দূৰদৰ্শন এটি যন্ত্ৰ

২০১৬ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ

দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন সমগ্ৰ অসমতে সফল ৰূপে বিবেচিত হৈছে।[2]

দূৰদৰ্শন...এটি যন্ত্ৰ

চলচ্চিত্ৰখনৰ পোষ্টাৰ
পৰিচালক ৰাজেশ ভূঞা
প্ৰযোজক সঞ্জীৱ নাৰায়ণ
অভিনয়ত যতীন বৰা
প্ৰস্তুতি পৰাশৰ
উৎপল দাস
মুনমী ফুকন
সংগীত পৰিচালক মৌচম গগৈ
প্ৰযোজনা
কোম্পানী
পৰিবেশক এ. এম. টেলিভিচন
মুক্তি
২ ছেপ্টেম্বৰ, ২০১৬
দেশ ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় ₹ ৯০ লাখ[1]

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

’দূৰদৰ্শন এটি যন্ত্ৰ’ ছবিখনৰ কাহিনীৰ পটভূমি ১৯৮৫-১৯৯০ চনৰ। শান্তিপুৰ নামৰ এখন গাঁও; যিখন গাঁও চহৰৰ পৰা বহু দূৰত অৱস্থিত, গাঁওখনলৈ যাবলৈ নাই এখনো দলং, নাৱেৰে নৈ এখন পাৰ হৈ অহা-যোৱা কৰিব লাগে। সেইখন গাঁৱৰ মানুহে কেতিয়াও টি.ভি দেখা পোৱা নাই। গাঁওখনৰ কৈলাস নামৰ এজন লোকে সেইখন গাৱলৈ টি.ভি এটা লৈ আহে প্ৰথমে বাছৰ ওপৰত, তাৰপিছত নাও আৰু তাৰপিছত থেলাগাড়ীত। এনেদৰে টি.ভিৰ অনুষ্ঠান চাবলৈ প্ৰথম প্ৰত্যক্ষ কৰিবলৈ গাঁৱৰ বহুতো লোক কৈলাসহঁতৰ ঘৰলৈ আহে। ছবিখনৰ কাহিনীভাগ ফ্লেচবেকত দেখুওৱা হৈছে।[3]

অভিনয়ত সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

দূৰদৰ্শন - এটি যন্ত্ৰ
বোলছবি
মুক্তি ২০১৬
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল AM Television
প্ৰযোজক Sanjiv Narain


বোলছবিখনৰ সংগীত পৰিচালনা তথা গীত ৰচনা কৰিছিল মৌচম গগৈয়ে ।

নং শিৰোনামকণ্ঠশিল্পী(ৰা) দৈৰ্ঘ্য
1. "গুলপীয়া দুগাল"  জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী ৩:১১
2. "চাই চাই তোমালে মোৰ"  জুবিন গাৰ্গ, চয়নিকা দত্ত ৪:৪০

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক