ২০০৪
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল এন. কে. প্ৰডাকচন
পূজা মোশ্যন পিকচাৰ্ছ
প্ৰযোজক জুবিন গাৰ্গ
জুবিন গাৰ্গ কালক্ৰম
ৰং
(২০০৪)
দীনবন্ধু
(২০০৪)
অধিনায়ক
(২০০৬)

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতৰ কথা ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ আৰু সুৰ জুবিন গাৰ্গৰ। কণ্ঠ নিগৰাইছিল অনিন্দিতা পাল আৰু জুবিন গাৰ্গে।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ক'ৰ এজাক সপোন যেন বৰষুণ"  ভবেন্দ্ৰ নাথ শইকীয়াঅনিন্দিতা পাল  
2. "দিয়া মোক দিয়া"  ভবেন্দ্ৰ নাথ শ‌ইকীয়াজুবিন গাৰ্গ, অনিন্দিতা পাল  

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. [1]Dinabandhu, Runa Borah
  2. [2]Munin Baruah profile in Rupaliparda
  3. [3]Dinabandhu, Runa Borah

বাহ্যিক সংযোগ সম্পাদনা কৰক