দ্যৌষ্পিতৃ
God of Sky and Heaven
অন্য নাম Akasha
সম্পৰ্ক Deva, Pancha Bhoota
নিবাস Dyuloka, Sky (ākāśa, आकाश)
সঙ্গী Prithvi
সন্তান Surya, Ushas, and the other gods
হিন্দু পাঠ্য Rigveda
গ্ৰীক সমাৰ্থক Zeus
ৰোমান সমাৰ্থক Jupiter

দ্যৌষ (/ˈdjʃ/ dyowsh), বা দ্যৌষ্পিতৃ ঋগবেদত উল্লিখিত আকাশৰ দেৱতা। তেওঁৰ পত্নী পৃথিৱী। দুয়োৱে মূল-ৰূপ পিতৃ-মাতৃ।

নাম সম্পাদনা কৰক

সংস্কৃত "দ্যৌষ" শব্দ আদ্য-ভাৰতীয়-ইৰানীয় *dyā́wš শব্দৰ পৰা অহা, যি আদ্য-ভাৰতীয়-ইউৰোপীয় Dyḗusৰ পৰা আহিছে, যি এগৰাকী দিনৰ পোহৰৰ- আকাশ দেৱতা। এই শব্দৰ পৰাই গ্ৰীক জিউচ-পেটাৰ আৰু লেটিন জুপিটাৰো আহিছে। আদ্য-ভাৰতীয়-ইউৰোপীয়ত Dyḗus ph₂tḗr।[1]

পিতৃ শব্দৰ অবিহনে কেৱল "দ্যৌষ" শব্দৰ ব্যৱহাৰ ঋগবেদত দিনৰ আকাশ বুজাবলৈ কৰা হৈছিল।[2]

ভূমিকা সম্পাদনা কৰক

দ্যৌষ্পিতৃৰ উল্লেখ সাধাৰণতে বেদত পৃথিৱী মাতাৰ সৈতে কৰা হৈছিল, অনেক স্তোত্ৰত।।[3]

ঋগ বেদত দ্যৌষ্পিতৃৰ উল্লেখ শ্লোক ১-৮৯-৪, ১-৯০-৭, ১-১৬৪-৩৩, ১-১৯১-৬, ৪-১-১০ আৰু ৪-১৭-৪ত কৰা হৈছে।[4] তেওঁক আন দিব্য নামেৰেও সম্বোধিত কৰা হৈছে: দ্যৱপৃথ্বী এটি দ্বন্দ্ব যৌগ, যি 'স্বৰ্গ' আৰু ' প্ৰিথিৱী'ৰ সংমিশ্ৰণ।

দ্যৌষ্পিতৃক পিতৃ হিচাপে সাধাৰণতে উল্লেখ কৰা হৈছে।[5] তেওঁৰ জীয়ৰি, ঊষস্‌, পুৱতিনিশাৰ দেৱী।[6] দেৱসকল, বিশেষকৈ সূৰ্যক দ্যৌষ্পিতৃ আৰু পৃথিৱীৰ সন্তান বুলি উল্লেখ কৰা হৈছে।[7] দ্যৌষৰ আন পুত্ৰ হ'ল অগ্নি, পৰ্জন্য, আদিত্যসকল, মাৰুতসকল আৰু অগ্নিৰসসকল।[5][7] অশ্বিনদ্বয়ক "দিৱো নপাত" বা "দিব্য নাতি" বোলা হৈছে।[5][8] দ্যৌষক সাধাৰণতে জন্তুৰ ৰূপত কল্পনা কৰা হয়, বিশেষকৈ ধৰা উৰ্বৰা কৰা বলধৰ ৰূপত।[5] দ্যৌষে নিজৰেই পুত্ৰীক বলাৎকাৰ কৰাৰ এটি অস্পষ্ট উল্লেখ ঋগ বেদত পোৱা যায়।[7]

ইন্দ্ৰ দ্য়ৌষ আৰু পৃথিৱীৰ পৰা আঁতৰ হোৱা কাহিনীক ঋগবেদত সৃষ্টিকাৰ্ক্ষৰ এটি মহত্বপূৰ্ণ ঘটনা হিচাপে উল্লেখ কৰা হৈছে।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

 

  1. West 2007.
  2. Ṛg·veda, 5.60.6.
  3. Leeming, David; Fee, Christopher (2016) (en ভাষাত). The Goddess: Myths of the Great Mother. Reaktion Books. ISBN 978-1-78023-538-7. https://books.google.com/books?id=kjO6CwAAQBAJ&pg=PT17. 
  4. Sanskrit: Ṛg·veda, Wikisource; translation: Ralph T. H. Griffith Rigveda, Wikisource
  5. 5.0 5.1 5.2 5.3 Macdonell, Arthur Anthony (1897). Vedic Mythology. Oxford University Press. পৃষ্ঠা. 21-22. 
  6. Roshen Dalal (2014). Hinduism: An Alphabetical Guide. Penguin Books. ISBN 9788184752779. https://books.google.com/books?id=zrk0AwAAQBAJ.  Entry: "Dyaus"
  7. 7.0 7.1 7.2 7.3 Jamison, Stephanie (2014). The Rigveda –– The Earliest Religious Poetry of India. Oxford University Press. পৃষ্ঠা. 50–51.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":1" defined multiple times with different content
  8. West, M. L. (2007). Indo-European Poetry and Myth. প্ৰকাশক 978-0-19-928-075-9: Oxford University Press. পৃষ্ঠা. 187.