নন্দিতা দেৱী

অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ

নন্দিতা দেৱী অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেত ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় ৰেল বিভাগত চিকিৎসক হিচাপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ‘বঙল বহু দূৰ’ শীৰ্ষক উপন্যাসখনৰ বাবে দেৱীয়ে ২০২১ চনৰ ‘অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।[1]। অসমৰ বহুকেইখন আলোচনী যেনে- প্ৰান্তিক, সাতসৰী, গৰীয়সী আৰু বাতৰি কাকতত তেখেতৰ গল্প, উপন্যাস আদি প্ৰকাশ হৈছে।

জন্ম ১৯৫৭
যোৰহাট
পেচা ঔপন্যাসিক,গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
বিষয় উপন্যাস

জন্ম আৰু পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯৫৭ চনত যোৰহাট জিলাৰ তৰাজান কাকতি গাঁৱত। পিতৃৰ নাম সতীশ চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম ৰানু বৰদলৈ। পিতৃ চাকৰিসূত্ৰে কেন্দ্ৰীয় আবকাৰী বিভাগত আবকাৰী প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত আছিল।

শিক্ষা সম্পাদনা কৰক

পিতৃৰ চাকৰি সূত্ৰে অসমৰ বিভিন্ন স্থানলৈ সঘনাই বদলি হৈ থাকিবলগীয়া হোৱাত নন্দিতা দেৱীয়ে প্ৰাথমিক পৰ্যায়ৰপৰা হাইস্কুল পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তৰত শিক্ষা সমাপন কৰিবলগীয়া হয়। তেখেতে ১৯৭৩ চনত প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা প্ৰি উইনিভাৰ্চিটি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰে। অসম আন্দোনত এটা শিক্ষাবৰ্ষ হেৰুৱাই ১৯৮২ চনত তেওঁ এম..বি.বি.এচ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ ৰেল বিভাগত যোগদান কৰে৷

কৰ্মজীৱন আৰু বিবাহ সম্পাদনা কৰক

নন্দিতা দেৱী ভাৰতীয় ৰেল বিভাগৰ চিকিৎসা বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত গৈ চাকৰি কৰিবলগীয়া হৈছিল। ১৯৮৮ চনত শল্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ শৈলেন্দ্ৰ কুমাৰ শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়।

প্ৰকাশিত সাহিত্যৰাজি সম্পাদনা কৰক

গল্পপুথি সম্পাদনা কৰক

  • বান্দী, ২০০৫, ষ্টুডেণ্ট ষ্ট’ৰচ্
  • আকাশ জাল, ২০১৬, চন্দ্ৰ প্ৰকাশ
  • পিটনিত ডাউকৰ খোজ, জ্যোতি প্ৰকাশন, ২০২২

উপন্যাস সম্পাদনা কৰক

  • বঙল বহু দূৰ,জ্যোতি প্ৰকাশন, ২০১৯[2]
  • মেহ্গনি কাঠৰ পেৰা, পূৰ্বাঞ্চল প্ৰকাশ,২০২০
  • সাতসৰী আলোচনীত ‘বাদুলি চাকিৰ পোহৰত’ শীৰ্ষক উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।
  • গৰীয়সী আলোচনীত ‘ৰূপৰ ধোৱা খোৱা সোণৰ ধোৱা খোৱা’ শীৰ্ষক উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • এচ. ডি আগৰৱালা সোঁৱৰণী বঁটা, সৰ্বভাৰতীয় চিকিৎসা সংস্থাই ২০০৯ চনত প্ৰদান কৰে।
  • অসম প্ৰকাশন পৰিষদ বঁটা। ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে।[1]


তথ্যসূত্ৰ সম্পাদনা কৰক