দেওৰাজ হাঁহ
দেওৰাজ হাঁহ (ইংৰাজী: Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(ইংৰাজী: Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
দেওৰাজ হাঁহ (Greylag Goose) | |
---|---|
Western Greylag Goose (Anser anser anser) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anserinae |
গোত্ৰ: | Anserini |
গণ: | Anser |
প্ৰজাতি: | A. anser |
বৈজ্ঞানিক নাম | |
Anser anser (Linnaeus, 1758) | |
Subspecies | |
| |
সমাৰ্থক | |
Anas anser Linnaeus, 1758 |
বিৱৰণ
সম্পাদনা কৰকদেওৰাজ হাঁহ Anser গোত্ৰৰ আটাইতকৈ ডাঙৰ প্ৰজাতিসমূহৰ ভিতৰত এটা৷ ইয়াৰ দেহটো নোদোকা, ডিঙি শকত আৰু দীঘল, মূৰ আৰু ঠোঁটো বৃহৎ আকাৰৰ৷ ইয়াৰ ঠেং দুখন গুলপীয়া আৰু ঠোঁটটো কমলা বা গুলপীয়া বৰণৰ হোৱা দেখা যায়৷[2] ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৪-৯১ ছৈ: মি: আৰু ডেউকা প্ৰায় ৪১.২-৪৮ ছে: মি পৰ্যন্ত হয়৷ নেজ-৬.২-৬.৯ ছে: মি:, ঠোঁট ৬.৪-৬.৯ ছে:মি: আৰু ঠেং-৭.১-৯.৩ ছে: মি: হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওজন ২.১৬ কি:গ্ৰা: হয়৷ [3][4][5]মতা দেওৰাজ হাঁহ মাইকীজনীতকৈ আকাৰত কিছু ডাঙৰ হয়৷[2]
দেওৰাজ হাঁহৰ দেহৰ বৰণ মুগা-মটীয়া (greyish-brown), মূৰ ডাঠ আৰু পেট শেঁতা বৰণৰ হয়৷ পেটত বিভিন্ন ধৰণৰ ক'লা দাগ থাকে৷[2][6]
ইয়াৰ মাত ডাঙৰ, HOOOOOONK! ধৰণৰ ৷[2]
বিতৰণ
সম্পাদনা কৰকদেওৰাজ হাঁহ 'Old World' ৰ প্ৰায়ভাগ অঞ্চলতে পোৱা যায়৷ পূবে ই এছিয়াৰ পৰা চীনলৈকে বিস্তৃত৷ [6]
ই সাধাৰণতে বিভিন্ন জলাশয় যেনে, হ্ৰদ আদিত প্ৰজনন কৰে বুলি জনা যায়৷
আচৰণ
সম্পাদনা কৰকদেওৰাজ হাঁহ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷ ইহঁতে শীতকালত দক্ষিণৰ পৰা পশ্চিমলৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ অৱশ্যে স্কটলেণ্ড আৰু উত্তৰ পশ্চিম ইউৰোপৰ কিছুমান দেওৰাজ হাঁহ প্ৰধানকৈ স্থানীয়ভাৱে পোৱা যায়৷[7]
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
ঘৰচীয়া ৰজহাঁহৰ সৈতে হাইব্ৰীড হোৱা দেওৰাজ হাঁহ
-
ৰাজস্থানৰ কেওলাডেও ৰাষ্ট্ৰীয় উদ্যানত দেওৰাজ হাঁহ
-
লণ্ডনৰ St James's Park ত
-
A Domestic Goose in Washington, USA
-
Museum specimen
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ BirdLife International 2009
- ↑ 2.0 2.1 2.2 2.3 Madge & Burn 1988, পৃষ্ঠা 140–141
- ↑ Dunning 1992
- ↑ Ogilvie & Young 2004
- ↑ "Greylag Goose". oiseaux-birds.com. http://www.oiseaux-birds.com/card-greylag-goose.html। আহৰণ কৰা হৈছে: 17 October 2011.
- ↑ 6.0 6.1 Johnsgard 2010, পৃষ্ঠা 60
- ↑ "American Heritage Dictionary, graylag, noun". Dictionary.reference.com. http://dictionary.reference.com/browse/graylag। আহৰণ কৰা হৈছে: 2012-06-20.
- BirdLife International (2009). "Anser anser". 2009.2 IUCN Red List of Threatened Species. http://www.iucnredlist.org/apps/redlist/details/141447/0.
- Dunning, John B., Jr., ed (1992). CRC Handbook of Avian Body Masses. CRC Press. ISBN 978-0-8493-4258-5.
- Johnsgard, Paul A. (2010) [1978]. Ducks, Geese, and Swans of the World (revised online সম্পাদনা). প্ৰকাশক Lincoln, Nebraska: University of Nebraska Press. http://digitalcommons.unl.edu/biosciducksgeeseswans/5/.
- Lorenz, Konrad Z.; Martys, Michael; Tipler, Angelika (1991). Here Am I—Where Are You? The Behavior of the Greylag Goose. translated by Robert D. Martin. প্ৰকাশক Orlando, Florida: Harcourt Brace Jovanovich. ISBN [[Special:BookSources/0-15-140046-3|0-15-140046-3]].
- Madge, Steve; Burn, Hilary (1988). Waterfowl: an Identification Guide to the Ducks, Geese, and Swans of the World. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-46727-6.
- Ogilvie, M. A.; Young, S. (2004). Wildfowl of the World. New Holland Publishers. ISBN 978-1-84330-328-2.
- Wójcik, Ewa; Smalec, Elżbieta (2007). "Description of the Anser anser Goose Karyotype" (PDF). Folia Biol. (Krakow) খণ্ড 55 (1–2): 35–40. http://www.isez.pan.krakow.pl/journals/folia/pdf/55%281-2%29/05.pdf.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত দেওৰাজ হাঁহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Ageing and sexing (PDF) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- RSPB A to Z of UK Birds
- Greylag Goose videos, photos & sounds on the Internet Bird Collection
- Greylag Goose pictures Wildlife Greylag Goose photos- adult with nestlings and voice
- Strong increase in the number of greylag goose in Norway[সংযোগবিহীন উৎস] (PDF, in Norwegian, by the Norwegian Institute for Nature Research)